Tuesday, September 12, 2017

প্ৰৱন্ধ


পুঁজিবাদৰ বিৰোধী শক্তি কোন?
ইন্দ্ৰজিৎ বৰা

পুঁজিবাদৰ বিৰোধিতা কৰাসকল কেৱল বাওঁপন্থীনে? যদি নহয়, তেন্তে পুঁজিবাদৰ বিৰোধিতা কৰা সকল প্ৰকৃততে কোন? স্বৰাজোত্তৰ ভাৰতৰ মিশ্ৰ অৰ্থনীতি, ভূমি সংস্কাৰ আৰু ৰাজহুৱা খণ্ডৰ যোগেদি হোৱা প্ৰতিপত্তিশালীসকলক বিভিন্ন বাওঁ-গণতান্ত্ৰিক সংস্কৰণ হিচাবে ৰাজনৈতিক আত্মপ্ৰকাশ কৰা দেখা যায় ৷ আনকি বাওঁপন্থী ৰাজনীতিও ব্যৱহাৰ কৰা হ’ল৷ তেওঁলোকেই হ’ল আচলতে নব্য সামন্তীয় ৰক্ষণশীল আৰু পুঁজিবাদৰ আগ্ৰাসনত পৰম্পৰাগত আৰ্থ-সামাজিক সম্পৰ্ক হেৰাই যোৱাৰ আশংকাত ভীতি-বিহ্বল ৷ এই সকল কেৱল পুঁজিবাদৰ নহয়, আনকি পুঁজিৰ বিকাশৰেই বিৰোধী । পুঁজিৰ বিকাশৰ এনে বিৰোধিতাই পুঁজিবাদী বিকাশৰ বিৰোধিতাৰ সৈতে একাকাৰ হৈ পৰাত আমাৰ উৎপাদনক্ষম শক্তিবিলাকৰ চিনাক্তকৰণ আসোঁৱাহপূৰ্ণ হৈ উঠে । এইখিনিতে উল্লেখযোগ্য যে ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰেক্ষাপটে কিন্তু তেতিয়াৰ সামন্তীয় প্ৰভূসকলক একাষৰীয়া কৰিবলৈ সক্ষম হৈছিল ৷


গতিকে, বিতৰ্ক নিশ্চয় পুঁজিৰ বিকাশৰ নহয়, তাৰ প্ৰক্ৰিয়াৰহে । তেন্তে পুঁজিবাদৰ বিৰোধিতা মানে পুঁজিৰ বিকাশৰ বিৰোধিতা নহবও পাৰে । পুঁজিৰ বিকাশ অবিহনে উৎপাদনৰ উৎসবোৰৰ সম্পূৰ্ণ প্ৰয়োগ অসম্ভৱ । কিন্তু, সাংস্কৃতিক ৰক্ষনশীলতাই হওক নতুবা তাৰ ৰাষ্ট্ৰ-সৰ্বস্ব বিকল্পই হওক, পুঁজিৰ একচেটিয়া বিকাশৰ ঐতিহাসিক সমলবোৰ শক্তিশালী হৈ উঠে । অন্যহাতেদি, আধুনিক মাৰ্ক্স হিচাবে খ্যাত থমাচ পিকেটিৰ “Capital in the Twenty-First Century” ৰ মতে সাধাৰণতে, মুক্ত বজাৰ ব্যৱস্থাৰ সম্পত্তি বৰ্ধিতভাৱে কেন্দ্ৰীভূত হোৱাৰ স্বাভাৱিক প্ৰৱণতা থাকে, কাৰণ সম্পত্তি আৰু বিনিয়োগৰ ক্ষেত্ৰত মুনফাৰ মাত্ৰা অৰ্থনৈতিক বিকাশৰ হাৰতকৈ অবিৰতভাৱে অনেক বেছি । এয়ে হ’ল বজাৰমূখী অৰ্থনীতিৰ গতিশীলতা আৰু খন্তেকীয়া উল্লসিত সময়বোৰো একচেটিয়া । এইটো সহজেই অনুধাৱন কৰিব পাৰি যে ঐতিহাসিক আৰ্থ-সামাজিক প্ৰক্ৰিয়াত একচেটিয়াকৈ গঢ়ি উঠা সম্পত্তিয়ে তাৰ পৰৱৰ্তী পৰ্যায়ত বৰ্ধিত সম্পত্তি আৰু আয়ৰ অনুপাতেৰে পুঁজিৰ বিকাশৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলায় । তাৰ লগে লগে গনতান্ত্ৰিক প্ৰক্ৰিয়াক কেৱল ভাৰা বিচাৰি থকা এনে সম্পত্তিৰ কবলৰ পৰা মুক্ত কৰাটো কঠিন হৈ পৰে । 


