চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
এইবাৰ পূজা আমি কেনেদৰে পাতিম?
অৰুণজ্যোতি দাস

যদিওবা ভাৰতৰ বিভিন্ন ঠাইত এই পূজাৰ আয়োজন হয়, তথাপি ‘দূৰ্গা পূজা’ বুলি ক’লেই ভাৰতৰ যিকোনো লোকে যিখন ৰাজ্যৰ নাম সাউতকৈ লয়, সেয়া হ’ল পশ্চিম-বংগ। বংগৰ থলু‌ৱা হিন্দু বাঙালীসকলে পৰম্পৰাগতভা‌ৱে আৰু অতি অন্ত:কৰণেৰে বিশাল আয়োজনেৰে সৈতে দূৰ্গাপূজা উদযাপন কৰা দেখা যায়। সেই অনুপাতে কিন্তু দূৰ্গাপূজাৰ প্ৰচলন অসমত আগেয়ে অতি কম আছিল যদিও বৰ্তমানে ইয়াৰ স্থান পশ্চিম-বংগৰ ঠিক পাছতেই বুলি ক’ব পৰা যায় । অসমত দুৰ্গা পূজাৰ এই বৰ্ধিত জনপ্ৰিয়তা খুব বেছি সময়ৰ নহয়। হয়তো পোন্ধৰ-বিশ বছৰৰপৰাহে অসমৰ প্ৰতিখন গা‌ৱেঁ-ভূঞেঁ এই পূজা ধুমধামেৰে পাতিবলৈ লো‌ৱা হৈছে ।

এটা ধৰ্মীয় মাংগলিক অনুষ্ঠান হিচাপে ইয়াৰ প্ৰসাৰতা বৃদ্ধিৰ কাৰণ হ’ব লাগিছিল দে‌ৱী-উপাসকৰ সংখ্যাবৃদ্ধি । কিন্তু অতি আচৰিত কথা যে, অসমত এই দে‌ৱী-পূজা জনপ্ৰিয়তাৰ কাৰণ তেনে কোনো ধৰ্মীয় সংখ্যাগৰিষ্ঠতা সমূলি নহয় ! তেন্তে কি হ’ব পাৰে এই কাৰণ, যাৰ ফলত আজি অসমৰ প্ৰতিটো অলিয়ে-গলিয়ে এই দূৰ্গা-পূজা অতি জাকজমকতাৰে পাতিবলৈ লো‌ৱা হৈছে? শেহতীয়াকৈ বহু নগৰত এক কিমি. ব্যাসাৰ্ধৰ ভিতৰতে পঞ্চাছখন পূজা মণ্ডপে গিজগিজাই থকাও পৰিলক্ষিত হৈছে । (নগাওঁ চহৰৰ হয়বৰগাওঁ ৰেলষ্টেছনৰ সমীপতে যো‌ৱাবেলি হয়তো ২০খন মান পূজা-মণ্ডপ দেখা গ’ল।) কিছু সুক্ষ্ম পৰ্যবেক্ষণেৰে অসমীয়া মানুহৰ এই অস্বাভা‌ৱিক উদযাপন-প্ৰীতিৰ মাজত আমি তেৰাসকলৰ প্ৰদৰ্শনধৰ্মী মনো‌ভা‌ৱ, বিকল্প পথেৰে ধন অৰ্জনৰ প্ৰতি আকৰ্ষণ আৰু অন্ধ অনুকৰণৰ স্বভা‌ৱ দেখিবলৈ পাওঁ । ইতিমধ্যেই এলেহু‌ৱা বুলি সুনাম(!) থকা জাতিটোৰ এনে পৰি‌ৱৰ্তিত ৰেহৰূপ কোনো সুভ‌ৱিষ্যতৰ ধ্বজাবাহক হ’ব পাৰে বুলি আমাৰ মনে নধৰে । 

অসমীয়া মানুহে এই যে দূৰ্গাপূজা ভাগ পাতে, প্ৰকৃততে কিমান মানুহে প্ৰকৃত উপাসনাৰে দূৰ্গা(মা)ক বন্দনা কৰে বাৰু ? সঁচা কথা ক’বলৈ গ’লে, আমাৰ মানুহে পূজা ‘চাবলৈ’হে যায়, পূজা কৰিবলৈ নাযায় ! অ‌ৱশ্যে ক’ব পাৰি যে আয়োজকসকলক ধৰি হয়তো ১০-১৫ শতাংশ মানুহে মাংগলিক অনুষ্ঠানত ভাগ লয় । এতিয়া কথা হৈছে, এনেদৰে মানুহে যেতিয়া পূজা ‘চাবলৈকে’ যায়, গতিকে নিশ্চয় তাত কিবা চাবলগীয়া বস্তুবিশেষ থাকিব লাগিব । আৰু এই যুক্তিটোৰ আঁত ধৰিয়েই অসমত দূৰ্গাপূজা এক বিশাল অংকৰ ব্য‌ৱসায়, বিয়াগোম প্ৰদৰ্শনী, মানুহৰ বাহ্যিক চৌখিনতাৰ বহি:প্ৰকাশ আৰু মুৰ্খৰ দৰে অবাবত টকা উৰু‌ৱাৰ উৎস‌ৱ হিচাপে পৰিগণিত হৈ আহিছে । পূজা মণ্ডপৰ কথাই ভা‌ৱকচোন- এখন নগৰৰ সকলো মানুহকে একত্ৰিত কৰিব পৰাকৈ, যান-জঁটৰ সংখ্যা সৰ্বনিম্ন কৰিব পৰাকৈ যেতিয়া আমি এখন মাত্ৰ পূজা-মণ্ডপেৰেই যি কাম কৰিব পাৰোঁ, সেই কাম আমি শ-শ খন পূজা সমিতিৰে আয়োজন কৰাৰ প্ৰয়োজনীয়তাই বা ক’ত ? হাজাৰৰ ওপৰৰ মানুহ গোট খো‌ৱা আন অনুষ্ঠান যেনে সাহিত্য সভাৰ অধি‌ৱেশন দেখোন আমি তেনেদৰে আহল-বহল আয়োজনেৰেই পাতি আহিছো । তেন্তে পূজা পাতিব নো‌ৱাৰো কিয়? আচলতে, আমি প্ৰত্যেকেই আজি টিভি চেনেলৰ টিআৰপিৰ দৰেই নিজৰ নিজৰ চাহিদা, নিজৰ নিজৰ মান বঢ়ো‌ৱাৰ দৌৰত দৌৰিছো । কি আয়োজক, কি দৰ্শনাৰ্থী - সকলো একে ! দুজনমানে মিলি যদি সিফালে এটা অনুষ্ঠান পাতে, তেতিয়া আমাৰ গা জ্বলে । গতিকে আমিও এইফালে আন এটা অনুষ্ঠান পাতিবলৈ যোঁ-জা কৰোহঁক । আমি বিচাৰোঁ যে, সিহঁততকৈ আমাৰ অনুষ্ঠানটো বেছি ডাঙৰ হওঁক, বেছি জাকজমকীয়া হওঁক – আমাৰ বিষয়ে মানুহে অধিক জানক, সিহঁত নিপাতে যাওঁক । আৰু এই প্ৰক্ৰিয়াটো‌ৱেই নিউক্লীয় ফিছন বিক্ৰিয়াৰ দৰেই এটা পাৰমাণ‌ৱিক বোমাৰ ৰূপ লয়গৈ । অৰ্থাৎ, আগেয়ে যি উৎস‌ৱক একতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল, বৰ্তমানে সেই উৎস‌ৱ পাতিবৰ বাবেই একেখন সমাজতে খণ্ড-বিখণ্ডিত হৈ আমি আমাৰ বিভেদ-ভা‌ৱৰ পৰিচয় দিওহঁক । 

চান্দা তোলাৰপৰা আৰম্ভ কৰি দে‌ৱী বিসৰ্জন দিয়ালৈকে, আজিৰ অসমীয়া পূজা উদযাপানৰ এই সকলো আদ‌ৱ-কায়দাতে আমি কে‌ৱল আমাৰ মানুহৰ নিকৃষ্টতম মানসিকতাৰ প্ৰতিফলন ঘটাকেই দেখা পাওঁ । পূজাৰ চান্দা তোলা অভিযানত আজিকালি দোকান-পোহাৰৰপৰা আৰম্ভ কৰি গাড়ী-মটৰলৈকে কোনো সাৰি নাযায় । কাৰণ টকা সৰকো‌ৱাৰ ইয়েই এটা প্ৰাৰম্ভিক অস্ত্ৰ । তাতে আকৌ ‘পূজা’ নামৰ বৃহৎ ধৰ্মীয় অনুষ্ঠানৰ বাবে-- য’ত আমি পূজা নমনা হিন্দু বা অহিন্দু সকলকো জোৰ-জবৰদস্তিৰে বৰঙণি দিবলৈ বাধ্য কৰিব পাৰোঁ । আৰু আজিৰ অসমীয়া ডেকাই ইয়াৰে সুবিধা ল’ব জানে বাৰুকৈয়ে- অহিন্দু‌ৱে চান্দা নিদিলে সাম্প্ৰদায়িক সংঘৰ্ষৰো হুংকাৰ দিব পাৰে ! বেচ্, লাচিতৰ তেজ থকা অসমীয়া ডেকা, তুমি নিজৰ শক্তিক ভালদৰেই চিনিছা । স্বয়ম্ভু সভাপতি-সম্পাদকে পূজা শেষ হো‌ৱাৰ পাছত চান্দা দিয়াসকলক খৰছৰ খতিয়ান দিয়াটো দূৰৰে কথা, ধন্যবাদ এষাৰি দিবলৈও পাহৰি যায় – কাৰণ তেতিয়া তেওঁলোক ব্যস্ত হৈ পৰে কাৰ পকেটত কিমান টকা সোমাল তাৰ অংককলৈহে! কোনে ক’ব, অসমীয়াই টকা ঘটিব নাজানে ? 

ভা‌ৱক- লাইট, জেনেৰেটৰ, মূৰ্তি, প্ৰসাদ, পেণ্ডেলেৰে কমখিনি আয়োজন নে? তাকো আকৌ অনুষ্টুপীয়াকৈ হ’লেও নহ’ব- লাইটে চকু চাঁট মাৰি ধৰিব লাগিব, মূৰ্তি-পেণ্ডেলৰ কাৰু-কাৰ্যই টিভি-চেনেল, খবৰ কাকতৰ মানুহক আকৃষ্ট কৰিব পাৰিব লাগিব ! আমি কো‌ৱাৰ দৰে এখন মাত্ৰ পূজা পাতিব পৰা হ’লে বাকী শ-শ পূজা সমিতিৰ এই সকলো আয়োজনত খৰছ হো‌ৱা লক্ষ লক্ষ টকা ৰাহি নহ’লহেঁতেন নে বাৰু ? এনে বিশাল পৰিমাণৰ টকাৰে প্ৰতিটো অঞ্চলৰ সমূহীয়া উন্নতি সাধিনী বহুতো পদক্ষেপ হাতত ল’ব পৰা গ’লহেঁতেন নিশ্চয় । ৰাষ্টা-পদূলীৰ বাবেই আমি বছৰৰ পাছত বছৰ ধৰি চৰকাৰৰ মুখলৈ আশা পালি বহি থাকো। ৰাইজৰ বৰঙণিৰ এনে টকাৰে আমি নিজৰ এলেকাৰ বাট-পথবোৰ ঠিক কৰি ল’ব নো‌ৱাৰো নে? 

কণমাণিটোৰ হাতত তুলি দিয়া পিস্তলটো‌ৱে কি সূচায়- কেতিয়াবা ভা‌ৱি চাইছো নে ? আজিকালি সি ডাঙৰতকৈও ডাঙৰ ৰাইফলটোহে ল’বলৈ ভালপো‌ৱা হৈছে । আৰু তাকে চাই আমি ৰং লৈছো। কাহানিবা ভা‌ৱি চাওঁ নে যে এনে কাণ্ড-কাৰখানাই তাৰ সেই অকণমানি মনটোত কিমান বেয়া প্ৰভা‌ৱ পেলাব পাৰে ? আৰু পূজা বুলিলেই এতিয়া ধনী হওঁক দুখীয়া হওঁক কে‌ৱল খৰছ আৰু খৰছ । দিন-হাজিৰা কৰা সাধাৰণ লোকজনেও উপায়ন্তৰ হৈ দেখাক-দেখি টকাকেইটা পানীত পেলাব লগা হৈছে । গাৰ ঘামৰ প্ৰতিটো বিন্দু খৰছ কৰি অৰ্জা শিকিকেইটা পুতলা পিস্তলৰ মাত্ৰ কেইটামান ধূম-ধাম শব্দৰ মাজত হেৰাই যায় । দে‌ৱী বিসৰ্জনৰ নামতো অযথা কিছুমান হুলস্থুল-বিশৃংখলতা । পূজা উদযাপনৰ নামত উন্মত্ত হো‌ৱা কিছুমান মানুহৰ দলে বাকী সকলোৰে খা‌ৱন-শো‌ৱন হৰে । আৰু এই যান-জঁট,কোৰ্হালৰ সুবিধা লৈ কিছুমান মানুহে জু‌ৱা-খেল,তীৰ-খেল,মদৰ ঘাটিৰে গাওঁ-চহৰৰ গলিবোৰ বিপন্ন কৰি তোলে । ইয়াৰ মাজতো সুবিধাবাদী পুলিছ-ট্ৰেফিকে নিজৰ নিজৰ ধান্দা চলাই যায় । আমি এনেকৈয়ে দূৰ্গা-পূজা পালন কৰি আহিছো। 

আহক- এইবেলি পূজাভাগ আমি প্ৰদূষিত হ’বলৈ নিদিওঁ । শুদ্ধ অন্তৰেৰে ভক্তি ভা‌ৱেৰে দূৰ্গতিনাশিনীৰ চৰণত প্ৰণিপাত জনাওঁ । আয়োজনৰ নামত আমি বাহ-বাহ ল’বলৈ নাযাওঁ। আমাৰ অঞ্চলত কেইবাখনো পূজাৰ সলনি মাত্ৰ এখন পূজা হ’বলৈ মানুহক উদ্বুদ্ধ কৰোহঁক। দান-বৰঙণি যদি তোলা হয়, তেন্তে তাৰে অন্ত:ত এটা সমাজৰ হকে ভাল কাম কৰোঁ। আৰু মুঠৰ ওপৰত আমাৰ নতুন-প্ৰজন্মক এটা আদৰ্শ দেখু‌ৱাওঁ। আহকচোন- ৰাইজে নখ জোকাৰিলে হেনো নৈ বয় ।
লেখকৰ সুখ-দুখত প্ৰকাশিত সকলো লেখাৰ লিংকঃ  http://www.xukhdukh.com/search/label/ARUNJYOTI-DAS
লেখকৰ ব্যক্তিগত ব্লগঃ http://arunjyotisworld.blogspot.in/

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages