বিশ্লেষণ: মি টু ছুনামিঃ আকবৰৰ পাছত এইবাৰ কোন? :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণ: মি টু ছুনামিঃ আকবৰৰ পাছত এইবাৰ কোন? :: শোণিত কুমাৰ গোস্বামী

বিশ্লেষণ: মি টু ছুনামিঃ আকবৰৰ পাছত এইবাৰ কোন? :: শোণিত কুমাৰ গোস্বামী

Share This
মি টু (#MeToo) কি এই বিষয়টো এতিয়া সকলোৰে মুখে মুখে। সকলো মি-টুৰ আলোচনাত ব্যস্ত। দুটা ইংৰাজী শব্দই বিশ্বত তোলপাৰ লগাইছে। কেনেকৈ? মি টু হৈছে এটা ইংৰাজী শব্দযুগল। মি টু মানে মইও। হয়, যদি কোনোবাই মি টু বুলি কৈছে তেন্তে এয়া বুজা যায় যে মইও হয় বা মইও আছো। একাধিক সামাজিক মাধ্যমৰ যুগত কিছুমান কথা ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হয়। আৰু যদি বিষয়টো স্পৰ্শকাতৰ হয়, তেন্তে আৰু কথাই নাই। পোহৰৰ গতিতকৈও অধিক বেগত সেই বিষয় বা খবৰ দৌৰিব। টুইটাৰ, ফেচবুক, ৱাটচএপ হৈছে এনে মাধ্যম যাৰ জৰিয়তে এই বিষয়বোৰ মানে খবৰবোৰ সকলোৰে মাজত বিয়পি পৰে। এই মি-টু শব্দযুগলৰ সৈতে জড়িত হৈ থকা কথা আৰু কামবোৰেই এতিয়া সৰ্বত্ৰ আলোচিত। 

আনকি বহুতৰে গাদী মানে সামাজিক স্থিতি থৰকবৰক কৰি তুলিছে। পুৰুষ আৰু নাৰীৰ মাজৰ সম্পৰ্কৰ কথা হৈছে এই মি-টু আন্দোলনৰ আঁৰৰ কথা। মি টু কেম্পেইনৰ বা প্ৰচাৰৰ আৰম্ভনি হৈছিল পুৰুষে নাৰীৰ ওপৰত কৰা যৌন নিৰ্যাতনৰ কথাবোৰ সামাজিক মাধ্যম যেনে টুইটাৰ, ফেচবুকত কৰা স্বীকাৰোক্তিৰ পৰা। প্ৰথমে টুইটাৰ নামৰ সামাজিক মাধ্যমৰ জৰিয়তে আৰম্ভ হৈছিল হেশ্বটেগ মি টু (#MeToo)। টুইটাৰত শোষিত নাৰীয়ে শোষক পুৰুষৰ বিৰুদ্ধে কৰা স্বীকাৰোক্তিয়ে এতিয়া মহিলাৰ মাজত বিপ্লৱৰ সৃষ্টি কৰিছে। আৰু সমানেই বৃদ্ধি কৰিছে পুৰুষৰ বিৰুদ্ধে মহিলাৰ এখন অঘোষিত ভয়ানক যুদ্ধৰ কথা। ভাৰতীয় বৈদেশিক মন্ত্ৰী(ৰাজ্যিক) পদৰ পৰা এম জে আকবৰে কৰা পদত্যাগৰ আঁৰৰ কাহিনীও হৈছে এই মি-টু।

