ভালখবৰঃ সাহিত্য অকাদেমিৰ সৰ্বোচ্চ সন্মান ড° নগেন শইকীয়ালৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভালখবৰঃ সাহিত্য অকাদেমিৰ সৰ্বোচ্চ সন্মান ড° নগেন শইকীয়ালৈ

ভালখবৰঃ সাহিত্য অকাদেমিৰ সৰ্বোচ্চ সন্মান ড° নগেন শইকীয়ালৈ

Share This
অসমীয়া সাহিত্যৰ পথাৰলৈ আহিল নতুন ভাল খবৰ। ‘মিত ভাষ’ৰ স্ৰষ্টা ড° নগেন শইকীয়ালৈ আগবঢ়োৱা হৈছে। সাহিত্য অকাদেমিৰ  সর্বোচ্চ সম্মান 'সাহিত্য অকেদেমী ফেল' সন্মান।  শইকীয়াৰ লগতে দেশৰ আন তিনিজন বিশিষ্ট সাহিত্যিক ক্রমে উড়িয়া লেখক জয়ন্ত | মহাপাত্র, হিন্দী আৰু ডােগৰি ভাষাৰ লেখক পদ্মা সচদেৱ আৰু হিন্দী ভাষাত সাহিত্য চর্চা কৰা ড° বিশ্বনাথ প্রসাদ তিৱাৰীলৈকো এই সন্মান আগবঢ়োৱা হৈছে। 
‘মিত ভাষ’ৰ নতুন ৰচনা শৈলীৰে অসমীয়া সাহিত্যক এক নতুনত্ব প্রদান কৰা ড° শইকীয়া অসম সাহিত্য সভাৰাে প্ৰাক্তন সভাপতি। ঢেকীয়াল হাইস্কুলত শিক্ষকতাৰে। কর্মজীৱন আৰম্ভ কৰা শইকীয়াই ‘অসম বাতৰি'ৰ সহকাৰী সম্পাদক ৰূপেও কার্যনির্বাহ কৰিছিল। ইয়াৰ পাছত তেওঁ ক্রমে ডিফু কলেজ, দেৱীচৰণ বৰুৱা মহাবিদ্যালয় আদিত অধ্যাপনা কৰি ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হিচাপে যােগদান কৰে। ২০০২ চনত তেওঁ উক্ত বিভাগ (লক্ষ্মীনাথ বেজবৰুৱা আসন)ৰ পৰা অৱসৰ গ্ৰহণ কৰে। 

অৱসৰ গ্ৰহণৰ পাছতে তেওঁ সাংবাদিকতাৰ জগতখনৰ লগত প্রত্যক্ষভাৱে জড়িত হৈ পৰে। প্রথমে নতুন দৈনিক কাকতৰ সম্পাদক হিচাপে যােগদান কৰি, পাছত "আমাৰ অসম" কাকতৰাে সম্পাদক হিচাপে কার্যনির্বাহ কৰে। ড° শইকীয়া ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈকে ৰাজ্য সভাৰাে সদস্য আছিল। ১৯৯০-৯২ বৰ্ষত তেখেতে ৰাজ্যসভাৰ উপাধ্যক্ষৰ আসনো শুৱনি কৰিছিল। চুটি গল্প সংকলন, সমালােচনা, ভ্রমণকাহিনীৰ উপৰি মুঠ ১২৫খন গ্রন্থৰ ৰচয়িতা ড°শইকীয়াই বহুকেইখন গ্রন্থ অনুবাদো কৰিছে। দেশ-বিদেশত বিভিন্ন বক্তৃতা দি অহা বিশিষ্ট সাহিত্যিকজনে ‘আন্ধাৰত নিজৰ মুখ’ নামৰ গল্পপুথিখনৰ বাবে সাহিত্য অকাদেমি বঁটাও লাভ কৰিছিল। অসম উপত্যকা সাহিত্য বঁটা, হৰিপ্ৰসাদ ৰাই বঁটা, শব্দ | সাহিত্য বঁটা, মােহন চন্দ্র শর্মা বটা, কে কে সন্দিকৈ স্মাৰক  সাহিত্য বঁটা, জগধাত্রী হৰমােহন বঁটাকে ধৰি বহুতাে বঁটা লাভ কৰা ড° শইকীয়াক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ডি লিট উপাধিও ইতিমধ্যে প্ৰদান কৰিছে। 

ভাৰতবৰ্ষৰ সংবিধানস্বীকৃত ভাষাসমূহৰ ভিতৰত বিভিন্ন ৰাজ্যৰ পৰা নিজা নিজা ভাষাৰ জৰিয়তে নিৰন্তৰভাৱে সাহিত্য সেৱা আগবঢ়াই অহাৰ লগতে ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা অনবদ্য জীৱনজোৰা অৱদানৰ ভিত্তিত অকাদেমিয়ে নিজাববীয়াকৈ নির্বাচন কৰি ১৯৬৮ বৰ্ষৰ পৰা এই সম্মান প্রদান কৰি আহিছে। ভাৰতবৰ্ষৰ ভূতপূর্ব ৰাষ্ট্রপতি ড° সৰ্বেপল্লী ৰাধাকৃষণ আছিল অকাদেমিৰ দ্বাৰা সন্মানিত প্রথমগৰাকী ফেল’ । ইয়াৰ পৰৱৰ্তী সময়ত দেশৰ বহু বৰেণ্য সাহিত্যিকে এই বিৰল সন্মান লাভ কৰি আহিছে। অসমৰ ককা বাগ্মীবৰ নীলমণি ফুকনে (জ্যেষ্ঠ) এই বঁটা ১৯৭৩ চনত, ১৯৯৯  চনত কথাশিল্পী ছৈয়দ আব্দুল মালিক আৰু ২০০২ চনত প্রথিতযশা কবি নীলমণি ফুকনেও এইসন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। 

অকাদেমিয়ে এই সম্মান প্রদান কৰাৰ ক্ষণত অধ্যাপক নগেন শইকীয়া সাৰস্বত ন্যাসৰ তৰফৰ পৰা সভাপতি তথা নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° কন্দর্প কুমাৰ ডেকাই  ড° নগেন শইকীয়াক অভিনন্দন জ্ঞাপন কৰি কয় যে অকাদেমিৰ এই সন্মান অসমীয়াৰ বাবে ডাঙৰ গৌৰৱ আৰু অসমৰ বৌদ্ধিক সমাজৰ বাবে এক ডাঙৰ ৰাষ্ট্রীয় স্বীকৃতি। 

আনহাতে, অকাদেমিৰ তৰফৰ পৰা ফোনযােগে এই খবৰ লাভ কৰাৰ পাছত প্রথিতযশা সাহিত্যিকগৰাকীয়ে কয় যে তেখেতৰ বাবে এই সংবাদটো অভাৱনীয় আছিল। কাৰণ এই বিষয়ে কোনেও তেখেতক ইংগিতো দিয়া নাছিল। গতিকে খবৰটো পাই যিদৰে আনন্দিত হৈছে, তেনেকৈ আচৰিতাে নােহােৱাকৈ থকা নাই। এই সন্মান মােৰ যােগ্যতা থাকক বা নাথাকক মই নতশিৰে মূৰ পাতি লৈছোঁ বুলিও সাহিত্যিকগৰাকীয়ে মন্তব্য কৰে। ডঃ শইকীয়ালৈ সুখ-দুখৰ পৰিয়ালৰ ফালৰ পৰাও জনালো আন্তৰিক অভিনন্দন।

No comments:

Post a Comment