হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. অসমৰ বিশিষ্ট মাছ বিশেষজ্ঞক ছুপাৰী লীগ ফুটবলত দেখা পোৱাৰ পাছত এতিয়া অনুৰাগী সকলে তেখেতক টুইটাৰ যোগে প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰাৰ অভিযোগ পোৱা গৈছে। পঞ্চ তাৰকা হোটেলত অসমীয়া ব্যঞ্জনেৰে দেশী-বিদেশী খেলুৱৈ সকলক মতা-মাছ নে মাইকী মাছেৰে আপ্যায়ন কৰা হৈছে জানিবলৈ বিচৰা প্ৰশ্নৰ উত্তৰ বিশেষজ্ঞজনে এৰাই চলাৰ প্ৰতি অভিযোগ উঠিছে!

২. অসম এতিয়া কাশ্মীৰতকৈ ভয়াবহ বুলি প্ৰকাশ কৰি তেনে পৰিস্থিতিটো "ডেম-কেয়াৰ" মিনিষ্টাৰ হৈ থকাৰ কৃৰ্তিত্ব দাবী কৰিলে ৰসাল গগৈয়ে। আল-ককাইদা, পবেশ ভাইটি, চংবিজিত ভতিজা, মৌলবাদী বৰদেউতা সকলৰ সন্ত্ৰাসবাদৰ মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাছতো ডেম-কেয়াৰ হৈ হাঁহি থকা বাবে তেখেতক সাহস নোবেল বঁটা ইমানদিনে নিদিয়াটো অসমীয়াক সকলোৱে মাহী-আইৰ দৃষ্টিৰে চোৱাৰ অন্যতম উদাহৰণ বুলিও আঙুলিয়াই দিছে।

৩. "নেতা সলনি হব নে চৰিত্ৰ সলনি", "বস্তু সলনি হব নে পেকেট সলনি", "মানুহ সলনি হব নে চোলা সলনি" এই কেইটা প্ৰশ্নই এতিয়া সদৌ অসম ভিত্তিত খাৰখোৱা জাতীয়তাবাদী উত্থান বিচৰা নাগৰিক সংঘৰ মনত ধুমুহাৰ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে। এই ধুমুহাত দুই এজন দাড়িয়া ব্যক্তিৰ ক্ষয়-ক্ষতি হব পাৰে বুলি জ্যোতিষ বিশেষজ্ঞ হিৰো ইয়ঙে সন্দেহ প্ৰকাশ কৰিছে।

৪. সুবিধাবাদী শিল্পী সংঘই এতিয়া ৰাজনৈতিক মঞ্চতো অভিনয় কৰি ৰাইজক মনোৰঞ্জন কৰিব বুলি জানিব পৰা গৈছে। পানীৰ সোঁত যি পিনেই যায়, তাতেই খেৱালী জাল বাবলৈ মন কৰাটোৱেই আচল খেয়ালী শিল্পী মনৰ পৰিচয় বুলি কালি দল-বাগৰা এগৰাকী শিল্পীয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে! ৰাইজেই ভাৱৰীয়া, দেশেই নাটঘৰ, যতে ঘটাৰ সুবিধা পাবা, তালৈকে যোৱা, সময় যে তাকৰ শীৰ্ষক এটি গানো কালি পৰিবেশন কৰি সকলোকে আপ্লুত কৰাৰ বাতৰিও আমালৈ আহি আছে।

৫. দিল্লীত লাড্ডু খাবলৈ গৈ গুঞ্জন দত্তই ললিপপৰ ফেন ৰাহু ভাইক লগ ধৰা বুলি পেপাৰে পত্ৰই প্ৰকাশ কৰি নিজৰ ৰাজনৈতিক ওজন বৃদ্ধি কৰাৰ বাতৰি পোৱা গৈছে। পিছে তাত দিল্লী লাড্ডু বিচাৰি যোৱা অন্বেষণ অভিযানৰ অন্তত বঁটা পালেনে গতা খালে তাকেহে মুকলিকৈ দত্তদাই প্ৰকাশ নকৰাকৈ লৈ এতিয়া কেইবাখনো ৰহস্য উপন্যাসৰ সমল সৃষ্টি হোৱাৰ খবৰ পোৱা গৈছে।

৬. ক'লা বজাৰতো পাবলৈ নাই ছুপাৰী লীগৰ খেলৰ টিকট!  সদৌ অসম ব্লেকাৰ সন্থাই ব্যৱসায়ৰ এনে সুবিধাৰ পৰা থলুৱাক বঞ্চনা কৰাৰ তুলিছে অভিযোগ! অনাগত খেলবোৰত অন্তত ৩৩শতাংশ টিকট ব্লেকাৰৰ বাবে মোকোলাই নিদিলে সৰুসজাইত সমবেত ভাৱে সৰুপানী চুই প্ৰতিবাদ কৰিব বুলিও একাংশ ক্ষোভিত ব্লেকাৰে প্ৰকাশ কৰিছে।

৭. "হাতী চৰিত পুৰাণ" নামৰ হাস্য-ব্যংগ মেগা-চিৰিয়েল এখন বাইদেউৰ চেনেলত অচিৰেই প্ৰচাৰ কৰা হব! এইবাৰৰ ক্ষমা-প্ৰাৰ্থনা, ফ্লেচ-বেকত পৰপত্নী হৰণ আদি কেইবাটাও খণ্ডক লৈ ৰাইজৰ মাজত আগ্ৰহৰ জোৱাৰ উঠা বুলি টিআৰপি গৱেষক সন্থাই আগতীয়াকৈ অনুমান কৰিছে!

৮. ৰাজনৈতিক বতৰ বিজ্ঞানী সংঘই এইবাৰ মাৰাঠা আৰু জাত প্ৰদেশত পদুম ফুলেই ফুলিব বুলি ভৱিষ্যতবাণী প্ৰকাশ কৰিছে। এই ভৱিষ্যতবাণীৰ ভিত্তিতে এতিয়া নিখিল ভাৰত ৰাজনৈতিক জুৱাৰী সংঘয়ো জুৱা-খেল অনুষ্ঠিত কৰিবলৈ যো-জা কৰা বুলিও গোপন খবৰ প্ৰকাশ পাইছে!

৯. সদৌ অসম চাফাই অভিযানত অসমৰ টকা-খোৱা বিষয়া সন্থায়ো হাত উজান দিয়াৰ প্ৰতিশ্ৰুতি দিছে বুলি জানিব পৰা গৈছে! ৰাজহুৱা ধনৰ অপচয় হৈ অপৰিস্কাৰ পৰিবেশৰ সৃষ্টি নোহোৱাৰ বাবেই তেওঁলোকে নিজৰ নিজৰ গৃহলক্ষ্মীৰ গডৰেজত সেই সমূহক সুৰক্ষিত কৰাৰ বাবেই এতিয়া হাতে-কামে ফাণ্ড চাফাই অভিযান চলাব বুলিও প্ৰকাশ কৰিছে।

১০. "মৌলবাদী কলি" নামৰ বিষাক্ত ফুলৰ খেতিৰ ওপৰত এখন নাটক লিখি উলিয়াইছে অসমৰ বিশিষ্ট নাট্যকাৰ ভাৱতাৰ সিঙে। এই ফুলৰ খেতি হোৱাৰ পৰা বচাবলৈ কি কি প্ৰতিষেধক ব্যৱহাৰ কৰিব লাগিব তাকেই এই নাটকখনত তুলি ধৰা হৈছে বুলি সিঙ চাহাবে প্ৰকাশ কৰিছে।

No comments:

Post a Comment