tag:blogger.com,1999:blog-7513693875306445040.post600557095578235763..comments2024-01-24T13:23:43.324+05:30Comments on অসমীয়াৰ সুখ-দুখ : সাম্প্ৰতিক প্ৰসংগxukhdukh.comhttp://www.blogger.com/profile/11423931906297733996noreply@blogger.comBlogger5125tag:blogger.com,1999:blog-7513693875306445040.post-51884391085984339842015-11-24T00:09:34.661+05:302015-11-24T00:09:34.661+05:30ছাজিদ ভাই৷ জাযাকাল্লাহু খাইৰা৷ ছাজিদ ভাই৷ জাযাকাল্লাহু খাইৰা৷ অসমীয়া অনুবাদসমূহhttps://www.blogger.com/profile/01858476922557621158noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-91903009821467701012015-11-23T13:45:19.998+05:302015-11-23T13:45:19.998+05:30ফেচবুকৰ পৃষ্টা এটাৰ পৰা কমেন্টো কপি কৰি দিলো যাতে ...ফেচবুকৰ পৃষ্টা এটাৰ পৰা কমেন্টো কপি কৰি দিলো যাতে আজাদ চাহাবে কমেন্টো পঢ়ে...এডমিনhttps://www.blogger.com/profile/02102618992357865138noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-20121071518157125752015-11-23T13:39:29.204+05:302015-11-23T13:39:29.204+05:30আবিদ আজাদ চাহাবৰ এটা প্ৰবন্ধ (ইছলামিক সন্ত্ৰাসবাদৰ...আবিদ আজাদ চাহাবৰ এটা প্ৰবন্ধ (ইছলামিক সন্ত্ৰাসবাদৰ গুৰিবঠা বনাম অসম) ৰ ওপৰত কিছু ব্যক্তিগত অনুভৱ প্ৰকাশ কৰিবলৈ লৈছো। বিষয়টো সাম্প্ৰতিক সময়ৰ সৈতে খাপ খাইছে। তথা অপ্ৰিয় বাস্তৱৰ অনুধাৱন কৰি ভৱিষ্যতটো সুন্দৰ কৰাৰ বাবে কথাখিনি সমাজৰ সচেতন ব্যক্তিসকলে বুজিবলৈ চেষ্টা কৰাটো উচিত। মনৰ দুৱাৰ খুলি মুকলি ভাৱেৰে সকলো পক্ষৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰাৰ আহ্বান জনালো।

এচাম উগ্ৰ লোক মুছলমানৰ নামত মিছা কথা প্ৰচাৰ কৰাৰ বাবে চেষ্টা চলোৱাটো ৰ'দৰ পোহৰৰ দৰে সঁচা। এয়া কোনো নতুনকৈ আৰম্ভ হোৱা কথা নহয়। আন্তৰ্জাতিক প্ৰেক্ষাপটত বহু আগতেই আৰম্ভ হৈছিল এইবোৰ কাণ্ড-কাৰখানা।

এক বৃহৎ সংখ্যক মানুহে ইছলামক সন্ত্ৰাসবাদৰ ধৰ্ম বুলি প্ৰমাণ কৰিব বিচাৰে। হয়তো তাৰে ভিতৰত আবিদ আজাদ চাহাবো এজন। পাকে-প্ৰকাৰে মানুহৰ স্মৃতিৰ পৰা ইছলাম আঁতৰাই দিব বিচাৰে। তেওঁলোকে পাহৰাই পেলাব খোজে ইছলামৰ আদৰ্শ।

