দূৰবীণঃ বিশ্বৰ বজাৰলৈ অসমৰ পাৰম্পৰিক (খাদ্য আৰু) পানীয়ঃ পাৰম্পৰিক বিশেষত্ব তথা গুণ-মান নিশ্চিতি:: ড° ভগৎ লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দূৰবীণঃ বিশ্বৰ বজাৰলৈ অসমৰ পাৰম্পৰিক (খাদ্য আৰু) পানীয়ঃ পাৰম্পৰিক বিশেষত্ব তথা গুণ-মান নিশ্চিতি:: ড° ভগৎ লাল দত্ত

দূৰবীণঃ বিশ্বৰ বজাৰলৈ অসমৰ পাৰম্পৰিক (খাদ্য আৰু) পানীয়ঃ পাৰম্পৰিক বিশেষত্ব তথা গুণ-মান নিশ্চিতি:: ড° ভগৎ লাল দত্ত

Share This
পট কথা (Background)
বিশ্বৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে যুগ যুগ ধৰি পাৰম্পৰিক ভাৱে নিজৰ নিজৰ স্বকীয় বিশেষত্ব সমৃদ্ধ (খাদ্য আৰু) পানীয় প্ৰস্তুত কৰি আহিছে। এই জনগোষ্ঠীয় (খাদ্য আৰু) পানীয় সমূহৰ প্ৰস্তুতিত যুগ যুগ ধৰি জনগোষ্ঠীটোৱে আহৰণ কৰা গোষ্ঠীগত জ্ঞান আৰু কৌশলৰ প্ৰয়োগ সোমাই আছে। সমকালিন বৈজ্ঞানিক জ্ঞান আৰু প্ৰযুক্তিৰ আধাৰত কৰা অধ্যয়নত দেখা গৈছে যে এই (খাদ্য আৰু) পানীয় সমূহৰ প্ৰস্তুতিত ব্যৱহাৰ হোৱা সামগ্ৰী সমূহৰ প্ৰত্যেকৰে জনগোষ্ঠীয় নিদান বিধিগত মূল্য আছে। এই সামগ্ৰী সমূহ বিভিন্ন ৰোগ আৰু উপসৰ্গৰ নিদান ৰূপে জনগোষ্ঠী সমূহে যুগ-যুগান্তৰৰ পৰা ব্যৱহাৰ কৰি আহিছে। গোটেই বিশ্বতে এনেধৰণৰ বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত (খাদ্য আৰু) পানীয় সমূহৰ পৰিপুষ্টি আৰু স্বাস্থ্য বিষয়ক গুণাগুণৰ অধ্যয়ন চলিব ধৰিছে। এনে অধ্যয়নৰ ফলাফলৰ আলম লৈ পৰম্পৰাগত (খাদ্য আৰু) পানীয়ৰ স্বাস্থ্য সন্মত বিপণন ব্যৱস্থাপনা গা কৰি উঠিছে।
অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠী সমূহৰো প্ৰত্যেকেই স্বকীয় বিশেষত্ব সমৃদ্ধ পাৰম্পৰিক (খাদ্য আৰু) পানীয় প্ৰস্তুত আৰু সেৱন কৰি আহিছে। এই পৰম্পৰাগত (খাদ্য আৰু) পানীয় সমূহৰ পৰিপুষ্টি আৰু স্বাস্থ্যৰ বাবে লাভজনক বিভিন্ন গুণাগুণৰ বিষয়ে অসমৰ সমাজ জীৱনত বিভিন্ন ধৰণৰ চৰ্চা প্ৰচলিত হৈ আহিছে। অসমৰ পৰম্পৰাগত (খাদ্য আৰু) পানীয়ৰ ওপৰত চলা কিছু অধ্যয়নে এই (খাদ্য আৰু) পানীয় সমূহৰ সেৱনৰ জৰিয়তে সেৱন কাৰী সকলে জনগোষ্ঠীয় নিদান বিধিৰ কিছু স্বাস্থ্য সমন্ধীয় লাভ উঠাব পৰাৰ সম্ভাৱনাৰ দিশলৈ আঙুলিয়াইছে। কিন্তু এই অধ্যয়ন সমূহেই যথেষ্ট নহয়। এই দিশত সাধাৰণীকৰণ কৰিব পৰা স্তৰৰ ফলাফল লাভ কৰাৰ বাবে বহল স্তৰত প্ৰণালীৱদ্ধ অধ্যয়ন এতিয়াও হোৱা নাই। এই পৰম্পৰাগত (খাদ্য আৰু) পানীয় সমূহৰ স্বাস্থ্য আৰু পৰিপুষ্টি সমন্ধীয় লাভ, মানক প্ৰস্তুতি প্ৰণালী আৰু গুণাগুণ নিশ্চিতিৰ বাবে প্ৰণালীৱদ্ধ বৈজ্ঞানিক অধ্যয়নে এনে (খাদ্য আৰু) পানীয়ৰ বাবে কেৱল এখন বিশাল বজাৰ মুকলি কৰাই নহয়, ই জনগোষ্ঠী সমূহৰ আৰ্থ-সামাজিক বিকাশৰ মাজেৰে অসমৰ অৰ্থনীতিলৈও প্ৰভূত অৰিহণা যোগাব পাৰে।

