চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
এক দেশ, এক আইন আৰু ৰাজনৈতিক বাস্তৱ

অজয় লাল দত্ত
(১)
আমাৰ ভাৰতবৰ্ষ এখন ফেডাৰেল গাঁঠনিৰ দেশ, সেই কথা বৰ্তমানৰ সময়ত বহুতে পাহৰি পেলাইছে বা পাহৰাই পেলাবলৈ বিচৰা প্ৰচাৰৰ ঢৌত কথাবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ কিছুমানে সংযুক্ত গণৰাজ্যখনৰ ৰাজ্যিক অধিকাৰ সমূহক লৈ কেন্দ্ৰৰ অহৈতুক হস্তক্ষেপ বৃদ্ধি হোৱা বুলিও কব খোজা হৈছে। এনে এদেও দুদেও লোটা নিয়াৰ চেওৰ পৰীক্ষামূলক কথাবোৰৰ যোগেদি ৰাজ্য সমূহৰ নিজৰ সিদ্ধান্ত লোৱাৰ পৰিসৰক্ষেত্ৰক সংকুচিত কৰি এক অধিক কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ কচৰত আৰম্ভ কৰা হৈছে। ৰাজ্য চৰকাৰ সমূহেও যে নিজৰ ৰাজ্যৰ বাবে নিজা আইন প্ৰণয়ন কৰিব পাৰে, সেই কথা মানুহৰ চিন্তাৰ পৰিসৰলৈ আহিবলৈকে সুযোগ যেন নিদিব, তেনে প্ৰপাগাণ্ডাত সকলোকে আক্ৰান্ত কৰা হৈছে।

সমাজ তথা ৰাজনৈতিক পৰ্যবেক্ষক সকলে ইয়াৰ কাৰণ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ 'এক দেশৰ ধাৰণা'ৰ সমুখত ভাৰতবৰিষৰ বৈচিত্ৰ্যতাক অস্বীকাৰ কৰিবলৈ লোৱা আৰু এয়া ভাৰতবৰ্ষৰ ভৱিষ্যতৰ বাবে সুখকৰ নহব বুলিও আশংকা কৰিছে। কাৰণ বিশাল ভাৰতভূমিৰ প্ৰতিটো প্ৰান্তৰ ভৌগোলিক, সাংস্কৃতিক, জনগাঁথনি, জীৱনধাৰা, ধৰ্মীয় আচাৰ-ৰীতি আদিৰ বিশাল বিভিন্নতা আছে। তাৰ বিপৰীতে এক দেশৰ ধাৰণাৰ ব্যাকুলতাই 'এই দেশ হিন্দুস্তান আছিল আৰু কেৱল হিন্দুৰাষ্ট্ৰ হব' এই প্ৰচাৰত ব্যাপক কৰি তুলিছে। ইউনিফৰ্ম চিভিল কোডৰ প্ৰৱৰ্তন হব লাগে বুলি ব্যাপক প্ৰচাৰ চলাই মুচলিম পাৰ্চনেল আইন নোহোৱা কৰাৰ বাবে যুক্তিৰ জোৱাৰ অনা সকলে, ধৰ্মৰ ভিত্তিত আইন দুখন থকাৰ কোনো যুক্তি নথকাৰ কথাটোকেই সজোৰে উত্থাপন কৰে। আৰু ইউনিফৰ্ম চিভিল কোডৰ দাবীক মুছলিম সকলে পাৰ্চনেল ল' বৰ্ডৰ জৰিয়তে কিবা বিশাল সা-সুবিধা বা সুৰুঙা লৈ থকা বুলি প্ৰচাৰ চলাই, তাক ৰাজনীতিত মুছলিম বিৰোধী ভাৱধাৰা গঢ়াত ব্যাপক ভাৱে ব্যৱহাৰ কৰা হৈছে। এই ফৈদৰ কথাকে মানি লৈ এতিয়া ধৰা হওক যে, ধৰ্মৰ ভিত্তিত আইন বেলেগ বেলেগ হব নালাগে আৰু আইনৰ দৃষ্টিত অৱলম্বন কৰা ধৰ্মৰ ভিত্তিত ন্যায় জোখাৰ স্কেলডালো বেলেগ হব নালাগে।

সংঘৰ ভাতৃ-ভগ্নী সংগঠনে 'এক দেশ এক আইন' লাগে বুলি অসমত ভাৰতৰ বাকী অঞ্চলৰ দৰেই নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ হে হব লাগে বুলি দাবী কৰি 'অসম চুক্তি'ক নস্যাত কৰাৰ ষড়যন্ত্ৰ কৰিছেতো কৰিছেই। এতিয়া আৰু এখোপ আগুৱাই, আন দেশৰ হিন্দুৰো স্বাভাৱিক শেষ আশ্ৰয় 'হিন্দুস্তান' বুলি 'বিদেশী নাগৰিকলৈ' বৰপীৰা পৰাৰ আয়োজন চলাইছে।
(২)
যদিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লক্ষ্য 'হিন্দু, হিন্দী আৰু হিন্দুস্তান' আৰু সকলো ৰাজ্য-জাতি-জনগোষ্ঠীক এই হিন্দুত্বৰ গেৰুৱা ৰঙেৰে আৱৰি লোৱাৰ ধাৰণাকে লৈ তেওঁলোকে আগুৱাইছে। তথাপি এই কথা জানো কোনোবাই অস্বীকাৰ কৰিব পাৰিব যে অসম তথা উত্তৰ পূৱৰ বেছিভাগ জনজাতীয় লোকেই নিজা নৃগোষ্ঠীয় ধৰ্মহে পালন কৰে আৰু সেই আৰ্যমূলীয় সনাতন হিন্দুৰ ধাৰণা তথা ব্যৱস্থাৰ কেতিয়াও অংশ নাছিল আৰু আজিও নাই। নে নৃগোষ্ঠীয় পাৰম্পৰিক ধৰ্মসমূহকো ৰাজনৈতিক কাৰণত এতিয়া সংঘই তেওঁলোকো যিহেতু বিশাল হিন্দুস্তানৰ বাসিন্দা সেই সূত্ৰে, বিশাল হিন্দুধাৰণাৰ ছাতিটোৰ তলৰে বস্তু বুলি ধাৰণা দিবলৈ চেষ্টা আৰম্ভ কৰি, জনজাতি গোট সমূহৰ মাজতো সোমাবলৈ চেষ্টা কৰে আৰু বহুতকে প্ৰভাৱিত কৰিবলৈ সক্ষমো হৈছে। একেদৰেই ঝাড়ষণ্ড, উৰিষ্যা, মধ্যপ্ৰদেশ আদি ৰাজ্যত বনবাসী স্কুল স্থাপন কৰি বৈচিত্ৰ্যময় ৰঙেৰে ভিন্নতা থকা জনগোষ্ঠী সমূহকো হিন্দু বিশালতাৰ ছাতিৰ ভিতৰলৈ আনিবলৈ যত্ন কৰি আছে। একেদৰেই নৃগোষ্ঠীয় সংস্কৃতিৰ ভিত্তিত থকা ঐতিহাসিক জাতি সমূহৰ মাজত প্ৰলোভন আৰু বিভাজনৰ বীজ সিঁচি ৰাজনৈতিক মুনাফাৰ বিনিময়ত খোপনি পুতিবলৈ সক্ষম হৈছে। আৰু এচাম অনুগামীৰ জৰিয়তে মুচলিমৰ পৰা সুৰক্ষিত হবলৈ হিন্দুস্তান লাগিবই ভাৱনাৰ সৃষ্টি কৰিছে। আৰু এই বেমাৰত অসমো আক্ৰান্ত হৈছে।
(৩)
এতিয়া প্ৰশ্ন হৈছে, এক দেশ এক আইন ভাৰতত কিমান বাস্তৱ সন্মত। দেশত বিভিন্ন বিষয়ত আইনী বিভিন্নতা নাইনে? পৰিস্থিতি অনুযায়ী আইনী সুৰক্ষা তথা শিঠিলতাৰ ব্যৱস্থা নাইনে? নিশ্চয়কৈ আছে। তাৰ বাবে কেইটামান উদাহৰণ দাঙি ধৰিব বিচাৰিম। তাৰে ভিতৰত প্ৰথমটো হৈছে হিমাচলৰ। তাত খিলঞ্জীয়া হিমাচলীৰ পৰিচয়ৰ এক আইনী ধাৰণা আছে আৰু তাত শিপাসূত্ৰে হিমাচলী নহলে তাত ভূ-সম্পত্তিৰ কিনা বেচা কৰিব নোৱাৰে আৰু কিনিলেও বসবাসৰ বাবে একঠামান মাটিহে কিনিব পাৰে। একেদৰেই উত্তৰাখণ্ডত পাহাৰীয়া জনগোষ্ঠী সমূহৰ বাদে আন পৰিভ্ৰমী বা প্ৰবজনসূত্ৰে বাসিন্দা হোৱা সকলে অতি কম মাটিহে ক্ৰয় কৰিব পাৰে। তাত আকৌ অনুসূচিত জাতি বা জনজাতিৰ লোকৰ ভূ-অধিকাৰৰ সুৰক্ষাৰ বাবেও বেলেগকৈ ব্যৱস্থা আছে। দুখীয়া অনুসুচিত জাতি বা জনজাতিৰ লোকৰ পৰা যাতে আনে দৰিদ্ৰতাৰ সুৰুঙা লৈ শেষ মাটিকনো কিনি লব নোৱাৰে, তাৰ বাবে পৰ্যাপ্ত অৱশিষ্ট মাটি নাথাকিলে মাটি বিক্ৰী কৰাৰ অনুমতিও প্ৰদান নকৰে। আনহাতে, অৰুণাচল, মণিপুৰ, নাগালেণ্ড আদিত তাৰ স্থানীয় খিলঞ্জীয়া নহলে অস্থাৱৰ সম্পত্তিৰ অধিকাৰী হব নোৱাৰে। তাৰ বিপৰীতে, উত্তৰ-পূৱৰে চিকিমত আছে আকৌ বেলেগ ব্যৱস্থা। ছিকিম ভাৰতবৰ্ষৰে সৈতে সংযুক্ত হোৱাৰ দিনটোৰ আগতে ছিকিমত থকা সকলো জাতি-জনগোষ্ঠীৰ লোককে চিকিমি বুলি সংজ্ঞা দি আইনী পৰিচয় দিয়া হৈছে। তাত শতিকা শতিকাজুৰি থকা মাৰোৱাৰী পৰিয়াল কেইটাও এতিয়া চিকিমিজ আৰু সকলো সা-সুবিধা, মাটি-বাৰী-ব্যৱসায় আদিৰ সুযোগ, বিনামূলীয়া পানী, বিজুলী, শিক্ষা আদি তেওঁলোকেও জাতি-জনগোষ্ঠী নিৰ্বিশেষে লাভ কৰিছে। তাত ধৰ্ম বা বৰ্ণৰ বিদ্বেষ ৰখা হোৱা নাই। কেৱল তাৰ ভিত্তি এটি বৰ্ষৰ বিশেষ তাৰিখ আৰু তাৰে আধাৰত হৈছে চিকিমিজ মানুহ সংজ্ঞাবদ্ধ আৰু লাভ কৰিছে ভাৰতীয় সংবিধানৰ আধাৰতে বিশেষ সুৰক্ষা। যদিও এইবোৰ অঞ্চল বা সংজ্ঞাবদ্ধ, কিন্ত তাৰ নাগৰিকেও দিল্লী, মুম্বাই বা আন ঠাইত সংবিধান কোৱাৰ দৰে, যিকোনো ঠাইত বিনা বাধাই যি কোনো ব্যৱসায়, চাকৰি আদি কৰি স্থাৱৰ-অস্থাৱৰ সম্পত্তি গঢ়ি বসবাস কৰিব পাৰে, কিন্তু তেওঁলোকৰ তাত গৈ আনবোৰ ঠাইৰ মানুহে নোৱাৰে। অস্তিত্বৰ সংকটত পৰা যি কোনো জাতি-জনগোষ্ঠীৰ বাবে বিশেষ এনে সুৰক্ষা দিয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক নীতি আছে আৰু এই উদাহৰণবোৰে এই নীতিৰে বাস্তৱ ৰূপ মাথো।

এতিয়া প্ৰশ্ন হয়, অসমীয়া জাতি, ভেটি-মাটি আৰু অস্তিত্ব ৰক্ষাৰ বাবে এই কোনো এটা আৰ্হিয়েই উপযুক্ত নহয়নে? সেই কথাবোৰ বিবেচনা নকৰি, কেৱল হৈ চৈ কৰিলেই জানো হব। অসমৰ বাবে বিশেষ আইন, অসমীয়াৰ সুৰক্ষাৰ বাবে অসমীয়াৰ সংজ্ঞাক আইনী ৰূপত নিকপকপীয়া কৰাৰহে বাস্তৱ উপায় ৰূপায়ণ কৰাবলৈ এতিয়া অসমীয়া 'জাতি'য়ে চিন্তা কৰিব লাগিব।
(৪)
এইখিনিতে দুটা কথা পাহৰি গলে নহব, নাগৰিকত্ব এটা কেন্দ্ৰীয় চৰকাৰৰ বিষয়। কিন্তু অসমৰ ভূমিত কেন্দ্ৰীয় চৰকাৰে চহী কৰা 'অসম চুক্তি' বলবত আছে আৰু ৰাজ্য চৰকাৰো তাৰ অংশীদাৰ আৰু অসম চৰকাৰৰ 'অসম চুক্তি ৰূপায়ণ বিভাগ' বুলি এক ন্যায়সংগত বিভাগ আৰু আজিৰ তাৰিখতো বিভাগীয় মন্ত্ৰী আছে। এই অসম চুক্তিৰ আধাৰত অসমৰ ভূমিত বিদেশীৰ সংজ্ঞা ১৯৭১ চনৰ পাছত অহা প্ৰৱজনকাৰী ধৰ্ম-জাতি নিৰ্বিশেষে সকলোৱেই হৈছে বিদেশী। মন কৰিব, আইএমডিটি, যিখন আইন মূলত বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ প্ৰক্ৰিয়াটোত এক বাধা ৰূপে পৰিগণিত হৈছিল, সেই আইনখনহে উচ্চতম ন্যায়ালয়ে বাতিল কৰিছে। কিন্তু অসম চুক্তি অবৈধ বা দফা সমূহৰ নাৰ্যতা উচ্চতম ন্যায়ালয়ে বাতিল কৰা বুলি ঘোষণা কৰা নাই। সেয়ে আইনীভাৱেই আজিৰ তাৰিখত অসমৰ ভূমিত বসবাস কৰাৰ কাগজ জমা দি নাগৰিকত্ব পাবলৈ হলে যি কোনো জাতি জনগোষ্ঠীকে ১৯৭১ চনৰ ভিত্তি বৰ্ষয়েই প্ৰযোজ্য হব। 

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰো ভিত্তিবৰ্ষ একেটাই। কিন্তু 'বিশ্বৰ সকলো হিন্দু'ৰ বাবেই হিন্দুস্তান বুলি ঘোষণা কৰা আৰএছএছৰ নীতিৰ ভিত্তিত নাগিৰকত্ব সংশোধনী বিল-২০১৬ প্ৰস্তাৱ কৰা হৈছে। এয়া যদিও এক 'অৰাজনৈতিক-সাংস্কৃতিক' সংগঠন বুলি দাবী কৰা সংঘৰহে নীতি, এয়া ভাৰতীয় সংবিধানৰ নীতি নহয়। একে সময়তে ধৰ্মৰ ভিত্তিত আইন মানি লোৱা নহব বুলি মুছলিম পাৰ্চনেল আইনক খাৰিজ কৰিব লাগে বুলি দাবী কৰিছে, আৰু তাৰ বিপীৰতে ধৰ্মৰ ভিত্তিত প্ৰৱজনকাৰীক ভাৰতত নাগৰিকত্ব দিবই বুলিও সজোৰ প্ৰচেষ্টা চলাইছে। এয়া এক দেখ দেশ স্ববিৰোধিতাই নহয়নে? আৰু সুবিধামতে স্ববিৰোধিতামূলক কাম কৰাই হৈছে আজিৰ তাৰিখৰ নিলৰ্জ ৰাজনীতি।