মৌলবাদী মুছলিমো আছে, অমুছলিমো আছে; কিন্তু তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে- মৌলবাদীৰ প্ৰকৃত অৰ্থ। প্ৰগতিশীল চিন্তাবিদ, সংস্কাৰক-লিখক আবিদ আজাদে তেখেতৰ ব্লগত মৌলবাদ শব্দটোক সন্ত্ৰাসবাদৰ লগত যোগ কৰি ভয়ংকৰ অৰ্থ প্ৰকাশ কৰিছে। তাৰে লগত ইছলামিক সন্ত্ৰাসবাদী শব্দৰ দ্বাৰা ইছলামক সন্ত্ৰাসবাদ বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰিছে। তদুপৰি 'ৱাহাবি শব্দ আৰু চৌদি আৰৱৰ ওপৰত বহুতো মিছা অপবাদ দিছে আৰু এইবোৰ সম্পৰ্কে অতি ভয়ংকৰ কথা কৈছে যিটো অতি দুখজনক।
তথাপি আমি সহনশীলতা আৰু বিধি বিধতা কামনা কৰোঁ। আমি আন সম্প্ৰদায়ৰ সৈতে মিলিজুলি থাকিব বিচাৰোঁ। মই এতিয়া তেখেতক মৌলবাদী শব্দটোৰ সঠিক ধাৰণা দিম বুলি আশা কৰিছো।

মৌলবাদী শব্দটোৰ সংজ্ঞাঃ

মৌলবাদী এনেকুৱা এজন ব্যক্তি যিজনে অনুসৰণ কৰে তাৰ চিন্তা বিশ্বাসৰ মূলনীতি ও শিক্ষা সমূহক।
কোনোবাই যদি ভাল ডাক্তৰ হ'ব বিচাৰে তেতিয়াহ'লে তাক জানিব লাগিব, বুজিব লাগিব আৰু কঠোৰ অনুশীলন চলাব লাগিব ঔষধৰ মূল কার্যকাৰিতাৰ ওপৰত। অন্য কথাত তেওঁ হ'ব লাগিব ঔষধি জগতৰ একনিষ্ঠ মৌলবাদী। অৰ্থাৎ তেওঁ হব লাগিব মৌলবাদী ডাক্তৰ। একেইভাবে কোনোবাই যদি গণিতজ্ঞ বা গণিতবিদ হ'ব বিচাৰে তেতিয়াহ'লে তাক জানিব লাগিব, বুজিব পৰা হ'ব লাগিব আৰু একাগ্র মনোযোগেৰে অনুশীলনী চলাব লাগিব গণিতৰ মূল সূত্রৰ ওপৰত। অর্থাৎ তাক হ'ব লাগিব গণিত শাস্ত্রৰ মৌলবাদী। একেইভাবে কোনোবাই যদি বিজ্ঞানী হ'ব খুজে তেতিয়াহ'লে তাক জানি ল'ব লাগিব, বুজিব লাগিব আৰু গভীৰ গবেষণাত নিমগ্ন হৈ অনুশীলনী চলাব লাগিব বিজ্ঞান মৌলতত্ত্ব ও মূল সূত্রসমূহৰ ওপৰত। অর্থাৎ তাক হ'ব লাগিব বিজ্ঞান জগতৰ মৌলবাদী।

কিন্তু সকলো মৌলবাদী একে নহয়ঃ

সকলো মৌলবাদীৰ চিত্র যেনেকৈ একেই তুলিকাৰে আঁকিব পৰা নাযাব তেনেকৈ ভাল কি বেয়া কি সেয়া তৎক্ষণাত এনেকৈ কোনো মন্তব্যও কৰিব পৰা নাযাব। যি কোনো মৌলবাদীৰ শ্রেণী বিন্যাস নির্ভৰ কৰে তাৰ কাম ও তাৰ কর্ম জগতক লৈ। এজন মৌলবাদী ডকাইত বা মৌলবাদী চুৰ সমাজৰ বাবে ক্ষতিকাৰক সেয়ে সি গৰিহণাৰ যোগ্য।অন্যহাতে এজন মৌলবাদী চিকিৎসক সমাজৰ বাবে কল্যাণকৰ আৰু শ্রদ্ধা ও সন্মানৰ পাত্র।
ইছলামিক মৌলবাদী হল সেই ব্যক্তি, যিয়ে ইছলামৰ মৌলিক বিষয়বোৰ জানে, অনুসৰণ কৰে আৰু কঠোৰ ভাৱে ইয়াৰ অনুশীলন কৰে। ইছলামৰ মৌলিক বিষয়বোৰ মানৱতাৰ কাৰণে আৰু সমগ্ৰ বিশ্বৰ বাবে কল্যাণকৰ। ইছলামৰ এনেকুৱা এটাও মৌলিক নীতি নাই, যিটো মানৱতাৰ কাৰণে ক্ষতিকৰ। আৰু প্ৰকৃত মুছলিম সকলে মৌলবাদী হবলৈ লজ্জাবোধ নকৰে। মহান আল্লাহৰ দয়াত আমি এজন মৌলবাদী মুছলিম হ'বলৈ পাই গৰ্বিত।

যিসকলে মৌলবাদী মানে সন্ত্ৰাসবাদ বুলি ভাবে, তেওঁলোকৰ জ্ঞান নাই বুলি ভাবো। অল্প বিদ্যা ভয়ংকৰী- এইটো আবিদ আজাদ চাহাবৰ পৰা স্পষ্ট হৈ উঠিছে।এডমিনhttps://www.blogger.com/profile/02102618992357865138noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-19633616825406123012015-11-21T22:21:23.395+05:302015-11-21T22:21:23.395+05:30অতি সুন্দৰ লিখনি৷ সৎ সাহস কৰি এই সময়োপযোগী প্ৰবন্ধ...অতি সুন্দৰ লিখনি৷ সৎ সাহস কৰি এই সময়োপযোগী প্ৰবন্ধ লিখাৰ বাবে - শ্ৰীমান আবিদ আজাদ লৈ মোৰ শত প্ৰনাম ৷
যি "ধৰ্ম"ই কাৰোবাক সপ্তম-অষ্টম শতিকালৈ ঢেলি দিব বিচাৰে, নিজৰ প্ৰতিবেশীক ঘৃণা কৰিবলৈ শিকাই আৰু সুদূৰ আৰবদেশৰ আদব-কাইটা গ্ৰহণ কৰিবলৈ শিকাই তাক আমি সজোৰে ওফৰাই পেলাবই লাগিব৷ নহ’লে কি হৈছে তাৰ পৰিনাম আমি জানো৷ আজান-শংকৰৰৰ দেশত আজান-শংকৰৰ ধৰ্মহে চলিব৷ ই কাৰোবাৰ কাৰণে "ভেজাল" হ’লেও ই যে এই শতিকাৰ অতি প্ৰয়োজনীয় হৈ পৰিছে তাক আমি নিজ চকুৰে দেখিছোঁ৷ তথাকথিত বিশুদ্ধ ধৰ্মৰ ভয়ংকৰ পৰিণতিবোৰ আমি ইতিমধ্যে দেখিছোঁ৷ সেইবোৰ আমাৰ নিশ্চয় কাম্য নহয়৷Bikram M Baruah বিক্ৰম ম বৰুৱাhttps://www.blogger.com/profile/13743283097368936807noreply@blogger.comtag:blogger.com,1999:blog-7513693875306445040.post-55068458272669416242015-11-21T21:30:03.615+05:302015-11-21T21:30:03.615+05:30প্ৰথম খণ্ডঃ
আবিদ আজাদ চাহাবৰ মনতে পুঁহি ৰখা বহু দ...
প্ৰথম খণ্ডঃ

আবিদ আজাদ চাহাবৰ মনতে পুঁহি ৰখা বহু দিনৰ শত্ৰুতা আৰু ঈৰ্ষামূলক বিজানু সদৃশ অনুভৱ খিনি পঢ়ি এষাৰ লিখিবলৈ বাধ্য হলো। তেওঁ প্ৰথম শাৰীতে লিখিছেঃ

{ইছলাম, ইছলামিক মৌলবাদ, ইছলামিক সন্ত্ৰাসবাদৰ ওপৰত কিছু ব্যক্তিগত অনুভৱ প্ৰকাশ কৰিবলৈ লৈছো।}

তেওঁৰ প্ৰথম বাক্যশাৰীয়ে প্ৰকাশ কৰিছে যে, তেওঁৰ মনত ইছলাম সম্পৰ্কে বিষাক্ত বিজানুয়ে আক্ৰমণ কৰিছে। আৰু মই ভাৱোঁ তেওঁ কেৱল ইছলামৰ শত্ৰু নহয় বৰং যিকোনো ধৰ্মৰ শত্ৰু। কাৰণ কোনো ধৰ্ময় সন্ত্ৰাসবাদৰ শিক্ষা নিদিয়ে। সন্ত্ৰাসবাদৰ কোনো নিজা ধৰ্ম নাই। এনে লিখনিৰ দ্বাৰা তেওঁ সম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাব বিচাৰে। এই দৃষ্টিৰে লক্ষ্য কৰিলে তেওঁ নিজেই এজন সন্ত্ৰাসবাদ। কাৰণ, মিলা-প্ৰীতিৰে বাস কৰা এটা ঠাইত বিশেষ এটা জাতিক জগৰীয়া কৰাটো সমিচীন নে? কোনো এটা জাতিৰ কোনো এজন ব্যক্তিয়ে দোষ কৰিলে সেই দোষ গোটেই জাতিৰ ওপৰত জাপি দিয়াটো ঠিক নে? কোনো বিবেকবান ব্যক্তিয়েই ইয়াক সমৰ্থন নকৰিব। ধৰা হ’ল আবিদ আজাদে কিবা এটা অপৰাধ কৰিছে সেই বুলি তেওঁৰ গোটেই বংশ অপৰাধী নে? গতিকে এনে ধৰণৰ বাক্য ব্যৱহাৰ কেৱল কাণ্ডজ্ঞান নথকা বিবেকহীন লোকৰ পৰিচয়।
এইটো কথা সঁচা যে, বিভিন্ন জনে বিভিন্ন ধৰণে সন্ত্ৰাসবাদ শব্দটো অপব্যৱহাৰ কৰে। একে সময়তে এজন ব্যক্তি কাৰোবাৰ চকুত সন্ত্ৰাসবাদ আকৌ কাৰোবাৰ চকুত দেশভক্ত হিচাপে পৰিলক্ষিত হয়। গতিকে সন্ত্ৰাসবাদ শব্দটো ব্যৱহাৰ কাৰী ব্যক্তিৰ পিনে দৃষ্টিপাত কৰা অত্যান্ত আৱশ্যক।
ইয়াত আবিদ চাহাবেও সেই পদ্ধতিয়েই অৱলম্বন কৰিছে(সন্ত্ৰাসবাদ শব্দটোৰ অপব্যৱহাৰ কৰাৰ প্ৰায়াস কৰিছে)। ইছলামে কেতিয়াও সন্ত্ৰাসবাদক অনুমোদন নকৰে। আৰু কেনেকৈ এইটো কৰিব পাৰে যাৰ শাব্দিক অৰ্থই হৈছে শান্তি, তাৰ আদেশ-নিষেধ কেনেকুৱা হ’ব এইটো নুন্যতম জ্ঞান থকা ব্যক্তিও অনুধাবন কৰিব পাৰিব। যি ধৰ্মই যুদ্ধত তাৰ সৈন্য বাহিনিক আদেশ দিয়েঃ
গছ নাকাটিবা। মহিলা আৰু শিশু সকলৰ ওপৰত আক্ৰমণ নকৰিবা। বেমাৰি ব্যক্তিক আক্ৰমণ নকৰিবা। বয়সস্থ ব্যক্তিক আক্ৰমণ নকৰিবা। ইবাদত ঘৰ ধ্বংস নকৰিবা। মৃত ব্যক্তিক বিকৃত নকৰিবা (অংগ প্ৰতংগ নাকাটিবা)। ঘৰ দুৱাৰ ধ্বংস নকৰিবা। কোনো পশু নামাৰিবা (খোৱাৰ বাহিৰে) আত্মসমৰ্পণকাৰীক নামাৰিবা। পলোৱাই যোৱা ব্যক্তিক নামাৰিবা আৰু ইছলামত প্ৰৱেশ কৰিবলৈ কাকো জবৰদস্তি নকৰিবা।
তথাপিও এনে এটা সুন্দৰ ধৰ্মক বদনাম কৰিবলৈ কিছুমান কিটানুমেন উঠি পৰি লাগিছে। এনে অপশক্তিক দমন কৰিবলৈ আল্লাহেই যথেষ্ট। যুগে যুগে তাৰ প্ৰমাণ হৈ গৈছে।

তেওঁ আন এটা বাক্যত কৈছেঃ
{এচাম মুছলমান লোক উগ্ৰ মুছলমান হ'বলৈ ধৰাটো ৰ'দৰ পোহৰৰ দৰে সঁচা। এয়া কোনো নতুনকৈ আৰম্ভ হোৱা কথা নহয়। আন্তৰ্জাতিক প্ৰেক্ষাপটত বহু আগতেই আৰম্ভ হৈছিল এইবোৰ কাণ্ড-কাৰখানা। এক বৃহৎ সংখ্যক মুছলমানে ইছলামক সপ্তম-অষ্টম শতিকালৈ পুনৰ ঘূৰাই লৈ যাব বিচাৰে। তেওঁলোকে প্ৰতিজন মুছলমানৰ চাল-চলন, পিন্ধন-উৰণ, চিন্তাধাৰা সপ্তম-অষ্টম শতিকাৰ আৰৱ দেশৰ স্থানীয় লোক সকলৰ দৰে হোৱাটো উগ্ৰ ভাৱে বিচাৰে।}

আবিদ চাহাব ময়ো এজন প্ৰকৃত মুছলিম হোৱাটো কামনা কৰোঁ। আৰু প্ৰকৃত ইছলাম সেইটোৱে যিটো নবী মুহাম্মদ চাল্লাল্লাহু আলাই অছাল্লামে প্ৰচাৰ কৰি গৈছে। সেই শতিকাত উভতি যোৱাটো প্ৰত্যেক মুছলিমৰ কাম্য। য’ত নাই কোনো কৰেপচন, ধোঁকা বাজি, চুৰি-ডকাইতি, জিনা-ব্যভিচাৰ, হত্যা লুন্ঠণ আৰু নাস্তিকতাবাদ প্ৰৱনতা ইত্যাদি। গতিকে এনে এক সমাজত উভতি যোৱাটো প্ৰত্যেক মুছলিমৰেই নহয় বৰং প্ৰত্যেক সুস্থ বিবেকবান মানুহৰ কাম্য।

আৰু কৈছেঃ
{তেওঁলোকৰ মতে সপ্তম-অষ্টম শতিকাৰ আৰব দেশৰ ইছলামেই হৈছে একমাত্ৰ পৰিশুদ্ধ ইছলাম! ইছলামক এইধৰণে ঘূৰাই পাব বিচৰা অতীতমূখী, পুনৰুত্থানবাদী ধাৰাটোকে কোৱা হয়- 'ৱাহাবিজম'৷ }

নিশ্চয়, সঁচা কথা, মোৰ মতেও সপ্তম-অষ্টম শতিকাৰ আৰব দেশৰ ইছলামেই হৈছে একমাত্ৰ পৰিশুদ্ধ ইছলাম। যদি সেই ইছলামক ঘুৰাই পোৱাৰ আশা পোষনকাৰী ধাৰণাটোক ৱাহাবিজম বুলি কোৱা হয় তেন্তে ময়ো এজন ৱাহাবী। কিন্তু এই নাম কেৱল উপলুঙা কৰিবলৈহে ব্যৱহাৰ কৰে। প্ৰত্যেকজন মুছলিমেই সেই হেৰাই যোৱা ইছলামক পাব বিচাৰে কেৱল আপোনাৰ দৰে নাস্তিকৰ বাহিৰে। বৰ্তমান বিশ্বত একমাত্ৰ ছৌদি আৰবেই সেই দেশ য’ত প্ৰকৃত ইছলামৰ চিন্তা-ধাৰা জীৱিত আছে। সেয়ে নাস্তিকসকলৰ সহ্য নহয় কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰৰ দ্বাৰা অপবাদ দি থাকে। প্ৰকৃত ইছলামৰ এই পতাকা কিয়ামতৰ পোৱালৈকে বিশ্বৰ চুকে কোনে ওলমী থাকিব ইন শ্বা আল্লাহ।

অব্যাহত........অসমীয়া অনুবাদসমূহhttps://www.blogger.com/profile/01858476922557621158noreply@blogger.com