মনৰ কথাঃ অসমীয়া সাংবাদিকতাৰ গতিধাৰা আৰু "NEWS18 অসম-নৰ্থ ইষ্টৰ পদত্যাগী সম্পাদক" পৰাগমণি আদিত্য:: জিয়াউৰ ৰহমান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অসমীয়া সাংবাদিকতাৰ গতিধাৰা আৰু "NEWS18 অসম-নৰ্থ ইষ্টৰ পদত্যাগী সম্পাদক" পৰাগমণি আদিত্য:: জিয়াউৰ ৰহমান

মনৰ কথাঃ অসমীয়া সাংবাদিকতাৰ গতিধাৰা আৰু "NEWS18 অসম-নৰ্থ ইষ্টৰ পদত্যাগী সম্পাদক" পৰাগমণি আদিত্য:: জিয়াউৰ ৰহমান

Share This
মোৰ লেখা-মেলা তথা চিন্তা-চেতনাত যিসকল ব্যক্তিৰ সবাতোকৈ বেছি প্ৰভাৱ পৰিছে, তেওঁলোকৰ ভিতৰত প্ৰধান হ'ল হোমেন বৰগোহাঞি, মনোজ গোস্বামী, দিগন্ত ওজা আৰু পৰাগমনি আদিত্য৷ তাৰ কাৰণ হ'ল, মোৰ সাংবাদিক জীৱন আৰম্ভ হৈছিল 'আমাৰ অসম' কাকতৰ যোগেদি৷ ১৯৯৭ চনত 'আমাৰ অসমে' মোক কাকতখন নীলবাগানৰ স্থানীয় সংবাদদাতা নিযুক্ত কৰিছিল৷

মূল কাহিনীলৈ যোৱাৰ আগতে অসমৰ সংবাদ জগতৰ চৰিত্ৰগত এটা বৈশিষ্টৰ বিষয়ে কৈ লোৱাটো উচিত বুলি ভাৱিছো৷ সেয়া হ'ল, মোৰ বিচাৰত বৰ্তমান কালৰ অসমৰ সংবাদ জগতখন মূলত: দুটা মৌলিক ধাৰা/ট্ৰেন্ড(trend)ক অনুসৰণ কৰি চলে৷ এই ধাৰা দুটাৰ এটা ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ ধাৰা, আনটো অজিত কুমাৰ ভূঞাৰ ধাৰা৷

অসম আন্দোলনলৈকে অসমত সাংবাদিকতাৰ ট্ৰেন্ড এটাই আছিল - সেয়া কীৰ্তিনাথ হাজৰিকাৰ ট্ৰেন্ড৷ সেই ট্ৰেন্ড আশীৰ দশকৰ শেষ আৰু নব্বৈৰ দশকৰ আৰম্ভণিলৈকে ধীৰেন চক্ৰৱৰ্তীয়ে অকলে চলাই নিছিল৷ কিন্তু নব্বৈৰ দশকৰ আৰম্ভণিৰ ফালে জয়ন্ত বৰুৱাই প্ৰথমে 'সাদিন' আৰু পিছলৈ 'অসমীয়া প্ৰতিদিন' কাকত উলিয়াই অজিত ভূঞাৰ হাতত নেতৃত্ব অৰ্পন কৰে৷ ধীৰেন চক্ৰৱৰ্তীৰ ধাৰাটো আছিল জাতীয়তাবাদৰ নামত কৌশলপূৰ্ণভাৱে সাম্প্ৰদায়িকতাবাদৰ সম্প্ৰসাৰণ৷ কিন্তু অজিত ভূঞাই হিন্দু-মুছলিম উভয়ৰ সমৰ্থন-সহযোগেৰে জাতীয়তাবাদ সম্প্ৰসাৰণৰ ধাৰা এটা প্ৰতিষ্ঠা কৰে -যাৰ সৈতে সংগ্ৰামী চেতনা এটা সদায় জড়িত থাকে৷ 'আজিৰ বাতৰি' কাকতত মনোজ গোস্বামী আছিল ধীৰেন চক্ৰৱৰ্তীৰ প্ৰধান সেনাপতি৷ কিন্তু মনোজদাই হোমেন বৰগোহাঞিৰ নেতৃত্বত জি এল আগৰৱালাৰ দ্বাৰা 'আমাৰ অসম' উলিয়াই উল্লিখিত দুয়োটা ধাৰাতকৈ ভিন্ন এটা ধাৰাৰ প্ৰৱৰ্তন কৰিলে যিটো ধাৰা যথাসম্ভৱ নিখুঁতভাৱে 'হাৰ্ডকোৰ জাৰ্নালিজম'ৰ ওপৰত প্ৰতিষ্ঠিত৷ পিছলৈ মনোজদাহঁতে সেই ধাৰাটো সম্পূৰ্ণৰূপে ধৰি ৰাখিব নোৱাৰিলে যদিও তাৰ দ্বাৰা হোৱা সৰ্ববৃহৎ লাভটো হ'ল- দিগন্ত ওজা, পৰাগমণি আদিত্য, গৌতম শৰ্মা, হীৰেন শইকীয়া, প্ৰাণজিৎ শইকীয়া, ছায়ামণি ভূঞাৰ দৰে 'হাৰ্ডকোৰ' আৰু 'প্ৰফেচনেল' সাংবাদিক কেইজনমানৰ জন্ম হ'ল৷