মেঘালয় ৰাজ্যৰ বিধান সভাই এই নাগৰিকত্ব সংশোধনী বিল-২০১৬ৰ বিৰোধিতা কৰি এক প্ৰস্তাৱ কৰিছে। এতিয়া 'অসম চুক্তিৰ ৰূপায়ণ'ক লৈ দায়বদ্ধ অসম চৰকাৰে বিধান সভাত এনে প্ৰস্তাৱ পাছ কৰিবনে, এয়া আজিৰ দিনৰ জলন্ত প্ৰশ্ন। অসম চুক্তিক নস্যাত কৰিব বুলি অসম চৰকাৰে এই বিলৰ বিৰূদ্ধে উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিবাদ নিস্পত্তিৰ আবেদন কৰিবনে, এয়াও অতি লক্ষনীয় হব।
(৫)
যৌথ সংসদীয় কমিটিয়ে অসমলৈকো আহি নাগৰিকত্ব সংশোধনী বিল-২০১৬ বিষয়ত ৰাজহুৱা মতামত গ্ৰহণ কৰিছে আৰু দল-সংগঠন সমূহেও নিজা নিজা মত প্ৰকাশ কৰিছে। অসম চুক্তিৰ ভিত্তিবৰ্ষক লৈ নাগৰিকপঞ্জীত নাম উঠাব নোৱাৰা সকলে 'বিনা নথিত নাগৰিকত্ব আমাৰ জন্মস্বত্ব' বুলি শ্লোগান দিবই। আৰু তেওঁলোকৰ ভোটৰ ওপৰত নিৰ্ভৰ ৰাজনৈতিক চৰ্দাৰ সকলেও সেই সুৰতে সুৰ মিলাবই। দেশৰ সংসদত থকা সংসদৰ সংখ্যাবলৰ ভিত্তিত এই চৰকাৰে সংঘৰ নীতি মতেই এই সংশোধনী বিল পাছ কৰাবই, কিন্তু অসমৰ জাতি-মাটিৰ ভৱিষ্যতৰ কথা অসমবাসীয়েই চিন্তা কৰিব লাগিব, আৰু তাৰ প্ৰতি বিকল্প গ্ৰহণ কৰিব লাগিব।

কিন্তু এই সন্ধিক্ষণত অসমৰ ভূমিত যাতে অসম চুক্তিৰ মতেই নাগৰিকত্ব পায়, ১৯৭১ চনৰ পাছত অহা বুলি, নথি বিহীন অবৈধ নাগৰিক সকলক জাতি-ধৰ্ম-নিৰ্বিশেষে চিনাক্ত কৰি, ডিটেনচন কেম্পলৈ আনি আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰে শৰণাৰ্থী হিচাবে অসমৰ পৰিসীমাৰ বাহিৰত নি মানৱীয় কাৰণত বিকল্প সিদ্ধান্ত লোৱাৰ বাবে সংঘবদ্ধ হৈ থিয় দিব লাগিব। অসম চুক্তিক ৰূপায়ণ নকৰি, ধৰ্মৰ ভিত্তিত অবৈধ প্ৰৱজনকাৰীক অসমতে নাগৰিকত্ব দিয়া আৰু গোজেই গজালি হৈ অনাগত ভৱিষ্যতলৈ অসমৰ অভিভাৱক 'অবৈধ অনুু্প্ৰৱেশকাৰী' হোৱাৰ শংকাৰ পৰা মানুহক মুক্ত কৰিব লাগিব। অসমীয়া মানুহৰ পৰিচয়ক সংজ্ঞাবদ্ধ কৰি আন ৰাজ্যৰ উদাহৰণবোৰৰ আৰ্হিক গ্ৰহণ কৰি অসমত অসমীয়াৰ জাতি-মাটি-ভাষাৰ স্বকীয়তা আৰু অস্তিত্ব যে ৰক্ষা কৰিব লাগিব। তাৰ বাবে 'অসমীয়া' বুলি ভবা সকলো সংগঠনে একগোট হৈ কাম কৰক আৰু 'জাতি'ৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰা প্ৰচেষ্টাৰ অংশীদাৰ হোৱা সকলক ৰাইজে চিনাক্ত কৰি ৰাজনৈতিক, সামাজিক আৰু আইনী ৰূপত পৰাভূত কৰিব লাগিব, সেই কথাহে কিন্তু নিশ্চিত।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages