মহীৰূহৰ লেখা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভয়ানক গণ্ডগােল!

ড° হীৰেন গোহাঁই
অসমৰ ৰাজ্যিক বিজেপি দল আৰু চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে দোহাৰি থকা হৈছে যে এন আৰ চিৰ চুড়ান্ত তালিকা প্রকাশ পােৱাৰ লগে লগে ৰাজ্য জুৰি ভয়ানক গণ্ডগােল লাগি যাব। আকৌ একেসময়তে কৈছে যে ঠিক তেনে সময়তে নাগৰিকত্ব আইন সংশােধন বিধেয়কখনৰ সম্পর্কে ৰাজ্যিক বিজেপিয়ে যথাযথ ব্যৱস্থা ল’ব পাৰিব। কথাটোৱে মনত খুদুৱনিৰ সৃষ্টি কৰে। সুধিবলৈ মন যায়, “বাপুহে, ৰাজ্যত বিপর্যয় হ'বৰ সময়তহে যে তােমালােকে বিধেয়কখন সম্পর্কে যথাযথ ব্যৱস্থা ল'ব পাৰিবা, এই সাঁথৰটোৰ অর্থ কি?” দল আৰু চৰকাৰৰ মতিগতি ইমানদিনে পৰ্যবেক্ষণ কৰি এই বিষয়ে আমাৰ মনত এটা ধাৰণা জন্মিছে। তেৰাসবে আগতীয়াকৈ গম পাইছে। যে চূড়ান্ত তালিকাত ‘বিদেশী’ বা ‘সন্দেহজনক বিদেশী বুলি চিনাক্ত হােৱা অধিকাংশ বা বহুসংখ্যক মানুহ অভিবাসী মুছলমান হ'ব পাৰে। তেতিয়া স্বাভাৱিকতে অভিবাসী মুশ্লিম সমাজত হাহাকাৰ আৰু ক্ষোভ প্রকাশ ঘটিব। আনহাতে থলুৱা অসমীয়াৰ মন সন্দেহৰ আৰু শংকাৰ আৱৰ্ত্তত ঘূৰিবলৈ ধৰিব। এই সুযােগতে চৰকাৰে থলুৱাৰ ত্ৰাণকৰ্তাৰ ৰূপ লৈ দয়া কৰি অসমত বাংলাদেশী হিন্দুৰ সংস্থাপনত লাগি যাব পাৰিব। অ'ত-ত'ত দুই চাৰিটা সংঘর্ষ আৰু বিষাক্ত গুজব বিয়পাই দিলে কামটো আৰু সহজ হ’ব। 

তথাকথিত ‘বাংলাদেশী মুশ্লিম’ৰ অনুপাত ইমান বেছি কেনেকৈ হ’ল। পূর্বে কৰা হিচাব-নিকাচৰ পৰা অনুমান কৰা গৈছিল যে ১৯৭১ পছত অহা তেনে মানুহৰ সংখ্যা বা অনুপাত বেছি নহ'ব। হিচাব কেনেকৈ ওলােটা হ’ল?

