সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসম সাহিত্য সভাৰ হাফলং অধিৱেশনৰ সফল সামৰণি। ডিমাচা, মাৰ, কুকি আৰু ৰাংখল জনগোষ্ঠীৰ নেতৃত্বই সমস্বৰে কলে আমি অসমীয়া।

২. আজি উদ্বোধন হব ১২তম দক্ষিণ এছীয় ক্ৰীড়া প্ৰতিযোগিতাৰ। সুধাকণ্ঠৰ ‘এই পৃথিৱী এক ক্ৰীড়াংগন
গীতেৰে গুঞ্জৰিত হব লগা উদ্বোধনী অনুষ্ঠানত অংশ লব প্ৰধানমন্ত্ৰীয়েই। এই ঐতিহাসিক ক্ষণত আন্তৰ্জাতিক ক্ৰীড়াৰ মানচিত্ৰত প্ৰৱেশ কৰিব অসমে। উক্ত উপলক্ষত গুৱাহাটীত স্থানীয় বন্ধ ঘোষণাও কৰিছে জিলা প্ৰশাসনে।

৩. অসমীয়া অভিযন্তা বিতোপন দাসে সাজি উলিয়ালে অসমীয়া ম
বাইল গেমচ চিলাৰায়। গীকৱৰ্কছৰ হৈ ডাউন টাউন হাস্পতালত কৰ্মৰত চফটৱেৰ অভিযন্তা গৰাকীৰ এই গেমচ এতিয়া বিনামূলীয়াকৈ গুগল প্লেত উপলদ্ধ হৈছে।

৪. শিৱসাগৰৰ ৰূপহী পথাৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল মঞ্চখন মুকলি কৰিলে অ
এনজিচিৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক বুধীন দেউৰীয়ে। উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ উদ্বোধন কৰে। কালি এই অধিবেশনতে শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰীফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ ছচাইটী লিমিটিডেৰ স্ব-নিয়োজন আঁচনি আৰু ঋণদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। স্মৃতিগ্ৰন্থ বৈকুণ্ঠ দূতয় উন্মোচন কৰিলে পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই।

৫. বিশিষ্ট নাট্যকাৰ তথা কটন কলেজৰ দৰ্শন বিভাগৰ অধ্যাপক ডঃ জগদীশ পাটগিৰীক
মহাকবি কালিদাস এৱাৰ্ডৰ বাবে নিৰ্বাচিত কৰিছে নেচলে পাৰফৰ্মিং আৰ্টছ এছচিয়েছন অৱ ইণ্ডিয়াই। আগ্ৰাত হব লগা তাজ ৰঙ মহোতসৱত অহা ১২ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰা হব।

৬. বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰক
জীৱনশিল্পী আদ্য শৰ্মা বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। অহা ২২ফেব্ৰুৱাৰীত গুৰুজীৰ প্ৰথম মৃত্যু-বাৰ্ষিকীত এই বঁটা প্ৰদান কৰিব নলবাৰী আৰ্ট স্কুলে।

৭. গুৱাহাটী মহানগৰীৰ ২০০ বিদ্যালয়ত ধঁপাতৰ অপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলে অসম আৰক্ষীৰ অনুসন্ধান বিভাগে। বিশ্বৰ কেঞ্চাৰ দিৱস কালি অসমৰ নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতাল, বি বৰুৱা কেঞ্চাৰ হাস্পতাল, ডি এছ ৰিচাৰ্ছ চেষ্টাৰকে ধৰি বিভিন্ন প্ৰতিষ্ঠানে পালন কৰি সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।

৮. উচ্চতম ন্যায়ালয়ে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডত বিশাল সালসলনিৰ বাবে লোধা কমিটিয়ে দিয়া পৰামৰ্শৱলী অতি শীঘ্ৰেই ৰূপায়ণ কৰিবলৈ কঠোৰ বাৰ্তা দিয়াৰ সুখবৰো প্ৰকাশ পাইছে। কেলেংকাৰী, স্বজন-তোষণ, ৰাজনীতিবিদৰ নিয়ন্ত্ৰণ আদিৰ পৰা ক্ৰিকেটৰ ক্ৰীড়া ক্ষেত্ৰক মুক্ত কৰাৰ বাবে এই পৰামৰ্শৱলী অতি গুৰুত্বপূৰ্ণ বুলিও বিবেচিত হৈছে।

৯.
অসমত স্বীকৃতিপ্ৰাপ্ত মাদ্ৰাছাৰ শিক্ষকে লাভ কৰিব ফিক্সড পে। ৰাজ্যৰ ১৩৪খন এনে শিক্ষা প্ৰতিষ্ঠানলৈ ৬.২১ টকাৰ বিত্তীয় সাহাৰ্যও মুকলি কৰি দিব বুলি মাদ্ৰাছা শিক্ষক সংস্থাক প্ৰতিশ্ৰুতি দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে।

১০. সৌৰজগতৰ বিশালতম গ্ৰহৰ ওপৰত গৱেষণাৰ বাবে প্ৰস্তুতি চলাইছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। এই বৰ্ষতে বৃহস্পতিলৈ মহাকাশ যান
জুনো প্ৰেৰণ কৰা হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

No comments:

Post a Comment