মনৰ কথা:: জাতীয় নেতৃত্বৰ প্ৰশ্নঃ প্ৰতিভাৰ পৰা পতানলৈ আৰু বিকল্প সন্ধানৰ নতুন চেলেঞ্জ! :: বুলন কুমাৰ শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথা:: জাতীয় নেতৃত্বৰ প্ৰশ্নঃ প্ৰতিভাৰ পৰা পতানলৈ আৰু বিকল্প সন্ধানৰ নতুন চেলেঞ্জ! :: বুলন কুমাৰ শইকীয়া

মনৰ কথা:: জাতীয় নেতৃত্বৰ প্ৰশ্নঃ প্ৰতিভাৰ পৰা পতানলৈ আৰু বিকল্প সন্ধানৰ নতুন চেলেঞ্জ! :: বুলন কুমাৰ শইকীয়া

Share This
বিগত সময়ছোৱাত নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনৰ বিৰোধিতাৰে আয়োজিত কেইখনমান সভাত মই দুআষাৰ কোৱাৰ সুযোগ পাইছিলোঁ ৷ এনে সভাসমূহত মই প্ৰায়ে সৰ্বা আৰু হিমন্তবিশ্বৰ প্ৰসংগৰে আৰম্ভ কৰিছিলোঁ ৷ অতএৱ, মোৰ পোনপটীয়া বক্তব্য আছিল অসমীয়াই হাহাকাৰ কৰিবলগীয়া আজিৰ এই পৰিস্থিতিৰ বাবে পোনতে দায়ী আবেগ সৰ্বস্ব অসমীয়াই নিজে ৷ কাৰণ সৰ্বানন্দই অগপৰ নেতৃত্ব নোপোৱাত জাতীয়তাবাদীৰ শিবিৰ পৰিত্যাগ কৰিছে একেদৰে কংগ্ৰেছত নিজৰ দিন চমু চাপি অহাৰ বাবেই হিমন্তয়ো বিজেপিত আশ্ৰয় লৈছে ৷ নিজস্ব ৰাজনৈতিক মতাদৰ্শক ক্ষমতাৰ স্বাৰ্থত ৰাতিটোৰ ভিতৰতে বিসৰ্জন দিব পৰা এই দুগৰাকী নেতাই অসমৰ পৰিবৰ্তন আনি দিব বুলি ৰাইজে অকপটে বিশ্বাস কৰি লোৱাটোৱেই আছিল অসমৰ সাধাৰণ মানুহৰ চৰম মূৰ্খামী ৷
অৱশ্যে সভাত যিয়েইবা নক’লেও এটা কথা ক’বই লাগিব সঁচাই হওক, মিছাই হওক, ভুৱাই হওক বা শুদ্ধই হওক সৰ্বা হিমন্তহঁতে শাসনভাৰ চম্ভালিছে প্ৰায় ৮৪% ভোটদান সম্পন্ন এটা নিৰ্বাচনী প্ৰক্ৰিয়াৰে জয় লাভ কৰি ৷ ৯১ চনত তদানীন্তন হিতেশ্বৰ শইকীয়াই মন্ত্ৰী সভা গঠন কৰাবৰ বেলিকা ভোটদানৰ হাৰ আছিল ২৮ শতাংশ। অৰ্থাৎ ৭২% ই নিৰ্বাচনী প্ৰক্ৰিয়াটোত অংশগ্ৰহণেই কৰা নাছিল ৷ তৰুণ গগৈৰ বেলিকা সেই হাৰটো সম্পূৰ্ণ বিপৰীত হ’ল ৷ গগৈয়ে ০৬'ত চৰকাৰ গঠন কৰিবৰ বেলিকা ভোটদানৰ হাৰ হ’লগৈ ৭২% ! অৰ্থাৎ ২৮% আঁতৰি থাকিল নিৰ্বাচনটোৰ পৰা ৷ সেই হিচাপত সৰ্বানন্দ সোনোৱাল চৰকাৰ গঠনৰ বেলিকা জনসাধাৰণৰ আশা আৰু অংশগ্ৰহণ আমি দেখি অহা নিৰ্বাচনবোৰৰ মাজত অধিক বেছি আছিল ৷ সোনোৱালৰ ওপৰত মানুহৰ আশাবাদ থকাৰ কাৰণটো আছিল তেওঁৰ দীৰ্ঘকালীন সংগ্ৰামী নেতৃত্বৰ বলিষ্ঠ ৰূপটো৷ ব্যক্তিগ’তভাবে মই সোনোৱালে চৰকাৰখনৰ দায়িত্ব লোৱাৰ পাছত বিভিন্ন কাকতত এই কথাটো লিখিছিলো যে সৰ্বানন্দ সোনোৱালৰ দায়িত্ব এটা বিশেষ কাৰণত অধিক বৃদ্ধি পাইছে ৷ সেয়া হ’ল সৰ্বানন্দ সোনোৱাল যিখন ঠাইৰ সন্তান সেই একেখন ঠাইৰে আন এগৰাকী সন্তান পৰেশ বৰুৱাই ভাৰতীয় ৰাষ্ট্ৰব্যৱস্থাৰ বিৰুদ্ধে যুঁজি আহিছে ৷ এতেকে নিৰ্বাচনটোত ইমান বিপুল সংখ্যকৰ সমৰ্থন লাভ কৰা সোনোৱালে নিজৰ ভূমিকাৰে ভাৰতীয় ব্যৱস্থাটোৰ মাজত অসমীয়া জাতিটোৰ বাবে যৎপৰোনাস্তি কৰি পৰিৱেশ ৰচনা কৰিব লাগিব যাতে সশস্ত্ৰ পন্থাৰ প্ৰতি আমাৰ নতুন প্ৰজন্ম আকৰ্ষিত নহয় ৷ কাৰ্যত সেয়া হৈ নুঠিল ৷ ৰাজনৈতিক প্ৰতিভা থাকিও সৰ্বা ওলাই পৰিল পতান হিচাপেহে৷ 

হিমন্তৰ ক্ষেত্ৰতো একেই কথা খাটে ৷ হিমন্ত সুযোগসন্ধানী, চতুৰ ৷ ৰাজনীতিত সেইখিনি লাগিবই ৷ কিন্তু সেই দুটা গুণৰ বিপৰীতে হিমন্তৰ আন কেইবাটাও বদগুণ আছে ৷ সেই তালিকাখনৰ সকলোবোৰ বাদ দিও যদি তিনিটামান বদগুণ লওঁ তেন্তে তালিকাত উঠিব লুভীয়া, উদঙীয়া আৰু লেংমৰা স্বভাৱ ৷ কিন্তু সেয়ে হ’লেও চৰকাৰী চিকিৎসালয় সমূহলৈ মানুহ যাব পৰা ব্যৱস্থা এটা হিমন্তৰ দিনতে সম্ভৱ হ’ল ৷ তাৰোপৰি টেট পৰীক্ষাৰ দ্বাৰা অন্ততঃ যোগ্য ল’ৰা ছোৱালী কিছুমানে চৰকাৰী বিদ্যালয়ৰ পৰিক্ৰমাটোত সোমাই পৰিল আৰু অপাৰেচন ব্লেক বৰ্ডৰ জৰিয়তে অগপৰ দিনত শিক্ষা ব্যৱস্থাটোক কবৰ দিয়াৰ যি কাৰ্য আৰম্ভ হৈছিল সি চূড়ান্ত ৰূপ লোৱাৰ পৰা ৰক্ষা পৰিল ৷ এই দুই পদক্ষেপৰ বাদে হিমন্তৰ তেনে কোনো বিশেষ কৃতিত্ব নাই ৷ অৱশ্যে দুয়োটা পদক্ষেপৰে সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱো আছে ৷ কিন্তু থাকিলে কি হ’ব ? দুষ্ট গুণেৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ অনবৰতে বিচাৰি থকা হিমন্তৰ ৰাজনৈতিক প্ৰতিভাও সেই বিচাৰত পতানহে ৷

প্ৰতিভাৰ পৰা পতানলৈকে এই দৃষ্টান্ত কেইটা মনলৈ অহাৰ কাৰণ আছে ৷ বিধেয়কখন ৰাজ্যসভাত অৱশেষত নুঠিল ৷ ইয়াকে লৈ ৰাজ্যত আৱতৰীয়া দেৱালী উদ্‌যাপিত হ’ল ৷ অৱশ্যে আই.এম.ডি.আইন বাতিলৰ দিনাও একেই ফটকাবাজি হৈছিল ৷ কিন্তু কামতহে নাহিল ৷ বিধেয়ক বিফলকাম হোৱাৰ পাছত হোৱা ফটকাবাজিৰো কিবা অৰ্থ থাকিবনে ? মোৰ হিচাপত নাথাকে ৷ কালি বহুতৰ মুখত শুনিলোঁ : এয়া গণতন্ত্ৰৰ জয় ৷ হাৰে ! কি গণতন্ত্ৰহে ! সংসদীয় সমিতিয়ে গুৱাহাটী আৰু শিলচৰত মতামত লৈ , উজনি অসমলৈ আহিম বুলি প্ৰতিশ্ৰুতি দিও মূৰপোলোকা মৰা গণতন্ত্ৰই নহয় জানো এয়া ? কি গণতন্ত্ৰৰ জয় হ’ল ? য’ত প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ ক’লা পতাকা দেখিও কৈ থাকে বিধেয়ক আনিমেই - হিন্দু বাংলাদেশীক এটা এটাকৈ ঠাই দিমেই ! সেই গণতন্ত্ৰৰ জয় হ’ল? কোনোবাই আকৌ মোদী, সৰ্বা, হিমন্ত, ৰঞ্জিত দাস, অমিত শ্বাহৰ ফটো আঁৰি ঘোষণাই কৰিছে অসমীয়া জাতিৰ মূল শত্ৰু এইকেইটাই বুলি ? শত্ৰু কোন ? ভাৰতীয় মেকানিজিমটো নে সেই মেকানিজিমটো লালন পালন কৰা সামান্য কেইটামান ৰাজনৈতিক মানুহ ? দৃশ্যমান বাতৰি বিলাকত দেখিলোঁ অখিলে সংসদৰ বাকৰিত ফোপাই জোপাই "জিকিলো দেই আমি, জিকিলোঁ " বুলি বৰ হৰিষ বদনৰে কেমেৰাৰ আগত ওলাইছে ৷ 

অখিলো একপ্ৰকাৰ পতানেই ৷ প্ৰতিভাৰ পতান ৷ ২০১৪ চনত অখিলে কোনকেইটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক সমৰ্থন জনাইছিল মনত আছেনে ? সেই সমষ্টি কেইটাৰ বিজয়ী বিজেপি সাংসদকেইজনৰ বিধেয়ক বিৰোধী আন্দোলনত কি ভূমিকা আছিল অখিলে সদৰী কৰিব নে ? সেইসকলৰ নিমাতী অৱস্থানৰ বাবে অখিল গগৈয়ে ৰাজহুৱা ক্ষমা বিচাৰিবনে ? নে এই সাময়িক বিজয়তে অসমত যি সংগ্ৰামী সত্তা জাগি উঠিছিল তাৰ আধ্যা পৰাৰ ব্যৱস্থাখিনিকে কৰিছে অখিল - সমুজ্বলে ? আৰু সমুজ্বল ভট্ট ! সমুজ্বল ভট্টই নিজৰ সংগ্ৰামী চেতনা আৰু অভিজ্ঞতাৰে কাক উজ্জীৱিত কৰিব পাৰিছে সেই ক্ষেত্ৰত মোৰ সন্দেহ আছে ৷ দীৰ্ঘদিনৰ সংগ্ৰামী সতীৰ্থ সৰ্বানন্দই অসমৰ মানুহক এই ৩৩ মাহতে তিতা কেঁহা লগাই দিলে ৷ সৌ সিদিনালৈকে সমুজ্বলৰ লগতে থাকি জাতীয় সমস্যাৰ বিৰুদ্ধে সৰব তপন গগৈয়ে ভলঙা খাকী হাফ পেন্টটো পিন্ধিবলৈ পায়েই সলনি হৈ গ’ল ৷ ৱাহ্‌ তপনক আছুৰ পৰা সাংগঠনিক বিদায় দিবলৈ কি আয়োজন আছিল ? সেই তপন গগৈৰ পৰা বিলখনৰ বিপক্ষে এষাৰ মাত উলিয়াবলৈ সমৰ্থ নহ’ল সমুজ্বল ভট্ট ৷ বিজেপিৰ মানুহে আছুৰ পতাকা গচকিলে ৷ আছুৰ ল’ৰাক থানাৰ ভিতৰত সোমাই আৰক্ষীৰ সন্মুখতেই কোবালে ৷ তিনিচুকীয়াত বিজেপিৰ মানুহক প্ৰহাৰ কৰাৰ বাবে আৰক্ষীয়ে আছুৰ ল’ৰাক বিচাৰি বিচাৰি জেল হাজোতলৈ পঠিয়ালে ৷ গণতন্ত্ৰ ক’ত সমুজ্বল ডাঙৰীয়া ? ফটকাবাজিৰ যুক্তি ক’ত ? একে সময়তে কিন্তু আছুৰ কাৰ্যালয়ত বজৰংগ দলৰ ফেষ্টুন দেখি ছচিয়েল মিডিয়াত ভিডিঅ দিয়া নলবাৰীৰ সচেতন শিক্ষক জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তীৰ কাহিনীটোৱো আমাৰ মনত আছে ৷ আছুৰ অভিযোগত চক্ৰৱৰ্তী জেললৈ গৈছিল ৷ উচ্চতম ন্যায়ালয়ে তেওঁক চাকৰিত যোগদানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক কেতিয়াবাই নিৰ্দেশ দিলে ৷ কিন্তু চৰকাৰেহে আজিকোপতি গ্ৰাহ্য কৰা নাই ৷ বিজেপিৰ হাতত আছুৰ ল’ৰাই মাৰ খালে আছুৰ পতাকাই খালে বিজেপিৰ গছক, এইবোৰ কথা শুনিলেই মোৰ মনত পৰে জ্ঞানেন চক্ৰৱৰ্তীলৈ ৷ আছু এটা শক্তি ৷ প্ৰবল শক্তি ৷ সেই শক্তিটো ফুল পাৱাৰৰ চশমা পিন্ধি চলাবলৈ যাওঁতে সতৰ্ক হ’বই লাগিব ৷ মনত ৰখাটো ভাল- দৃষ্টিশক্তিৰ অভাৱ হ’লেহে চশমাৰ প্ৰয়োজনীয়তা আহে ৷ 

খন্তেকীয়া আৱেগৰ পৰা আপোনালোক নামি আহক ৷ প্ৰকৃত যুঁজ এতিয়াৰ পৰা আৰম্ভ হৈছেহে ৷ উচ্চতম ন্যায়ালয়ত বিধেয়ক সংক্ৰান্তীয় এখন আবেদন প্ৰত্যাখ্যান কৰি বিচাৰক সকলে কৈছিল : ৰাজ্যসভাত বিধেয়ক গৃহীত হওক বা নহওক, মুঠৰ ওপৰত ৰাজ্যসভালৈ বিষয়টো গ’লেহে বিধেয়ক সংক্ৰান্তীয় শুনানী প্ৰকৃততে আদালতে কৰিব পাৰিব ৷ এতিয়া এখন্তেকো জিৰণি নলৈ বিধেয়ককখনৰ জনি মাৰিবলৈ আইনী সাহাৰ্য গ্ৰহণ কৰিব লাগে ৷ যুঁজ কৰক পাছপৰ্ট আইনখন সলনি কৰা কাৰ্যৰ বিৰুদ্ধেও ৷

দ্বিতীয়টো কথা হ’ল : বিধেয়ক বিৰোধী আন্দোলনে গৈ দেশৰ বিৰোধী ৰাজনৈতিক দলবিলাকৰ ওচৰত কাওবাও কৰিবলগীয়া হ’ল ৷ এনে কাওবাও অনন্তকাললৈ চলি থাকিব দিব নোৱাৰি ৷ তাৰ কাৰণে নিজাববীয়া ৰাজনৈতিক চিন্তা লাগিব। মেঘালয়, মিজোৰামে দেখুৱালে নিজস্ব ৰাজনৈতিক চিন্তাধাৰা কাক কয় ৷ বিজেপিৰ পোছাক পিন্ধিও অৰুণাচল আৰু মণিপুৰে দেখুৱাই দিলে জাতীয় স্বাৰ্থত আপোচবিহীনতা কাক কয় ৷ অসমত বিধেয়ক বিৰোধী তথাকথিত অৰাজনৈতিক দলকেইটাই শেষলৈকে একেলগ হ’ব নোৱাৰিলে ৷ ইমানৰ পাছতো কিন্তু খন্তেকীয়া আৱেগত উটিভাহি যাবলৈ কোনোৱে কেৰেপ কৰা নাই ৷ সেয়ে সকলো দিশ চালি জাৰিয়েই কৈছোঁ : আচল সংগ্ৰামখন এতিয়াৰ পৰা আৰম্ভ হ’বহে ৷ ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থাই গণতন্ত্ৰক শ্ৰদ্ধা কৰিবলৈ নাজানে বাবেহে এইখন বিধেয়ক ৷ এতেকে ইমানতে গণতন্ত্ৰৰ বিজয়, ৰাইজৰ বিজয় বুলি গংগাটোপ হৈ থাকাবৰ কোনো দৰকাৰ নাই ৷

অসমে দিল্লীৰ সন্মুখত যুদ্ধংদেহি আঞ্চলিক ৰাজনীতিৰ দৰ্শন ল’ব লাগিব পাহাৰীয়া ৰাজ্যকেইখনৰ দৰে ৷ জানোঁ, অসমত ৰাজনৈতিকভাবে প্ৰত্যয় জন্মাবলৈ বহু কষ্ট হ’ব ৷ কিন্তু মানুহ সচেতন হৈছে আৰু বিকল্প শক্তি বিচাৰিছে ৷ সেই পৰিৱেশটোৱে যিখিনি দাবী কৰিছে তাক লালিত পালিত কৰিব লাগিবই ৷ তাৰ কাৰণে জাতীয় শক্তিসমূহৰ বিভাজিত শক্তি কোনোপধ্যেই কাম্য নহয় ৷ নেতৃত্বত থকাসকলে এতিয়া চূড়ান্ত কৰক তেওঁলোকে পতান হৈ থাকিবলৈ ভাল পাবনে নাপায় ?

1 comment:

  1. . hosake bor dhunia lgl pohi. https://assamcareerpoint.info/jobs-at-jorhat/

    ReplyDelete