মন কৰিব, অসমৰ সংবাদ জগতত যিকেইজন সাংবাদিকে সাংবাদিকতাৰ মৌলিক ধৰ্ম ৰক্ষা কৰি, ন্যূনতম সততাখিনি বিসৰ্জন নিদিয়াকৈ, দায়বদ্ধতা সহকাৰে কাম কৰি আছে, সেইকেইজনৰ ভিতৰত মই কোৱাকেইজন উল্লেখযোগ্য৷ আৰু মই যিহেতু 'আমাৰ অসম'ৰ যোগেদি সংবাদৰ জগতত প্ৰৱেশ কৰিছিলো; আৰু সেই সূত্ৰে এইকেইজনৰ কাম-কাজক অনুসৰণ কৰি চলিছিলো, সেয়ে স্বাভাৱিক কাৰণতে মোৰ লেখা-মেলাত 'আমাৰ অসম'ৰ পোনপটীয়া প্ৰভাৱ পৰিছে৷ যিকোনো বিষয়ক বৃত্তৰ বাহিৰলৈ গৈ বিশ্লেষণ কৰাৰ হোমেন বৰগোহাঞিৰ ষ্টাইল, বাতৰিক বাতৰি হিচাপেই উপস্থাপন কৰা তথা বাতৰিৰ সৈতে কেতিয়াও কম্প্ৰ'মাইজ নকৰাৰ মনোজ গোস্বামীৰ নীতি আৰু বিষয়বস্তৰ উপস্থাপনৰ ক্ষেত্ৰত ভাষাৰ বিশুদ্ধতা তথা সাৱলীলতাক গুৰুত্ব দিয়াৰ দিগন্ত ওজাৰ আদৰ্শ - এইকেইটা কথাক মই সদায় মানি চলাৰ চেষ্টা কৰি আহিছো৷

পিচে মোৰ সাংবাদিক জীৱনত পৰাগমণি আদিত্যৰ প্ৰভাৱ আৰু অৱদান বিশেষভাৱে উল্লেখ কৰিবলগীয়া৷ কাৰণ মই যেতিয়া 'আমাৰ অসম'ৰ সংবাদদাতা হৈছিলো, তেতিয়া সমগ্ৰ দক্ষিণ নগাওঁ এলেকাত (বৰ্তমানৰ হোজাই জিলা) কোনো মুছলিম ল'ৰা/ব্যক্তি মেইনষ্ট্ৰীম কাকতৰ সৈতে জড়িত নাছিল৷ আমাৰ তাত মেইনষ্ট্ৰীম অৰ্থাৎ মূল সুঁতিৰ বাতৰি কাকতৰ সাংবাদিক আছিল - হোজাইত ডঃ সাৰদানন্দ দেৱগোস্বামী, পি কে শৰ্মা, জয়ন্ত চৌধুৰী, মনজিৎ ৰায়, কিশলয় দেৱগোস্বামী, ৰাজু গুপ্তা, আৰ কে ৰথ আদি৷ লংকাত তোষেশ্বৰ তামুলী, মুকুল গোস্বামী, মানিক দে' আদি৷

