মনৰ কথাঃ পতনৰ বাবে দিয়া অঞ্জলি নেকি পতঞ্জলি? :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মনৰ কথাঃ পতনৰ বাবে দিয়া অঞ্জলি নেকি পতঞ্জলি? :: শোণিত কুমাৰ গোস্বামী

Share This
স্বদেশী বাৰু কোন হ’ব নোখোজে। সকলোৱে স্বদেশী হৈ ভাল পায়। কথা হ’ল আপুনি এজনক কেনেকৈ স্বদেশী কৰিছে। স্বদেশী হোৱাৰ সফলতা নিৰ্ভৰ কৰে স্বদেশীকৰণৰ প্ৰক্ৰিয়াত। এই প্ৰক্ৰিয়াত বাৰে বাৰে বিফল হৈছে ভাৰতীয় সমাজ। আৰু তাৰ বাবেই ভাৰতীয় সমাজ ব্যৱস্থাত কেৱল বিদেশীৰ প্ৰভাৱ। সাংস্কৃতিক আৰু সংস্কাৰৰ দিশত উন্নত ভাৰতীয় সমাজক যিদৰে লৰ্ড মেকুলীয়ে প্ৰস্তাৱ কৰা ইংৰাজী শিক্ষা ব্যৱস্থাই ঘোলা কৰিছে ঠিক তেনেদৰে পশ্চিমীয়া সাম্ৰাজ্যবাদে ইয়াক উতনুৱা কৰিছে। ঠিক এনে এক পৰিঘটনাই ঘটিছে নতুনকৈ ধনী হোৱা এটা ভাৰতীয় কোম্পানীৰ ক্ষেত্ৰত। নাম যাৰ পতঞ্জলি। 
 

চৰকাৰী পৃষ্ঠপোষকতাত বৰ্তমান এই কোম্পানীটোৱে ভাৰতৰ প্ৰতিটো প্ৰান্তত স্বদেশী হোৱাৰ বাণী প্ৰচাৰ কৰি পশ্চিমীয়া ধৰণ-কৰণৰেই আগবাঢ়ি গৈছে। আৰু আঘাট কৰি গৈছে বিচিত্ৰ ভাৰতত সিচঁৰতি হৈ থকা শক্তিশালী জাতিবোৰৰ ভেটি। অলপতে অসমত তেওঁলোকৰ দ্বিতীয় তেনে এটা আক্ৰমণৰ ঘটনা সংঘটিত হ’ল।

অসমীয়া খবৰ কাকতে ৩০ ছেপ্তেম্বৰত প্ৰকাশ কৰা এটা বাতৰিয়ে পুনৰবাৰ পতঞ্জলিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। যোগ শিক্ষা আৰু স্বদেশীৰ মন্ত্ৰৰে মাৰ্কেটিঙৰ প্ৰক্ৰিয়া চলোৱা পতঞ্জলিয়ে সময়ে সময়ে বিতৰ্কিত মন্তব্যৰে ঐতিহ্যপূৰ্ণ অসমীয়া জাতিটোক আঘাট দি আহিছে। শেহতীয়াকৈ দৰং জিলাৰ দুনী ভেৰুৱাত যোগ প্ৰশিক্ষকৰ ৰূপত অহা পতঞ্জলিৰ উত্তৰ-পূব ভাৰতৰ যোগ নীৰিক্ষক সীতনাথ বাৰালে কৈ পেলালে যে অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ পণ্ডিত শ্ৰী শ্ৰী শংকৰদেৱ মূলত এজন পণ্ডিত নহ’য়, নামঘোষা এখন তৰল গ্ৰন্থ বা চাকি-বন্তি জ্বলোৱা কামটো মুৰ্খইহে কৰে। এই কথাবোৰ ৰাজহুৱা অনুষ্ঠানত কৈ বাৰালে কি প্ৰমাণ কৰিব বিচাৰিলে সেয়া