প্ৰাসংগিক চিন্তাঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰাসংগিক চিন্তাঃ

প্ৰাসংগিক চিন্তাঃ

Share This
"লেটছ ফুটবল"
বৰদলৈ ট্ৰফীৰ নাম শুনিছেনে?

অচিন্ত বৰঠাকুৰ
বিশ্বকাপ ফুটবলৰ বতাহ মাৰ যো‌ৱাৰ পিছত শেহতীয়াকৈ ভাৰতত হ'ব লগা ভাৰতীয় চুপাৰ লীগ (ISL) ফুটবল খেলে দেশখনত ফুটবল খেলৰ দৰ্শকৰ সংখ্যা বঢ়াব বুলি আশা কৰিব পৰা যায়। এসময়ত জোতাৰ অভা‌ৱত অলিম্পিকৰ ফুটবল খেলত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লগা হো‌ৱা দেশখনৰ বাবে আই.এছ.এল. এক উৎসাহজনক খবৰ। কিন্তু, প্ৰকৃততে বিভিন্ন বণিক সংস্থা আৰু বহুজাতিক প্ৰতিষ্ঠানে আমাৰ পচন্দ-অপচন্দ নিয়ন্ত্ৰণ কৰিবলৈ ধৰাৰ আগৰ পৰাই ফুটবল যে আমাৰ দেশত অতি জনপ্ৰিয় আছিল, বৰ্তমান সময়ত তাক বিশ্বাস কৰিবলৈয়ে টান লাগে। কাৰখানাত নিৰ্মিত ফুটবলৰ অভা‌ৱত ৰবাব টেঙাকেই ফুটবল কৰি লৈ খেলা ল'ৰালিৰ সময়খিনি এতিয়া হয়তো বহুতৰে বাবে এক নষ্টালজিয়া। বহুতৰ বাবে আকৌ নষ্টালজিয়া বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট।

বৰদলৈ ট্ৰফী টুৰ্ণামেণ্ট, মাত্ৰ দুটা দশকৰ আগলৈকে কে‌ৱল অসমৰে নহয়, সমগ্ৰ ভাৰতৰে ক্ৰীড়াক্ষেত্ৰত আছিল এক প্ৰাতঃস্মৰণীয় নাম। ফুটবলৰ বিষয়ে জনা অসম আৰু ভাৰতৰ প্ৰতিজন লোকৰেই মোহন বাগান, ইষ্ট বেঙ্গল ক্লা‌ৱ, অসম পুলিছ, অসম ৰাইফল্‌ছ, অইল ইণ্ডিয়া লিমিটেড, গু‌ৱাহাটী টাউন ক্লা‌ৱ, অ' এন জি ছি, গো‌ৱা একাদশ, বেংকক প'ৰ্ট অথৰিটি আদিৰ নাম আছিল নখ-দৰ্পনত। হয়, নবপ্রজন্মই সহজে বিশ্বাস কৰিবলৈ টান পালেও ই সত্য যে এইবিলাক দলে অতি হেপাহেৰে অংশগ্ৰহণ কৰিবলৈ অহা বৰদলৈ ট্ৰফী অসমতেই খেলা হো‌ৱা এখন ফুটবল টুৰ্ণামেণ্টৰ নাম। অসমৰ এজন প্ৰাক্তন ক্ৰীড়াপ্ৰেমী মূখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাকৰণ কৰা এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতাখন খেলো‌ৱা হৈছিল ১৯৫২ চনৰ পৰা। ১৯৮০ চন বাদ দি প্ৰতি বছৰে অসমৰ বিভিন্ন ষ্টেডিয়ামত খেলো‌ৱা এই খেলখনৰ বৰ্তমানৰ আয়োজক হ'ল গু‌ৱাহাটী ক্ৰীড়া সংস্থা (Guwahati Sports Association)। এই পৰ্যন্ত বাংলাদেশ, থাইলেণ্ড আৰু ভাৰতৰ ৫২টাতকৈও অধিক দলে অংশগ্ৰহণ কৰি টুৰ্ণামেণ্টখনক বিশ্বমানৰ কৰি তুলিছিল। এসময়ত এইখন খেলৰ দৰ্শকৰ বাবে গু‌ৱাহাটীত এসপ্তাহতকৈও আগৰ পৰা অগ্ৰীম টিকট বিক্ৰী কৰা কাউণ্টাৰ খোলা হৈছিল। খেল চলি থকাকেইদিনত হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিয়ে গু‌ৱাহাটীক অন্য এক ব্যস্ত পৰ্যটনস্থলীলৈ পৰ্য‌ৱসিত কৰিছিল। সেইকেইদিনত জিলা প্ৰসাশন আৰু নিৰাপত্তাৰক্ষীৰ লোকৰো ব্যস্ততাৰ সীমা নোহো‌ৱা হৈছিল। কেইবছৰমান আগলৈকে আকাশবাণী আৰু দুৰদৰ্শনৰ গু‌ৱাহাটী কেন্দ্ৰয়ো এই খেলৰ চলন্ত বি‌ৱৰণী প্ৰচাৰ কৰিছিল।

বৰদলৈ ট্ৰফীত সৰ্বাধিকবাৰ বিজয়ী হো‌ৱা দলটো হৈছে কলকাতাৰ মোহন বাগান দল। এই দলে এতিয়ালৈকে ৭ বাৰকৈ বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। অসম পুলিছ (দেৰগাওঁ), ইষ্ট বেঙ্গল ক্লাব (কলকাতা) আৰু মহমদীয়ান স্পৰ্টিং ক্লাব (কলকাতা)এ এতিয়ালৈকে ৫ বাৰকৈ বৰদলৈ ট্ৰফীৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। এইবছৰ, অৰ্থাৎ ২০১৪ চনৰ ১৬-২৮ চেপ্টেম্বৰত অনুষ্ঠিত হৈ যো‌ৱা ৬৩ সংখ্যক বৰদলৈ ট্ৰফী টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰে সৰ্বমুঠ ১২টা দলে। ডুলীয়াজানৰ OIL, দিল্লীৰ CAG, সংযুক্ত চিক্কিম ফুটবল ক্লা‌ৱ, পুণে ফুটবল ক্লা‌ৱ, অসম ৰাইফল চক্কৰ দল (Assam Rifles Soccer Team), নগালেণ্ড পুলিছ আৰু ৰয়েল ‌ৱেইইংদন ফুটবল ক্লা‌ৱ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, গ্ৰীণ ভেলী চক্কৰ ক্লা‌ৱ, উত্তৰ-পূ‌ৱ সীমান্ত ৰে'লও‌ৱে' ফুটবল ক্লা‌ৱ আৰু গঙ্গা চক্কৰ ক্লা‌ৱ দলে অংশগ্ৰহণ কৰা এই টুৰ্ণামেণ্টত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলে বৰদলৈ ট্ৰফীত এইবাৰৰ সৈত্যে চতুৰ্থবাৰৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হ'ল।

সময়ৰ কুটিল গতিত ভাৰতৰ বিভিন্ন অংশত বিভিন্ন কাৰণত ফুটবলৰ জনপ্ৰিয়তা কমি অহাৰ লগে লগে বৰদলৈ ট্ৰফীৰ প্ৰতি মানুহৰ মাজত আগৰ সেই আকৰ্ষণ নোহো‌ৱা হৈ পৰিল। ক্ৰমান্বয়ে হ্ৰাস পাই অহা দৰ্শক, খেলু‌ৱৈ আৰু শক্তিশালী দলৰ সংখ্যাই এই খেলত স্পনচ'ৰ কৰোতা প্ৰতিষ্ঠানবিলাককো লাহে লাহে উদাসীন কৰি তুলিবলৈ ধৰিলে। স্পনচ'ৰাৰৰ অভা‌ৱত গু‌ৱাহাটী ফুটবল ক্লা‌ৱে দীৰ্ঘদিন ধৰি এই টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে যদিও ইয়াৰ ঐতিহাসিক প্ৰেক্ষাপটলৈ দৃষ্টি ৰাখি আৰু অসমৰ আবেগক ধৰি ৰখাৰ স্বাৰ্থতেই এতিয়াও অতি যত্নেৰে এই খেল অনুষ্ঠিত কৰি আহিছে।
দেশীয় বা বহুজাতিক প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ জৰিয়তেই হওক বা স্বতঃস্ফূৰ্তভাবেই হওক, ফুটবলৰ প্ৰতি ভাৰতৰ ন‌ৱ-প্ৰজন্মৰ মাজত অতি শেহতীয়াকৈ জাগি উঠা জনপ্ৰিয়তাই বৰদলৈ ট্ৰফীৰ ইতিহাসক পুণৰ উজ্জীৱিত কৰি তুলিব বুলি আশা কৰিব পৰা যায় নে?

(চিত্ৰত বৰদলৈ ট্ৰফীৰ ২০১৪ বৰ্ষৰ বিজয়ী অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ দলটোক ভাৰতৰ ক্ৰীড়া আৰু যু‌ৱকল্যাণ ৰাজ্যিক মন্ত্ৰী সৰ্বানন্দ সোণো‌ৱালৰ পৰা বটা গ্ৰহণ কৰি থকা অ‌ৱস্থাত দেখা গৈছে। ছবিখনUB Photos ৰ পৰা সংগৃহীত)

No comments:

Post a Comment