মই 'আমাৰ অসম'ৰ সংবাদদাতা হ'বলৈ আবেদন কৰোতে হোজাইৰ পৰা মোৰ বিষয়ে নিগেটিভ ফিডবেক আহিছিল৷ পিচে উক্ত নিগেটিভ ফিডবেক স্বত্বেও পৰাগমণি আদিত্যই মোৰ হৈ গুৱাহাটীৰ কাকতৰ অফিচত চাৰ্টিফিকেট দিছিল -ল'ৰাটো ভাল, দিব পাৰি৷  পিছলৈ সবিতা লহকৰ বাইদেৱে মোক কথাটো কৈছিল৷

পৰাগমণিদাই মোক কেৱল কৰেচপন্ডেন্ট নিযুক্তি দিয়াই বহি থকা নাছিল৷ তেওঁ তেতিয়া 'আমাৰ অসম'ৰ নগাওঁ জিলাৰ সংবাদদাতা৷ তেওঁ কি কৰে- সপ্তাহ/দহদিনৰ মূৰে মূৰে 407বাছত উঠি নীলবাগানলৈ যায় আৰু বাতৰি সংগ্ৰহ আৰু পৰিবেশনৰ কিটিপ-কৌশলবোৰ শিকাই থৈ আহে৷ আমি নীলবাগানৰ সোণালী এন্টাৰপ্ৰাইজত ঘন্টা ঘন্টা বহি আড্ডা দিওঁ৷  ২৹৹৬ চনত মই গুৱাহাটীলৈ গুচি আহি 'এদিনৰ সংবাদ'ত যোগদানৰ পিছত ২৹৹৭ চনত NE TV ৰ পৰা মোলৈ অফাৰ আহিল৷ পৰাগদাক 'নিউজ্ লাইভ'ৰ অফিচত লগ ধৰি সুধিলো- পৰাগমণিদা কি কৰো৷ "এহ নাযাব, এইটো চেনেল বন্ধ হ'ব"- পৰাগমণিদাই কোৱা সেই কথাষাৰ মোৰ কাণত এতিয়াও যেন বাজি আছে৷

পৰাগদামণিক মই শ্ৰদ্ধা কৰো এই কাৰণে নহয় যে মোৰ জীৱনত তেওঁৰ প্ৰভাৱ আৰু অৱদান আছে৷ বৰং এই কাৰণে যে সাংবাদিক জীৱনত অফুৰন্ত সুযোগ পায়ো মানুহজনে কেতিয়াও নিজৰ বৃত্তিটোৰ সৈতে আপোচ কৰা মই দেখা নাই বা শুনাও নাই৷ সংবাদক সংবাদ হিচাপেই উপস্থাপন কৰা আৰু সাংবাদিক হিচাপে পোৱা সুযোগ/সুবিধাক বিশেষাধিকাৰ হিচাপে নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰাৰ পৰা নিজকে সংযত ৰাখিব পৰাৰ যি প্ৰত্যাহ্বানক তেওঁ বিজয় কৰিছে, সেয়া সৰু কলিজাৰ পৰিচায়ক নহয়৷ শেহতীয়াভাৱে যেতিয়া শুনিলো যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি লোৱাৰ বাবেই News18ৰ বৰ্তমানৰ সম্পাদক ডঃ সঞ্জয় পাল আৰু চেনেলটোৰে দুজনমান কলিকতীয়া প্ৰৱন্ধকৰ সৈতে সংঘাত লাগি পৰাগদাই 'ৰিলায়েন্স'ৰ মালিকানাধীন সেই চেনেলটোৰ সম্পাদকৰ দৰে লোভনীয় চাকৰি মুহূৰ্তৰ ভিতৰতে এৰি ওলাই আহিছে, তেতিয়া মানুহজনৰ প্ৰতি মোৰ শ্ৰদ্ধা দুগুণ বাঢ়ি গ'ল৷ এনে কৰিবলৈ কলিজা লাগিব৷

কালি (২৩ জানুৱাৰী/১৯) বহুত দিনৰ মূৰত পৰাগদাক অলপ দীঘলীয়া সময়ৰ কাৰণে লগ পালো৷ প্ৰথমে মোৰ অফিচত বহিলো, তাৰ পিছত বিপনন ক্ষেত্ৰত চাহ খাই আড্ডা মাৰিলো আৰু তাৰ পিছত আছুৰ 'খিলঞ্জীয়াৰ বজ্ৰনিনাদ'লৈ গ'লো৷ গাড়ীত গৈ থাকোতে পুৰণি কথাবোৰ মনলৈ আহি আছিল৷ বহুদিনৰে পৰাই পৰাগদাৰ লগত পুৰণি কথাবোৰ ৰুমন্থন কৰিম বুলি ভাৱি আছিলো৷ আজি সুযোগ পাই কথাবোৰ ৰাজহুৱাকৈ প্ৰকাশ কৰি পেলোলো৷

