সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
বাতৰিৰ সঠিক সম্পাদনা
ডঃ বুলজিৎ বুঢ়াগোহাঁই
এটা কথা লক্ষ্য কৰিছোঁ যে কিছুমান বাতৰি কাকতে একেটা বাতৰিকে একাধিক পৃষ্ঠাত হুবহু প্ৰকাশ কৰে ,তাৰোপৰি কিছুমান বাতৰি কাকতে একোখন ফটোও কেতিয়াবা একাধিক পৃষ্ঠাত প্ৰকাশ কৰা দেখা যায়। আমি ভাবোঁ এনে কৰা উচিত নহয়। ইয়াৰ প্ৰতি বিভাগীয় সম্পাদক সকলে সচেতন হোৱা উচিত।

সেইদৰে , বিভিন্ন অঞ্চলৰ প্ৰতিবেদক সকলে নিজ নিজ অঞ্চলত হোৱা বিভিন্ন ঘটনা তথা সভা-সমিতিকে আদি কৰি বিভিন্ন বিষয়ৰ বা-বাতৰি প্ৰকাশৰ বাবে প্ৰেৰণ কৰে, কিন্তু প্ৰেৰণ কৰা দিনাই কেতিয়াবা বাতৰিবোৰ প্ৰকাশ নহয় আৰু দেৰিকৈ প্ৰকাশ পায়। এতিয়া কথা হ'ল দেৰিকৈ প্ৰকাশ হোৱা বাতৰিবোৰত তাৰিখৰ কোনো সম্পাদনা নকৰাকৈ প্ৰকাশ হোৱা দেখা যায় । ইয়াৰ ফলত ভৱিষ্যতে কোনো ঘটনা , কোনো সভা-সমিতি ,অনুষ্ঠান তথা কোনো ব্যক্তিৰ মৃত্যুৰ তাৰিখ আদিৰ বিভান্তি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অসমত বহু ক্ষেত্রত ইতিমধ্যে তাৰিখলৈ হোৱা বিভান্তি সৃষ্টি হোৱা ইয়ো এটা কাৰণ বুলি ভাবোঁ। এই বিষয়তো যথেষ্ট স্পৰ্শকাতৰ , গতিকে এই ক্ষেত্রত সংশ্লিষ্ট সকলোকে গুৰুত্ব দিবলৈ অনুৰোধ জনালোঁ ।

No comments:

Post a Comment