মি-টুৰ মূল কথালৈ যোৱাৰ পূৰ্বে অসমীয়া পঢ়ুৱৈ সমাজৰ সুবিধাৰ্থে এটা কথা উল্লেখ কৰিব বিচাৰিছো। অসমীয়া সাহিত্যৰ এখন সুন্দৰ উপন্যাসৰ নাম হৈছে ৰীতা চৌধুৰীৰৰ পঁপীয়া তৰাৰ সাধু। যিসকল পঢ়ুৱৈয়ে এই উপন্যাসখন পঢ়িছে তেওঁলোকে বুজি পাব যে কিদৰে সংবাদ মাধ্যম কিম্বা চিনেমা জগতত নাৰীৰ ওপৰত পৰোক্ষভাৱে শোষণ চলে। কিদৰে কামৰ তাগিদাত নাৰী লাঞ্চিত হ’বলগীয়া হয়। সকলো কথা উপন্যাসখনৰ মুখ্য চৰিত্ৰৰ জীৱনৰ কথাৰে সদৰি কৰা হৈছে। এনে যৌন শোষনৰ ঘটনা নিতৌ বিভিন্ন মাধ্যমত কৰ্মৰত নাৰীৰ জীৱনত সংঘটিত হৈ থাকে। বেছিভাগ সময়তেই শোষিত নাৰী সামাজিক লাঞ্চনাৰ সম্মুখীন হোৱাৰ ভয়ত শোষণৰ সহ্য কৰি নিৰৱে নিজৰ কাম কৰি গৈ থাকে। কিন্তু প্ৰযুক্তিৰ উন্নতি আৰু অৰ্থনৈতিক স্বাৱল্বীকৰণে এতিয়া নাৰীক বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰতিবাদী কণ্ঠ দিবলৈ সক্ষম হৈছে। আৰু এই প্ৰতিবাদী কণ্ঠৰ নামান্তৰেই হৈছে মি-টু আন্দোলন।

এতিয়া আহিছো মি টুৰ আৰম্ভনিৰ কথালৈ। ভাৰতীয়সকলে প্ৰায়ভাগ কথা বা কাম পশ্চিমৰ পৰা অনুসৰণ কৰে। সকলো অনুসৰণ শুদ্ধ নহ’লেও সমাজ সংস্কাৰক পদক্ষেপবোৰ সদাই আদৰণীয়। তেনে এটা পদক্ষেপৰ নামেই হৈছে মি-টু যাৰ প্ৰভাৱ বৰ্তমান বিশ্ব ভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে। এই মি টু আৰম্ভ হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। তাৰ পাছত, বিশেষত হলীউড মানে ইংৰাজী ছৱি উদ্যোগৰ ভিতৰচ’ৰাত। ২০০৬ চনত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ বাসিন্দা আফ্ৰিকানমূলীয় মানৱাধিকাৰ সমাজকৰ্মী তাৰানা বাৰ্কে (Tarana Burke) এই মি টু শব্দৰ ব্যৱহাৰ কৰিছিল। উদ্দেশ্য আছিল যৌন নিৰ্যাতন বা তেনেধৰণৰ আনুষাংগিক মহিলাকেন্দ্ৰীক ঘটনাসমূহ মুক্তভাৱে সামাজিক মাধ্যম মানে টুইটাৰত হেশ্বটেগ দি প্ৰকাশ কৰিবলৈ। তাৰানা বাৰ্কে যৌন নিৰ্যাতনৰ বলি হোৱা সকলো ছোৱালী-মহিলাক হেশ্বটেগ মি-টুৰে নিজৰ অভিজ্ঞতা ব্যক্ত কৰি পোষ্ট দিবলৈ আহ্ৱান জনাইছিল। অৱশ্যেই সেই সময়ত সৰ্বসাধাৰণ বা তাৰকা মহিলাৰ এই ক্ষেত্ৰত সঁহাৰি আছিল নিৰাশাজনক আৰু এই শব্দ যুগলৰ প্ৰয়োগ তেনেকৈ হোৱা নাছিল। কিন্তু ২০১৭চনৰ ১৫ অক্টোবৰত হলীউডৰ অভিনেত্ৰী তথা সামাজিক কৰ্মী এলিছা মিলান’ৱে (Alyssa Milano) টুইটাৰত এই মি টু শব্দ যুগলৰ অধিক ব্যৱহাৰৰে সকলোকে নিজৰ ক্ষেত্ৰত হোৱা যৌন নিৰ্যাতনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ আহ্বান জনায়। এই আহ্বানৰ জৰিয়তে এলিছাই মানৱাধিকাৰ কৰ্মী তাৰানা বাৰ্কৰ কথাও উল্লেখ কৰি কয় যে পোন প্ৰথমবাৰৰ বাবে এই মি টু শব্দ দুটা তেওঁৱেই ব্যৱহাৰ কৰিছিল। আৰু ইয়াৰ পৰাই মহিলাসকলৰ মাজত এই মি টু মানে মইও শীৰ্ষক এই আন্দোলন আৰম্ভ হৈ যায়। অভিনেত্ৰী এলিছা মিলান’ৱে মি-টুৰ ব্যৱহাৰৰে সকলোকে যৌন নিৰ্যাতনৰ কথা ৰাজহুৱা কৰিবলৈ কোৱাৰ প্ৰেক্ষাপট-লক্ষ্য আছিল হাৰ্ভে উইনষ্টাইন নামৰ প্ৰভাৱশালী ব্যক্তিত্ব। হলীউডৰ বিখ্যাত প্ৰযোজক হাৰ্ভে উইনষ্টাইন (Harvey Weinstein)ৰ যৌন নিস্পেষণৰ বলি হোৱা নাৰীসকলৰ কথাটো এলিছাই জানিছিল। আৰু সেইবাবেই তেওঁ এটা টুইট কৰি সকলোকে আহ্বান জনাই কয যে যৌন শোষণ হোৱা নাৰীয়ে নিজৰ অভিজ্ঞতা ব্যক্ত কৰি মি-টু লেখক। এই আহ্ৱানৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি পোৱা যায়। আৰু ক্ৰমাণ্বয়ে মি-টুৱে এক আন্দোলনৰ ৰূপ লয় আৰু ইংৰাজী ছৱিৰ উদ্যোগৰ বহু খ্যাতিমান ব্যক্তিৰ ঘৃণনীয় যৌন লিপ্সাৰ অধ্যায়বোৰ এটা পাছত আনটো ৰাজহুৱা হয়। 


