চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


প্ৰসঙ্গ এনআৰচি আৰু প্ৰকৃত বাসিন্দা (OI) 
 ইঞ্জিনিয়াৰ জাকিৰ হুছেইন
এন,আৰ,চি আৰু ইয়াত সংযোজিত হোৱা প্ৰকৃত বাসিন্দা (Original Inhabitant) প্ৰসঙ্গক কেন্দ্র কৰি সমগ্ৰ অসমত বিশেষকৈ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ মাজত বিভ্ৰান্তিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ এক অশুভ প্ৰৱণতাই গা কৰি উঠা দেখা গৈছে। এক শ্ৰেণীৰ লোকক বিপথে পৰিচালিত কৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে। প্ৰানিধানযোগ্য যে অহা ৩১ ডিচেম্বৰত এন,আৰ,চিৰ খচৰা প্ৰকাশ কৰাৰ বিষয়ে সদৰি কৰা হৈছে। স্মৰ্তব্য যে এন,আৰ,চিৰ এই খচৰা চুড়ান্ত নহয় আৰু কাৰোবাৰ নাম বাদ পৰিলেও পুণৰীক্ষন কৰাৰ বিকল্প নিশ্চয়কৈ থাকিব। সমগ্ৰ পৰিঘটনা চৰকাৰ বিৰোধী এটা চামে উদ্দেশ্যপ্ৰনোদিতভাৱে আৰু ন্যস্তস্বাৰ্থৰ বাবে কৰা বুলি ধাৰণা কৰিব পাৰি। বৰ্তমান প্ৰেক্ষাপটত আমছুৰ লগতে এচাম ৰাজনৈতিক দলে ৫০ লাখ লোকক লগত লৈ কৰিব বিচৰা আন্দোলনক আমাৰ বিবেক বিবেচনাই সমৰ্থন কৰিব পৰা নাই। যিহেতু এন,আৰ,চিৰ কাম কাজ উচ্চতম ন্যায়ালয়ৰ তত্বাবধানত পৰিচালিত হৈ আছে, সেয়ে এই প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হ'ব পৰা কোনো কাৰ্যপন্থাই হাতত লোৱা উচিত নহয়। আমাৰ বোধেৰে এনে কাৰ্য্য কোনো দুষ্টচক্ৰই কেৱল ৰাজনৈতিক কাৰণত এন,আৰ,চি কামকাজ বিঘ্নিত কৰাৰ বাবে উঠিপৰি লাগিছে। এনে আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ কোনো দুষ্টচক্ৰই উচটাই হিংসাত্মক ৰূপ নিদিব বুলিও ন দি ক'ব নোৱাৰি। অসমত সু-পৰিকল্পিতভাৱে ধৰ্মীয় সংখ্যালঘুক ভয়-ভীতি আৰু আতংকিত কৰাৰ অভিযোগ উঠিছে কংগ্ৰেছ আৰু এ.আই.এউ.ডি.এফৰ বিৰুদ্ধে| কিছুদিন ধৰি সংখ্যালঘু অঞ্চলত কংগ্ৰেছ, এ.আই.এউ.ডি.এফকে ধৰি কেতবোৰ দল-সংগঠনৰ ব্যক্তিয়ে এন.আৰ.চি সম্পৰ্কত উৰা-বাতৰি প্ৰচাৰ কৰি ৰাইজৰ মাজত আতংক আৰু সন্দেহৰ বাতাবৰন সৃষ্টি কৰিব বিচাৰিছে বুলি শাসক পক্ষই অভিযোগ কৰিছে| অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ এটা স্থায়ী সমাধান হোৱাটো অসমৰ প্ৰতিগৰাকী জনসাধাৰণে কামনা কৰে| ডিচেম্বৰত এন.