এন আৰ চি প্রস্তুতিৰ কাম প্রথমৰে পৰা ৰাজ্য চৰকাৰে স্বতন্ত্রভাবে, নিয়াৰিকৈ হ’বলৈ দিয়া নাই। নানাধৰণে প্ৰথমৰ পৰা হস্তক্ষেপ কৰি বাধা দ আছে। প্রথমতে বহু বিষয়া-কৰ্মচাৰীক কিবা-কিবি চেলুত আঁতৰাই নলে। তাৰ পিছত কেন্দ্ৰৰ গুৰুভাই সকলেও পয়চা-পাতি নিদিয়া হল, উচ্চতম ন্যায়ালয়ৰ ধমক খাইহে, আৰু তাকো বেছ পলমকৈ, এনআৰচি প্রস্তুতিৰ খৰচ উলিয়াই দিয়া হ’ল। এবাৰ ৰাজ্য চৰকাৰে কেবিনেট মটিং পাতি হুকুম দিলে যে ১৯৭১ লৈকে ধাৰাবাহিকভাবে অসমত থকাৰ প্রমাণ নাগৰিকত্বৰ প্ৰাৰ্থীসকলৰ পৰা বিচাৰিব লাগিব। আকৌ হুলস্থুল! দলৰ বিয়াগােম নেতায়াে ক'ব ধৰিলে যে ১৯৭১ নহয়, ১৯৫১হে নাগৰিকত্বৰ ভিত্তিবর্ষ হােৱা উচিত। অসম চুক্তিখন ফটা কাগজৰ পাছিত দলিয়াই দিব লাগে বুলিও ক'লে। স্বাভাৱিকতে এন-আৰ-চিৰ কাম কৰি থকা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ মনত বিভ্রান্তি সৃষ্টি হ'ল। সমন্বয়ৰক্ষী বিষয়াগৰাকীও চৰকাৰী চাকৰিয়াল। দিল্লী-দিছপুৰৰ বিৰাগভাজন হ’বলৈ তেওঁৰ নির্বাচনী আয়ুক্ত শেষানৰ দৰে সাহস আৰু জেদ নাথাকিব পাৰে। সেয়ে এন আৰ চিত যদিও চুড়ান্ত তালিকাত যােগ্য লােকসকলৰ নামেই থাকিব, “সন্দেহজনক বিদেশী”ৰ। তালিকাতাে বহু যােগ্য লােকৰ নাম সােমাই যাব পাৰে। | “লীগেচি ডেটা” বা বংশলতিকা পৰীক্ষাত মাত্রাধিক কঢ়া ব্যৱস্থা লােৱাৰ নির্দেশ পালে বিষয়া কৰ্মচাৰীয়ে দলিলৰ দাৰিক পৰ্য্যন্ত পৰীক্ষা কৰি ভুল উলিয়াব। তেনে কৃতিত্বৰ বাবে কৰ্মচাৰীয়ে প্রশংসা পাব। কিন্তু নিৰপেক্ষ মানুহ মাত্রেই জানে যেঃ (ক) দৰিদ্র, নিৰক্ষৰ সাধাৰণ মানুহে সম্পূর্ণ শুদ্ধ চৰকাৰী দলিল এখন নাপাবও পাৰে। তাত থকা সামান্য ভুল যে পৰৱৰ্তীকালত তেওঁৰ বাবে কালান্তক বিপদ হ’ব, তেওঁ নাজানিবও পাৰে; (খ) চৰকাৰী কৰ্মচাৰীৰ মনত নিৰন্তৰ প্ৰচাৰৰ ফলত জন্ম পােৱা মুশ্লিম-ভীতিয়েও তেওঁক মুশ্চিম প্রার্থীৰ প্রতি মাত্রাধিকভাৱে সন্দিহান কৰিব পাৰে। (গ) নিৰক্ষৰ মানুহে দালালৰ হায়ত যােগাৰ কৰা দলিলত স্বাভাৱিকতে নাম-ধামৰ ভুল ৰৈ যাব পাৰে। (বহুত মধ্যবিত্ত শিক্ষিত অসমীয়ায়াে কিছুমান দলিল, যেনে ড্রাইভিং লাইচেন্স’ দালালৰ সহায়ত যােগাৰ কৰিবলৈ বাধ্য হয়।) | এনেধৰণৰ কাৰণতে এন আৰ চিৰ তথাকথিত চূড়ান্ত তালিকাত বহু প্রকৃত নাগৰিকৰ নাম বাদ পৰি গৈ বাকী থকা’ বা ‘সন্দেহজনক’ৰ তালিকাৰ আকাৰ বৃহৎ কৰিব পাৰে। | ইতিমধ্যে এন আৰ চিৰ কামত অসম্পূর্ণতা বা ত্রুটি আনি দিব পৰা কছুমান চৰকাৰী পদক্ষেপ দেখা গৈছে। ১৯৪৬ চনৰ বিদেশী নির্ধাৰণ আইন অনুযায়ী এন আৰ চিৰ চূড়ান্ত তালিকাত নাম উঠা জনকো বিদেশী ন্যায়াধিকৰণলৈ (foreigners tribunal) পঠোৱা হৈছে। বা বিদেশী ন্যায়াধিকৰণত দায়মুক্ত হােৱা মানুহজনকো এন আৰ চি কর্তৃপক্ষই সন্দেহজনক বা নিশ্চিতভাৱে বিদেশী বুলি নির্ণয় কৰিছে। এনে বহুতৰপীয়া ব্যৱস্থাৰ মাজত উশাহ-নিশাহ বন্ধ হােৱা দৰিদ্র মানুহজনে উকিলক হেজাৰ-বিজাৰ টকা আদায় দিবলগাত পৰিছে। পৰিস্থিতি অনিশ্চয়তাৰে ভৰি পৰিছে। সেয়ে আমি ভাবোঁ যে ‘চুড়ান্ত তালিকা তৈ নাম নােসােমােৱা বহু লােক প্ৰকৃতাৰ্থত ‘সন্দেহজনক’ নহ'বও পাৰে। এমাহৰ ভিতৰতে তেওঁলােকক নাগৰিকত্বৰ সঠিক প্রমাণ দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে। কিন্তু ইতিমধ্যে আমাৰ চনাকী কিছু থলুৱা-নিভাজ অসমীয়া হিন্দু মানুহেও দুমাহ ধৰি চেষ্টা কৰিও নিজৰ ভাৰতীয় নাগৰিকত্ব সাব্যস্ত কৰিব পৰা নাছিল বুলি জানিব পাৰিছোঁ। বাতৰি কাকতত প্রিয়ংকা চোপ্ৰাৰ দ্বাৰা অসমৰ দিগ্বিজয়ৰ বিজ্ঞাপনৰ দৰে চকুত লগা বিজ্ঞাপন দি চৰকাৰে ঘােষণা কৰিছিল যে এন আৰ চি প্রস্তুতিৰ ক্ষেত্ৰত ৰাইজে ভয় খাব নালাগে, এন আৰ চিৰ কর্মচাৰী ঘৰে ঘৰে যাব। মই এতিয়ালৈকে কতাে কর্মচাৰী ঘৰে-ঘৰে যােৱাৰ খবৰ পােৱা নাই। নাগৰিকত্বৰ প্রশ্ন জীৱন-মৰণ সমস্যা। তাক লৈ চৰকাৰী ল'ৰা-ধেমালিৰ কাৰণ কি? 

মই ইয়াৰ দ্বাৰা অসমৰ ৰাইজক এটা সতর্কবাণী শুনাব খুজিছোঁ। চূড়ান্ত তালিকাত অভিবাসী মুছলমানৰ নাম বহুত দেখিলে লগে লগে যেন হৈ-চৈ নলগায়। তাৰ দ্বাৰা কুচক্রী শত্রুপক্ষকহে অসমত গােলমাল লগাবলৈ সুবিধা দিয়া হ'ব। অভিবাসী মুছলমানেও যেন ক্ষোভ বস্ফোৰণ নঘটায়, আৰু থলুৱা বংশােদ্ভৱ সকলেও যেন আতংকত বিচলিত নহয়। এই উদ্বেগজনক ফলাফলাে এক পৰিকল্পিত প্রচেষ্টাৰ ফল। শান্তিপূর্ণভাৱে, ধৈৰ্য্যৰ, নিয়মনীতিৰ মাজত ইয়াৰ সমাধান বচাৰিব লাগিব। আমি চৰকাৰ আৰু কর্তৃপক্ষকো নিয়ম-নীতি আৰু ন্যায়নিষ্ঠাৰে কাম কৰিবলৈ বাধ্য কৰিব লাগিব। | এটা কথা খাটাং। এই উত্তেজনাৰ চেলু লৈ বিজেপিয়ে যেন অসমীয়াৰ বাবে বিপজ্জনক নাগৰিকত্ব আইন সংশােধনী বিধেয়কখন আইনত পৰিণত কৰিব নােৱাৰে! চক্ৰান্তৰ লক্ষ্য আৰু ৰূপ | বিজেপি আৰু আৰএছএছ— দুয়ােটাৰ মাজত যে এক গাঢ় সম্পর্ক আছে, আটায়ে বুজে। কিন্তু সম্পৰ্কটো প্রকৃততে কি ধৰণৰ,স্পষ্টকৈ নিৰ্ধাৰণ কৰা টান। কাৰণ সেই সম্পর্কে উভয়ৰে মতামত ৰহস্যজনক অস্পষ্টতা। আৰএছএছৰ বহু সদস্য বিজেপি দল আৰু চৰকাৰৰাে নেতা। কিন্তু আৰ-এছ-এছে কয় যে তেওঁলােক এটা সাংস্কৃতিক সংগঠন আৰু বিজেপিৰ ৰাজনীতিত তেওঁলােক জড়িত নহয়। বিজেপিয়েও কয় যে তেওঁলােকৰ প্ৰধান-প্রধান নেতাসকল আৰএছএছৰ মন্ত্রশিষ্য, কিন্তু বিজেপি ভাৰতৰ সংবিধান অনুযায়ী চলা এটা ৰাজনৈতিক দল। অথচ আৰএছএছৰ বাদেই, বিজেপিৰ ডাঙৰ নেতা-মন্ত্রীয়েও কৈ থাকে যে ভাৰতৰ সংবিধানৰ আহি ‘বিদেশী’, এখন ‘দেশী সংবিধান লাগে। ফলত ৰাইজ তেওঁলােকৰ মাজৰ সম্পৰ্কৰ বিষয়ে বিভ্রান্ত আৰু অজ্ঞ হৈ থাকে। 

বহুদিনীয়া অধ্যয়ন আৰু পর্যবেক্ষণৰ যােগেদি আমি বুজি পাইছোঁ। যে আৰএছএছৰ ঐকান্তিক লক্ষ্য হৈছে ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ হিচাবে। গঢ় দিয়া। যদিও মাজে-মাজে কোৱা হয় যে ভাৰতীয় মাত্রেই হিন্দু, তথাপি ইও স্পষ্ট যে ব্রাহ্মণ্য হিন্দু ধৰ্মৰ আধাৰতে ‘হিন্দু’ৰ পৰিচয় নির্ণয় কৰা হয়। বিজেপি হৈছে এনে এক দল, যি আইন-কানুনৰ মাজত থাকি দেশখনক ‘হিন্দু ৰাষ্ট্রৰ পিনে আগুৱাই নিবলৈ চেষ্টা কৰে। তাৰ বাবেই ক্ষমতাৰ অভূতপূর্ব কেন্দ্রীভৱন ঘটাই আৰএছএছৰ এজন প্রাক্তন প্রচাৰকৰ হাতত ৰাষ্ট্ৰৰ সৰহখিনি ক্ষমতা ন্যস্ত কৰিব খােজা হৈছে। বিখ্যাত আইনজ্ঞ ফালি নৰিমানৰ ভাষাত আজি দেশত ‘আইনৰ শাসন’ চলা নাই, ‘আইনৰ দ্বাৰা শাসন’হে চলি আছে। (এনে এষাৰ কথা এই অধমেও বহুকাল পূর্বে লিখিছিল।) এই দ্বৈত নেতৃত্বৰ অস্বচ্ছ অভিপ্রায় আৰু কাৰ্যপন্থাৰ ফলত মাজেসময়ে চিধা ৰাস্তাৰে বাট নুবুলি দুয়াে এনে কেতবােৰ বেঁকা ৰাস্তা লয় যে তেওঁলােকৰ গন্তব্য ধৰা টান হয়, আৰু তেওঁলােকক অনুসৰণ । কৰাসকল মহাবিপদত পৰে। হিন্দু ৰাষ্ট্র গঠনৰ বাবে ধর্মীয় সংখ্যালঘু, ঘাইকৈ মুছলমানসকলক জাতীয় জীৱনত একাষৰীয়া কৰিবলৈ তেওঁলােকে সংঘাত ঘটোৱাৰ নানা প্রমাণ আছে। | বেছি দিনৰ কথা নহয়, অসমৰ প্ৰচাৰ-মাধ্যমত তাল-ফাল লগাই প্রচাৰ হ’ল নলবাৰীৰ ওচৰৰ এখন ঠাইত হিংস্ৰ আৰু দানবীয় ইশ্লামপন্থী। সংগঠন ISIS ৰ পতাকা গছত আঁৰি থােৱা হৈছে। লগে-লগে অসমৰ মুর্শিম সমাজত গােপনে