এই বিশাল সম্ভাৱনাৰ কথা মনত ৰাখি অসম চৰকাৰে অসমৰ পৰম্পৰাগত পানীয় সমূহৰ বাণিজ্যিক উৎপাদন আৰু বিপণনৰ এক অভিলাষী আঁচনি আগবঢ়াইছে। এই অভিলাষী আঁচনিৰ অধীনত ১২% (আয়তন/আয়তন)ত কৈ কম এলক’হল (সুৰা) সমৃদ্ধ পাৰম্পৰিক পানীয়ৰ বাণিজ্যিক উৎপাদন, পেকেজিং/বটলিং আৰু বিতৰণ/বিপণন কৰিবৰ বাবে অনুজ্ঞা প্ৰদান কৰিব। এই আঁচনিৰ অধীনতে অসম চৰকাৰে পৰম্পৰাগত পানীয়ৰ ওপৰত প্ৰণালীৱদ্ধ গৱেষণা – প্ৰস্তুতি/উৎপাদন আৰু পেকেজিং/বটলিঙৰ মানক (ষ্টেণ্ডাৰ্ড) নিৰ্দিষ্ট কৰা আৰু বিপণন কৰা পানীয়ৰ গুণ-মান নিশ্চিত কৰণক উৎসাহিত/প্ৰেৰিত কৰিব বুলিও ঘোষণা কৰিছে।

এই লেখাত এই আঁচনিৰ অধীনত উৎপাদন হ’বলগীয়া পাৰম্পৰিক পানীয়ক আধাৰ উদাহৰণ হিচাপে লৈ পাৰম্পৰিক বিশেষত্ব আৰু গুণ-মান নিশ্চিতিৰ সন্দৰ্ভত কিছু আলোচনা কৰাৰ লগতে এক প্ৰস্তাৱ আগবঢ়োৱা হৈছে। কিন্তু এই লেখাৰ বিষয়বস্তু আৰু প্ৰস্তাৱৰ প্ৰাসংগিকতা কেৱল পানীয়তে সীমাবদ্ধ নহয়, পাৰম্পৰিক খাদ্য আৰু পানীয় উভয়ৰ ক্ষেত্ৰতে সমানে প্ৰযোজ্য।

সমুখৰ সমস্যা সমূহ (The Problems Ahead)
অসমৰ পৰম্পৰাগত পানীয় সমূহৰ ওপৰত প্ৰণালীৱদ্ধ গৱেষণা যথেষ্ট পৰিমাণে হোৱা নাই। পৰম্পৰাগত পানীয় সমূহৰ খাদ্য-গুণ, পৰিপুষ্টি, স্বাস্থ্য সমন্ধীয় লাভালাভ আদিৰ ওপৰত কিছু অধ্যয়ন হৈছে যদিও অসমৰ পৰম্পৰাগত পানীয় সমূহক বজাৰত ‘ইউনিক’ ৰূপত তুলি ধৰিবলৈ, এক স্বকীয় ব্ৰেণ্ড হিচাপে পৰিচয় সৃষ্টি কৰিবলৈ প্ৰয়োজনীয় প্ৰচাৰ-প্ৰপাগাণ্ডাৰ বাবে সেয়া যথেষ্ট নহয়। প্ৰস্তুত/উৎপাদন প্ৰণালীক মানক ৰূপ দিয়াৰ দিশতো তেনে কোনো লেখত ল’বলগীয়া পৰীক্ষণ-অধ্যয়ন পোৱা নাযায়। পৰম্পৰাগত পানীয়ৰ বাণিজ্যিক উৎপাদন কৰিবলৈ হ’লে প্ৰস্তুত/উৎপাদন প্ৰণালীৰ মানক নিৰ্ধাৰণ অতিশয় গুৰুত্বপূৰ্ণ। পেকেজিং/বটলিঙৰ মানক নিৰ্ধাৰণো প্ৰস্তুত/উৎপাদন প্ৰণালীৰ সমানেই গুৰুত্বপূৰ্ণ। মানক প্ৰস্তুত/উৎপাদন আৰু পেকেজিং/বটলিঙৰ ওপৰতে বিপণন কৰা পানীয়ৰ গুণ-মান নিৰ্ভৰ কৰিব। গুণ-মান নিশ্চিতি অবিহনে অসমৰ পৰম্পৰাগত পানীয়ই বজাৰত নিজা স্বকীয় পৰিচয় সৃষ্টি কৰাৰ পূৰ্ণ সম্ভাৱনা থকা স্বত্বেও লক্ষ্যৰ পৰা আঁতৰতে ৰৈ যোৱাৰ সম্ভাৱনাই বেছি। আকৌ গুণ-মান নিশ্চিতিৰ এক মানক মানি নচলিলে বিপণন কৰা পৰম্পৰাগত পানীয়ই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰো সম্ভাৱনা প্ৰৱল। সেইটো হ’বলৈ হ’লে গোটেই অভিলাষী আঁচনি খনেই হিতে বিপৰীত হোৱাৰ দৰে হ’ব, যিটো কাৰো কাম্য নহয়। এনেধৰণৰ সম্ভাৱ্য সমস্যাবোৰক তলত দিয়াৰ দৰে চাৰিটা শ্ৰেণীত বিভাজিত কৰিব পাৰি।
(১) মানক প্ৰস্তুত/উৎপাদন প্ৰণালী
(২) মানক পেকেজিং/বটলিং প্ৰক্ৰিয়া
(৩) সম্ভাৱ্য জনস্বাস্থ্যৰ প্ৰতি ভাবুকি
(৪) গুণ-মান নিশ্চিতি

