চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাইজেই গঢ়িব লাগিব পৰিবৰ্তনৰ পথ
অজয় লাল দত্ত
মধ্যমীয়া আকাৰৰ মোনা দুটা ভৰাই শাক-পাত কিনি আনিলো। এই বাক্যশাৰীও এতিয়া কেৱল ষ্টেটাচেই নহয়, ষ্টেটাচ চিম্বল স্বৰূপো। নিত্য প্ৰয়োজনীয় তথা খাদ্য সামগ্ৰীৰ বজাৰ জুই-চাই দামৰ কথা জানো পুনৰ উল্লেখ কৰাৰ প্ৰয়োজন আছে? পিছে বিড়ম্বনাৰ কথাটো হ'ল এয়ে যে এই উচ্চ দামৰ শাক-পাত কিনাৰ অন্তিম উপভোক্তা মূল্যৰ চাগৈ মাত্ৰ ২০ শতাংশ দৰহে প্ৰকৃত কৃষকজনে পাবলৈ সক্ষম হৈছে। বাকী আশী শতাংশই হেৰাইছে বাটত!

একেদৰেই বাজেটত নিৰ্ধাৰিত যিকোনো কল্যাণকাৰী আঁচনিৰ ধন প্ৰকৃতপক্ষে তৃণমূলত হিতাধিকাৰীৰ কামত আহে কেৱল ২০শতাংশ ধনহে। এই কথা পূৰ্বৰ কংগ্ৰেছী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৈ গৈছিল আৰু এই ব্যৱস্থাৰ যে আজিও সাল-সলনি হোৱা নাই সেই কথা বৰ্তমানৰ শাসনৰ ভাৰ লোৱা সকলেও মানি লোৱা বুলি ৰাষ্টীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই আশী শতাংশও হেৰায় মধ্যভোগীৰ হাতত!

এই দুয়োটা দৃশ্যপটেই আমাৰ দেশৰ কৰুণ বাস্তৱ। ইয়াৰ ফলতে কৃষকৰ অৱস্থাৰ উন্নতি হোৱা নাই, বৰং সংবাদ শিৰোনাম দখল কৰিছে খেতিয়কৰ আত্মহত্যাৰ খবৰেহে। আৰু দৰিদ্ৰ মানুহক দেশৰ কল্যাণকামী আঁচনি সমূহে যথোপযুক্ত ভাৱে উপকৃত কৰিব পৰা নাই। এই কথাবোৰ বুজি পাইয়ো বৰ্তমানৰ জনপ্ৰিয় ৰাজনৈতিক শ্ৰেণীটোৱে ইয়াৰ পৰিবৰ্তনৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই, বা গ্ৰহণ কৰিবলৈ আগ্ৰহো প্ৰকাশ কৰা দেখিবলৈ পোৱা নাই। ইয়াৰ মূল কাৰণ, ক্ৰমাত বৃদ্ধি পোৱা নিৰ্বাচনী ব্যয়ৰ উতসৰ ধন এই দুয়োবিধন হৰণ ভগনেই যোগান ধৰে। প্ৰথমবিধ মধ্যভোগী দালাল লোভখোৰ বেপাৰীয়ে আৰু পিছৰবিধ কল্যাণকাৰী আঁচনিৰ ঠিকাদাৰ বা সামগ্ৰী চাপ্লাই দিয়া বণিক গোষ্ঠীয়ে! পাছৰ বিধত প্ৰত্যক্ষভাৱে ৰাজনৈতিক দলৰ কৰ্মী তথা নেতৃত্বৰ লোক জড়িত থাকে। গতিকে নিজৰ ভৰিত কুঠাৰ মাৰি এই চিষ্টেম সলনিৰ কথাটো তেওঁলোকে কৰিবই বা কিয়?

কিন্তু চিৰদিন জানো, এই ব্যৱস্থাই চলি থাকিবলৈ দিয়া উচিত। কল্যাণকাৰী এখন দেশৰ সংহত বিকাশৰ বাবে এই দুটা বিশাল কাৰচাজিৰ প্ৰক্ৰিয়াৰ সালসলনি ঘটাবই লাগিব। ইয়াৰ বাবে ৰাজহুৱা পৰ্যবেক্ষণৰ প্ৰয়োজন আছে আৰু লগতে আছে সচেতন নাগৰিক সমাজৰ সক্ৰিয়তা। সমবায় ভিত্তিৰ কৃষি আৰু উতপাদিত সামগ্ৰী তথা ভেল্যু এডেড চেইন তথা যোগান শৃংখলৰ ব্যৱস্থাপনাৰে কৃষক সকলক এই খালী ঠাই পূৰাই দিব লাগিব। ইয়াৰ বাবে অসমত ৰাজ্যিক ভিত্তিত বা জিলা, ব্লক, গাঁও পৰ্যায়ত কুশল মানৱ সম্পদক লৈ যোগান শৃংখল ব্যৱস্থাপনাৰ মডেল তৈয়াৰ কৰাৰ প্ৰয়োজন আছে। বৰ্তমান 'অৰ্গেনিক মাজুলী' নামৰ সংস্থাই প্ৰডিউচাৰ কোম্পানী আৰু বিক্ৰী কেন্দ্ৰৰ শৃংখলৰ এক সু-সংহত আৰ্হি গঢ়ি তোলাটো অতি আশাপ্ৰদ কথা হৈছে। এই প্ৰকল্পলৈ চৰকাৰী সহযোগিতা আৰু সচেতন অভিজ্ঞ লোক সকলে সুচিন্তাৰে অৰিহণা যোগালে ভৱিষ্যতে ৰাজ্যৰ কৃষক সকলৰ বাবে এক কাৰ্যকৰী আৰ্হি বিশাল ৰূপত কাৰ্যকৰী কৰিব পৰাকৈ গঢ় লৈ উঠিব পাৰে। এনে আৰ্হিৰ মাজতে আছে অসমৰ আৰ্থ-সামাজিক ছবিখনৰ সলাই দিব পৰাৰ প্ৰভুত সম্ভাৱনা, সেয়ে বিষয়টোলৈ অধিক উচাহেৰে পৰ্যবেক্ষণ ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছো।

একেদৰে জিলা, মহকুমা, ব্লক তথা গাঁও ভিত্তিত নাগৰিক সমাজে চৰকাৰী আঁচনি কাৰ্যকৰীকৰণৰ হিচাব পত্ৰ লোৱা আৰম্ভ কৰিব লাগে। এনে নাগৰিক সমাজ সৰ্বদলীয় হোৱাটো জৰুৰী। ইয়াৰ দ্বাৰা কোনো আঁচনিত কেৱল শাসকীয় দলৰ সদস্যহে উপকৃত হোৱাৰ প্ৰক্ৰিয়াটো বাৰণ কৰিব পৰা যাব। ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ সমবায় দোকান সমূহৰ ক্ষেত্ৰটো এনে নাগৰিক সমিতিয়ে পৰ্যবেক্ষণ কৰাটো উচিত হব। পঞ্চায়তীৰাজৰ ক্ষেত্ৰত যদিও গাঁও সভা বছৰি অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে, প্ৰকৃততে সজাগতাৰ অভাৱত এই প্ৰক্ৰিয়াটো কুশল হৈ উঠা নাই। ইয়াকো সজাগতা বৃদ্ধিৰে কুশলতৰ কৰাটো অতীব প্ৰয়োজনীয় কথা হৈ উঠিছে। তথ্য জনাৰ অধিকাৰ আইনৰ সকলো স্তৰতে প্ৰয়োগ আৰু উচিত ব্যৱহাৰ সকলো স্তৰতে গঢ়ি তোলাৰ প্ৰয়োজন আছে। হিতাধিকাৰী নিৰ্বাচন, ৰাস্তা-পদূলিৰ নিৰ্মাণ, ৰাজ-সাহাৰ্য থকা কৃষি সঁজুলি আদি বিতৰণৰ ক্ষেত্ৰত প্ৰথমে সজাগতামূলক ৰাজহুৱা পৰ্যবেক্ষণৰ ব্যৱস্থা কৰিলে, ৰাজনৈতিক ভাৱেও নিজৰ অধিকাৰ, চৰকাৰে আগবঢ়োৱা সা-সুবিধা আদিৰ প্ৰতি ৰাইজ অধিক সচেতন হব আৰু কাৰ্যত এই সুৰুঙাবোৰ বন্ধ কৰি সাধাৰণ ৰাইজৰ জীৱনৰ মান উন্নীতকৰণ নিশ্চয়কৈ সম্ভৱ হব। এতিয়া গাঁৱে-ভূঞে ৰাজনীতিৰ উৰ্ধত থাকিও বা সৰ্বদলীয় কমিটি কৰি এনে কাৰ্যকৰী নাগৰিক সভা গঠন কৰাৰ সময় যে আহিল সেই কথাও কিন্তু নিশ্চিত।

No comments:

Post a Comment