তেন্তে, পুঁজিৰ বিকাশৰ অন্তৰায় আৰু তাৰ বিকল্প কি? পুঁজিৰ বিকাশ এক ঐতিহাসিক প্ৰক্ৰিয়া ৷ ঐতিহ্যমণ্ডিতভাৱে জমা হোৱা সামন্তীয় ধন-সম্পত্তি আৰু পৰিৱৰ্তিত সময়ত পুঁজিৰ বিকাশত জমা হোৱা ধন-সম্পত্তিৰ মাজৰ প্ৰতিযোগিতা আৰু তাৰ সৰ্বাঙ্গীন আৰ্থ-সামাজিক প্ৰভাৱ ভাৰতৰ দৰে পূৰণা ঔপনিবেশিক ৰাষ্ট্ৰবিলাকৰ এক সচৰাচৰ পৰিঘটনা । সম্প্ৰতি এই প্ৰতিযোগিতাত পুঁজিৰ বিকাশে সামন্তীয় অৱশেষৰ অৱমূল্যায়ন কৰিবলৈ সক্ষম হয় । 


এটা কথা ঠিক যে পাশ্চাত্যৰ সেই আদিম পুঁজিবাদী বিকাশৰ পুনৰাবৃত্তি ভাৰতৰ দৰে পুৰনা ঔপনিবেশিক ৰাষ্ট্ৰত অসম্ভৱ । যেনেস্থলত আজি গনতান্ত্ৰিক আনুষ্ঠানিকতাই পাশ্চাত্যৰ উদ্যোগিক বিনিয়োগ আৰু বিকাশক নিয়োগ-সমৃদ্ধ কৰি পুঁজিবাদী বিকাশৰ সচৰাচৰ জমা প্ৰক্ৰিয়াক কিছু হলেও প্ৰতিহত কৰিবলৈ সক্ষম হৈছে । পুঁজিবাদৰ সোনালী যুগ আচলতে আদম্য পিপাসাৰ বিৰুদ্ধে থিয় দি উঠা গণতান্ত্ৰিক জনমতেৰে পৰিপুষ্ট এক মাৰ্জিত সময়। এইটো সহজেই অনুমেয় যে একচেটিয়া পুঁজিৰ আগ্ৰাসনত গনতান্ত্ৰিক প্ৰক্ৰিয়া কেতিয়াও মুক্তভাৱে পৰিচালিত হ’ব নোৱাৰে ৷


আমি জানো যে পাশ্চাত্যৰ পুঁজিবাদী বিকাশ আদিম সামন্তীয় সামাজিক গাঁথনিৰ দিনতে হৈছিল, যেতিয়া গনতন্ত্ৰ বা সামাজিক ন্যায়ৰ কোনো স্থান নাছিল । তেনে ক্ৰমনিকাই এইটো নিশ্চিত কৰি দিছিল যে স্বাধীন ভাৰতৰ গনতান্ত্ৰিক ব্যৱস্থাৰ মাজত মিশ্ৰ অৰ্থনীতিৰে কৰা পুঁজিৰ বিকাশৰ পৰিকল্পনা ঐতিহাসিকভাৱে এক নাভ্ৰুত-নাশ্ৰুত কথা । কিন্তু, তাৰ কিবা বিকল্প আছিলনে ? ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত পুঁজিপতি সকলেও ঐতিহাসিক বম্বে পৰিকল্পনাৰে তেনে অৰ্থনীতিৰ পক্ষ লোৱাটো তাৎপৰ্যপূৰ্ণ কথা আৰু বৰঞ্চ ই আছিল এই গোষ্ঠীৰ সমকালীন আৰ্থ-সামাজিক পৰিস্থিতিৰ অদ্বিতীয়ভাৱে পৰিপক্ক অধ্যয়নৰ ফলাফল । মাত্ৰ কেইবছৰমানতে ভূমি সংস্কাৰ অভিযানৰ অন্তৰ্গত জমিদাৰী নিৰ্মূল সম্ভৱ হৈ উঠাৰ প্ৰাকমূহুৰ্তত ৰক্ষণশীল স্বতন্ত্ৰ দলেও ৰাজনৈতিক ভেঁটি হেৰুৱাই পেলোৱাটো স্বাভাৱিক । ভূমি সংস্কাৰে এখন থলুৱা বজাৰৰ বাট মুকলি কৰিছিল । তেনেদৰে, নেহৰুৰ ভূমি সংস্কাৰৰ দৰে বৈপ্লৱিক নীতিৰ পটভূমিত বাওঁপন্থী ৰাজনীতিয়েও বিকল্প হেৰুৱাই পেলাইছিল । আচলতে মিশ্ৰ অৰ্থনীতিৰ বিৰোধিতা কৰাৰ সবল বিকল্প ৰাজনৈতিক ব্যাখ্যা কাৰো ওচৰত নাছিল । প্ৰভাৱশালী নব্য সামন্তীয় সকলে ইতিমধ্যে মিশ্ৰ অৰ্থনীতিৰ সুৰক্ষা কবচ পিন্ধি লৈছিল ।


পাশ্চাত্যৰ সেই ক্ৰমনিকাৰ আৰ্হিত পুঁজিৰ বিকাশ ঘটাবলৈ আমি আদিম সামন্তীয় সমাজ গাঁথনিলৈ ঘূৰি যাব লাগিছিল নেকি? যাতে ঐতিহ্যমণ্ডিত সামন্তীয় ক্ষমতাৰ চেঁপাত পুঁজিৰ বিকাশ হয় । অপৰিপক্ক পুঁজিৰ বিকাশ নব্য সামন্তীয় শ্ৰেনীৰ সৃষ্টিৰ কাৰক হলেও তেনে প্ৰত্যাৱৰ্তন গনতান্ত্ৰিক সমাজব্যৱস্থাত অসম্ভৱ । লগতে ঔপনিৱেশিক শাসনে সম্ৰাজ্যবাদী বৰ্বৰতাৰ ভালকৈয়ে অনুধাৱন কৰাইছিল । সেয়ে পুঁজিবাদী বিকাশৰ পৰিনতিৰ অনুধাৱনত এক ভীতিবিহ্বলতা স্বাভাৱিকভাৱেই বিৰাজমান হৈ পৰিছিল । কিন্তু পুঁজিবাদী বিকাশ যদি অৱশ্যাভাম্বী হয়, তেনে কেৱল ভীতিবিহ্বলতাই আনি দিয়া বিকল্পৰ পৰিনতি কি? পৰিনতিস্বৰুপে জমিদাৰী নিৰ্মূলৰ লগে লগে সৃষ্টি হোৱা নব্য সামন্তীয় সকল ৰাজনৈতিকভাৱে শক্তিশালী হৈ উঠিছিল । মিশ্ৰ অৰ্থনীতিৰ ৰুদ্ধ সমীকৰণ প্ৰতিষ্ঠিত পুঁজিপতিসকলেও বাৰুকৈয়ে ব্যৱহাৰ কৰি নিজৰে পুঁজিৰ বিকাশৰ অন্তৰায় হিচাবে থিয় দিছিল । সামন্তীয় আৰু নব্য সামন্তীয় সকলেও আমোলাতন্ত্ৰটো একপক্ষীয়ভাৱে ব্যৱহাৰ কৰি নিজৰ সামন্তীয় ধন-সম্পত্তিৰ সুৰক্ষা দিছিল । এই প্ৰক্ৰিয়াত, আমোলা শ্ৰেনীৰ ভৰণ-পোষনৰ নামত তৈয়াৰ কৰা লোকপ্ৰিয়তাৰে আছন্ন অবাস্তৱ কাৰ্যসূচীবোৰে সময়োপযোগী সংস্কাৰক বাধা দি আহিল । 


আচলতে কেৱল নেহৰুৰ ঐতিহাসিক ঐক্যমতৰ ফলস্বৰুপে পুঁজিৰ বিকাশৰ প্ৰক্ৰিয়াত বিলম্ব হোৱা নাছিল, বৰঞ্চ আমোলাতন্ত্ৰিক ব্যৱস্থাই সৃষ্টি কৰা প্ৰতিক্ৰিয়াশীল শ্ৰেনীটোৱে জনপ্ৰিয় ৰাজহুৱা ধনক সামন্তীয় ৰাজহৰ দৰে ব্যৱহাৰ কৰাটোহে আচল কাৰণ । সেয়ে দেশৰ আনুষ্ঠানিক বিপৰ্যয়ে সাধাৰণ জনগনৰ পৰা মধ্যবিত্ত শ্ৰেনীলৈকে জুৰুলা কৰিছিল । এই অৰাজক প্ৰশাসনীয় ব্যৱস্থাৰ আদিম যান্ত্ৰনাৰ মাজতো এক উদিয়মান মধ্যবিত্ত শ্ৰেনীয়ে পুঁজিৰ বিকাশ ঘটালে আৰু ঐতিহ্যমণ্ডিত সামন্তীয় বা নব্য সামন্তীয় ধন-সম্পত্তিৰ স্বেচ্ছাচাৰিতাক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হল । ৰাজনৈতিক ৰুপত প্ৰকাশ পোৱা এই পৰিৱৰ্তন স্বাভাৱিক পৰিঘটনা । নব্য সামন্তীয় সকলৰ মইমতালিত বলি হৈ ঐতিহ্যমণ্ডিত সামন্তীয় ৰোমান্টিকতা হিচাবেই হোৱা ৰাজনৈতিক প্ৰকাশে আচলতে পৰিবৰ্তিত আৰ্থ-সামাজিক সমীকৰণৰ ইংগিত দিয়ে । মোৰ বোধেৰে সংসদীয় গনতন্ত্ৰৰ ভিতৰত পুঁজিবাদী বিকাশৰ বিকল্প হিচাবে বাচি লোৱা নব্য সামন্তীয় শক্তিবিলাক কোনোপধ্যে প্ৰগতিশীল নহয় । সম্প্ৰতি ৰক্ষনশীল সামন্তীয় ৰোমান্তিকতাৰ প্ৰত্যুত্তৰ নব্য সামন্তীয় আমোলাতন্ত্ৰত নাই । দুয়োটাই পুঁজিৰ বিকাশত ভীতি বিহ্বল ।


তেন্তে, সম্প্ৰতি অতিপাত অবাওঁপন্থী, অধৰ্মনিৰপেক্ষ, অমুক্তিকামী অথবা অমানৱতাবাদী বুলি সৃষ্টি হোৱা সামন্তীয় ৰোমান্তিকতা আচলতে প্ৰতিক্ৰিয়াশীল ৰাজনৈতিক আত্মপ্ৰকাশ । অৱশ্যে ক্ৰিয়া-প্ৰতিক্ৰিয়া পৰিপূৰক আৰু কোনোৱে স্বতন্ত্ৰ নহয় ৷ উপৰিসৌধত বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া হিচাবে দেখা ৰাজনৈতিক আত্মপ্ৰকাশ আচলতে আৰ্থ-সামাজিক পৰিৱৰ্তনৰে জলন্ত প্ৰতিফলন ৷ পুঁজিবাদৰ বিৰুদ্ধে সষ্টম হৈ উঠা স্বৰাজোত্তৰ ভাৰতৰ নব্য সামন্তীয় সকলেও প্ৰতিক্ৰিয়াশীল ৰাজনৈতিক ব্যাখ্যাৰ জন্ম দিয়ে ৷ তেনেদৰে নব্য সামন্তীয় আমোলাতন্ত্ৰৰ মাজতেই বিকশি উঠা আৰু সম্প্ৰসাৰিত হোৱা পুঁজিয়ে প্ৰচলিত আমোলাতান্ত্ৰিক মইমতালিক পোনপতীয়াকৈ প্ৰত্যাহ্বান জনাইছে ৷ এয়াও এক প্ৰতিক্ৰিয়াৰেই আৰ্থ-সামাজিক ভেটি ৷ সেয়ে, এই প্ৰতিক্ৰিয়াৰ ৰাজনৈতিক আত্মপ্ৰকাশত পুঁজিবাদৰ প্ৰতি ভীতি বিহ্বলতা নাই ৷ পিছে নব্য সামন্তীয় সাম্ৰাজ্যৰ ক্ষমতাৰ সৌধৰ প্ৰতি বিতৃষ্ণা আছে ৷ এই ৰাজনৈতিক আত্মপ্ৰকাশত তাহিনিতে একাষৰীয়া হোৱা সামন্তীয় ঐতিহ্যৰ ক্ষোভৰ উপাদানো অপ্ৰত্যাক্ষিতভাবেই সন্নিৱিষ্ট হৈ নথকা নহয় ৷ আচলতে প্ৰতিক্ৰিয়া কেতিয়াও ক্ৰিয়া হ’ব নোৱাৰে, বৰঞ্চ ই এক আৱহমান প্ৰক্ৰিয়াৰ ভাৰসাম্যতা ৰক্ষা কৰে ৷ সেই দৃষ্টিকোনৰ পৰা প্ৰতিটো প্ৰতিক্ৰিয়াৰে এক সমসাময়িক প্ৰগতিশীল উপাদান আছে ৷


যেনেকৈ ইতিহাসৰ বাটেৰে পিছলৈ গৈ আমাৰ সোনালী দিনৰ পৰম্পৰা ঘূৰাই পাব নোৱাৰি, তেনেকৈ পুঁজিবাদী বিকাশক আওকান কৰি ইতিহাসৰ বাট চমুৱাই সাম্যবাদ পাব নোৱাৰি । কাৰণ পুঁজিবাদী বিকাশৰ মাজতেই লুকাই আছে তাৰ পৰিনতিৰ বিৰুদ্ধে ৰণ হুংকাৰ । গনতন্ত্ৰৰ বাদে বোধহয় এই ৰণৰ আৰু শক্তিশালী অস্ত্ৰ আমাৰ হাতত নাই ।
(নতুন দিল্লী, ৯৯৬৮২৮২৮৪৫)

No comments:

Post a Comment