প্ৰস্তুত/উৎপাদন প্ৰণালীৰ মানক (Manufacturing Standard)
অসমৰ জাতি-জনগোষ্ঠী সমূহৰ পাৰম্পৰিক জীৱন-জীৱিকাৰ প্ৰণালী সমূহ যি দৰে বৈচিত্ৰময়, একেদৰেই তেওঁলোকৰ আচাৰ – ৰীতি-নীতি তথা খাদ্যাভ্যাসৰ মাজতো বৈচিত্ৰ্য পৰিলক্ষিত। বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় সমূহৰ মাজতো একেই বিবিধতা। ভিন-ভিন জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় প্ৰস্তুতিত ব্যৱহাৰ কৰা সামগ্ৰী আৰু প্ৰক্ৰিয়াৰ মাজত থকা কিছু পাৰ্থক্যই, কিণ্বন প্ৰক্ৰিয়াৰ আৰম্ভক হিচাপে ব্যৱহৃত ‘প্ৰাৰম্ভিক পিঠা’ৰ উপাদানবোৰৰ বাবেই হওক নাইবা কিণ্বনত ব্যৱহৃত মূল সামগ্ৰী বা তাৰ প্ৰস্তুতিৰ প্ৰক্ৰিয়াৰ মাজত থকা পাৰ্থক্য বোৰৰ বাবেই হওক, প্ৰতিটো জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় বোৰৰ প্ৰত্যেকৰে স্বাদৰ একো একোটা স্বকীয়তা আছে। আনহাতে বেলেগ বেলেগ ভৌগোলিক অঞ্চলত বসবাস কৰা একে জনগোষ্ঠীৰে লোক সকলৰ পৰম্পৰাগত পানীয় প্ৰস্তুতিৰ উপাদান (বিশেষকৈ ‘প্ৰাৰম্ভিক পিঠা’ প্ৰস্তুতি আৰু সেই পিঠাত বাস কৰা অনুজীৱবোৰ) আৰু পানীয়ৰ স্বাদৰ মাজত লক্ষ্যণীয় স্বকীয় পাৰ্থক্যৰ কথাও জনা যায়। উদাহৰণস্বৰূপে- ক্ষেত্ৰ অধ্যয়নে কাৰ্বি আংলঙৰ কাৰ্বি আৰু গুৱাহাটীৰ সমীপৰ কাৰ্বি সকলৰ মাজত পাৰম্পৰিক পানীয় প্ৰস্তুতিৰ আৰু সেই পানীয়ৰ স্বাদৰ পাৰ্থক্য স্থাপিত কৰিছে। আনকি ঠাই – জনগোষ্ঠী ভেদে প্ৰস্তুত প্ৰণালীত ব্যৱহৃত বাচন-বৰ্তন আদিও ভিন-ভিন হোৱা দেখা গৈছে। বহুক্ষেত্ৰত জীৱন প্ৰণালীত আধুনিকীকৰণৰ চাপ পৰা বাবেও এই পাৰ্থক্য সমূহ আহিব পাৰে বুলি ধাৰণা কৰা হয়। অৰ্থাৎ কোনো এবিধ পাৰম্পৰিক পানীয়ৰ বিশেষত্ব কেৱল জনগোষ্ঠীটোৰ ওপৰতে নিৰ্ভৰশীল নহয়, ঠাইৰ ওপৰতো নিৰ্ভৰশীল – পাৰম্পৰিক পানীয় এবিধৰ স্বকীয় পৰিচয়ত জনগোষ্ঠীৰ নামৰ লগতে ঠাইখনৰো নাম সংলগ্ন হৈ থাকিলেহে সেই পানীয় বিধৰ পাৰম্পৰিক বিশেষত্ব থকা পৰিচয়টো সম্পূৰ্ণ হয়। আকৌ পাৰম্পৰিক পানীয় প্ৰস্তুতিৰ জ্ঞান-কৌশল বংশানুক্ৰমে প্ৰচলিত হৈ আহিছে। সেয়ে বহু সময়ত এই পানীয় প্ৰস্তুতিৰ প্ৰক্ৰিয়াবোৰ এটা নিৰ্দিষ্ট মানক পদ্ধতিৰ সলনি ‘‘ট্ৰায়েল এণ্ড এৰ’ৰ’’ৰ মাজেদি হে সম্পন্ন হয়। কিন্তু বাণিজ্যিক ভাৱে পাৰম্পৰিক বিশেষত্ব থকা পানীয়ৰ উৎপাদন কৰিবলৈ হ’লে এটা নূন্যতম মানক নিৰ্ধাৰণ কৰি ল’ব লাগিব। সেই মানকে পানীয় প্ৰস্তুতিত ব্যৱহাৰ হোৱা কেঁচা মাল আৰু ব্যৱহৃত প্ৰস্তুতি প্ৰণালী অনুসৰি উৎপাদিত পানীয়ক এটা ‘ইউনিক’ পাৰম্পৰিক বিশেষত্ব শ্ৰেণীৰ পৰিচয় দিব। উদাহৰণস্বৰূপে- গুৱাহাটীৰ সমীপৰ কাৰ্বি সকলৰ দৰে প্ৰস্তুত প্ৰণালী আৰু কেঁচা মাল ব্যৱহাৰ কৰি উৎপাদন কৰা পানীয়ক ‘হৰ লাং : কাৰ্বি পাৰম্পৰিক পানীয় - গুৱাহাটী’ জাতীয় নাম/লেবেলেৰে পাৰম্পৰিক বিশেষত্বৰ পৰিচয় দিয়া উচিত। বাণিজ্যিক উৎপাদনত ব্যৱহাৰ কৰা বাচন-বৰ্তনৰ ক্ষেত্ৰটো প্ৰণালীৱদ্ধ অধ্যয়নৰ মাজেৰে এটা মানক নিৰ্ধাৰণ হোৱাৰ প্ৰয়োজন আছে। এটা বিশেষ পাৰম্পৰিক বিশেষত্ব পৰিচয় লেবেলৰ সকলো পানীয় একে কেঁচা মাল, একে মানৰ বাচন-বৰ্তন ব্যৱহাৰ কৰি একে মানক প্ৰস্তুত প্ৰক্ৰিয়াৰ মাজেৰে উৎপাদিত হ’ব লাগিব। ঠাইৰ নামেৰে পাৰম্পৰিক বিশেষত্বৰ পৰিচয়ৰ বাবে একে জনগোষ্ঠীৰে ঠাই ভেদে উৎপাদিত পানীয়ৰ স্বাদ আৰু অন্য গুণাগুণৰ বিষয়ে বিস্তৃত অধ্যয়নৰ প্ৰয়োজন আছে। প্ৰস্তুত/উৎপাদন প্ৰক্ৰিয়াৰ মানক নিৰ্ধাৰণৰ বাবে জনগোষ্ঠী আৰু ঠাই অনুসৰি কেঁচা মাল, প্ৰস্তুত প্ৰণালী আৰু উৎপাদিত পানীয়ৰ গুণ-মান বিশ্লেষণৰ বিশদ প্ৰণালীৱদ্ধ অধ্যয়ন অপৰিহাৰ্য।
পেকেজিং/বটলিঙৰ মানক প্ৰক্ৰিয়া (Packaging/Bottling Standard)
কেইটিমান বিশেষ জনগোষ্ঠীৰ দুবিধ মান পৰম্পৰাগত পানীয়ক বাদ দি সাধাৰণতে অসমৰ পৰম্পৰাগত পানীয় পাতন প্ৰক্ৰিয়াৰে উৎপাদন কৰা নহয়। এনে পানীয়ৰ কিণ্বন অসম্পূৰ্ণ হয় আৰু চলি থকা কিণ্বনৰ ফলত উৎপাদন হোৱা গেছে পৰিবহন অথবা সংৰক্ষণৰ সময়ত অঘটন ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। সেয়ে এনে অ-কিণ্বন পানীয়ৰ পেকেজিং/বটলিঙৰ বাবে উচ্চ-চাপ যুক্ত অন্যান্য পেয়-পানীয় পেকেজিং/বটলিঙৰ বাবে প্ৰযোজ্য সকলো নীতি কঠোৰ ভাৱে পালন হ’ব লাগিব। উত্তম ব্যৱস্থা হ’ব যদিহে তৰল সৰকিব নোৱাৰা কিন্তু উৎপাদিত গেছ ওলাই যাব পৰা সৰন্ধ্ৰ (porous) সোপাৰ ব্যৱহাৰ কৰা হয়। পাতন প্ৰক্ৰিয়াৰে উৎপাদিত পৰম্পৰাগত পানীয়ৰ ক্ষেত্ৰত (বিলাতী মদ আদি) স্পিৰিট পেকেজিং/বটলিঙৰ সকলো মানক নীতি পালন হ’ব। পেকেজিং/বটলিং প্ৰক্ৰিয়াত (‘বিতৰণ-শৃংখল ব্যৱস্থাপনা’ৰ অধীনত) স্বয়ংক্ৰিয় উৎপাদন অনুসৰণ-অৱসৰণ (product tracing – from source to the consumer and vice versa) ব্যৱস্থাৰ বাবে ইউনিক QR-Code জাতীয় লেবেল প্ৰতিটো পেকেজ/বটলত ছপা হ’ব লাগিব।

জনস্বাস্থ্যৰ প্ৰতি ভাবুকি (Public Health Threats)
নিম্ন এলক’হল ঘনত্বৰ কিণ্বিত (খাদ্য আৰু) পানীয়ত অনুজীৱই বসতি আৰু বংশবৃদ্ধি কৰিব পাৰে বুলি গৱেষণাত প্ৰকাশ পাইছে। ইয়াৰে কিছুমান অনুজীৱ মানুহৰ স্বাস্থ্যৰ বাবে হানি কাৰক। এনে হানি কাৰক অনুজীৱ বোৰে (যেনে, ই. কলাই 0157:H7) অন্ত্ৰৰ সংক্ৰমণ ঘটাই মানুহৰ প্ৰাণ নাশ কৰা ঘটনা পৰ্যন্ত সংঘটিত হৈছে। ঘাটক কেই বিধক বাদ দিও বাকীবোৰ হানি কাৰক অনুজীৱই মানুহৰ দেহত গেষ্ট্ৰ’এন্টাৰাইটিছ, টাইফইডৰ লেখিয়া (উদা.- চেলম’নেলা টাইফিমুৰিয়াম), ডায়েৰিয়া (উদা.- চাইট্ৰ’বেক্টাৰ ফেউণ্ডি) আদি উপসৰ্গৰ পৰা আৰম্ভ কৰি মূত্ৰ নলীৰ সংক্ৰমণ (উদা.- এনট্ৰ’ক’ক্কাছ ফিছিয়াম) আদি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। এনে ধৰণৰ অনুজীৱৰ উৎস সাধাৰণতেই হয় প্ৰদূষিত পানী নাইবা/আৰু অস্বাস্থ্যকৰ প্ৰস্তুতি / উৎপাদন / পেকেজিং / বটলিং প্ৰক্ৰিয়া। পাতন নকৰা পৰম্পৰাগত পানীয়ৰ প্ৰস্তুতি/উৎপাদনৰ বেলিকা নিৰ্দিষ্ট উষ্ণতা, আৰ্দ্ৰতা আদিৰ সাধাৰণতে কোনো ধৰা-বন্ধা মানক নাই। এই বোৰৰ মান সাধাৰণতেই বতৰৰ ওপৰতে নিৰ্ভৰশীল। গতিকেই পৰম্পৰাগত পানীয়ৰ কিণ্বন প্ৰক্ৰিয়াত কিমান পৰিমাণৰ এলক’হল উৎপাদন হ’ব সেয়াও বতৰৰ ওপৰতে নিৰ্ভৰশীল। গতিকেই (হানি কাৰক) অনুজীৱৰ অনুকূল এলক’হল ঘনত্বৰ পানীয়ও বতৰ অনুসৰি উৎপাদন হ’বই, তাতে যদি প্ৰদূষিত পানী অথবা অস্বাস্থ্যকৰ পৰিবেশ বা প্ৰস্তুতি/উৎপাদন/পেকেজিং/বটলিং যোগ হয় তেতিয়া হ’লে বাণিজ্যিক ভাৱে উৎপাদিত পৰম্পৰাগত পানীয়ই বিস্তৰ ক্ষতি সাধন কৰিব পাৰে, জনস্বাস্থ্য আৰু অসমৰ পৰম্পৰাগত পানীয়ৰ ব্ৰেণ্ড ইমেজ দুয়োটাৰে। একেদৰে জল উৎস/পানীৰ প্ৰচেছিং আদিৰ ওপৰত নিৰ্ভৰ কৰি পৰম্পৰাগত পানীয়ত স্বাস্থ্যৰ বাবে হানি কাৰক ধাতু (যেনে- আৰ্ছেনিক, টিন, লেড) আদিও সোমাই পৰিব পাৰে। আনহাতে বাণিজ্যিক লক্ষ্যৰে উৎপাদন কৰা পৰম্পৰাগত পানীয়ৰ প্ৰস্তুতিত উৎপাদিত পানীয়ৰ ‘চোক’ কম হ’লে বহু সময়ত অন্য উৎসৰ নিচাযুক্ত সামগ্ৰী (ঔদ্যোগিক এলক’হল, এচিট’ন, থিনাৰ, মিথানল, আদি) মিশ্ৰিত ভেজাল, অস্বাস্থ্যকৰ আৰু চূড়ান্ত হানি কাৰক পানীয়ও কোনো কোনো অসাধু চক্ৰই বজাৰত মেলি দিব পাৰে। যিটোৰ ফলত অতি কম সময়ৰ ভিতৰতে বহু লোকৰ প্ৰাণৰ প্ৰতি সংশয় নামি আহিব পাৰে।

গুণ-মান নিশ্চিতি (Quality Assurance)
অসমৰ পৰম্পৰাগত পানীয়ৰ পৰিকল্পিত, গুণ-মান নিয়ন্ত্ৰিত বাণিজ্যিক উৎপাদন আৰু বিপণনে যি দৰে বিশ্বৰ পৰম্পৰাগত (খাদ্য আৰু) পানীয়ৰ মেপত অসমক এক গৌৰৱৰ স্থান দিয়াৰ লগতে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ পৰিবৰ্তনৰ জোৱাৰ অনাৰ সম্ভাৱনা আছে, একেদৰে পৰিকল্পনাৰ বিফলতা আৰু গুণ-মানৰ ওপৰত নিয়ন্ত্ৰণ নাথাকিলে হিতে বিপৰীত হৈ দুৰ্নাম, অৰ্থনৈতিক ক্ষতিৰ লগতে আৰু লোকৰ প্ৰাণ-হানিৰ দৰে ঘটনাৰ চেকাও অসম আৰু অসম চৰকাৰে মূৰ পাতি ল’ব লাগিব। সেয়েহে পৰম্পৰাগত পানীয়ৰ বাণিজ্যিক উৎপাদন আৰু বিপণন ব্যৱহাৰিক ভাৱে আৰম্ভ হোৱাৰ সমান্তৰালভাৱে (আচলতে আগতেই) উৎপাদন হ’বলগীয়া পৰম্পৰাগত পানীয় সমূহৰ বিষয়ে প্ৰণালীৱদ্ধ তথ্য সংগ্ৰহ, বৈজ্ঞানিক অনুসন্ধান, সিবোৰৰ শ্ৰেণী বিভাজন, বাণিজ্যিক প্ৰস্তুতি/উৎপাদন প্ৰণালীৰ মানকীকৰণ, ব্যৱহৃত পানীৰ মানকীকৰণ, প্ৰস্তুতি/উৎপাদন/পেকেজিং/বটলিং প্ৰক্ৰিয়া নূন্যতম স্বাস্থ্য সন্মত মান, প্ৰতিটো স্তৰতে গুণ-মান নিশ্চিতি পৰীক্ষণৰ ব্যৱস্থা আৰু উৎপাদিত সামগ্ৰীৰ প্ৰতিটো বজাৰত উপলব্ধ এককৰে উৎস অনুসৰণ-অৱসৰণ (source tracing) নিশ্চিত কৰিব পৰা মানক ব্যৱস্থা এটা থকাটো মৌলিক ভাৱে অপৰিহাৰ্য।

এনে এটা মানক ব্যৱস্থা নকৰাকৈ পৰম্পৰাগত (খাদ্য আৰু) পানীয়ৰ বাণিজ্যিক উৎপাদন আৰু বিপণন কৰিবলৈ আগবঢ়াটো অসমৰ বাবে সম্ভাৱ্য সোণৰ খনি এটা কিছু অসাৱধানতা/আলস্যৰ বাবে বাটত পায়ো হাততে হেৰাই যোৱাৰ দৰে হ’ব – দুৰ্নাম, অৰ্থনৈতিক ক্ষতি আৰু প্ৰাণ হানিৰ সম্ভাৱনা খিনিতো আছেই। গুণ-মান নিশ্চিতিৰ মানক ব্যৱস্থা এটাই অসমৰ পাৰম্পৰিক (খাদ্য আৰু) পানীয়ক অসম বা ভাৰতৰ নহয় সমগ্ৰ বিশ্বৰ বজাৰত এক স্বকীয় স্থান দিয়াক ত্বৰান্বিত কৰিব। থাইলেণ্ডৰ ‘সিংহ আৰু চান বিয়েৰ’ৰ উদাহৰণ এই প্ৰসংগতে ল’ব পাৰি। বিশ্ব মানৰ গুণ-মান নিশ্চিত প্ৰণালীৰ মাজেৰে এই দুই থাই বিয়েৰে, ইউৰোপৰ প্ৰতিষ্ঠিত বিয়েৰ ব্ৰেণ্ড বোৰৰ লগত সমানে সমানে ফেৰ মাৰি, সমগ্ৰ বিশ্বতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে – অৰ্থনৈতিক ভাৱেও, ব্ৰেণ্ড হিচাপেও। একেদৰে ফ্ৰান্সৰ ৱাইন আৰু অন্যান্য সুৰা উৎপাদনবোৰৰ পাৰম্পৰিক বিশেষত্ব Appellation d'Origine Contrôlée (AOC) ব্যৱস্থাৰ মাজেৰে নিয়ন্ত্ৰিত হয়। একেধৰণৰ ব্যৱস্থা চীজ আদি সামগ্ৰীৰ ক্ষেত্ৰটো বলবৎ। ফৰাচী AOC ব্যৱস্থাৰ অনুকৰণত অসমৰ পাৰম্পৰিক (খাদ্য আৰু) পানীয়ৰ পাৰম্পৰিক বিশেষত্ব আৰু গুণ-মান নিশ্চিত কৰিবৰ বাবে ‘পাৰম্পৰিক বিশেষত্ব আৰু গুণ-মান নিশ্চিতি প্ৰাধিকৰণ, অসম’ (Traditional Specialties Guarantee and Quality Assurance Authority, Assam, চমুকৈ TraSpeGA, ট্ৰেচপেগা)ৰ প্ৰস্তাৱ কৰা হৈছে।

পাৰম্পৰিক বিশেষত্ব আৰু গুণ-মান নিশ্চিতি প্ৰাধিকৰণ, অসম (ট্ৰেচপেগা, TraSpeGA)

অসমৰ পাৰম্পৰিক (খাদ্য আৰু) পানীয়ৰ পাৰম্পৰিক বিশেষত্ব (জনগোষ্ঠীয় চিনাকি, ঠাই বিশেষ, প্ৰস্তুত প্ৰণালী) আৰু সেই (খাদ্য বা) পানীয়ৰ মান্য গুণ-মান নিশ্চিতিৰ সকলো অধ্যয়ন, গৱেষণা, তথ্য সংগ্ৰহ আৰু অভিলেখন, মানক নিৰ্ণয় আৰু প্ৰমাণীকৰণ প্ৰাধিকাৰী হিচাপে ট্ৰেচপেগা প্ৰস্তাৱ কৰা হৈছে। এই প্ৰাধিকৰণে আৰম্ভণি স্তৰত ইয়াৰ কৰ্মক্ষেত্ৰ কেৱল পাৰম্পৰিক পানীয়ৰ ক্ষেত্ৰতে সীমাবদ্ধ ৰাখিব। অদূৰ ভৱিষ্যতে ই অসমৰ সকলো পাৰম্পৰিক খাদ্য আৰু পানীয়ৰ মানক আৰু প্ৰমাণীকৰণ প্ৰাধিকাৰীৰ ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সামৰ্থ ৰাখিব। ট্ৰেচপেগাৰ কাৰ্যৱলী তলত উল্লেখ কৰা হৈছে।

ট্ৰেচপেগাৰ মূল কাৰ্যৱলী

• পাৰম্পৰিক পানীয়ৰ গৱেষণা
o তথ্য সংগ্ৰহ আৰু অভিলেখন
o জনগোষ্ঠী আৰু ঠাই নিৰ্ভৰশীল কেঁচা মাল, প্ৰস্তুত প্ৰণালী, ব্যৱহৃত বাচন-বৰ্তন আৰু পানীয়ৰ অভিলেখ
 কেঁচা মালৰ জনগোষ্ঠীয় নিদান প্ৰণালীত মূল্য
 আধুনিক চিকিৎসা শাস্ত্ৰৰ দৃষ্টিত মূল্য – জ্ঞানৰ পৰিধি অন্বেষণ
 স্বকীয় বিশেষত্ব বোৰৰ অভিলেখন
o বিভিন্ন পাৰম্পৰিক পানীয়ৰ ৰাসায়নিক, পৰিপুষ্টি, গৰল (toxicological), অনুজৈৱিক (microbiological) বিশ্লেষণ
o প্ৰস্তুতি, উৎপাদন, স্বাদ, চোক আদিৰ ওপৰত সময়, উষ্ণতা, আৰ্দ্ৰতা আৰু অন্যান্য বতৰৰ প্ৰভাৱৰ প্ৰণালীৱদ্ধ অধ্যয়ন আৰু অভিলেখন
o ভিন-ভিন স্বাদ আৰু চোকৰ পৰম্পৰাগত পানীয় প্ৰস্তুতি আৰু বাণিজ্যিক উৎপাদনৰ বাবে অনুকূলতম তাপ মানকে আদি কৰি বিভিন্ন ভৌতিক আৰু পাৰিবেশিক চলক সমূহৰ ভূমিকাৰ বিতং অধ্যয়ন
o পৰম্পৰাগত পানীয়ৰ স্বাদ, সুবাস আদিৰ উন্নীতকৰণৰ সম্ভাৱনাৰ অধ্যয়ন। সম্ভাৱ্য নতুন নতুন স্বাদৰ সন্ধান আৰু খাদ্য গুণ-মান বিশ্লেষণ 
• ওপৰৰ অধ্যয়ন, গৱেষণাৰ ভিত্তিত প্ৰস্তুতি আৰু উৎপাদন প্ৰণালীৰ মানকীকৰণ প্ৰস্তুত 
o পাৰম্পৰিক বিশেষত্বৰ নিশ্চিতি প্ৰমাণীকৰণৰ চৰ্তাৱলী (কেঁচা মাল, প্ৰস্তুতি)
o জনগোষ্ঠীয় আৰু ঠাই (স্থানীয়তা) বিশেষত্বৰ প্ৰমাণীকৰণৰ চৰ্তাৱলী (জনগোষ্ঠীয় নিদান মূল্য, স্থানীয় বিশেষত্ব)
o বিপণনৰ বাবে গুণ-মানৰ চৰ্তাৱলী (ৰাসায়নিক, অনুজৈৱিক, সুৰা ঘনত্ব, গৰল আৰু অন্যান্য সম্ভাৱ্য অশুদ্ধি)
• পানীয় প্ৰস্তুত আৰু উৎপাদনত ব্যৱহৃত আহিলা, বাচন-বৰ্তন আদিৰ মানকীকৰণ (ধাতু, গৰল আৰু ৰাসায়নিক বিশ্লেষণ)
• উৎপাদন ক্ষেত্ৰৰ নিৰন্তৰ সমীক্ষা আৰু বিশ্লেষণ
• সমীক্ষাৰ ভিত্তিত উৎপাদক আৰু উৎপাদিত সামগ্ৰীৰ প্ৰমাণীকৰণ (certification)
o পাৰম্পৰিক বিশেষত্ব নিশ্চিতি
o স্থানীয়তা আৰু জনগোষ্ঠীয় বিশেষত্ব নিশ্চিতি
o উৎপাদন প্ৰক্ৰিয়াৰ মানৰ নিশ্চিতি
o উৎপাদিত সামগ্ৰীৰ নিৰন্তৰ নমুনা সংগ্ৰহ আৰু গুণ-মান বিশ্লেষণ প্ৰণালীৰ প্ৰমাণীকৰণ
o যাদৃচ্ছিক নমুনা বিশ্লেষণৰ দ্বাৰা উৎপাদকৰ অনুজ্ঞাৰ যোগ্যতা আৰু নীতি-নিয়ম পালনৰ প্ৰমাণীকৰণ
• অসমৰ পৰম্পৰাগত পানীয়ৰ ব্ৰেণ্ডিং, ব্যৱসায়িক ইমেজ সৃষ্টিৰ উদ্দেশ্যৰে বজাৰ আৰু ব্যৱস্থাপনা গৱেষণা
• অসমৰ পৰম্পৰাগত পানীয়ৰ উৎপাদন আৰু উৎকৃষ্টতাৰ উন্নয়নৰ বাবে নতুন প্ৰযুক্তি আৰু উৎপাদন প্ৰণালীৰ বিকাশৰ বাবে গৱেষণা আৰু তেনে প্ৰযুক্তি-প্ৰণালীৰ পেটেন্টিং আৰু ব্যৱসায়িক বিপণন।
• পৰম্পৰাগত পানীয় বোৰৰ আধাৰত নতুন ধৰণৰ বাণিজ্যিক পানীয়ৰ বিকাশৰ সম্ভাৱনাৰ অধ্যয়ন আৰু গৱেষণা।

ট্ৰেচপেগাৰ আনুষংগিক কাৰ্যৱলী
তথ্য সংগ্ৰহ আৰু সংৰক্ষণ - ট্ৰেচপেগাই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত পানীয় প্ৰস্তুতি প্ৰণালীৰ পদ্ধতিগত অধ্যয়নৰ অভিলেখনৰ মাজেৰে এক তথ্য ভাণ্ডাৰ সৃষ্টি কৰিব। ট্ৰেচপেগাৰ এই তথ্য ভাণ্ডাৰ এক চিকিউৰ ডিজিটেল তথ্য সঞ্চয় প্ৰণালীৰ হিচাপত সঞ্চিত থাকিব। এই তথ্য ভাণ্ডাৰত নথি হিচাপে প্ৰস্তুতি প্ৰণালীৰ লিখিত বিৱৰণেই নহয়, দৃশ্য-শ্ৰব্য মাধ্যমতো পদ্ধতি সমূহ সংৰক্ষণ কৰিব। এই তথ্য ভাণ্ডাৰৰ বাবে ট্ৰেচপেগাৰ নিজৰ তথ্য সঞ্চয় প্ৰণালীৰ উপৰিও এক (ক্লাউড বেচড) বেক-আপ থাকিব।

গৱেষণা আৰু বিকাশ - খাদ্য আৰু পানীয়ৰ ভৌতিক, ৰাসায়নিক, অনুজৈৱিক, গৰল সংশ্লেষণ-বিশ্লেষণ কৰিব পৰাকৈ ট্ৰেচপেগাৰ এক নিজা গৱেষণাগাৰ থাকিব। য’ত ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা বিভিন্ন পানীয়ৰ ওপৰত গুণ-মানকে আদি কৰি পৰীক্ষা-নিৰীক্ষা সমূহ চলোৱা হ’ব। এই গৱেষণাগাৰতে পানীয়ৰ প্ৰস্তুতি, বিভিন্ন উন্নীতকৰণ পৰীক্ষণ আদিৰ সুবিধাও থাকিব। এই গৱেষণাগাৰৰ উপৰিও এক কম্পিউটিং গৱেষণাগাৰো থাকিব, য’ত মডেলিং আৰু চিম্যুলেচনৰ মাধ্যমেৰে নতুন প্ৰযুক্তি বিকাশ আৰু ইন-চিলিক’ পৰীক্ষণ চলিব।

গৱেষণা সহযোগিতা - ট্ৰেচপেগাই নিজৰ স্তৰত তথ্য সংগ্ৰহ, অনুসন্ধান, গৱেষণা আৰু বিশ্লেষণ কৰাৰ উপৰিও অসমৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ লগত জ্ঞান আৰু প্ৰযুক্তি আদান-প্ৰদানৰ গৱেষণা সহযোগিতাত আবদ্ধ হ’ব। ট্ৰেচপেগাৰ গৱেষণা পুঁজিৰ ৫০ শতাংশ বিশ্ববিদ্যালয় /গৱেষণাগাৰৰ লগত সহযোগী গৱেষণাৰ ক্ষেত্ৰত পাৰস্পৰিক গৱেষণা আৰু বিকাশ চুক্তিৰ আধাৰত ব্যৱহৃত হ’ব। এই পুঁজিৰ ব্যৱহাৰ সহযোগী বিশ্ববিদ্যালয়/গৱেষণাগাৰৰ গৃহ আন্তঃগাঠনি উন্নয়নৰ বাবে দিব পৰা নাযাব। কেৱল গৱেষণা সঁজুলি, যা-যন্ত্ৰ উন্নীতকৰণ আৰু গৱেষণাৰ আনুষংগিক খৰচৰ বাবেহে এই ধন ব্যৱহৃত হ’ব। ইয়াৰ এটা পূৰ্ব নিৰ্ধাৰিত অংশ গৱেষক ছাত্ৰ বৃত্তি বা ফেল’চিপ হিচাপেও দিয়াৰ ব্যৱস্থা থাকিব। সময়মতে নিকা হিচাপ নিকাচৰ বাবে ট্ৰেচপেগা আৰু সহযোগী প্ৰতিষ্ঠানে দায়বদ্ধতাৰ চুক্তি পত্ৰৰ দ্বাৰা দায়বদ্ধ থাকিব। গৱেষণা সহযোগী নিৰ্বাচন, গৱেষণা প্ৰকল্প চয়ন আদিৰ ক্ষেত্ৰত ট্ৰেচপেগাৰ একচেটিয়া অধিকাৰ থাকিব।

পৰিণাম আৰু প্ৰদেয় (Outcomes and Deliverables)
অসমৰ পাৰম্পৰিক (খাদ্য আৰু) পানীয়ৰ গুণ-মান নিশ্চিতি ব্যৱস্থাই পৰম্পৰাগত খাদ্য আৰু পানীয় সমূহক এক বিশ্বৰ বজাৰৰ মান চিনাকি প্ৰদান কৰিবলৈ সক্ষম হ’ব। অসমৰ পৰম্পৰাগত পানীয়ৰ পাৰম্পৰিক বিশেষত্ব আৰু গুণ-মাপৰ নিশ্চিতি প্ৰদানে জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ মোকাবিলা কৰাত সক্ষম হ’ব। গ্ৰাহকৰ মাজত আস্থা আৰু স্বাদৰ গেৰান্টিয়ে অসমৰ পানীয়ক এক স্বকীয় চিনাকি আনি দিব। ট্ৰেচপেগাৰ জৰিয়তে উৎপাদন, পেকেজিং আৰু বিতৰণ প্ৰক্ৰিয়াৰ প্ৰমাণীকৰণ আৰু উৎস অনুসৰণ-অৱসৰণ প্ৰণালীয়ে উৎপাদক সকলক দায়বদ্ধ হ’বলৈ বাধ্য কৰাব আৰু নীতি-নিয়ম বলবৎকৰণত চৰকাৰৰ সুবিধা হ’ব। অসমৰ পৰম্পৰাগত পানীয়ৰ এক স্বকীয় ব্ৰেণ্ড ইমেজ সৃষ্টি হোৱাৰ লগতে অৰ্থনৈতিক বিকাশৰ নতুন পথ মুকলি হ’ব – মানক গুণ-মানৰ নিশ্চিতকৰণে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কম কৰিব। বিশ্বৰ বজাৰলৈ উলিয়াই নিব পৰা গুণ-মানৰ নিশ্চিতি দিব পাৰিলে ট্ৰেচপেগাৰ লগত যি খৰচ হ’ব তাতকৈ হাজাৰ গুণে ৰাজহ অসমে আহৰণ কৰাৰ পথ মুকলি হ’ব।
মূল লেখা Traditional Specialties Guarantee and Quality Assurance of Traditional (Foods and) Beverages of Assam ৰ লেখক ভগৎ লাল দত্ত ফ্ৰান্সৰ পৰা ডক্টৰেট ডিগ্ৰী প্ৰাপ্ত আৰু ResearchBull গৱেষণা সংস্থাৰ পৰামৰ্শদাতা বিজ্ঞানী।
তেখেতৰ আন আন প্ৰকাশিত লেখাৰ বাবে লিংকঃ http://www.xukhdukh.com/search/label/BHAGAT-LAL-DUTTA

No comments:

Post a Comment