বাৰু বোধগম্য নহ’য় কিন্তু যোগ প্ৰশিক্ষক গৰাকীৰ মন্তব্যই সাধাৰণ উত্তৰ ভাৰতীয় মনস্তত্বৰ কথা পুনৰবাৰ প্ৰমাণ কৰিলে। অসম তথা উত্তৰ পূব ভাৰতৰ বিষয়ে কোনো সম্যক জ্ঞান নথকা আৰু জানিবলৈ মন নকৰা এই লোকসকলে প্ৰায়েই এনে মন্তব্য কৰি অহা পৰিলক্ষিত হৈছে। এই কথা কেৱল পতঞ্জলিয়েই নহ’য়, অন্য প্ৰতিষ্ঠান বা সাধাৰণ মানুহৰ ক্ষেত্ৰতো প্ৰয়োজ্য। অসমক অনুন্নত বুলি ভৱা বা উত্তৰ-পূব মানেই সন্ত্ৰাসবাদ, হাবি-বননি বুলি বুজি থকা এই লোকসকলৰ সাধাৰণতে অসমৰ বিষয়ে জনাৰ ইচ্ছাও নাই, আৰু উত্তৰ-পূবক ভাৰতৰ অংগ বুলি ভৱাৰ আগ্ৰহো নাই। এই কাৰণবোৰৰ বাবেই অসমীয়া বা উত্তৰ পূবৰ লোকৰ ক্ষোভ সদায় আছে।
কিছুদিন পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন সাংবাদিকে The New York Times Magazine’ত The Billionaire Yogi behind Modi’s Rise শীৰ্ষক এটা প্ৰৱন্ধ লিখিছিল। সেই প্ৰৱন্ধটোত লেখকগৰাকীয়ে সুন্দৰকৈ পৰ্যালোচনা কৰিছিল যে কিদৰে বাবা ৰামদেৱৰ স্বদেশী আন্দোলনৰ জৰিয়তে বিজেপি দল কিম্বা নৰেন্দ্ৰ মোদীৰ দেশত প্ৰভাৱ বিস্তাৰত সুবিধা হৈছে। আৰু লগতে কিদৰে স্বদেশী মনস্তত্বৰ ব্যৱসায়িক উদ্দেশ্যৰ জৰিয়তে ৰামদেৱ কোটিপতি হোৱাৰ দিশত আগবাঢ়িছে। হিন্দুত্ব, নিৰামিষভোজন, যোগ ইত্যাদি হিন্দু ধৰ্মৰ উত্তৰ ভাৰতীয় ৰাজ্যবোৰত প্ৰচলিত প্ৰথাবোৰক স্বদেশীকৰণৰ সৈতে সংপৃক্ত কৰাই ৰামদেৱে নিজৰ ট্ৰাষ্টৰূপী কোম্পানী পতঞ্জলিক উত্তৰণৰ দিশে নি কোটিপতি হ’বলৈ সক্ষম হৈছে। আমেৰিকাৰ কাকতখনৰ লেখকগৰাকীয়ে এই কথাও উল্লেখ কৰিছিল যে কিদৰে ভাৰতৰ অন্য ৰাজ্যতকৈ পৃথক সমাজব্যৱস্থা থকা অসম বা উত্তৰ-পূবত বিজেপিৰ প্ৰৱেশ হৈছে। আৰু ইয়াৰ সুবাদত তেজপুৰ বালিপাৰাত আৰম্ভ হ’বলগীয়া ৰামদেৱৰ নতুন জৈৱিক পাৰ্কৰ জৰিয়তে পতঞ্জলিয়ে অসমত উত্তৰ ভাৰতীয় হিন্দুত্ববাদৰ প্ৰৱেশ ঘটোৱাৰ পৰিকল্পনা কৰিছে। আমেৰিকান সাংবাদিকগৰাকীয়ে অসমৰ পতঞ্জলি উদ্য়োগত কাম কৰি থকা উত্তৰ ভাৰতৰ পৰা ৰপ্তানীকৃত উচ্চস্তৰীয় কৰ্মচাৰীৰ পৰা শুনিছিল যে অসমৰ লোকৰ খাদ্যভ্যাস বেয়া, আমিষ আহাৰ গ্ৰহণ কৰা এই অসমীয়া লোকসকলে খাদ্যৰ কোনো বাচ-বিচাৰ নোহোৱাকৈ জীৱন নিৰ্বাহ কৰে। সেয়েহে আমি এওঁলোকক ঠিক কৰিব লাগিব, এওঁলোকক সভ্য কৰিব লাগিব। আমেৰিকাৰ কাকতত এইবোৰ কথা প্ৰকাশ হোৱাৰ পাছত বিশ্বত অসমীয়াৰ বদনাম হৈছিল আৰু কেৱল অসমত পতঞ্জলিৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল। সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত উত্তৰ ভাৰতীয় ঠিকাদাৰ প্ৰবৃত্তিৰ মনোভাৱৰ প্ৰতিফলন পুনৰবাৰ ৩০ ছেপ্তেম্বৰত দৰঙত হৈ গ’ল।

পতঞ্জলিৰ উদ্দেশ্য মহান হ’ব পাৰে। ভাৰতীয় অৰ্থনীতি টনকিয়াল কৰাৰ বাবে পতঞ্জলিয়ে লোৱা ব্যৱস্থা আমাৰ সকলোৰে বাবে হিতকাৰক হ’ব পাৰে। কিন্তু সেয়া বিচাৰ্যৰ বিযয় নহ’য়। বিচাৰ কৰিবলগীয়া কথা হৈছে মনস্তত্ব। উত্তৰ ভাৰতীয় হিন্দুত্ববাদ যি মহান সনাতন ধৰ্মৰ এটা ক্ষুদ্ৰ ধাৰণা মাথো, সেই ধাৰণাৰ আধাৰত পতঞ্জলিয়ে সমগ্ৰ ভাৰতৰ লগতে অসমৰ নিজস্ব সংস্কৃতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা বিষয় কোনো অসমীয়াই মানি ল’ব নোৱাৰিব। সেয়া ধৰূপ। অসমত ব্যৱসায়ৰ উদ্দেশ্যৰে আহি যদি কোনোৱে শংকৰদেৱৰ অস্তিত্বৰ ওপৰত প্ৰশ্ন কৰে, অসমীয়াৰ জীৱন ধাৰণৰ মান-মৰ্যদাৰ ওপৰত প্ৰশ্ন কৰে তেন্তে সেয়া মানি লোৱাটো উচিত নহ’ব। ইমানৰ পাছতো যদি অসমীয়াৰ স্বকীয়তা নষ্ট কৰিবলৈ উঠিপৰি লাগি থকা এই অসমীয়া বিৰোধী লবীৰ বিৰুদ্ধে জাতি সৰৱ হ’ব নোৱাৰে তেন্তে সেয়া অসমীয়াৰ দুৰ্ভাগ্য। কিয়নো ইতিমধ্য়েই বিদেশীৰ প্ৰব্ৰজন, আসমীয়া ভাষাৰ সংকটৰ জৰিয়তে অসমীয়া জাতি বিপদাপন্ন। তাৰ মাজতেই যদি আমি আকৌ পতঞ্জলীয় চক্ৰান্তত বন্দী হ’বলগীয়া হয়, তেন্তে আমাৰ আৰু কি থাকিব। পতনৰ বাবে দিয়া অঞ্জলি যিদৰে পতঞ্জলি হ’ব পাৰে ঠিক তেনেদৰে অসমীয়াৰ বিৰুদ্ধে মাত মতা প্ৰতিষ্ঠান কেৱল অসমীয়া ধ্বংসকাৰকেই হ’ব পাৰে। অন্য একো নহয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages