সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


পেট্ৰ’ল ডিজেলৰ গোপন মূল্যবৃদ্ধি
দীপাংকৰ মল্ল বৰুৱা
যিকোনো এখন দেশৰ অৰ্থনীতিৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ ভূমিকা অপৰিসীম। এই দুইবিধ ইন্ধনক আধুনিক অৰ্থনীতিৰ চালিকা শক্তি বুলিও কোৱা হয়। সেয়েহে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ হ্ৰাস বৃদ্ধিয়ে দেশৰ অৰ্থনীতিক পোনপেটীয়াকৈ প্ৰভাৱান্বিত কৰে। পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত হাহাকাৰৰ সৃষ্টি কৰে আৰু সেইদৰে মূল্য হ্ৰাস হ’লে সেয়া ৰাইজৰ আনন্দৰ কাৰণ হয়। আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য, বিশ্বৰ তেল উত্পাদন আৰু বিতৰণ কৰা দেশসমূহতৰ আৰ্থ সামাজিক ৰাজনৈতিক পৰিস্থিতি, তেল যোগান শৃংখলৰ সূচলতা আদি কাৰক বিবেচনা কৰি এক নিৰ্ধাৰিত সময়ৰ ব্যৱধানত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য স্থিৰ কৰা নিয়ম প্ৰচলিত আছিল। নিৰ্দিষ্ট সময়ৰ ব্যৱধানত হোৱা পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ উঠা-নমা সাধাৰণ মানুহৰ দৃষ্টিগোচৰ হৈছিল।


কিন্তু যোৱা ১৬ জুন তাৰিখৰ পৰা দৈনিক হিচাপত পেট্ৰ’লৰ মূল্য নিৰ্ধাৰণ কৰা নিয়ম প্ৰচলিত হোৱাৰ পাছত দৈনিক হোৱা মূল্যৰ হ্ৰাস-বৃদ্ধি সাধাৰণ মানুহৰ চকুত নপৰা হ’ল। পেট্ৰ’ল আৰু ডিজেলৰ দামত কেইপইছামানৰ ইফাল-সিফাল মানুহে ধৰিব নোৱাৰে। এতিয়া দেখা গৈছেযে নতুন নিয়মৰ আধাৰত পেট্ৰ’লৰ দাম যোৱা তিনি মাহত প্ৰায় আঠ টকা বাঢ়িল। সেয়েহে দৈনিক মূল্যৰ সালসলনিৰ যোগেদি চৰকাৰে কোনো প্ৰতিবাদৰ সন্মুখীন নোহোৱাকৈ গোপনে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে। মনকৰিবলগীয়া কথাযে দৈনিক মূল্য নিৰ্ধাৰণৰ সময়ত চৰকাৰে যুক্তি আগবঢ়াইছিলযে আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ কম দামৰ লাভ জনতাই যাতে লাভ কৰিব পাৰে, তাৰ বাবেই এই ব্যৱস্থা কৰা হৈছিল। কিন্তু আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য আৰু ঘৰুৱা বজাৰত চৰকাৰে নিৰ্ধাৰিত কৰা খাৰুৱা তেলৰ মূল্যৰ প্ৰায়েই সামঞ্জস্য দেখা নাযায়। উদাহৰণ্স্বৰূপে ২০১২ চনত যেতিয়া আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ১৩০ মাৰ্কিন ডলাৰ পাইছিলগৈ তেতিয়া ভাৰতত পেট্ৰ’লৰ মূল্য আছিল ৬৫ টকা। কিন্তু আজিৰ পৰিস্থিতিত যেতিয়া খাৰুৱা তেলৰ আন্ত:ৰাষ্ট্ৰীয় মূল্য প্ৰতি বেৰেলত প্ৰায় ৫০ ডলাৰ, সেইসময়ত পেট্ৰ’লৰ মূল্য হৈছেগৈ ৭০ টকাৰো অধিক।

মনকৰিবলগীয়াযে পূৰ্বতে ঘৰুৱা বজাৰত পেট্ৰ’ল ডিজেলৰ দাম পোনপেটীয়াকৈ খাৰুৱা তেলৰ দামে নিৰ্ধাৰণ কৰিছিল। কিন্তু এই দুয়োবিধৰ মূল্যৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ শিথিল কৰি দিয়াৰ পাছত এতিয়া আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ মূল্যৰ উপৰিও মূলত: খাৰুৱা তেলৰ যোগান আৰু চাহিদায়ো খাৰুৱা তেলৰ মূল্য নিৰ্ধাৰণ কৰে। তদুপৰি পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত সামাগ্ৰী আৰু সেৱা কৰ (GST) বলবৎ নকৰাকৈ চৰকাৰে এতিয়াও অধিক হাৰৰ আবকাৰী শুল্ক আৰু মূল্য সংযোজিত কৰৰ জৰিয়তে পেট্ৰ’ল আৰু ডিজেলৰ জৰিয়তে প্ৰায় ৬০% কৰ সংগ্ৰহ কৰি আছে। প্ৰণিধানযোগ্যযে, চৰকাৰে আবকাৰী শুল্কৰ জৰিয়তে ২০১৪ - ১৫ চনৰ বিত্তীয় বৰ্ষত প্ৰায় ৯৯ হাজাৰ কোটি টকা লাভ কৰাৰ বিপৰীতে ২০১৬ – ১৭ চনত প্ৰায় ২ লাখ ৪২ হাজাৰ কোটি টকা লাভ কৰিছে। ইয়াৰ পৰাই এটা কথাই বুজিব পাৰিযে আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য কম হৈ থকাৰ বাবে কেৱল চৰকাৰৰ ৰাজকোষহে টনকিয়াল হৈছে। সাধাৰণ জনতাৰ ইয়াৰ পৰা একো লাভ হোৱা নাই।


চৰকাৰে সমগ্ৰ দেশতে সামগ্ৰী আৰু সেৱা কৰ বলবৎ কৰিলে যদিও কেৱল ৰাজকোষ টনকিয়াল কৰাৰ স্বাৰ্থতে পেট্ৰ’ল আৰু ডিজেলক এই কৰৰ আওতাৰ পৰা বিৰত ৰাখিলে। সামগ্ৰী আৰু সেৱা কৰৰ সৰ্বোচ্চ ২৮% কৰ আৰোপিত হ’লেও দেশত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সৰ্বসাধাৰণৰ বাবে যথেষ্ট সুলভ হোৱাৰ উপৰিও সমগ্ৰ দেশতে এই দুইবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য একে হ’লহেতেন। পেট্ৰ’ল আৰু ডিজেলৰ মূল্য কৃত্ৰিমভাৱে অধিক কৰি ৰাখি চৰকাৰে পেট্ৰ’ল আৰু ডিজেলক দুখীয়া মানুহৰ বাবে দুষ্প্ৰাপ্য কৰি তুলিছে। এনে পৰিস্থিতিত দৈনিক মূল্যৰ পৰিৱৰ্তনৰ জৰিয়তে সাধাৰণ মানুহে তৰ্কিব নোৱৰাকৈ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি কৰাটো কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে।

No comments:

Post a Comment