সম্ভাৱনাৰ দুৱাৰমুখ আৰু সলনি হৈ যাব পৰা পথ
(১)
এজন উকীল হিচাপে নিজৰ সৰু চহৰখনত জীৱনটো আৰম্ভ কৰিবলৈ লৈ ৰবীন শৰ্মাই নিজৰ চিন্তাধাৰাখিনিৰে, এজন প্ৰকৃত সফল ব্যক্তিয়ে কেনেদৰে জীৱন নিৰ্বাহ কৰে, কেনেদৰে চিন্তা কৰে, কেনেদৰে আচৰণ কৰে,এই সম্পৰ্কে তেওঁ নিজৰ ধাৰণা আৰু শিক্ষাৰে এখন কিতাপ লিখিব বিচাৰিলে। কিন্তু আজিৰ ইমান বিখ্যাত লেখকজনেও তেওঁৰ প্ৰথমখন কিতাপ, মাকক সম্পাদক হিচাপে লৈ নিজাকৈ প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল আৰু প্ৰকাশ কৰি উলিওৱা প্ৰথম ২০০০ কপি পাকঘৰত দ’মাই থৈ দিছিল। আৰু আজিৰ অতিশয় প্ৰভাৱশালী, জনপ্ৰিয় এই লেখক, বক্তাজনৰ প্ৰথম বক্তৃতা অনুষ্ঠানটোত উপস্থিত আছিল মাথোঁ ২৩ জন মানুহ! আৰু তাতোকৈ ডাঙৰ কথাটো হ’ল— সেই ২৩ জন দৰ্শকৰ মাজত ২১ জনেই আছিল তেওঁৰ পৰিয়ালৰ মানুহ!
(২)
(৩)
যদি আমি এটা পূৰ্ব-স্বীকাৰ্য লৈ কিছুমান স্তৰলৈ আগবাঢ়ি যাওঁ, তেন্তে সেই স্বীকাৰ্যটো যদি ভুল হয় তেন্তে আমি অৱশেষত এটা ভুল ফলাফলত উপনীত হওঁগৈ। ঠিক তেনেদৰেই এজন ব্যক্তিৰ চাৰিওকাষৰ মানুহখিনিয়ে ব্যক্তিজনৰ সম্পৰ্কে একোটা ধাৰণা লৈ লয় যে তেওঁ সেইটো কৰিব পাৰিব বা নোৱাৰিব। আনহাতে, নিজৰ সম্ভাৱনাৰ কথা ভৱাতকৈ আনৰ সম্ভাৱনাহীনতাৰ কথা ভবাটো প্ৰায়ভাগ মানুহৰে এটা স্বভাৱ। আৰু এই স্বভাৱ নিজেই এক দুৰ্বলতা বাবেই প্ৰথমেই এটা ভুল সিদ্ধান্ত লৈ লোৱা হয়, ফলত মানুহ এজনে নতুন কাম এটা কৰিবলৈ আৰম্ভ কৰিলে লগতে লাগি থকা মানুহৰ পৰা অতি কম সঁহাৰি পোৱা যায়। তাৰোপৰি একোটা বিষয় বা বস্তুৰ গুৰুত্ব উপলব্ধি কৰিবলৈ সেইটোৰ সম্পৰ্কত বহুতৰ ধাৰণা বা শিক্ষাও নাথাকে। কিন্তু নিজেই এটা প্ৰয়োজনীয়তাক উপলব্ধি কৰি যদি বিশ্বাসেৰে আগবঢ়া হয়, তেন্তে দূৰ প্ৰান্তৰ পৰাও আহি পৰে সহযোগিতা। আৰু ৰবীন শৰ্মাৰ ক্ষেত্ৰতে, তেওঁ যি ক’ব বিচাৰিছে সেইয়া যে মানুহৰ প্ৰয়োজনীয়তেওঁ তাক বুজি উঠিছিল, অন্তৰেৰে উপলব্ধি কৰিছিল। আনকি তেওঁ যিসকলৰ পৰা প্ৰথমে সঁহাৰি পোৱা নাছিল সেইসকলকোতো সেইখিনি কথা প্ৰয়োজনীয়! এই উপলব্ধি আৰু বিশ্বাসতে আছে সম্ভাৱনাৰ দুৱাৰমুখ, য’ৰ পৰা সলনি হৈ যাব পাৰে এক ধাৰা। ইয়াকেই আমি বাৰে বাৰে মনত পেলাই থাকিব লগা হয়।
“Start With Why” ধাৰণাৰ বাবে পৰিচিত লেখক আৰু বক্তা চিমন চিনেকে ‘TED’ ৰ এটা বক্তৃতাত এনে প্ৰসংগক্ৰমে ৰাইট ভাতৃদ্বয়ৰ উদাহৰণ দিছে। ১৮ মিনিটৰ সেই বক্তৃতাটোত আৰু কেইটামান উদাহৰণেৰে তেওঁ ব্যাখ্যা কৰিছিল, আমি “কি কৰোঁ” তাতকৈ অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি “কিয় কৰোঁ”? “কি কৰোঁ”টোতকৈ “কিয় কৰোঁ”ৱে মানুহক আদৰ্শত পৰিণত কৰি তুলিব পাৰে।
(৪)
কিন্তু ইফালে, অৰভিল ৰাইট আৰু উইলভাৰ ৰাইটৰ ওচৰত ক’বলৈ গ’লে একো নাই। তেওঁলোকৰ আছিল এখন চাইকেল-দোকান, য’ত বাই-চাইকেল মেৰামতি কৰে, বিক্ৰী কৰে, নিৰ্মাণ কৰে। তেওঁলোকৰ দলটোৰ কাৰোৱেই নাছিল কলেজীয়া শিক্ষা। ছেমুৱেল পীয়েৰপণ্ট ল্যেংলীক লক্ষ্য কৰি থকাৰ দৰে কোনেও তেওঁলোকক মনেই কৰা নাছিল। আনকি, যেতিয়া ১৯০৩ চনৰ ১৭ ডিচেম্বৰত তেওঁলোকে ঐতিহাসিক উৰণ পৰীক্ষণটো সম্পন্ন কৰিলে সেইদিনা সেইয়া চাবলৈয়ো তেওঁলোকৰ ওচৰত আন কোনো নাছিল। তেন্তে, অৰভিল ৰাইট আৰু উইলভাৰ ৰাইটৰ ওচৰত আছিল কি? চিমন চিনেকে ইয়াৰ ব্যাখ্যা কৰিছে, অৰভিল ৰাইট আৰু উইলভাৰ ৰাইটে এটা বিশ্বাসেৰে চালিত হৈছিল যে তেওঁলোকে যদি সেইটো কৰে পৃথিৱীৰ এক ধাৰাই সলনি হৈ যাব। কিন্তু ছেমুৱেল পীয়েৰপণ্ট ল্যেংলীয়ে কামটো কৰিবলৈ লৈছিল বিখ্যাত হ’বৰ বাবে, ধনী হ’বৰ বাবে, সফল হ’বৰ বাবে। আৰু তাৰ প্ৰমাণ? ৰাইট ভাতৃদ্বয়ে যেতিয়া উৰণ পৰীক্ষণটো সম্পন্ন কৰিলে লগে লগে ল্যেংলীয়ে কামটো বাদ দি দিলে। তেওঁ প্ৰথম নহ’ল, বিখ্যাত নহ’ল, ধন নাপালে, গতিকে তেওঁ কামটো বাদ দি দিলে। সেই নতুন উদ্ভাৱনক তেওঁ উন্নত কৰাত সহায় কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে!
(৫)
[কাটাৰ অসম সমাজৰ স্মৰণিকা“নেদেখা সোণালী সূতাৰে বন্ধা”ৰ দ্বিতীয় সংখ্যাত প্ৰকাশিত। http://assamsocietyqatar.org/?page_id=90]
No comments:
Post a Comment