ধন্যবাদ পৰাগদা৷ আপোনাৰ দৰে দহ-বাৰজন সাংবাদিকৰ প্ৰফেচনেলিজমে অসমৰ সাংবাদিকতাক ধৰি ৰাখিছে৷ নতুন প্ৰজন্মই এই কথাবোৰ জনা উচিত৷

সম্পাদনাকক্ষৰ সংযোজনঃ 
ৰিলায়েন্সৰ বিশাল কৰ্পৰেট ছায়াবৃক্ষৰ অধীনতৰ টিভি-১৮ গোটৰ অসমীয়া চেনেল হিচাবে প্ৰতিষ্ঠাৰ সময়চোৱাত পৰাগমণি আদিত্যই সক্ৰিয়ভাৱে নেতৃত্ব দিছিল আৰু ভাল সমলৰেৰে অসমৰ ৰাইজৰ মাজত এক সুকীয়া স্থান লাভ কৰাত আগভাগ লৈছিল। তেখেতে নিউজ লাইভতো 'ৰাজনৈতিক সম্পাদক' ৰূপে পূৰ্বে কৰ্মৰত আছিল। কিছুদিন পূৰ্বে তেখেতে News18 অসম-নৰ্থ ইষ্ট চেনেলৰ সম্পাদক পদৰ পৰা পদত্যাগ কৰে। যদিও তেখেতে কোনো কাৰণ ৰাজহুৱা কৰা নাছিল। তথাপি, শেহতীয়াকৈ নতুন সম্পাদক ডঃ সঞ্জয় পালৰ অধীনত চেনেলটোৱে কিছুমান বিতৰ্কিত বাতৰি প্ৰকাশ কৰাত ৰাইজৰ চকু কপালত উঠিছে। তাৰে ভিতৰত সংখ্যালঘু সংস্থাই উত্তোলন কৰা পতাকাক ৰাষ্ট্ৰীয় পতাকাৰ বিকৃতকৰণৰ বাতৰি বনোৱা, সিদিনা জুবিন গাৰ্গক ভণ্ড বুলি বাতৰি প্ৰচাৰ কৰা আৰু কালি বাংলাদেশৰ জৰা-ফুকা ভিডিঅ'ক লাভ-জেহাদৰ ৰূপ দি সাম্প্ৰদায়িক ভাৱে অপ্ৰচাৰ চলোৱা দেখা গ'ল। শিলচৰৰ অসম ইউনিভাৰ্চিটিৰ পৰা মাছ-কমত ডক্টৰেট সম্পাদকজনে নেতৃত্ব দিয়া 'নতুন ৰূপৰ সাংবাদিকতাই' ৰাইজৰ চকু কপালত তোলাৰ সময়তে কি স্থিতিত পৰাগমণি আদিত্যই চেনেলটো ত্যাগ কৰিছিল সেই কথাও ৰাজহুৱা হয়। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ ঢৌৰ মাজতে খিলঞ্জীয়া বিৰোধী স্থিতি আৰু সাম্প্ৰদায়িক ৰঙ সনাৰ প্ৰচেষ্টা চলোৱা চেনেলটোৰ সলনি হোৱা গতিগোত্ৰ যে সম্পাদক সলনিৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে, সেয়া স্পষ্ট হৈ পৰিছে। সেয়ে ৰাইজৰ সমুখত বিষয়টো এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ কলমেৰে উপস্থাপন কৰাৰ বাবে সুখ-দুখে কৰিছে এই বিনম্ৰ প্ৰয়াস।

3 comments:

  1. ভাল পালো ৷ উৎসাহিত হ'লো ৷

    ReplyDelete
  2. অসমীয়া গোটেই কেইজন ওলাই আহিব লাগিছিল। এই কথাটোৰ বীৰোধ কৰি।

    ReplyDelete
  3. মূৰৰ চুলিৰ সমান অংশীবাদ কৰিছো পৰাগমণি আদিত্য দাদা

    ReplyDelete