আৰ.চিৰ খচৰা প্ৰকাশৰ দিন চমূ চাপি অহাৰ লগে-লগে কেতবোৰ ৰাজনৈতিক শক্তিয়ে ইছলামধৰ্মী সংখ্যালঘুসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি অস্থিৰতা আনিবৰ বাবে সু-পৰিকল্পিতভাৱে অপপ্ৰচাৰ চলাই আছে| সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত সেনাৰ চাউনি স্থাপন, সেনাৰ দ্বাৰা এন.আৰ.চিৰ কাগজ-পত্ৰ বাজেয়াপ্ত কৰিব আৰু অসমত ম্যানমাৰৰ দৰে পৰিস্থিতি সৃষ্টি হব, এনেধৰণৰ অপপ্ৰচাৰত লিপ্ত হোৱাটো দুৰ্ভাগ্যজনক। এনে অপপ্ৰচাৰে এন,আৰ,চি প্ৰক্ৰিয়া ব্যাহত হলে কিন্তু লোকচান সংখ্যালঘুসকলৰ।

অসমত খিলঞ্জীয়া ভুমিপুত্ৰৰ অস্তিত্ব বজাই ৰাখিবলৈ আছুৰ নেতৃত্বত সুদীৰ্ঘ ছবছৰ যোৰা হিংসাত্মক অসম আন্দোলন হৈছিল৷ আন্দোলন প্ৰথমাৱস্থাত সকলো বহিৰাগতৰ বিৰুদ্ধে আছিল যদিও সাম্প্ৰদায়িক মেৰুকৰণৰ দ্বাৰা ইয়াক পিছলৈ বিদেশী বহিস্কাৰ আন্দোলনলৈ পৰ্যবশিত কৰা হ'ল। বিদেশীও কেৱল বাংলাদেশৰ পৰা অহাসকলৰ বিৰুদ্ধে আৰু তাৰ ফলশ্ৰুতিত পুৰ্ববংগীয় মুছলমানসকল অমানুসিক অত্যাচাৰৰ বলি হ'ল। কিন্তু পৰিতাপৰ বিষয় এয়ে যে একাংশক কচু কটা দি কাটি-মাৰি পেলালে বা জ্বলাই দিলে৷ মাৰিবলৈ গৈ মৰা কেইজন শ্বহিদ হ’ল৷ পমূৱা মুছলমানসকল সন্দেহজনক হৈ জীয়াই থাকিবলৈ বাধ্য হ’ল, বহুজনক সন্দেহজনক নাগৰিক সজাই জেল হাজোটত ৰখা হ’ল৷ কেৱল যে পুৰ্ববংগীয় মুছলমান সকল ভুক্তভোগী তেনেও নহয়, গৰীয়া, মৰিয়া, দেশীসকলো এই প্ৰকৰণৰ বলী হ’বলগা হ’ল। এই প্ৰকৰণৰ পিছত অসমৰ সৰ্বসাধাৰণ ৰাইজে কি পালে বা হেৰুৱালে সেৱা এক বেলেগ বিষয়। কিন্তু অসমৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি সলনি নহ’ল। আছুৱে ভুমিপুত্ৰৰ অধিকাৰ সুৰক্ষাৰ উদ্দেশ্যে পাছলৈ বিচাৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণ হোৱাটো৷ বহুতে হয়তো ভাৱিছিল যে সত্তৰ শতাংশ পুৰ্ববঙ্গীয় মুছলমানৰে ৫১ৰ এন আৰ চি নাই, সেয়ে সিঁহতক বাংলাদেশী সজাব পৰা যাব৷ কিন্তু সত্য উন্মোচিত হ’ল বিপৰীত দিশে৷ অধিকাংশৰেই ৫১ৰ এন আৰ চি থকাত বহুতে শংকিত হৈ পৰিল কাৰণ তেওঁলোকৰ খান্দহ খোৱা বালি তল যাব৷ সেয়ে বাৰে বাৰে ন্যস্তস্বাৰ্থজনিত মহলে এন আৰ চিৰ কামত বাধাৰ সৃষ্টি কৰা পৰিলক্ষিত হ’ল৷ বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ দিশে আগবঢ়াটো কোনো দল-সংগঠনৰে কাম্য নহয়৷ একাংশৰ চক্ৰান্ততে আৰু তেওঁলোকৰ নিৰ্দেশতে একাংশ বিষয়াই কেৱল মুছলমানৰ নথি-পত্ৰ পৰীক্ষণৰ নামত বেমেজালীৰ সৃষ্টি কৰি আহিছে৷ যদি সেইটোৱে নহয় তেন্তে স্পষ্ট কৰা হওক যে অসভ্য, ধূৰ্তালী আদি অশ্লীল শব্দ অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ নহয়৷ সেই বিষয়াক চৰম শাস্তি প্ৰদান কৰাৰ দাবী জনাওক৷ বহু ঠাইত বিষয়াসকলে ৫১ৰ এনআৰচি থকা সকলৰ সন্দৰ্ভত কোনো মন্তব্য লিখা নাই বুলি অভিযোগ উঠিছে৷ পিছলৈ এইবোৰ স্থানত সন্দেহজনক বুলি লিখা হ’ব আশংকা কৰা হৈছে৷ সন্দেহ কৰাও স্বাভাৱিক কাৰণ ভাৰতীয় নাগৰিকক আৰক্ষীয়ে ঘৰত বহিয়েই ডি ভোটাৰ সজায় বুলি অভিযোগ উঠিয়ে আছে৷

এন.আৰ.চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ লগত বিবাহিত মহিলা সকলে দাখিল কৰা পঞ্চায়ত সচিবৰ প্ৰমাণপত্ৰক মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণযোগ্য নহব বুলি কৰা ৰায়ক প্ৰত্যাহ্বান জনাই আমছু, মৌলানা ছৈয়দ আৰ্শ্বাদ মাদানী নেতৃত্বাধীন জমিয়তৰ অসম ৰাজ্যিক সমিতি, অসম মহিলা ছচিয়েল জাষ্টিচ ফৰাম, ভুক্তভোগী মহিলা ছুফিয়া বেগমে মাননীয় উচ্চতম ন্যায়ালয়ত দাখিল কৰা পৃথক পৃথক আবেদনৰ যোৱা ১২ অক্টোবৰ, ২০১৭ ইং তাৰিখে মাননীয় উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠত শুনানী অনুষ্ঠিত হয়। শুনানী কালত আবেদনকাৰীৰ অধিবক্তাই পঞ্চায়তৰ প্ৰমাণপত্ৰক বাহাল ৰাখিবলৈ মাননীয় আদালতত যুক্তি প্ৰদৰ্শন কৰি কয় যে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ভাৰতৰ মহাপঞ্জীয়ক, এন.আৰ.চিৰ কতৃপক্ষ, আমছু, আছু আৰু অন্যান্য দল সংগঠনৰ ঐক্যমতত যিসকল লোকে বিশেষকৈ বিবাহিত মহিলা সকলে নিজৰ পিতৃ বা পূৰ্বপুৰুষৰ লগত সংযোগ স্থাপন কৰিবলৈ পঞ্চায়তৰ সচিবে প্ৰদান কৰা আৰু সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়া অথবা ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা কাউন্টাৰ ছিগ্নেচাৰ কৰাই জমা দিবলৈ এন.আৰ.চিৰ কতৃপক্ষই ৰাইজক বহুল প্ৰচাৰ কৰিছিল আৰু সেইমতে ৰাইজে জমা দিয়াৰ পাছত এন.আৰ.চিৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ সময়ত এই নথি বাতিল কৰাটো অযুক্তিকৰ হব। এনে পঞ্চায়তৰ প্ৰমাণপত্ৰক তন্ন তন্নকৈ পৰীক্ষা কৰি হলেও ভুক্তভোগী ৪৮ লাখ মহিলাক বঞ্চিত নকৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ সকলো অসমবাসীৰ নাম অন্তৰ্ভুক্ত কৰি একে সময়ত একেলগে নাগৰিকপঞ্জীৰ খচৰা প্ৰকাশ কৰিবলৈ আদালতত যুক্তি আগবঢ়ায়। নাগৰিক পঞ্জীখন শুদ্ধ আৰু স্বচ্ছতাৰে তথা সকলো ক্ষুদ্ৰ-বৰ জাতি জনগোষ্ঠীৰ লোকৰ নাম অন্তৰ্ভুক্তিৰে হোৱাটো সকলোৱে বিচাৰি আছে আৰু তেনে সময়ত ৪৮ লাখ বিবাহিতা মহিলাক বঞ্চিত কৰি খচৰা প্ৰকাশ কৰাটো অনুচিত হব। ইফালে এন.আৰ.চিৰ ৰাজ্যিক সমন্বয়কে ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী ৪৮ লাখ বিবাহিতা মহিলাৰ ভিতৰত ১৭.৪০ লাখ মহিলাক প্ৰকৃত বাসিন্দা, ১.২৪ লাখ অবিবাহিতা মহিলা, ২.৩২ লাখ পুৰুষ আৰু ২৬.১৩ লাখ বিবাহিতা মহিলা বুলি চিনাক্ত কৰি মাননীয় আদালতত এক প্ৰতিবেদন দাখিল কৰে। উক্ত প্ৰতিবেদন অনুসৰি ১৭.৪০ লাখ বিবাহিতা মহিলাৰ নাম এনআৰচিৰ খচৰা তালিকাত পোনপটীয়াকৈ অন্তৰ্ভুক্ত হব। বাকী সকলৰ নাম অন্তৰ্ভুক্তি সম্পৰ্কে তথা পঞ্চায়তৰ প্ৰমাণপত্ৰৰ বৈধতাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় সঠিক আছিল নে নাই সেই সম্পৰ্কে অহা ১৫ নৱেম্বৰ তাৰিখে পুনৰ শুনানী অনুষ্ঠিত হব।

এন আৰ চিৰ পৰা যদিহে প্ৰায় ৩০ লাখ লোক বাদ পৰে অৰ্থাৎ তেওঁলোক যদি একেটা ৰাতিৰ ভিতৰত বিদেশীলৈ পৰ্যবশিত হয় তেন্তে এই ৰাজ্য এক অভাৱনীয় মানৱীয় দুৰ্যোগ (human tragedy) আৰু ৰাজনৈতিক বিক্ষোভ (political turmoil)ৰ সম্মূখীন হ’ব। ইয়াত আইন-শৃংখলাজনিত কাৰণত সাংবিধানিক অচলাৱস্থাৰ সৃষ্টি হোৱাটোও নুই কৰিব নোৱাৰি। সাধাৰণ মানুহৰ সংবিধানৰ প্ৰতি আস্থা আৰু ন্যায়পালিকাৰ ওপৰত থকা বিস্বাস নাইকিয়া হ’ব। এই কাৰ্য্যক শাসনাধিস্থিত চৰকাৰৰ কাৰচাজি হিচাবেই গণ্য কৰা হ’ব। অৱশ্যে চৰকাৰে আইন শৃংখলা পৰিস্থিতিৰে মোকাবিলা কৰিব পৰা ব্যৱস্থা লোৱাৰ আস্বাস দিছে। কিন্তু বেছিভাগ অশিক্ষিত বিবাহিত মহিলাই বিপাঙত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। বিভিন্ন ৰাজ্যত বিজেপি চৰকাৰৰ ছত্ৰছায়াত সংখ্যালঘুৰ বিপক্ষে চলি থকা অত্যাচাৰৰ ইও এক অংশবিশেষ বুলিয়ে গণ্য কৰা হ’ব। যোৱা কংগ্ৰেছ চৰকাৰৰ আমোলতে এন,আৰ,চি প্ৰক্ৰিয়াক লৈ এআইইউডিএফ দলে ষড়যন্ত্ৰৰ অভিযোগ আনিছিল। অভিযোগ কৰিছিল যে সেই সময়ৰ কংগ্ৰেছ চৰকাৰে সংখ্যালঘু মুছলমানৰ ৪০ লাখ লোকক বাদ দি বিদেশী সজোৱাৰ পৰিকল্পনা কৰিছিল। এই অভিযোগ কংগ্ৰেছ চৰকাৰে প্ৰত্যক্ষভাৱে খণ্ডন কৰিছিল যদিও সেয়া বৰ্তমান বাস্তৱত ৰূপায়িত কৰা বুলিয়ে ধৰা হ’ব। বহু সংখ্যালঘু মুছলমানে সন্দেহ কৰে যে এনআৰচি প্ৰক্ৰিয়া কেৱল মুছলমানৰ বাবেই কৰা হৈছে। অভিযোগ মতে চৰকাৰৰ বৰমুৰীয়াসকলে হেনো নিৰ্দেশ জাৰি কৰিছিল যে কেৱল মুছলমান নামধাৰীসকলৰ নথি পত্ৰ সমূহহে তন্ন তন্নকৈ পৰীক্ষা কৰিব আৰু হিন্দু নামধাৰীসকল বাংলাদেশ, নেপাল, ভুটান যি ঠাইৰ পৰাই নাহক তেওঁলোকক বিশেষ বিবেচনাৰে ৰেহাই দিয়া হ’ব। এনে ধৰণৰ অভিযোগে তেতিয়া বাস্তৱ ৰূপ ধাৰণ কৰিব। পঞ্চায়তৰ প্ৰমাণ পত্ৰক এন,আৰ,চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ লগত এক সংযোগী সহযোগী নথি হিচাপে মহিলা সকলে আগবঢ়াইছিল, গতিকে মাননীয় আদালতে এই ক্ষেত্ৰত পৰবৰ্তী শুনানীত এক যোগাত্মক নিৰ্দেশনা প্ৰদান কৰিব বুলিয়ে সকলো আশাবাদী। প্ৰয়োজনত তন্ন তন্ন পৰীক্ষা কৰি হলেও ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ সকলো অসমবাসীৰ নাম অন্তৰ্ভুক্তিৰে একে সময়তে এন,আৰ,চি প্ৰকাশ কৰাটো সকলোৰে কাম্য।

আনহাতে অসমৰ ক্ষেত্ৰত প্ৰকৃত বাসিন্দা (Original Inhabitant) কোন বা OIৰ সংজ্ঞা কি আৰু OI চিনাক্ত কৰাৰ উপায় কি বা গাইডলাইন কি হব সেই সম্পৰ্কত আমছুৱে মাননীয় উচ্চতম ন্যায়ালয়ত নতুন এক আবেদন দাখিল কৰাত উচ্চতম ন্যায়ালয়ে উক্ত আবেদন গ্ৰহণ কৰি পৰবৰ্তী শুনানী অহা ১৫ নৱেম্বৰ তাৰিখে অনুষ্ঠিত কৰিব বুলি নিৰ্দেশনা দিছে। ১২০৫ চনৰ পৰা ২০১৭ চনলৈ সুদীৰ্ঘ ৮১২ বছৰৰ বৰ্নিল ইতিহাস। বিভিন্ন স্তৰেৰে ৮১২ বছৰীয়া এই শক্তিশালী ইতিহাস গৰকি অহা গৰিয়া, মৰিয়া, দেশী, জলহা, বৰাকৰ কাছাৰী-পাংগাল-মাইমেল বুলি পৰিচিত অসমৰ এই ইছলামধৰ্মী লোকসকলৰ অস্তিত্বৰ সংকটৰ কেতিয়াবা ওৰ পৰিবনে? অসমত অসমীয়া মুছলিম, খিলঞ্জীয়া অসমীয়া মুছলমান বুলি পৰিচিত সকলক ১৯৪৭ চনৰ আগৰ বা পিছৰ পূৰ্ববংগীয় মুছলমান অথবা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বাংলাদেশী মুছলমানৰ লগত একেটা স্তৰত ৰখা উচিত নহয়। এই সকলৰ প্ৰকৃত অসমীয়াৰ পৰিচয় বিভ্ৰান্ত কৰিবলৈ অপশক্তিসমূহে চেষ্টা কৰা পৰিলক্ষিত হৈছে। এন,আৰ,চিত ইছলামধৰ্মী অসমীয়া সকলক প্ৰকৃত বাসিন্দা শ্ৰেণীৰ পৰা বঞ্চিত কৰা কোনো কাৰণতে উচিত নহয়। এন,আৰ,চিত প্ৰস্তাবিত OIৰ সংজ্ঞাৰ ভিতৰত যদি গৰীয়া, মৰিয়া, দেশী, জলহা, বৰাকৰ কাছাৰী-পাংগাল-মাইমেল আদি ইছলাম ধৰ্মাৱলম্বী খিলঞ্জীয়া জনগোষ্ঠীসমূহক অন্তর্ভুক্ত কৰা নহয় আৰু কেবল মাত্ৰ ধর্মৰ ভিত্তিত বঞ্চিত কৰা হয় তেন্তে তাৰ অৰ্থ হব অসমীয়া জাতি ধর্মৰ ভিত্তিত বিভাজিত হোৱা। এইসকল প্ৰকৃত বাসিন্দাই নহয়, প্ৰকৃতাৰ্থত অসমীয়া। ধৰ্মৰ ভিত্তিত OI লিখা হলে আৰু অন্যান্য ধৰ্মান্তৰিত জনগোষ্ঠীৰ ভিতৰত কেৱল মুছলমান ধৰ্ম গ্ৰহণ কৰা কাৰনেই এওলোকক যদি বাদ দিয়া হয়, তেন্তে অসমীয়া জাতি আৰু কোনোদিনেই পুৰ্ণাংগ ৰুপ নাপাব আৰু অসমৰ পৰিবেশ সুখকৰ নহব। সততে মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি অসমৰ বিভিন্ন নেতা বুদ্ধিজীৱীয়ে ইছলাম ধৰ্মাৱলম্বী খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ কথা উল্লেখ কৰা দেখা যায়। কিন্তু এন,আৰ,চিৰ OIৰ ক্ষেত্ৰত সেই জনগোষ্ঠী সমূহৰ কোনো উল্লেখ দেখা নাযায়। ধৰ্মৰ ভিত্তিত ভাগ কৰিব বিচৰা সকল বেছিভাগেই অসমৰ ইতিহাস সম্বন্ধে অনভিজ্ঞ। চৰকাৰে তৎকালে স্থিতি স্পষ্ট কৰি অসমীয়া মুছলমান সকলৰ মৰ্যদাক সন্মান জনাওক। এন,আৰ,চি নিদিষ্ট সময়ত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো শক্তিয়েই বাধা দিবলৈ ষড়যন্ত্ৰ কৰা উচিত নহব। এন,আৰ,চি সম্পৰ্কত অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক ধৈৰ্য্য আৰু সংযমৰে আগবঢ়াৰ লগতে কোনো ন্যস্তস্বাৰ্থ জড়িত পক্ষৰ প্ৰৰোচনালৈ গুৰুত্ব প্ৰদান নকৰি মাননীয় উচ্চতম ন্যায়ালয়ৰ প্ৰতি আস্থা ৰাখিবলৈ তথা স্বচ্ছ আৰু শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰনত সহযোগ কৰিবলৈ সকলো পক্ষকে আহ্বান জনালো।

No comments:

Post a Comment