এই ভয়ানক দলটোৱে খােপনি পােতাৰ সন্দেহে বহু পাঠক-শ্রোতাক বিমুঢ় কৰিলে। কিন্তু স্থানীয় পুলিচক অভিনন্দন। জনাওঁ যে তেওঁলােকে যথাযথ অনুসন্ধান কৰি উদ্ঘাটন কৰিলে যে স্থানীয় বিজেপি নেতা আৰু কৰ্মী দুজনমানে এই কাণ্ডটো কৰিছে!! লগতে আৰবী আখৰ লিখিবলৈ বিজেপি নেতাই দুজনমান মুছলমানকো যােগালী হিচাবে লৈছে। পুলিচৰ এই চমকপ্রদ আবিষ্কাৰৰ কথাটো কিন্তু কাগজৰ চুকতহে প্রকাশ পালে। সি যি নহওক, হিন্দুত্ব প্রতিষ্ঠাৰ বাবে হ’ব পৰা কুটিল ষড়যন্ত্ৰৰ আও-ভাও ইয়াৰ পৰাই বুজা উচিত। স্বাধীনতাৰ প্ৰাক্‌মুহূৰ্ত্তৰ কথা। ব্রিটিছ সাম্রাজ্যবাদৰ চক্ৰান্তত মুছলমান ভাৰতীয়ৰ অবিসংবাদী নেতা হিচাবে মহম্মদ আলি জিন্না দাবীদাৰ হ’ল। তেওঁৰ হঠকাৰিতাৰ ফলত পাকিস্তান গঠনৰ নানা ৰটনা আৰু ঘটনাই সমাজত ব্যাপক অশান্তি সঞ্চাৰ কৰিলে। ছাভাৰকাৰ আৰু আৰএছএছৰ নেতৃবৃন্দও উৎসাহিত হ’ল আৰু হিন্দু ৰাষ্ট্রৰ বাবে। প্রস্তুতি চলালে। এই সময়তে বিহাৰৰ কংগ্ৰেছী নেতা ৰাজেন্দ্র প্রসাদে (যি ভাৰতৰ প্ৰথম ৰাষ্ট্রপতি হৈছিল) কংগ্ৰেছৰ কাৰ্যনির্বাহক কমিটিলৈ এখন চিঠিৰে জনায় যে আৰএছএছৰ একাংশ কর্মীয়ে ৰাইজক উত্তেজিত কৰিবলৈ কেৱল মুছলমান গাঁৱকে আক্রমণ কৰানাই, মুছলমানৰ ভেশছন ধৰি হিন্দু গাঁৱাে আক্রমণ কাৰ চেষ্টা চলাইছে!! তাৰ কিছুদিন পিছতে বিহাৰৰ বহুলাখ মানুহ সাম্প্রদায়িক সংঘৰ্ষত আক্রান্ত হৈছিল। 

আজিৰ স্পর্শকাতৰ মুহুৰ্তত উত্তেজিত অপপ্ৰচাৰ, গুজব, বিভিন্ন চক্রান্তমূলক ঘটনাই শুকান বননিত ফিৰিঙটি পৰি বিধ্বংসী বনজুই জ্বলােৱাৰ দৰে ঘটনা ঘটাব পাৰে। দেশৰক্ষাৰ আবেগ অতি আদৰণীয়। আবেগ অবিহনে কোনাে মহৎ কামেই সমাধা নহয়। কিন্তু আবেগৰ লগতে সদা-সজাগ হৈ থাকিব লাগিব বিচাৰশক্তি আৰু বিবেক। নতুবা আবেগক বিপথে পৰিচালনা কৰি জনগণৰ শত্ৰুৱে জনগণক চম ক্ষতিৰ গৰাহত পেলাই দিব। 

ফেছিবাদে গণতান্ত্রিক আচাৰ-অনুষ্ঠান সহ্য কৰিব নােৱাৰে। ছলেবলে-কৌশলে সেইবােৰ ধ্বংস বা শক্তিহীন কৰিবলৈ বিচাৰে। ন্যায়পালিকাৰ সংবিধানৰ প্ৰহৰীৰ ভূমিকাও নিস্তেজ কৰি পেলাব। পাৰে। নাৎছি দল জার্মানিত অন্তিমটো গণতান্ত্রিক নির্বাচনত বৃহত্তম দল হলেও সংসদত সংখ্যাগৰিষ্ঠতা অর্জন কৰিব পৰা নাছিল। সমাজবাদী গণতান্ত্রিক দল (Social Democratic Party) আৰু সাম্যবাদী সকল একগােট হ’ব নােৱৰাত ৰাষ্ট্রপতি