প্ৰকৃতি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


অৰণ্যৰ দুখৰ বিননি শুনিব কোনে ?
লীলাকান্ত পায়েং

সেউজীয়া অৰণ্যখনে আমাক দিয়া নাইনো কি? এই প্রশ্নৰ উত্তৰ প্রত্যকজনৰ ওচৰত আছে। কিন্তু এখন সেউজীয়া অৰণ্য আৰু মানৱ দেহৰ হৃদযন্ত্ৰৰ বিশেষ পার্থক্য নাই। মানৱ দেহত হৃদযন্ত্ৰই যিদৰে সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ সঞ্চালন চলাই ৰাখে ঠিক তেনেদৰে অৰণ্যই এই একে কাম কৰে। আচলতে এখন অৰণ্যই আমাক দিয়া নাই কি। ৰ’দ-বৰষুণ, মাটি, পানী, পাহাৰ, জান-জুৰি, নদ-নদী, পুখুৰী, বিল-জলাশয়, পিতনি, গছ-গছনি, পোক-পতঙ্গ, চৰাই-চিৰকতি, বন্য জীৱ-জন্তু, বিভিন্ন প্রজাতিৰ ক্ষুদ্র বৰ জীৱ-জন্তুৰ ইত্যাদিৰ উৎপাদনৰ ফলতেই সৃষ্টি হৈছে এখন অৰণ্য। মানেই চমুকৈ ক’বলৈ হলে এক সুষম পৰিৱেশ গঢ়ি তোলা বৃহৎ সংখ্যক ভিন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদৰ অৱস্থিতি হৈছে সেউজীয়া অৰণ্যৰ জৈৱ-বৈচিত্র্য। এই আটাইবোৰ উপাদান এটা আনটোৰ পৰি্পুৰক। এটা উপাদান কমি গলে অৰণ্যখনৰ ভাৰসাম্যতা নাইকীয়া হোৱা বুলি ক’ব পাৰি। এনে এখন সেউজীয়া অৰণ্য বিহীন পৃথিৱীৰ কথা কল্পনা কৰকচোন। আমাৰ মানৱ জাতিৰ কি ভয়ানক অৱস্থা হ’ব পাৰে। কিন্তু সেই সময়লৈ বেছি দিন নাই যেতিয়া সেউজীয়া অৰণ্যখন লুপ্ত হ’ব। এখন অৰণ্যই আমাৰ জীৱনৰ প্রয়োজনীয় সকলোবোৰ মৌলিক বস্তবোৰ প্রদান কৰি অহাৰ পাছতো আমি বাৰে বাৰে উপক্ষিত কৰি পেলাইছো অৰণ্যক। যেতিয়া আমাৰ প্রাথমিক উৎপাদক সেউজীয়া অৰণ্যখন জীয়াই ৰাখিব নোৱাৰিম তেন্তে আমাৰ অস্তিত্বইবা কি?


প্রাকৃতিক ভাৰসাম্যতাৰ বাবে ভৈয়ামত মুঠ মাটিকালিৰ শতকৰা ৩৩ ভাগ আৰু পাহাৰ অঞ্চলত শতকৰা ৬০ ভাগ অৰণ্য থাকিব লাগে যদিও বর্তমান এই পৰিমাণ ক’তো নাই। এখন অৰণ্য কাটি আমি স্মার্ট চিটীৰ সপোনৰ কাৰেং ঘৰ সাজিছো। আমি সকলো সুখী। কিন্তু অৰণ্যৰ দুখৰ বিননি শুনিবলৈ আমাৰ সময় নাই। আমি জানো নাজানো, দেখিও নেদেখো তথা অৰণ্যখন সংৰক্ষণ কৰিবলৈ বহু কাম আছে কিন্তু নকৰোঁ। এইটো কথা সঁচা যে বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যাৰ ফলত আজি সমগ্র বিশ্ব এক গোলকীয় গাঁৱলৈ ৰূপান্তৰিত হৈছে। 

আধুনিক উদ্যোগীকৰণৰ লগে লগে আমি যেন হেৰুৱাবলৈ লৈছো সেউজীয়া অৰণ্যখন। যান্ত্রিকতাৰ দৌৰত আমি এনেকৈ দৌৰিছো যে জীয়াই থকাৰ সকলো উপাদান এখন অৰণ্যৰপৰা পাইছো যদিও তাৰ বিনিময়ত আমি অৰণ্যক একো দিব পৰা নাই। অৰণ্যই প্রতিদানত আমাৰপৰা একো নিবিচাৰে। কিন্তু অৰণ্যখন সংৰক্ষণ কৰাতো আমাৰ প্রতিজনৰ কর্তব্য। কিন্তু আমি এই কর্তব্য পালন কৰা নাই বা অৰণ্যখন যে সংৰক্ষণ কৰাটো বর্তমান অতি প্রয়োজনীয় হৈ পৰিছে এই কথা আমি উপলব্ধ কৰা নাই। জনসংখ্যাৰ বর্ধিত হাৰ আৰু উন্নয়নৰ পথত আগবঢ়াৰ লগে লগে অৰণ্যৰ মাটিকালিৰ পৰিমাণ অতি তীব্র হাৰত হ্রাস পাই আহিছে। অৰণ্যৰ পৰিমাণ কমি অহাৰ লগে লগে বিভিন্ন সমস্যাই দেখা দিছে। বিশ্বত প্রদূষণৰ মাত্রা অত্যাধিক ৰূপত বাঢ়িছে। অৰণ্যঞ্চল কমি অহাৰ লগে লগে বিভিন্ন সমস্যা যেনে-বায়ু প্রদূষণ, জল প্রদূষণ, ভূমি প্রদূষণ, খৰাং বতৰ, বানপানী, জল সংকট, খাদ্য সংকট, সেউজ গৃহ প্রভাৱ, গোলকীয় উত্তাপ ইত্যাদি উপসর্গই দেখা দিছে। ক’ত যে কিমান সংকট। তথাপিও আমি নীৰৱ-নিমাত। কিয়?

পৰিৱেশ ভাৰসাম্যতা নোহোৱাৰ বাবে বিশ্বত প্রতি বছৰে ১০৮ কোটি নিযুত বায়ু প্রদুষণ, ১.২ বিলিয়ন মানুহ অপৰিঙ্কাৰ পানীৰ অভাৱত মৃত্যুবৰণ কৰে। বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যা অতি দ্রত হাৰত প্রসাৰিত হৈছে। অৰণ্যঞ্চল কাটি বিভিন্ন উদ্যোগ, কল কাৰখানা বহুৱাইছো। পৃথিৱীৰ জণ বিস্ফোৰণ ঘটিছে। তাৰ ফলত মানুহৰ আবাসস্থল কমি আহিছে। এইয়ে মানুহে অৰণ্য কাটি ঘৰ-দুৱাৰ সজাইছে। ফলত দিনক দিনে অৰণ্যঞ্চল কমি আহিছে। মানুহ আকৌ যেতিয়াৰপৰা অৰণ্যলৈ ঘুৰি যোৱা হ’ল তেতিয়াৰপৰাই বন্য জীৱ-জন্তুৰ সংঘাত ক্রমাৎ বাঢ়িবলৈ ধৰিলে। অৰণ্যৰ মাজত বসবাস কৰা বন্য জীৱ-জন্তুবোৰ খাদ্যৰ সন্ধান আৰু অলপমান আশ্রয়স্থল বিচাৰি ৰাজপথলৈ ওলাই আহিছে। আমি প্রায়েই আমাৰ ইয়াত হাতী-মানুহৰ সংঘাতৰ সচৰাচৰ দৃশ্য দেখিবলৈ পাও। জনসাধাৰণৰ সজাগ-সচেতনতা তথা অত্যাধিক উদ্যোগীকৰণৰ ফলত অৰণ্য কমি আহিছে। যাতায়ত-পৰিবহণৰ সুবিধাৰ বাবে অৰণ্য উচ্ছেদ কৰি নতুনকৈ বাট পথ, ৰেল লাইন আদি বনাই প্রাকৃতিক পৰিৱেশ ধ্বংসৰ দিশত আগবঢ়াই লৈ গৈছো। জনসংখ্যাৰ অনুপাতত আমাক সমানুপাতিক ভাবে খাদ্যৰ প্রয়োজন হৈ আহিল। কিন্তু ইতিমধ্য আমাৰ খেতিপথাৰৰ মাটিকালি সংকুচিত হৈ আহিল। তাৰ ফলত অৰণ্য কাটি তহলিং কৰি দিলো। এনেদৰে ক্রমশ অৰণ্যবোৰ কমি অহাৰ ফলত অতি দ্রত হাৰত জলবায়ুৰ পৰিৱর্তন হৈছে। তাৰ ফলত আমাৰ পৃথিৱীখনৰ গোলকীয় উত্তাপ বাঢ়ি গৈছে। তাৰ ফলত আমাৰ ইটোৰ পিছত সিটো সমস্যা আহি পৰিছে। বর্তমান যিটো হাৰত গোলকীয় উত্তাপ বাঢ়ি আহিছে এইয়া চাবলৈ গ’লে ভৱিষ্যতে পৃথিৱীখন বাসস্থানৰ বাবে অনুপযোগী হৈ পৰিব। 

অৰণ্যৰ আশে-পাশে গঢ় লৈ উঠা বিভিন্ন কল-কাৰখানাই অৰণ্যৰ ভিতৰচ’ৰা প্রদূষিত কৰি পেলাইছে। এইবোৰৰপৰা নির্গমন হৈ ওলাই বিভিন্ন গেছ, ৰাসায়নিক দ্রব্যই অৰণ্যৰ জীৱকুলৰ ওপৰত কুপ্রভাব পেলাইছে। অৰণ্যৰ কাষতে থকা খেতিপথাৰত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক তথা কীটনাশক পদার্থ বৰষুণৰ পানীৰ লগত মিহলি হৈ নৈ-উপনৈ, খাল-বিল, জলাশয়, জান-জুৰিত পৰিছেগৈ। তাৰ ফলত বন্য জীৱ-জন্তু, চৰাই-চিৰকতি তথা জলজ জীৱৰ ওপৰত বিৰূপ প্রভাৱ পেলাইছে। প্রদুষিত পানী খাই অৰণ্যত বিচৰণ কৰি ফুৰা চৰাই-চিৰকতি, মৎস্যকুল তথা বন্য জীৱ-জন্তুৰ মৃত্যুৰ ক্ষণ গণিছে। এনেধৰে অৰণ্যত বাঢ়ি অহা প্রদুষণৰ ফলত ইতিমধ্য বহু জীৱ-জন্তুৰ বিলুপ্ত হ’ল আৰু যি সংখ্যক অলপ বাচি আছেগৈ এইয়াও হয়তো বিলুপ্ত হৈ পৰিব। আচলতে আমাৰ কুকর্মই সেউজীয়া অৰণ্যৰ জীৱ-জন্তুক হাৰাশাস্তি কৰিছে। অৰণ্যৰ আন এক সমস্যা হৈছে বন্য জীৱ-জন্তু, মূল্যবান গছ-গছনি কাটিৰ চোৰাং ব্যৱসায়। এনেধৰণৰ চোৰাং ব্যৱসায়ত ব্যৱসায়ত বন বিভাগৰ বিষয়া, ডাঙৰ ডাঙৰ ব্যৱসায়ী, তলৰপৰা ওপৰৰৰ নেতালৈ এক এনাজৰীৰে বান্ধ খাই থাকে। অৰণ্যৰ অৱস্থালৈ বিভিন্ন আইন-প্রণালী প্রণয়ন কৰিছে। কিন্তু যেতিয়ালৈকে আমাৰ মানসিক চিন্তাধাৰা সলনি নহয় তেন্তে এই আইন-প্রণালীৰ মূল্যহীন হৈ পৰে। অৰণ্যখনৰ সংৰক্ষণৰ প্রতি সজাগ-সচেতনতা আমাৰ মাজত আহিলে এনে আইন প্রণালী কার্য্যক্ষম হৈ উঠিব। আমি প্রতিদানত একো দিবলৈ নোৱাৰিলেও অন্তত সেউজীয়া অৰণ্যখন ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ প্রত্যকজনৰ একো একোটা কর্তব্য হ’ব লাগে। সংৰক্ষণৰ বাবে প্রতি চৰকাৰখন যিমান দোষী তাতোকৈ মূল জগৰীয়া আমি সাধাৰণ জনতা। এতিয়াই যদি অৰণ্যঞ্চলবোৰ সংৰক্ষণ কৰি নাৰাখো তেন্তে আৰু কেতিয়াও এই কাম নহ’ব। সময় সমাগত। এই কাম মই, আপুনি মিলি নকৰিলে কোনেনো কৰিব। অৰণ্যৰ দুখৰ বিননি মই আৰু আপুনি নুশুনিলে শুনিব কোনে? উত্তৰ আপোনালোকৰ হাতত............। । ।

No comments:

Post a Comment