হলীউডৰ কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিত্ব যেনে কেভিন স্পেচী, বেন এফ্লেক আদিৰ লগতে আন বহুতো বিখ্যাত ব্যক্তিৰ নাম এই মি টু আন্দোলনৰ জৰিয়তে বদনাম হৈ পৰে। উল্লেখ্য যে সামাজিক মাধ্যমত চলা এই আন্দোলন আমেৰিকাৰ পৰা বিশেষত ইংৰাজী ভাষা কোৱা দেশসমূহলৈ সম্প্ৰসাৰিত হৈ পৰিছিল। কোটিৰো অধিক “মি-টু” হেশ্বটেগৰ সৃষ্টি হৈছে। বিশ্বৰ চিনেমা, সাহিত্য, সংবাদ মাধ্য়মৰ প্ৰায়সংখ্যক লোকৰ নাম এই মি-টুৰ অভিযোগত অভিযুক্ত হৈ পৰিছে। অৱশ্যেই গ্লেমাৰ জৰিত হৈ থকা এই মি টু আন্দোলনত চিনেমা-সংবাদ মাধ্যমৰ বাদে অন্য মাধ্যমৰ লোকৰ কথা তেনেকৈ পোহৰলৈ অনা নাই।

ভাৰততো শেহতীয়াকৈ এই মি-টুৱে যথেষ্ট খলকনি তুলিবলৈ সক্ষম হৈছে। হলীউডৰ পাছত বলীউডলৈ সম্প্ৰসাৰিত হৈ ইতিমধ্যেই এই মি-টুৱে (MeToo) ৰাজনৈতিক নেতা-সাংবাদিক-অন্য ক্ষেত্ৰৰ লোককে ধৰি প্ৰায় সকলোকে সাঙুৰি লৈছে। হিন্দী চলচিত্ৰ জগতৰ কেইবাগৰাকীও জেষ্ঠ-বিখ্যাত তথা ইতিমধ্যে সন্মানীয় বুলি জনাজাত কাল-কুশলীৰ নাম সাঙুৰ খাই পৰিছে মি-টুৰ সৈতে। বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি জেষ্ঠ অভিনেতা আলোক নাথ, নানা পাটেকাৰসহ কেইবাগৰাকী হিন্দী ছৱিৰ অভিনেতা-প্ৰয়োজক-পৰিচালকৰ নাম এই যৌন-নিৰ্যাতনৰ ঘটনাৰ সৈতে জৰিত হৈ পৰিছে। তেওঁলোকৰ বিৰুদ্ধে আহিছে অভিযোগ-প্ৰতি অভিযোগ। আৰু এই অভিযোগ অনা নাৰীসকল অন্য কোনো নহ’য়। অভিযোগ উত্থাপিত ব্যক্তিসকলৰ সৈতে একেলগে কাম কৰা সহকৰ্মীয়ে এতিয়া মি-টু আন্দোলনৰ আলমত নিজৰ মনৰ মাজত চলি থকা কথাবোৰ ৰাজহুৱাকৈ প্ৰকাশ কৰিছে। কেইবাবছৰ পূৰ্বে সংঘটিত যৌনতা সম্বন্ধীয় ঘটনাবোৰৰ (আলোক নাথ, নানা পাটেকাৰ আদি) কথা এতিয়া ৰাজহুৱাকৈ প্ৰকাশ কৰি অভিযোগকাৰীয়ে নিজৰ মনৰ ক্ষোভ ব্যক্ত কৰিছে। আৰু ইয়াৰ বাবে তেওঁলোকে পন্থা হিচাপে বাঁচি লৈছে সামাজিক মাধ্যম যেনে ফেচবুক-টুইটাৰ। আৰু লগতে একাংশই মি-টুৰ আলমত দোষীৰ শাস্তি বিচাৰি আৰক্ষী-ন্যায়ালয়ৰো সঁহায় বিচাৰিছে।
মি-টুৱে স্পৰ্শ কৰা ভাৰতীয় চেলিব্ৰীটি সকল

অভিনয় জগতৰ পৰা আৰম্ভ হোৱা ‘’মি-টু’’ প্ৰলয়ে ভাৰতীয় ৰাজনীতিৰ সৈতে জড়িত হৈ থকা লোককো ধৰাশায়ী কৰিছে। ইতিমধ্যেই এই মি-টুৰ কেলেংকাৰীত বাগৰি পৰিছে ৰাজনৈতিক নেতা। মি-টুৰ জৰিয়তে ধৰাশায়ী হৈছে সংবাদ জগতৰ পৰা ৰাজনীতিলৈ আহি ৰাজ্যসভাৰ সাংসদ হৈ মন্ত্ৰী হোৱা এম জে আকবৰ। কিয়নো একাধিক অভিযোগৰ সম্মুখীন হৈ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা এম জে আকবৰে ইতিমধ্যেই নৈতিক দায়িত্ব স্বীকাৰ কৰি মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে। একালৰ সতীৰ্থ সাংবাদিকে ৰাজ্যসভাৰ সাংসদ গৰাকীৰ বিৰুদ্ধে আনিছে যৌন নিৰ্যাতনৰ দৰে ঘৃণনীয় অভিযোগ। ভিন্ন সময়ত ছৱিজগতত এই যৌন-নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনাৰ কথা পোহৰলৈ আহিছিল আৰু অপৰাধীয়ে শাস্তিও লাভ কৰিছিল। কিন্তু শেহীয়াকৈ এই মি-টুৱে যেন সকলো পৰিসীমা ভেদি যৌন নিৰ্যাতনৰ অভিযোগেৰে একধৰণৰ সুকীয়া বিপ্লৱৰ সৃষ্টি কৰিছে। আমেৰিকাত আৰম্ভ হোৱা পুৰুষৰ মুখা খুলি দিয়া এই বিপ্লৱৰ শেষ ক’ত সেয়া সময়েহে ক’ব? 

অভিযোগ-প্ৰতিঅভিযোগৰ পাছত এতিয়া সত্যানুসন্ধানৰ সময়। আৰু ইতিমধ্যেই এই সত্যানুসন্ধান বা ঘটনাবোৰৰ পৰীক্ষা-নিৰীক্ষা গৱেষণাগাৰত আৰম্ভ হৈ গৈছে। আৰু এই গৱেষণাগাৰবোৰ হৈছে বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠা, টিভি ষ্টুডিঅ’বোৰ আৰু সৰ্বসাধাৰণৰ আড্ডা। ঘটনাবোৰ এইদৰে ৰাজহুৱা হোৱাৰ পাছত ইতিমধ্যেই চলচিত্ৰ-সংবাদজগতত পুৰুষ আৰু নাৰী দুয়ো দুটা দিশত থিয় হৈ তৰ্ক-বিতৰ্ক কৰিবলৈ আৰম্ভ কৰি দিছে। মি-টু শব্দ-যুগলে এতিয়া চিনেমা, সংবাদ মাধ্যম আৰু ৰাজনীতিৰ ক্ষেত্ৰখনত জৰিত হৈ থকা লোকসকলক শংকিত কৰি তুলিছে। এই শংকা হৈছে ব্য়ক্তিৰ চৰিত্ৰ হৰণৰ চিন্তা। পুৰুষতান্ত্ৰিক মনস্তত্বত ধৰাশায়ী কৰি নাৰী সৱলীকৰণ সঠিক দিশত আগবাঢ়িছে নে নাই সেই কথাটোও একে সময়ত আলোচিত হৈছে।

প্ৰিয়া ৰমনীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিও পদত্যাগ কৰিব
লগা হ'ল মন্ত্ৰী এম জে আকবৰে
অসমতো ফেচবুকৰ জনপ্ৰিয়তাৰ পাছৰ পৰা বিভিন্ন সময়ত এই যৌন অভিযোগ উত্থাপিত হৈ থকা কথা পৰিলক্ষিত হৈছে। বিশেষত সাধাৰণ মানুহৰ জীৱনত সংঘটিত এই মি-টু লেখীয়া ঘটনাবোৰে সিমান চৰ্চা লাভ কৰিবলৈ সক্ষম নহ’য় যিমান নেকি সংবাদ মাধ্যম বা চিনেমা-নাটকৰ সৈতে জৰিত হৈ থকা লোকৰ কথা ফাদিল হ’লে পৰিলক্ষিত হয়। আৰু এনে হোৱাৰ কথাটো আমাৰ সকলোৰে সময়ে সময়ে দৃষ্টিগোচৰ হৈছে। যদিওবা অসমৰ একাংশ লোক বা বৌদ্ধিক মহল ফেচবুক-টুইটাৰৰ বিতৰ্কৰ পৰা আঁতৰত থাকে কিন্তু বাতৰি কাকত-টিভিত সম্প্ৰচাৰিত হোৱা মন্ত্ৰী ৰাজেন গোঁহাইৰ ধৰ্ষণৰ অভিযোগৰ বাতৰিয়ে অৱশ্যেই সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল। কিয়নো যৌনতা বিষয়ক আলোচনাই সকলোকে আমোদ দিয়ে। তথাপি মি-টুৰ জৰিয়তে অসমৰ চিনেমা জগত, সংবাদ মাধ্যম কিম্বা অন্য কৰ্ম-ক্ষেত্ৰৰ শোষিত নাৰীৰ যৌন নিস্পেষণৰ ক’লা অধ্যায়বোৰ ৰাজহুৱা হ’ব, এই আশা আমি এৰি দিয়াটো ভুল হ’ব। মি-টুৰ চৰ্চা অসমতো হওক, সেয়া আমিও বিচাৰো। শেহতীয়াকৈ অসমতো এগৰাকী বৰ্ষীয়ান সাংবাদিক-সাহিত্যিকৰ বিৰুদ্ধে ডেৰ দশক পূৰ্বে উত্থাপিত কৰ্মস্থলীত নিৰ্যাতনৰ অভিযোগ পুনৰ মি-টুৰ বোকোচাত উঠি চৰ্চালৈ উঠি আহিছে। 

মি-টুৱে এটা যথেষ্ট স্পৰ্শকাতৰ আৰু চৰ্চিত বিষয়ক ৰাইজৰ মাজলৈ লৈ আনিছে। যৌন নিৰ্যাতন কি আৰু মহিলাৰ বিৰুদ্ধে হোৱা শোষণৰ পৰিভাষা কি, এয়া নিৰ্ধাৰন কৰাৰ ক্ষেত্ৰত মি টু আন্দোলনে এক সঠিক দিশ দিব বুলি আমি আশা কৰিব পাৰো।

No comments:

Post a Comment