হিণ্ডেনবুর্গে হিটলাৰক চৰকাৰ গঠন কৰিবলৈ আহ্বান দিলে। হিটলাৰে বাৰেপতি সংসদত বাধা পাই প্রথমে সংসদ অধিবেশন বহা ৰাইখষ্টাগ’ নামৰ ভৱনটো কুট বুধিৰে জুই লগাই পুৰি পেলালে। কমিউনিষ্ট দলক এই অগ্নিকাণ্ডৰ বাবে মিছাতে জগৰীয়া কৰি ধৰ-পাকৰ লগাই সন্ত্রাসৰ সৃষ্টি কৰিলে। তাৰ পিছত সংসদত বহু সদস্য উপস্থিত নথকাৰ সুযােগ লৈ নিজৰ হাতলৈ দেশৰ সংকটৰ অজুহাত দেখুৱাই সর্বময় শাসনক্ষমতা লৈ আহিল। পিছত ন্যায়ালয়ত সাম্যবাদী নেতা ডিমিত্রভে অপূর্ব যুক্তিপ্রয়ােগ আৰু বাগ্মিতাৰে সাম্যবাদী দল দোষমুক্ত বুলি প্ৰমাণ কৰিলে। নাৎছি গুণ্ডাই গােপনে কামটো কৰাৰ পৰােক্ষ প্রমাণাে ওলাল। কিন্তু ইতিমধ্যে হিটলাৰে বেছিভাগ গণতান্ত্রিক বিধি-ব্যৱস্থা মষিমূৰ কৰি গণতন্ত্ৰৰ পুনঃপ্রবর্তন অসাধ্য কৰি পেলালে। তাৰ পিছত জার্মানিত আৰম্ভ হ'ল একাধাৰে বিকাশ আৰু বৰ্বৰতাৰ যুগ। অন্ধ জাতীয়তাবাদী যুদ্ধোন্মাদন্নাৰে হিটলাৰে জার্মানিক মতলীয়া কৰি দ্বিতীয় বিশ্বযুদ্ধ লগাই অৱশেষত জার্মানিক ধ্বংসপত পৰিণত কৰিলে। 

সেয়ে ভাৰতত গণতন্ত্রৰ এই ৰুগ্ন অৱস্থাত, প্রবল স্বৈৰতান্ত্রিক মহলৰ উপস্থিতি মনত ৰাখি আমি সদা-সর্বদাই চক্ৰান্তৰ বিৰুদ্ধে সজাগ থাকিব লাগিব। 

মুখ্যমন্ত্ৰীৰ ভিয়েট নাম যাত্রাঃ 
খবৰৰ কাগজত পঢ়িবলৈ পাইছোঁ যে মুখ্যমন্ত্রীয়ে অসমৰ কৃষিৰ উন্নতিৰ দিহা বিচাৰি ভিয়েটনামলৈ ৰাওনা হৈছে। বেছ কথা। কিন্তু ভিয়েটনামত অসমৰ বানপানী আৰু আনুষংগিক সমস্যা নাই। সেই কথাত কি সহায় পাব? তাৰ সাম্যবাদী চৰকাৰাে কৃষকজনতাৰ সর্বাংগীণ উন্নতিৰ প্রতি উৎসর্গিত। তাত তেওঁলােকে কাৰাে বাধা নামানে? আমাৰ ইয়াত অসমে কিবা কৃষিনীতি ল’লেও আম্বানিআদানিৰ মিত্র দিল্লী চৰকাৰৰ কথা মানিব লাগিব। তাতে পােন্ধৰ নং বিত্ত আয়ােগে ৰাজ্যৰ চৰকাৰী আয় আৰু হ্ৰাস কৰিব বুলি কথা ওলাইছে। এনে যাত্ৰাৰ পৰা কিবা ফল ধৰিব জানাে ? অসমৰ মাটি পুঁজিপতিক গতাই দিয়াৰ আদেশ কান্ধত লৈ চৰকাৰে অসমৰ কৃষকক কি সহায় কৰিব? আজি ছাত্ৰৰ মাজত বিশ্ব গণিত প্রতিযােগিতাত (Mathematics Olympiad) ভিয়েটনাম ভাৰততকৈ বহুত আগত। কাৰণ দুখীয়া দেশখনৰ চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংস নকৰি ৰাজহুৱা। বিদ্যালয়ৰ সৰ্বাংগীণ উন্নতিৰ বাবে যত্নপৰ হৈছে। তেনে চৰকাৰৰ আদর্শ বিজেপি চৰকাৰে ল'ব জানাে? 

অশােক মিত্র স্মৰণ সভাৰ প্রশ্নঃ 
যােৱা তেৰ মে’ই তাৰিখে প্রখ্যাত বামপন্থী বুদ্ধিজীৱী, বিশিষ্ট অর্থনীতিবিদ আৰু জনগণৰ মুক্তিৰ বাবে আৰু স্বৈতন্ত্রৰ গতিৰােধ কৰাৰ বাবে ক্ষুৰধাৰ কলম চলােৱা অসাধাৰণ বুদ্ধিমত্তাৰ অধিকাৰী। অশােক মিত্ৰৰ স্মৃতিচাৰণ সভা এখন ‘অন্বেষাৰ উদ্যোগত অনুষ্ঠিত হৈ যায়। তাত অজিত ভূঞা, শতঞ্জীৱ দাস আৰু জয়দীপ বৰুৱাই তেখেতৰ। ব্যক্তিত্ব আৰু অৱদানৰ বিভিন্ন দিশ প্রাঞ্জল ভাষা আৰু পৰিচ্ছন্ন যুক্তিৰে। দাঙি ধৰিছিল। অশােক মিত্রই দেশৰ অৰ্থনীতিত মূল সামাজিক শ্ৰেণী/শক্তিসমূহৰ অনিবাৰ্য প্ৰভাৱ কেনেকৈ পৰে তাক অর্থনৈতিক যুক্তিৰে প্রতিপাদন কৰা বুলি সুন্দৰকৈ জয়দীপ বৰুৱাই দেখুৱায়। শতঞ্জীৱ দাসে পঃ বংগৰ কৃষি-কৃষকৰ উন্নতিত অর্থমন্ত্রী হিচাবে ভূমি সংস্কাৰ আদি পদক্ষেপেৰে তেওঁ বৰঙণি দিয়াৰ উপৰি ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্রৰাজ্য ক্ষমতাৰ প্রকৃত ভাৰসাম্য ৰক্ষাৰ হকে বৌদ্ধিক পথপ্রদর্শন কৰাৰ কথা উলিয়ায়। দ্বিতীয়টো অসমৰ বাবে অতি প্রাসংগিক কথা হৈ পৰিছে। অজিত ভূঞাই গণতন্ত্রৰ অতন্দ্র প্রহৰী তথা ৰাষ্ট্ৰীয় স্বৈৰাচাৰৰ বিৰুদ্ধে জনগণৰ অধিকাৰ নির্ভীক অগ্রনায়ক ৰূপে তেখেতৰ ভূমিকা দাঙি ধৰে। পৰেশ মালাকৰে সভাৰ আঁত ধৰে। 

সভাৰ শেষৰ পিনে বিশিষ্ট ঐতিহাসিক আৰু নিবন্ধকাৰ উদয়াদিত্য ভৰালীয়ে এটা প্রশ্ন উত্থাপন কৰে। তেওঁ কয় যে শেষ জীৱনত লিখা এটা নিবন্ধত অশােক মিত্রই কৈছিল যে ২০০৮ চনত হােৱা বিশ্বমন্দাৰ (World economic crisis) ৰেহ-ৰূপ ধ্রুপদী মার্ক্সবাদী বিশ্লেষণৰ অর্থনৈতিক সংকটতকৈ কিছু বেলেগ আছিল। তাৰ লগত কেম্ব্রিজ আদি বিশ্ববিদ্যালয়ৰ ঠাইত নেদাৰলেণ্ডৰ ৰটাডামত গৱেষণা কৰাৰবাবে মার্ক্সবাদৰ স্তালিনীয় ব্যাখ্যাৰ পৰা তেওঁ প্ৰভাৱমুক্ত হােৱাৰ সম্পর্ক কিবা আছে নেকি, ভৰালীয়ে সুধিলে। উত্তৰত মই কৈছিলোঁ যে বিশ্বায়নৰ পৰ্যায়ত বিশ্বপুঁজিৰ ৰেহৰূপ কিছু সলনি হলেও তাৰ মৌলিক চৰিত্র মার্ক্সবাদী অর্থনৈতিক সংকটতকৈ বেলেগ হ’ব নালাগে। কথাটো আৰু বিশদভাৱে ব্যাখ্যা কৰাৰ প্রয়ােজন আছে। কিন্তু তাৰ অৰ্থ ধ্রুপদী মার্ক্সবাদৰ পৰিৱৰ্তন নহয়। বিশ্বপুঁজিৰ বৰ্তমান ৰেহৰূপৰ বৈশিষ্ট্য হৈছেপল ছুইজিৰ ভাষ্যত ‘financialization' (বিত্তীয়কৰণ)। অর্থাৎ সমস্ত বস্তুগত পুঁজিক বিনিয়ােগ বেংকৰ জৰীয়তে শ্বেয়াৰ আদি ৰূপত সামগ্রিকভাবে বিত্তীয় পুঁজিত পৰিণত কৰা হৈছে। এই বিত্তীয় পুঁজিৰ অংশবােৰৰ কিনাবেচাৰ বৃহৎ বজাৰ এখন হৈছে, যিখন বজাৰ তথ্যপ্রযুক্তিৰ কল্যাণত প্রতি ছেকেণ্ডতে সচল হৈ থাকে অদ্ভুত ধৰণে। এই পৰিস্থিতিত বাস্তৱ অর্থনীতিৰ (real economy) লগত বিত্তীয় বজাৰৰ সম্পর্ক অস্পষ্ট হৈ পৰে। কিন্তু বিত্তীয় শ্বেয়াৰ বজাৰৰ খহনীয়াই খুন্দা মাৰে বাস্তৱ অর্থনীতিত। সেয়ে সাধাৰণ মানুহৰ জীৱনত বাস্তৱ অর্থনীতিৰ সংকটেহে সামগ্রিক সংকটৰ ছাঁ পেলায়। অর্থনৈতিক সংকটৰ প্রতিফলন ঘটে চাহিদাৰ তুলনাত যােগানৰ। অতিমাত্রা বৃদ্ধিত, যাৰ ফলত পুঁজিৰ মুনাফাৰ হাৰ লােপ পাই উৎপাদনত যতি পেলায়। আজিকালি বিশ্ব পুঁজিয়ে বিশ্ব অর্থনীতি সাংঘাতিক ধৰণে একীভূত কৰা বাবে বিশ্বৰ একাংশ পুঁজিৰ মুনাফাৰ হাৰ অত্যধিক হ্রাস পালে আন অংশ, আন প্রান্ততাে তাৰ প্ৰভাৱ বেয়াকৈ পৰে। মার্কিন বিনিয়ােগ বেংকবােৰে মার্কিন যুক্তৰাষ্ট্ৰত গৃহনির্মাণৰ চাহিদাৰ মুনাফা লুটিবলৈ চমকপ্রদ কৌশলেৰে গৃহনির্মাণ ঋণক শেয়াৰত পৰিণত কৰি শেষত এনে অৱস্থা কৰিলে যে ঋণগ্রহীতাই ঋণ পৰিশােধ কৰিব নােৱৰা অৱস্থা হ'ল। কাৰণ বেয়া ঋণ (bad loan)ক শ্বেয়াৰৰ ৰূপ দিয়া। ফলত গৃহ নির্মাণ উদ্যোগে মাৰ খায় বহু দৈত্যাকায় বেংক দেউলিয়া হ'ল। বিশ্বজুৰি সংকট বিয়পি গ'ল। 
(লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে আৰু লেখকৰ মৌখিক অনুমতি ক্ৰমে সুখ-দুখত ইউনিকোডীয় সংস্কৰণ প্ৰকাশ তথা সংৰক্ষণ কৰা হৈছে।)

6 comments: