ৰূপালী পৰ্দাঃ ছেক্ৰেড গেমছ : নেটফ্লিক্সৰ এক নতুন চাঞ্চল্য :: দেৱ প্ৰতিম - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

ৰূপালী পৰ্দাঃ ছেক্ৰেড গেমছ : নেটফ্লিক্সৰ এক নতুন চাঞ্চল্য :: দেৱ প্ৰতিম

Share This
সৰু পৰ্দাৰ ভাৰতীয় ছিৰিয়েল বুলিলে মোৰ দৰে বহুতৰে মন কোঁচ খাই আহে৷ বৰং এনে অতিমাত্ৰা মেল’ড্ৰামাটিক ছিৰিয়েল চোৱা বহুতকে মই ইতিকিং (বন্ধুত্ব সুলভ) কৰো৷ অৱশ্যে শেহতীয়াকৈ এই দৃশ্য পট সলনি হ’বলৈ ধৰিছে৷ ৱেব ছিৰিজৰ আগমনে সৰু পৰ্দাৰ ভাৰতীয় ছিৰিয়েল বিলাকৰ প্ৰচলিত ধাৰাটো কিছু পৰিমাণে হ’লেও সলনি কৰিবলৈ সক্ষম হৈছে৷ উদাহৰণ স্বৰূপে টিভি এফ-ৰ ‘পিটছাৰছ’, ‘পাৰমানেণ্ট ৰুমমেট’ আদি৷ তথাপি কিবা এটা যেন নাছিল এই ছিৰিজ বিলাকত৷ ছিৰিজ চাই ভাল পাইছিলোঁ৷ ‘দ্য বেণ্ড অৱ ব্ৰাডাৰছ’, ‘ব্ৰেকিং বেড’, ‘ছাৰল’ক’, ‘নাৰ্ক’ছ’, ‘গেম অৱ থ্ৰোনছ’, ‘হ’মলেণ্ড’ আদিৰ দৰে ধাৰাবাহিকৰ অভাৱ বহুদিনৰে পৰা আছিল৷ বৰং ক’বলৈ গ’লে ক্ৰাইম, থ্ৰীলাৰ শৈলীৰ এখন ভাৰতীয় ধাৰাবাহিকৰ অভাৱ বহুদিনৰে পৰা অনুভৱ কৰিছিলোঁ৷ আৰু মোৰ দৃষ্টিত এনে শৈলীৰ ভাৰতীয় এখন ধাৰাবাহিকৰ নিৰ্মাণ কৰিব পৰা মানুহ মাত্ৰ এজনেই আছিল, আৰু তেওঁ হৈছে বলিউডৰ জনপ্ৰিয় ছবি নিৰ্মাতা অনুৰাগ কাশ্যপ৷

অনুৰাগ কাশ্যপে হয়তো বহু আগতেই এনে এখন ধাৰাবাহিকৰ নিৰ্মাণ কৰিলেহেঁতেন, কিন্তু সদায় আগত হেঙাৰ দি থিয় হৈছিল ‘চেন্সৰ বোৰ্ড’৷ কাৰণ অপৰাধ শৈলীৰ ছবি বা ছিৰিজ নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্দেশক তথা নিৰ্মাতাক প্ৰয়োজন হয় স্বাধীনতা, যি স্বাধীনতা পোৱাৰ বাবেই কপলাই হয়তো ‘গডফাডাৰ’ৰ দৰে কালজয়ী ছবি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল৷ তেনে স্বাধীনতাৰ লগতে প্ৰয়োজন এটা ভাল চিত্ৰনাট্যৰ, কাৰণ এটা ভাল চিত্ৰনাট্য নহ’লে যিমান ভাল কাহিনী নহ’লেও ছবিখনে বা ছিৰিজটোৱে সঠিক দিশত গতি ল’ব নোৱাৰে৷

“ভগৱানক বিশ্বাস কৰা নে? ……ভগৱানক একোৱে প্ৰভাৱ নেপেলায়৷” (Do you believe in God? God doesn’t give a F***.) কথাখিনি নেটফ্লিক্সৰ প্ৰথম ভাৰতীয় অ’ৰিজিনেল ছিৰিজ ‘ছেক্ৰেড গেমছ’ৰ প্ৰথম দৃশ্যৰ আৰু কথাখিনি ওলাইছে নৱাজুদ্দিন ছিদ্দিকৰ মুখৰে৷ প্ৰথম দৃশ্যৰ সেই ৰহস্যজনক দৃশ্য আৰু নৱাজুদ্দিনৰ মুখেৰে ওলোৱা সেই সংলাপেই মোৰ বাবে যথেষ্ট আছিল নেটফ্লিক্সৰ এই ধাৰাবাহিক খনৰ প্ৰতি মোক আকৰ্ষিত কৰিবলৈ তথা এটাৰ পাছত আনটো এপিছোড একেলেথাৰিয়ে চাই যাবলৈ৷ ধাৰাবাহিক খনৰ প্ৰথমটো ছিজনৰ নিৰ্দেশক আছিল অনুৰাগ কাশ্যপ আৰু ‘উড়ান’, ‘লুটেৰা’, ‘ট্ৰেপড’ আদিৰ দৰে সফল ছবিৰ নিৰ্দেশক বিক্ৰমাদিত্য মটৱানি৷ এনে দুজন নিৰ্দেশকৰ নিৰ্দেশনাত আৰু নেটফ্লিক্সৰ দ্বাৰা প্ৰযোজনা হোৱাটো আছিল ধাৰাবাহিক খনৰ প্ৰতি আকৰ্ষিত হোৱাৰ দ্বিতীয়টো কাৰণ৷ ইয়াৰ প্ৰথমটো ছিজন আছিল ৰোমাঞ্চ, হিংসা, ৰাজনীতি তথা আণ্ডাৰৱৰ্ল্ড জগতৰ এক সঠিক সংমিশ্ৰণ৷ প্ৰতিটো এপিছ’ডে আপোনাৰ ভিতৰত জাগ্ৰত কৰিব শিহৰণ, প্ৰতিটো এপিছ’ডৰ পাছৰ কাহিনী জানিবলৈ আপুনি হৈ পৰিব উৎসুক৷ ই আপোনাক-মোক ভাবিবলৈ বাধ্য কৰিব, কাৰণ এনে ধৰণৰ ভাৰতীয় ধাৰাবাহিক এইখনেই প্ৰথম৷

ধাৰাবাহিক খনৰ প্ৰথমটো চিনাকি দিছিল ইয়াৰ ট্ৰেইলাৰটোৱে, অৱশ্যে সকলো ট্ৰেইলাৰৰ সেইটোৱেই কাম, প্ৰথম চিনাকি কৰোৱা৷ আৰু এই ক্ষেত্ৰত কোনো কৃপনালি কৰা নাছিল নেটফ্লিক্সে৷ ট্ৰেইলাৰটোৱে আভাস দিছিল ভাৰতীয় ছবি জগতত নতুন কিবা এক আহি আছে বুলি৷ মুক্তিৰ পাছত সেই কথা সত্য প্ৰমাণিত কৰিছিল ‘ছেক্ৰেড গেমছ’এ৷ ছেঈফ আলি খান, নৱাজুদ্দিন ছিদ্দিকি, ৰাধিকা আপটে আদিৰ দৰে নিপুণ অভিনেতাৰ সমাহাৰ আছিল ছিৰিজটোৰ প্ৰথম ছিজনৰ সফলতাৰ আন এটা দিশ৷

ভাৰতীয় পটভূমিত এনে বহুতো কাহিনী আছে যি গুণগত দিশৰ পৰা বিশ্ব পৰ্যায়ৰ৷ তেনে এক কাহিনী আছিল বিক্ৰম চন্দ্ৰাৰ ২০০৬ চনৰ উপন্যাস ‘ছেক্ৰেড গেমছ’৷ ইয়াত আছিল এখন অপৰাধ তথা থ্ৰীলাৰ শৈলীৰ ধাৰাবাহিকতা ৰূপ দিব পৰা সকলো উপাদান৷ আটাইতকৈ উল্লেখনীয় কথাটো হ’ল এই উপন্যাস খনত কাশ্যপৰ আৰ্হিৰ ছবিৰ সকলোবিলাক উপাদান যেনেঃ ৰাজনীতি, ধৰ্ম, আণ্ডাৰৱৰ্ল্ড, যৌনতা, হিংসা আদি সকলোবিলাকেই আছিল৷

অসমীয়াৰ সুখ-দুখ
ওপৰত ইতিমধ্যে কৈছো ভাৰতীয় ধাৰাবাহিক বুলি সেই শাহু-বোৱাৰী ধৰণৰ ধাৰাবাহিক বিলাকেই বুজা যায়৷ এনে এটা ধাৰণা সকলোৰে মন গ্ৰাস কৰি পেলাইছিল৷ আজিৰ ধাৰাবাহিকৰ তুলনাত ৯০ দশকৰ ধাৰাবাহিক বিলাক গুণগত, কাহিনী, মনোৰঞ্জন আদি সকলো ফালৰে পৰা উন্নত আছিল৷ বালাজী ফ্লিল্মছৰ আগমনৰ পাছৰ পৰা ভাৰতীয় ছিৰিয়েল বিলাক সকলো দিশতে সলনি হ’বলৈ ধৰে৷ বেছিভাগ ছিৰিয়েলৰ মূলমন্ত্ৰ প্ৰায় একে হৈ পৰিল৷ এটা পৰিবৰ্তনৰ দৰকাৰ আছিল, ভাৰতীয় ৱেব ছিৰিজ বিলাকৰ আগমনে অৱশ্যে এইক্ষেত্ৰত কিছু পৰিমাণে হ’লেও পৰিবৰ্তন আনিছিল৷ এই ৱেব ছিৰিজ বিলাক ভাৰতীয় টেলিভিছনৰ ছিৰিয়েল বিলাকতকৈ বহু ক্ষেত্ৰত উন্নত আছিল৷ তথাপি এনে এক পৰিবেশত হিংসা আৰু নগ্নতাৰ বাবে কেৱল ১৬ বছৰ উৰ্দ্ধৰ বাবে নেটফ্লিক্সে নিৰ্মাণ কৰা ‘ছেক্ৰেড গেমছ’ আছিল এক প্ৰকাৰৰ সাহসিক সিদ্ধান্ত, আচলতে ই আছিল এক প্ৰকাৰৰ বিপ্লৱৰ সূচনা৷ কাৰণ সততে আমি দেখি আহিছোঁ এনে ধৰণৰ ছবি এখন মুক্তি পোৱাৰ পাছতেই বহু ফালৰ পৰা বিতৰ্ক আৰম্ভ হয়, কিবা এটা আৰম্ভ হোৱাৰ আগতেই সেই ‘কিবা’ টো শেষ হ’বলৈ আৰম্ভ কৰে৷ তদুপৰি তেনে কাহিনীত স্পৰ্শকাতৰ কোনো ৰাজনৈতিক ঘটনাৰ বা ধৰ্মীয় ক কিবা ছাঁ পৰিলে ৰাজনৈতিক চাপ পৰাও সম্ভাৱনা থাকে৷ আৰু ‘ছেক্ৰেড গেমছ’ আছিল এনে বহুতো উপাদানৰ সংমিশ্ৰণ৷ ইয়াত নগ্নতা আছে, হিংসা আছে, স্পৰ্শকাতৰ বহুকেইটা ৰাজনৈতিক পৰিঘটনা আছে লগতে আছে বহুকেইটা স্পৰ্শকাতৰ ধৰ্মীয় দিশ৷

বিক্ৰম চন্দাৰ উপন্যাসৰ আৰ্হিত নিৰ্মিত ‘ছেক্ৰেড গেমছ’ৰ কাহিনী এজন কৰ্ত্তব্যপৰায়ণ পাঞ্জাবী পুলিচ ইন্সপেক্টৰ চৰতাজ সিং (ছেঈফ আলি খান) আৰু আণ্ডাৰৱৰ্ল্ড ডন গণেশ গাইটোণ্ডে (নৱাজুদ্দিন ছিদ্দিকি)ৰ ওপৰত কেন্দ্ৰ কৰি আগবাঢ়ে যি মুম্বাই মহানগৰীত হ’বলগীয়া এটা সম্ভাব্য ভয়ানক বিপদৰ আগজাননী দিবলৈ চৰতাজ সিঙক ফোন কৰে৷ সেই ফোনক কেন্দ্ৰ কৰিয়ে কাহিনী ভাগ আগবাঢ়ে৷ কাহিনীত দেখুৱাই কেনেদৰে এটা সাধাৰণ ব্ৰাহ্মণ ঘৰৰ ল’ৰাৰ পৰা কেনেদৰে মুম্বাইৰ পুলিচ, ৰাজনৈতিক নেত আদি সকলোৱে সমীহ কৰি চলা কুখ্যাত আণ্ডাৰৱৰ্ল্ড ডন গণেশ গাঈটোণ্ডেলৈ ৰূপান্তৰিত হৈছিল৷ কাহিনীত দেখা পাম কেনেদৰে ধৰ্ম তথা ৰাজনীতিৰ পাকচক্ৰত পৰি মানুহ আগবাঢ়ে নতুবা পিছুৱাই যায়৷ কাহিনীত গাইটোণ্ডেৰ অতীতৰ উত্থানৰ কাহিনীৰ লগতে আগবাঢ়ে চৰতাজ সিঙৰ বৰ্তমান জীৱনৰ সংঘৰ্ষৰ কাহিনী৷ চৰতাজ সিঙৰ বাবে গাইটোণ্ডে আছিল এটা ডাঙৰ চিকাৰ৷ গাইটোণ্ডে যেনেদৰে চৰতাজ সিঙৰ বাবে গুৰুত্বপূৰ্ণ আছিল ঠিক সেইদৰে গুৰুত্বপূৰ্ণ আছিল ৰ’ এজেণ্ট অঞ্জলি মাথুৰ (ৰাধিকা আপটে)ৰ বাবেও৷ কাৰণ গাইটোণ্ডেই দিয়া এটা সম্ভাব্য বিপদৰ আগজাননী৷ কি আছিল এই বিপদ, যাৰ বাবে বহু দিন সুপ্ত হৈ থকা গাইটোণ্ডে বাহিৰ হ’বলৈ বাধ্য হ’ল৷ সেই লৈয়ে ব্যস্ত হৈ পৰে ছিৰিজৰ কাহিনী ভাগ৷ লগতে সমান্তৰালকৈ আগবাঢ়ে গাইটোণ্ডেৰ জীৱন-কাহিনী৷

ছবিখনৰ মূল কেন্দ্ৰবিন্দু আছিল নৱাজুদ্দিন ছিদ্দিকি৷ ছবিখনত যেন দেখা পাইছিলোঁ ‘গেংগছ্ অৱ ৱেছেপুৰ’ৰ ফেইজেলক৷ কিন্তু এই চৰিত্ৰটো আছিল ফেইজেলৰ চৰিত্ৰটোত কৈ কিছু পৰিণত৷ নৱাজুদ্দিন বিলীন হৈ গৈছিল গাইটোণ্ডেৰ চৰিত্ৰটোত৷ ঠিক সেইদৰে চৰতাজ সিঙৰ ৰূপত ছেঈফ আলি খানে সুন্দৰ অভিনয় কৰিছে৷ নিজকে প্ৰতিপন্ন কৰিবলৈ বদ্ধপৰিকৰ তথা এজন কৰ্ত্তব্যপৰায়ণ পুলিচ বিষয়া হিচাপে চৰিত্ৰ এটাত দেখা পাবলগীয়া সকলোবিলাক উপাদানেই দেখা পোৱা গ’ল ছেঈফ আলি খানৰ অভিনয়ত৷ বৰ্তমানৰ সময়ত বলিউডৰ আটাইতকৈ প্ৰভাৱশালী অভিনেত্ৰী কোন বুলিলে মই বেছি সময় নাভাবি উত্তৰ দিম ৰাধিকা আপটে বুলি৷ আৰু সেই কথাই প্ৰতিপন্ন কৰিছে ৰাধিকা আপটেই এই ছিৰিজৰ প্ৰথমটো ছিজনত৷ অনুৰাগ কাশ্যপৰ ছবিত আমি সদায় একোখন নতুন মুখ দেখিবলৈ সক্ষম হওঁ৷ আৰু ‘ছেক্ৰেড গেমছ’ত দেখিবলৈ সক্ষম হ’লো তেনে বহুতো নতুন মুখ, যি নিজৰ অনবদ্য অভিনয়ৰ দ্বাৰা সকলোকে মুহিবলৈ সক্ষম হ’ল৷ বৰং ক’বলৈ গ’লে বহু দৃশ্যত এই সৰু চৰিত্ৰ কেইটাই মুখ্য চৰিত্ৰ কেইটাক পিছ পেলাবলৈ সক্ষম হৈছে৷ তেনে কিছুমান চৰিত্ৰ হ’ল কুকু (কুব্ৰা চেইট), সুভদ্ৰা (ৰাজশ্ৰী দেশপাণ্ডে), বাণ্টী (যতীন শৰ্মা), ছ’টা আৰু বড়া বদৰীয়া (অনিল চৰনজিৎ আৰু ডানিশ পাণ্ডেৰ), মেলকম (লুক কেনী), কাটেকাৰ (জিতেন যোশী), কান্তা বাঈ (শালিনী ভাটছা)৷ তদুপৰি ইয়াত অভিনয় কৰিছে পংকজ ত্ৰিপাঠী, নীৰজ কাবী আৰু গিৰিশ কুলকাৰ্ণীৰ দৰে দক্ষ অভিনেতাই৷ আচলতে ক’বলৈ গ’লে চৰিত্ৰ সমূহৰ অভিনয় নবীন আৰু প্ৰবীণ অভিনেতা সকলৰ মাজত সঠিকভাৱে সন্তুলনত৷

প্ৰথম ছিজনৰ সফলতাৰ ক্ষেত্ৰত নিৰ্দেশকদ্বয় আৰু অভিনেতা সকলত কৃতিত্ব দিব লাগিব। ঠিক সেইদৰে কৃতিত্ব দিব লাগিব চিত্ৰনাট্যৰ ৰচক বৰুণ গ্ৰ’ভাৰ, স্মিতা সিং আৰু বসন্ত নাথক৷ সৰু সৰু কথা বিলাকতো অতি সূক্ষ্মতাৰে পৰ্যালোচনা কৰি তেওঁলোকে ৰচনা কৰিছে ছবিখনৰ চিত্ৰনাট্য ভাগক৷ উদাহৰণস্বৰূপে ছিৰিজটোৰ মূল ল’গ’ টোকেই ধৰক, কাহিনী ভাগত ল’গ’ টোৱে বহুধৰণে প্ৰভাৱ পেলায়৷ লগতে উল্লেখ কৰিম লাগিব ছবিখনৰ সংলাপ৷ নৱাজুদ্দিনৰ মুখৰ “কভি কভি লগতা হেই অাপুন হি ভগৱান হেই” এতিয়া মানুহৰ মুখে মুখে৷

‘ছেক্ৰেড গেমছ’ হৈছে এক পৰিণাম বা উদাহৰণ, যেতিয়া আমাৰ দেশৰ প্ৰভাৱশালী ছবি নিৰ্মাতাক ছবি নিৰ্মাণৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা দিয়া যায়৷ ইয়াত ওপৰত কোৱাৰ দৰে প্ৰায় সকলোবিলাক উপাদানেই আছে৷ ভাৰতীয় ছবি বা ছিৰিয়েলত দেখাব নোপোৱা বহুকেইটা সাহসিক অৰ্থাৎ যৌন ক্ৰীড়াত লিপ্ত হৈ থকা দৃশ্যৰ লগতে হিন্দী ভাষাত বহুল ভাৱে ব্যৱহৃত বহুকেইটা গালি শুনিবলৈ পোৱা যাব, লগতে আছে বহুকেইটা কটা-মৰাৰ দৃশ্য৷ সেইবাবেই ছিৰিজটোৰ প্ৰতিটো এপিছ’ড’ৰ আগতেই ১৬ বছৰ উৰ্দ্ধৰ বাবে স্পষ্টীকৰণ দিয়া দেখা পোৱা যায়৷ অৱশ্যে মই এইটোও কোৱা নাই যে ছিৰিজ বা ছবি এখনৰ সফলতাৰ বাবে এনে দৃশ্যৰ দৰকাৰ বুলি বা এই গালি বিলাকৰ আৱশ্যক বুলি৷ কিন্তু ছবি এখনে আমাৰ সমাজ জীৱনকে প্ৰতিফলিত কৰে৷ সেয়েহে এনে কাহিনী সমূহক বাস্তৱ বাদী দেখুৱাবলৈ বহু ক্ষেত্ৰত এনে ধৰণৰ কিছু সাহসিক সিদ্ধান্তৰ দৰকাৰ৷

আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰত এখন ভাল বজাৰ বুলি সকলোৱে জানে৷ নেটফ্লিক্সেও তেনে এখন বজাৰকে লক্ষ্য কৰি ভাৰতীয় পটভূমিত কেইবাখনো ছিৰিজৰ কামত হাত দিছে৷ যিটো বহু ভাল খবৰ, কাৰণ উচ্চ মানদণ্ডৰ, ভাৰতীয় সাধাৰণ ছিৰিয়েল বিলাকৰ বিপৰীত মেৰুত থকা, আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এনে ধৰণৰ ছিৰিজ নিৰ্মাণ হৈ থকাটো আমাৰ দৰে চিনে ৰসিকৰ বাবে নিশ্চয় এক সু-খবৰ৷ তাৰ এটা চমু আভাস আমি যোৱা ২৪ আগষ্টত মুক্তি পাবলগীয়া ‘ঘৌল’ৰ চালেই বুজিব পাৰিম৷
লেখাটি xahitya.org ৰ আগষ্ট সংখ্যাতো প্ৰকাশ পাইছে আৰু লেখকৰ মৌখিক অনুমতিক্ৰমে সুখ-দুখতো প্ৰকাশ কৰা হৈছে)
(নেটফ্লিক্সৰ ৰেগুলাৰ চাবক্ৰিপচন লৈ এই Sacred Games চাব পাৰিব। অথবা বিনামূলীয়াকৈ চিৰিজটো চাবলৈ Google ত Index of Sacred Games বুলি চাৰ্ছ কৰক আৰু গুগোলে দিয়া প্ৰথম লিংকটোত ক্লিক কৰিলে গোটেই কেইটা খণ্ডৰ mkv ফৰ্মেটৰ ফাইলকেইটা বিচাৰি পাব আৰু চাব পাৰিব।)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages