পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ

১. অসমত দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ লোক সকলৰ বাবেও বিনামূলীয়া চিকিতসা সেৱা আগবঢ়োৱা হব বুলি ঘোষণা কৰিছে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱত চিকিতসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জেপি নড্ডাই অসমৰ পাঁচখন মেডিকেল কলেজৰ বাবে ৭৫৬কোটি টকা আবণ্টন দিয়াৰ কথাও কালি ৰাজহুৱা কৰে।

২. অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগত কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা কেলেংকাৰীৰ তদন্তই এক প্ৰকাৰ চূড়ান্ত পৰ্যায় লাভ কৰিছে আৰু এই দুহেজাৰ কোটিৰ বিয়োগম কেলেংকাৰীত জড়িত থকাৰ অভিযোগত চাৰিজনকৈ আই.এ.এছ অফিচাৰৰ গ্ৰেপ্তাৰৰ প্ৰস্তুতি চলা বুলিও সুখবৰ প্ৰকাশ পাইছে।

৩. দেৰগাঁৱৰ কমল দুৱৰা কলেজৰ অধ্যাপক লক্ষী মহন্ত স্মাৰক বক্তৃতানুষ্ঠানত ‘অসমীয়া সাংবাদিকাৰ গতি-প্ৰকৃতি’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে চিন্তাবিদ ডঃ শিৱনাথ বৰ্মনে। অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমে সাংবাদিকতাৰ গৰিমা ৰক্ষাত ব্যৰ্থ হৈছে বুলিও তেখেতে আঙুলিয়াই দিয়ে।

৪. দুধনৈস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত আৰু ষ্টেট বেংকৰ সগযোগত ‘বিত্তীয় সাক্ষপতা আৰু ডিজিটেল লেনদেন’ শীৰ্ষক এখন সজাগতামূলক কৰ্মশালা অনুষ্ঠিত হয়।

৫. পাকিস্তানৰ ছিনেটে কালি ‘হিন্দু বিবাহ বিধেয়ক ২০১৭’লৈ অনুমোদন দিছে। ইয়াৰ যোগেদি দেশখনত সংখ্যালঘু হিন্দু সম্প্ৰদায়ে প্ৰথমবাৰৰ বাবে এখন ব্যক্তিগত পৰিয়াল আইনেৰে সুৰক্ষা লাভ কৰিবলৈ সক্ষম হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৬. শিৱসাগৰৰ স’ৰাগুৰি চাপৰিত আৰম্ভ হৈছএ আজান ফকিৰৰ স্মৃতিত বাৰ্ষিক সমাৰোহ তথা জিৰায়তৰ। ইয়াত সদৌ অসম ভিত্তিত জিকিৰ প্ৰতিযোগিতা উদ্বোধন কৰে পীৰ চাহাবৰ জিকিৰক গৱেষণাৰ বিষয় ৰূপে লৈ ডক্টৰেট লাভ কৰা প্ৰথমগৰাকী গৱেষক ডঃ ভুৱনেশ্বৰ ডেকাই।

৭. গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আজি বিষ্ণুপুৰীয়া সামাজিক-সাংস্কৃতিক অনুষ্ঠান চিত্ৰাংগদাৰ উদ্যোগত অনুষ্ঠিত হৈছে নৰ্থ ইষ্ট মৃদাংগ মহোতসৱ।নৃত্য-নাটিকা, মৃদাংগ চালাম, যুগলবন্দী আদি প্ৰদৰ্শন কৰাৰ উপৰিও ৱেষ্টাৰ্ণ মিউজিক বিট শীৰ্ষক অনুষ্ঠান প্ৰদৰ্শন কৰা হব।

৮. ৰাজস্থানৰ জয়পুৰত চলি থকা খেলো ইণ্ডিয়া ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত অসমৰ উদীয়মান খেলুৱৈ সোণালী বসুমতাৰীয়ে ১৭বছৰ অনুৰ্ধৰ শাখাত এটি সোণৰ পদক আৰু দুটা ৰূপৰ পদক অৰ্জন কৰাৰ সুখবৰ। অনন্যা গগৈয়ে ১৪বছৰ অনুৰ্ধ শাখাত দুটাকৈ স্বৰ্ণ পদক অৰ্জন কৰে। অসমৰ দলটোৱে এতিয়ালৈ ৪টা স্বৰ্ণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰে।

৯. চন্দ্ৰৰ বুকুৰ পৰা সংগ্ৰহ কৰা হিলিয়ামৰ সহায়ত অচিৰেই বিশ্বৰ শক্তিৰ চাহিদা পূৰাব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীয়ে। ২০৩০চনলৈকে এই আশা বাস্তৱায়িত হোৱাৰ সম্ভাৱনা থকা বুলিও বাতৰিত প্ৰকাশ।

১০. ৰাছিয়ান আৰু চুইডেনৰ বিজ্ঞানীয়ে একেলগে প্ৰকাশ কৰা এখন গৱেষণা পত্ৰত অচিৰেই বিজ্ঞানীয়ে বৃদ্ধ হোৱাত বাধা দিব পৰাৰ প্ৰযুক্তি উলিয়াব পাৰিব বুলি প্ৰকাশ কৰিছে। ই বৃদ্ধ অৱস্থালৈ গতি কৰা প্ৰক্ৰিয়াটোক লেহেম কৰাৰ ব্যৱস্থা উদ্ভাৱন কৰাৰ আশাব্যঞ্জক বতৰাও কঢ়িয়াই আনিছে।

No comments:

Post a Comment