ইতিবাচক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কৃষি বিষয়ক ই-আলোচনী 
“কৃষক বন্ধু”ৰ প্ৰথম বৰ্ষপূৰ্তি
যোৱা ইং ২৬ নবেম্বৰ ২০১৭ ৰবিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অসম পুষ্পোদ্যান সমিতিৰ সহযোগত কৃষি বিষয়ক ই-আলোচনী “কৃষক বন্ধু”ৰ প্ৰথম বৰ্ষপূৰ্তি কাৰ্যসূচীসমূহৰ আলোচনা উপলক্ষে এখন সভা অনুষ্ঠিত হয় । উক্ত সভাত কৃষক বন্ধু ই-আলোচনীৰ উপদেষ্টাসকল, অসম পুষ্পোদ্যান সমিতিৰ বিষয়ববীয়াসকল আৰু আলোচনীখনৰ শুভাকাংক্ষী সকল উপস্থিত থাকে । উক্ত সভাত সভাপতিত্ব কৰে আলোচনীৰ কৃষকৰ স্বাস্থ্য শিতানৰ উপদেষ্টা বৰ্তমান মধ্য প্ৰাচ্যৰ কাটাৰত কৰ্ম্মৰত ডা° ভূপেন্দ্ৰ শইকীয়াই ।

উপস্থিত সকলোকে স্বাগতম জনাই সভাৰ উদ্দেশ্য ব্যখ্যাত সভাৰ আহ্বায়িকা, আলোচনীখনৰ প্ৰধান উদ্যোগী শ্ৰীমতী বৰ্ণালী শৰ্মা বৰুৱাই আলোচনীখনৰ থীম “ঘৰ-বাৰী”(Homestead)ৰ লগত সংগতি ৰাখি কিছু প্ৰতিযোগিতা আৰু এখন ছেমিনাৰৰ আয়োজন কৰা হৈছে আৰু উক্ত কাৰ্যসূচীৰ আলোচনা আৰু সুকলমে আগবঢ়াই নিবলৈ এখন সমিতি গঠন আৰু বিভিন্ন প্ৰয়োজনীয় বিষয়ৰ ওপৰত আলোচনাৰ উদ্দেশ্যৰে সভাখন আহ্বান কৰা হৈছে ।

আলোচনীৰ মুখ্য সম্পাদক শ্ৰীমানিক চন্দ্ৰ শৰ্মা বৰদলৈয়ে আলোচনীখনে কৃষকসকলৰ কি কি প্ৰয়োজনীয়তা পুৰণৰ বাবে চেষ্টা কৰি আছে সেই বিষয়ে জনায় । আলোচনা প্ৰসংগত মুখ্য সম্পাদকে এজন কৃষকৰ বাবে আলোচনীখনে কৃষি, মৎস্য আৰু পশুধন আদি সম্পৰ্কীয় তথ্যৰ ওপৰিও কৃষি শিক্ষা, কৃষকৰ স্বাস্থ্য, কৃষকৰ আইনী সমস্যা, কৃষকৰ বাবে অনুপ্ৰেৰণামূলক লিখনি আৰু কৃষি বিষয়ক কেৰিয়াৰ গঠনৰ কাৰণে অভিজ্ঞ পৰামৰ্শদাতা সকলৰ সহযোগত প্ৰশ্নৰ উত্তৰ দিয়াৰ ব্যৱস্থা আছে বুলিও জনায় । আনহাতে, অহা জানুৱাৰী মাহৰ পৰা হিন্দী ভাষাৰ প্ৰকাশৰ দ্বাৰা আলোচনীখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ত্ৰিভাষীক কৃষি বিষয়ক আলোচনী হ'ব বুলিও মুখ্য সম্পাদকে উল্লেখ কৰে ।

অসম পুষ্পোদ্যান সমিতিৰ কাৰ্যবাহী সদস্য তথা আলোচনীৰ কৃষকৰ আইনী শিতানটোৰ উপদেষ্টা তথা কৃষি বিভাগৰ যুটীয়া সঞ্চালক হিচাপে অৱসৰ লোৱা অধিবক্তা প্ৰতাপ সিং ভৰালীয়ে কৃষিক্ষেত্ৰত আইনৰ কি কি প্ৰয়োজনীয়তা সেই বিষয়ে কিছু তথ্য প্ৰকাশ কৰে আৰু অসম পুষ্পোদ্যান সমিতিয়ে আগন্তুক কাৰ্যসূচীসমূহত কেনেধৰণৰ সহযোগিতা আগবঢ়াব সেইবিষয়ে উল্লেখ কৰে ।

বৰ্ষপূৰ্তি কাৰ্য্যসূচীসমূহৰ বিষয়ে বৰ্ণনা কৰি সভাৰ আহ্বায়িকা শ্ৰী মতী বৰ্ণালী শৰ্মা বৰুৱাই দুদিনীয়া ছেমিনাৰৰ বিষয়বস্তু- “ধাৰণশীল কৃষিৰ জড়িয়তে ঘৰ- বাৰীৰ উন্নয়ণ” বুলি জনাই আৰু কোনো আগ্ৰহী কৃষক তথা কৃষিৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে নিজৰ সামগ্ৰী প্ৰদশৰ্ণৰ ইচ্ছা কৰিলে ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে । সভাত ছেমিনাৰৰ সময়সূচী ফ্ৰেবুৱাৰী মাহৰ শেষৰফালে আৰু স্থান গুৱাহাটী হ’ব বুলি সিদ্ধান্ত লোৱা হয় । ইয়াত প্ৰতিযোগিতা হ'ব লগীয়া বিষয় সমূহৰ বিষয়েও সবিস্তাৰে আলোচনা কৰা হয় । উল্লেখযোগ্য যে অসমত হয়টো প্ৰথমবাৰৰ বাবে এইদৰে কৃষি সম্পৰ্কীয় অনলাইন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব ।

সভাত উপস্থিত থকা ই-আলোচনীখনৰ উপদেষ্টা আকাশবাণীৰ স্বীকৃত গীতিকাৰ শ্ৰীযুত ৰামচৰণ পাঠকে ৰাজ্যখনৰ দুজন শ্রেষ্ঠ খেতিয়কক সম্বৰ্ধনা জনাবৰ বাবে প্ৰস্তাৱ দিয়ে আৰু আলোচনীৰ কেৰিয়াৰ শিতানৰ উপদেষ্টা তথা গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজীৰ সহকাৰী অধ্যাপক তথা ছাত্ৰ কল্যাণ বিভাগৰ ডীন ড° বুলজিৎ বুঢ়াগোহাঁয়ে আলোচনীখন গাঁৱে-ভুঁইয়ে কৃষকসকলৰ কাৰণে কেনেকৈ সহজলভ্য কৰিব পাৰি সেইয়া চিন্তা কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰে । অসম পুষ্পোদ্যান সমিতিৰ সদস্য সাৰংগপানী নেওঁগ, সুলেখিকা ড° মৃদুস্মিতা ফুকন , শ্ৰীমতী কিৰণ বড়ো আৰু উপস্থিত সকলোয়ে আলোচনাত অংশগ্ৰহণ কৰে । সভাত গীতিকাৰ ৰামচৰণ পাঠকদেৱৰ দ্বাৰা ৰচিত হ'ব লগা কৃষক বন্ধু ই-আলোচনীৰ থীম চং( theme song) আৰু ৱেব-টাইটেল চং (webtitle song) টোৰ বিষয়েও আলোচনা হয় ।

সভাত, জীৱন সংগ্ৰামত জয়ী হোৱা কৃষক কন্যা, বৰ্তমান ইউ এছ এ (USA)ৰ ইলাইট গ্লোবেল আৰ্থ নামৰ সংগঠনটোয়ে ২০১৮ চনৰ বাবে ইণ্ডিয়াৰ ব্ৰাণ্ড এম্বেছেডৰ হিচাপে গ্ৰহণ কৰা, মিচেচ্ আৰ্থ ইউনিভাৰ্ছ, মিচেচ্ ইউনিভাৰ্ছ এক্সকুইজিট ২০১৭, অসম জীয়ৰী শ্ৰীমতী কিৰণ বড়োক কৃষক বন্ধু ই-আলোচনীৰ বৰ্ষপূৰ্তি কাৰ্যসূচীসমুহৰ এম্বেছেডৰ হিচাপে সৰ্ব্বসন্মতি ক্ৰমে গ্ৰহণ কৰা হয় ।

অসমৰ সন্মানীয় তিনি ব্যক্তি ক্ৰমে প্ৰসিদ্ধ উদ্ভিদবিদ ড° পদ্মেশ্বৰ গগৈ, প্ৰকৃতিপ্ৰেমী শ্ৰীযাদৱ পায়েং, উদ্ভাৱক ড° উদ্ভৱ ভৰালী আৰু ৰাজ্যখনৰ দুজন প্ৰগতিশীল কৃষকক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হ'ব বুলি সিদ্ধান্ত লোৱা হয় ৷

সমিতি সম্পৰ্কীয় আলোচনাৰ আঁত ধৰি সভাৰ সভাপতিয়ে সমিতিখনৰ সভাপতি পদবীৰ কাৰণে কেনে ব্যক্তিৰ প্ৰয়োজন হ'ব সেই বিষয়ে আলোচনা কৰে ৷ আলোচনাৰ অন্তত সকলোৰে সন্মতিক্ৰমে কৃষকবন্ধু ই-আলোচনীৰ মূল উপদেষ্টা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানগুৰু ড° দীগেন্দ্ৰ নাৰায়ণ চক্ৰৱৰ্তীক সমিতিৰ সভাপতিৰ দায়িত্ব লবলৈ আহ্বান জনোৱা হয় আৰু ড° বুলজিৎ বুঢ়াগোহাঁইক কাৰ্যসূচীসমূহৰ প্ৰচাৰ বিভাগৰ দায়িত্ব অৰ্পন কৰা হয় । ই-আলোচনীখনৰ মূদ্ৰিত ৰূপত প্ৰকাশ হ’বলগীয়া বছেৰেকীয়া সংখ্যাটোৰ বাবে কেইবাখনো গ্ৰন্থৰ প্ৰকাশেৰে উজ্বলি উঠা সুলেখিকা ড° মৃদুস্মিতা ফুকনক দায়িত্ব দিয়া হয় ৷ মূদ্ৰিত আলোচনী সংখ্যাটোৰ প্ৰকাশ সন্দৰ্ভত ড° বুলজিৎ বুঢ়াগোহাঁয়ে নানান সাৰুৱা উপদেশ দি আলোচনীখনত কৃষি আৰু ইয়াৰ লগত জড়িত সকলো বিভাগৰে তথ্যসমূহ থকা এখন ডাইৰেক্টৰীৰ দৰে প্ৰকাশ কৰিব পাৰি বুলি কয় । সভাপতিৰ ভাষণত সভাৰ সভাপতি, ডা° ভূপেন্দ্ৰ শইকীয়াদেৱে তেখেতৰ সাৰুৱা মন্তব্য আগবঢ়াই এজন কৃষকৰ স্বাস্থ্যৰক্ষাৰ প্ৰয়োজনীয়তাৰে । তেওঁ কয়, কৃষকজন বা গৃহস্থজন ঘৰৰ মুৰব্বী । মুৰব্বীজনৰ ওপৰতে পৰিয়ালৰ সুখ-শান্তি, আয়-ব্যয় ইত্যাদি সকলো কথা নিৰ্ভৰ কৰে । গতিকে কৃষকজনৰ স্বাস্থ্য সুৰক্ষা চিন্তা কৰিব লাগে । আনহাতে কৃষিৰ লগত জড়িত পশুধনৰো নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাটো প্ৰয়োজনীয় বুলি তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে । কৃষক বন্ধু ই-আলোচনীৰ লক্ষ্য, উদ্দেশ্য সমূহৰ শলাগ লয় আৰু ঘৰ-বাৰীক থীম হিচাপে লৈ আগতে বিশেষ কোনো আচঁনি লোৱা দেখা নাই বুলি কয় । শেষত তেওঁ ই-আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰি মন্তব্য সামৰণি মাৰে । শেষত, সভাৰ আহ্বায়িকা শ্ৰীমতী শৰ্মা বৰুৱাই সকলোকে শলাগৰ শৰাই আগবঢ়াই আৰু সভাৰ সামৰণি মাৰে । আলোচনীখন চাবলৈ www.krishakbandhu.org ত log in কৰক ।

No comments:

Post a Comment