পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ ৰাইজৰ সমস্যাৰাজিৰ বুজ লৈ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ লক্ষ্যৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অহা ২০ অক্টোবৰৰ পৰা নামনিৰ আঠখন জিলা সামৰি বিশেষ পদযাত্ৰাৰ আয়োজন কৰিছে। অহা বছৰৰ অক্টোবৰ-নৱেম্বৰ মাহত আনুষ্ঠানিকভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজনৈতিক দল গঠন কৰিব বুলিও সংবাদ পত্ৰত প্ৰকাশ পাইছে।

২. ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তীক "জাতীয় সচেতনতা দিৱস" ৰূপে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিলে অসম গণ পৰিষদ দলে। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আয়োজিত এই অনুষ্ঠান উদ্বোধন কৰে ডঃ নগেন শইকীয়াই। ডঃ হীৰেণ গোহাঁইয়ে ভাষণ প্ৰসংগত অগপৰ নেতৃত্বৰ মাজত পুনৰ শুভ বুদ্ধ উদয় হোৱা বুলি প্ৰশংসা কৰা বুলিও জানিব পৰা গৈছে।

৩.  বিদ্যুত ৰাহি কৰা আৰু পৰিবেশৰ অনুকূল নীলা ৰঙৰ এল ই ডি (লাইট ইমিটিং ডায়ড)ৰ আৱিস্কাৰ কৰি মানৱ সভ্যতালৈ যোগোৱা অনুপম অৱদানৰ বাবে জাপানৰ তিনিগৰাকী পদাৰ্থ বিজ্ঞানী শ্বুজি নাকামূৰা, হিৰোছি আমানো আৰু ইছামু আকাছাকিলৈ ২০১৪ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ নোৱোল বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱাৰ সুখবৰো প্ৰকাশিত হৈছে।

৪. অসমত সঘনাই সংঘটিত হবলৈ ধৰা গোষ্ঠীগত সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰিব ৰেপিড একচন ফৰ্চ। এই উদ্দেশ্যে বৰ্তমানে সেৱাৰত দহটো ৰেপিড একচন ফৰ্চৰ সৈতে আৰু পাঁচোটা নতুন বেটেলিয়ন গঠন কৰিবলৈ লোৱা বুলি প্ৰকাশ কৰিলে কেন্দ্ৰীয় অৰ্ধ-সামৰিক বাহিনীৰ সঞ্চালকপ্ৰধান দিলীপ ত্ৰিবেদীয়ে। তাৰে এটা বেটেলিয়ন গুৱাহাটীত ৰখাৰ উপৰিও বাকী চাৰিটা পাটনা, শিলিগুৰি, উত্তৰ প্ৰদেশ আৰু দিল্লীত ৰখাৰ বাবে প্ৰস্তাৱ কৰা হৈছে বুলিও জানিব পৰা গৈছে।

৫. চিৰাং জিলাৰ বিজনী শাখা সত্ৰত যোৱা তিনি অক্টোবৰৰ পৰা চাৰিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ ৫৬৬ সংখ্যক আৱিৰ্ভাৱ মহোতসৱ উদযাপন কৰা হয়।  ভাগৱত শোভাযাত্ৰা, থিয় নাম সমাৰোহ, ধৰ্মালোচনা সভা আদিও এই সমাৰোহতে অনুষ্ঠিত হয়। অসমৰ বিভিন্ন সত্ৰ-নামঘৰ আদিতো গুৰুজনাৰ আৱিৰ্ভাৱৰ দিনটো পাৰম্পৰিক ৰূপত পালিত হয়।

৬. শিশু শ্ৰমিক আৰু শিশুৰ শিক্ষাৰ অধিকাৰৰ প্ৰসংগক ঐতিহাসিক বাণ থিয়েটাৰৰ মঞ্চত সফল ভাৱে তুলি ধৰিলে যুৱ নাট্যকাৰ-পৰিচালক ভাস্কৰ ডেকাৰ "তৰা" নামৰ শিশু নাটকখনে। ইউনিচেফৰ সহযোগত শোণিতপুৰ জিলা মইনা পাৰিজাতৰ আতিথ্যত চাৰিদিনীয়া নাট কৰ্মশালাৰ অন্তত ১৫টি শিশুৰ অংশগ্ৰহণেৰে যোৱা ৫ অক্টোবৰত নাটখনিৰ সফল মঞ্চায়নে দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ সুখবৰো প্ৰকাশ পাইছে।

৭. তিতাবৰৰ ফালেঙিচুকৰ গাঁও সভাত অংশ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। অঞ্চলটোৰ ৰাইজৰ অভাৱ-অভিযোগবোৰৰ বুজ লোৱাৰ উদ্দেশ্যে গঞা ৰাইজৰ সৈতে মত বিনিময়তো তেখেতে অংশ লোৱাৰ লগতে স্বৰ্ণধেনু দুগ্ধ উতপাদক সমবায় সমিতিৰ কাম-কাজৰো বুজ লৈ দুগ্ধ-বিপ্লৱৰ সূচনা কৰাত ব্ৰতী নাগৰিক সকলক প্ৰেৰণা যোগোৱাৰ খবৰেও লাভ কৰিছে সংবাদ শিৰোনামত স্থান।

৮. প্ৰতিভাবান তৰুণ শিল্পী পল্লৱী দাসৰ শ্ৰব্য গীতৰ সংকলন "কুমলীয়া মন" অলপতে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক উদ্বোধনী অনুষ্ঠানত মুকলি কৰাৰ কথা জানিব পৰা গৈছে।  শিল্পী গৰাকীৰ কণ্ঠত মুকলি হোৱা তৃতীয় এলবামটো উন্মোচন কৰে শিল্পী-দম্পত্তি ভূপেন উজীৰ আৰু শান্তা উজীৰে।

৯. শিৱসাগৰ জিলাৰ বগীদল অঞ্চলত স্বেচ্ছাসেৱী সংগঠন ৰূপাই ডেভেলপমেণ্ট অৰ্গেনাইজেচনৰ বিশেষ পদক্ষেপত অ'এনজিচিৰ অসম সম্পদে অঞ্চলটোৰ হিতাধিকাৰী সকলৰ মাজত ডেৰ শতাধিক সৌৰশক্তি চালিত লেম্প বিতৰণ কৰাৰো সুখবৰ প্ৰকাশ পাইছে।

১০. ৰূপকোঁৱৰ চিনে প্ৰডাকচনে এখনি তথ্যচিত্ৰ "হাজো পঞ্চতীৰ্থ"ৰ  জৰিয়তে হাজো অঞ্চলৰ ঐতিহাসিক সমল তথা ঐক্যৰ এনাজৰীক বিশ্বৰ দৰবাৰত তুলি ধৰিবলৈ প্ৰয়াস কৰিছে বুলি জানিব পৰা গৈছে। যোৱা ১ অক্টোবৰত হাজোৰ মাধৱ মন্দিৰ প্ৰাংগণত ছবিখনৰ শুভ মহূৰত সম্পন্ন কৰি ছবিখনৰ নিৰ্মাণকাৰ্য আগুৱাই নিয়া বুলিও পৰিচালক সুৰেন্দ্ৰ নাথ মেধিয়ে প্ৰকাশ কৰিছে।

No comments:

Post a Comment