মহীৰূহৰ লেখাঃ ৰাফাল চুক্তিৰ ৰহস্য আৰু বিজেপিৰ সংকট:: ড° হীৰেন গােহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ ৰাফাল চুক্তিৰ  ৰহস্য আৰু বিজেপিৰ সংকট:: ড° হীৰেন গােহাঁই

মহীৰূহৰ লেখাঃ ৰাফাল চুক্তিৰ ৰহস্য আৰু বিজেপিৰ সংকট:: ড° হীৰেন গােহাঁই

Share This
দেশজুৰি প্ৰধান মন্ত্রী আৰু বিজেপি দলৰ প্ৰতি ৰাইজৰ মােহভংগ হৈছে। ৰাইজক দিয়া প্রতিটো প্রতিশ্রুতি, ৰাইজক দেখুৱা প্ৰতিটো আশা কাৰ্য্যক্ষেত্ৰত বালিচাৰে ঢকা মৰুভূমিত পৰিণত হৈছে। নতুন নতুন আঁচনিয়ে পূর্বৰ বিশ্বাস ঘূৰাই আনিব পৰা নাই। চৰকাৰে দেশৰ অর্থনীতি বছৰি ৮%কৈ বঢ়া বুলি ঢােল বজাই থাকিলে কি হ'ব, সাধাৰণ মানুহৰ লগত কথা পাতি যি বুজিছোঁ, তেওঁলােকে দেখিছে নানা চেলুত চৰকাৰেই তেওঁলােকৰ কষ্টোপার্জিত ধন কাঢ়ি লৈ তেওঁলােকৰ জেপত এটা ফুটা কড়িও ৰাখিবলৈ দিয়া নাই।

মানুহে সপােনৰ পৰা সাৰ পাই উঠাৰ দৰে সুধিছেঃ “আমি কত? কোনে আমাক ইয়ালৈ আনিলে?” আনহাতে বেংকৰ হেজাৰ-বিজাৰ টকা লুটি বিদেশলৈ পলাইছে অপৰাধী ব্যৱসায়ী। দেশত দপদপাই থকা বৃহৎ পুঁজিপতিবােৰেই ৰাষ্ট্ৰীয়কৃত বেংকবােৰৰ পৰা বহু লাখ কোটি টকাৰ ধাৰ লৈ একপয়চাও পৰিশােধ নকৰি ৰাইজৰ ধনৰ মহালুণ্ঠন কৰিছে। দেশৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকেই চৰকাৰৰ হাতত দাখিল কৰা এনে পুঁজিপতিৰ তালিকাৰ পৰা এজনৰাে জবাবদিহি কৰা নাই। বিখ্যাত আৰু পুৰণি আন্তর্জাতিক লেখক সংঘ PEN-এ মহাৰাষ্ট্ৰৰ পুনেত ৮৪তম অধিৱেশনত প্ৰস্তাৱ গ্ৰহণ কৰিছে এই বুলি যে ভাৰতত চিন্তাৰ স্বাধীনতা, মত প্রকাশৰ স্বাধীনতা স্বৈৰাচাৰী চৰকাৰৰ আক্ৰমণত বিধ্বস্ত হ'ব ধৰিছে। |এনে সময়তে মাৰাত্মক খেন-বােমাৰ দৰে যেন বিস্ফোৰণৰ পিনে আগবাঢ়িছে ৰাফাল বিমান ক্রয়ৰ ৰহস্য। দেশৰ আগশাৰীৰ প্ৰতিৰক্ষা বিষয়ৰ বিশেষজ্ঞ, সেনাবাহিনীৰ প্রাক্তন অভিজ্ঞ সেনাধ্যক্ষ, বিচক্ষণ সাংবাদিক, আইন-বিশেষজ্ঞ, সকলােৱেই একবাক্যে কৈছে যে ই এক অতি ভয়ানক কেলেংকাৰী, যাৰ তুলনাত বৰ্চ কামান এক অতি নগণ্য ঘটনা! বিজেপিৰ প্ৰধান সম্বল— প্রধান মন্ত্রী নৰেন্দ্ৰ মােদীৰ নিকা, দেশভক্ত ভাবমূর্তি ধূলিসাৎ কৰি তেওঁক এক অতি নিম্নক্তৰৰ অপৰাধ তথা নির্লজ্জ মিথ্যাবাদীৰ কলংকত নিমজ্জিত কৰাৰ আশংকা ঘটিছে। বিপক্ষৰ ৰাজনীতিবিদ বিলাকৰ ভাষ্যৰ কথা মই কোৱাই নাই।

দুগৰাকী বর্ষিয়ান আৰু প্রবীণ ৰাজনীতিবিদ হৈছে (যিসকল এতিয়া সক্রিয় ৰাজনীতিৰ ক্ষেত্ৰত নাই) অৰুণ শ্ৰেীৰি আৰু য়শৱন্ত সিনহা। বিখ্যাত আইনজীৱী প্রশান্ত ভূষণৰ লগ লাগি আগষ্ট আৰু ছেপ্টেম্বৰ মাহত দুখন প্রেছ মেলৰ আয়ােজন কৰি তেওঁলােকে কেন্দ্ৰৰ বিজেপি চৰকাৰ তথা নৰেন্দ্ৰ মােদীৰ বিৰুদ্ধে এক ৰাজহুৱা অভিযােগনামা দাঙি ধৰি তুৰন্তে তেওঁৰ পদত্যাগ দাবী কৰিছে। তেওঁলােকৰ যুটিয়া অভিযােগনামাত কোৱা হৈছে ?

“ঘটনাটোৰ প্ৰতিটো দিশেই আমাক পতিয়ন নিয়াইছে যে ইয়াত এক বিৰাট কেলেংকাৰী ঘটিছে, চৰকাৰী ক্ষমতাৰ নিকৃষ্ট অপব্যৱহাৰ হৈছে, আৰু সাংঘাতিক অপৰাধসূচক অনাচাৰৰ ("Monumental Criminal Misconduct") চেহেৰা ফুটি উঠিছে।” অৰুণ শ্ৰেীৰি আৰু য়শৱন্ত সিন্হা অটল বিহাৰীবাজপেয়ী চৰকাৰৰ কেবিনেট মন্ত্রী আছিল। সিনহা আছিল প্ৰতিৰক্ষা দপ্তৰৰে মন্ত্রী। তেওঁলােকৰ এই মন্তব্য কোনােমতেই টুলুঙা বুলি উৰাই দিব নােৱাৰি।

সেয়ে অসমৰ ৰাইজেও ঘটনাৰ তলা-নলা বুজা উচিত। নিম্নোক্ত সকলােবােৰ তথ্য মই ইন্টাৰনেট যােগে বিভিন্ন নির্ভৰযােগ্য সূত্ৰৰ পৰা আহৰণ কৰিছোঁ। এটাও মােৰ নিজা ব্যক্তিগত অনুসন্ধানৰ দ্বাৰা লাভ কৰা নাই। বিভিন্ন সূত্রই সহমত প্রকাশ কৰা তথ্যহে ব্যৱহাৰ কৰিছে।

ৰাফাল বিমান কি? 
ৰাফাল বিমান হৈছে আধুনিক অস্ত্র-শস্ত্ৰৰে সজ্জিত, অতি দ্রুতবেগী (অর্থাৎ শব্দৰ গতিবেগৰাে দুই-তিনিগুণ বেগৰ), দ্রুত গতিত যিকোনাে দিশে পাক ল'ব পৰা, অত্যাধুনিক যুঁজাৰু বিমান। ইয়াৰ সামর্থ্যও বিচিত্র, শত্রু বিমান ধ্বংস কৰাৰ পৰা মাটিত থকা লক্ষ্যত আক্রমণ কৰালৈ।

২০০২ চন মানতে ভাৰতীয় বায়ুসেনাই ভাৰত চৰকাৰক জনাইছিল যে বায়ুসেনাবাহিনীৰ ঘাই যুঁজাৰু বিমানবােৰ— বিশেষকৈ মিগ-২১, মিগ-২৭ নামৰ ৰুছ যুঁজাৰু বিমান– আওপুৰণি তথা নতুন যুঁজাৰু বিমানৰ সৈতে ফেৰমাৰিব নােৱৰা হৈছে, সেয়ে ১২৬খন নতুন, আধুনিক, উন্নত যুঁজাৰু বিমানৰ প্ৰয়ােজন হৈছে। | বহু বিভাগীয় আলােচনাৰ পিছত ২০০৭ চনত এনে এখন যুঁজাৰু বিমানৰ বাবে আন্তর্জাতিক নিবিদা আহ্বান কৰা হয়। নিবিদা পৰীক্ষা কৰি দাম আৰু সক্ষমতাৰ পিনৰ পৰা চাৰিখন দেশত নির্মিত চাৰিখন যুঁজাৰু বিমান উৎকৃষ্ট বুলি বিবেচনা কৰা হয়। সেনাবাহিনীয়ে সেই চাৰিখনক কাৰ্য্যক্ষেত্ৰত বিস্তৰ পৰীক্ষা-নিৰীক্ষা কৰি কর্মক্ষমতাৰ (perfomance) পিনৰ পৰা দুখন উপযােগী বুলি নির্বাচন কৰে— ফ্রান্স নির্মিত “ফাল”, আৰু আন এখন “ইউৰাে-ফাইটাৰ”। ২০১১ চনত দামৰ পিনৰ পৰা “ৰাফাল”খনেই অধিক গ্রহণযােগ্য বুলি বিবেচনা কৰি প্রতিক্ষা অধিগ্রহণ পৰিষদে (Defence Procurement council) তাকে ক্রয় কৰিবলৈ চৰকাৰক চুপাৰিছ কৰে। ফ্রান্সৰ লগত হােৱা চুক্তি অনুযায়ী তাৰে ১৮খন সম্পূর্ণ সজ্জিত ৰূপত কিনি লৈ অনা হব। বাকী ১০৮খন ভাৰতৰ Hindustan Aeronautics Ltd (HAL)-এ ভাৰততে নির্মাণ কৰি প্ৰযুক্তিও আয়ত্ত কৰিব। | ৰাফাল চুক্তিৰ বাটকেণা।

ইমান দীর্ঘস্থায়ী আৰু কঠোৰ প্ৰক্ৰিয়াৰ মাজেৰে চূড়ান্ত ৰূপ লােৱা ‘ফাল চুক্তি’ শিলৰ ৰেখাৰ দৰে নিশ্চিত হব লাগিছিল। | ২০১৫ চনৰ মাৰ্চ মাহতাে ডাছাড কোম্পানি কর্মকর্তা (CEO) ইমানুৱেল ত্ৰাপিয়ে’ৰে (Trappier) প্রত্যয়েৰে ঘােষণা কৰিছিল যে চুক্তিখনৰ ৯৫% ইতিমধ্যে খাটাং কৰা হৈছে, মাত্র ৫% কামহে বাকী। HALৰ লগত হােৱা বন্দোৱস্ততাে তেওঁ সম্পূর্ণ আস্থা আৰু সন্তোষ প্ৰকাশ কৰিছিল। মন কৰিবলগীয়া কথা যে সেই মাহতে ভাৰতৰ তৎকালীন প্রতিক্ষামন্ত্রী পাৰিকাৰে সংসদত ঘােষণা কৰিছিল যে অবিলম্বে ৰাফাল চুক্তি কাৰ্য্যকৰী কৰা হব। পুৰণা চুক্তি বাতিল কৰি প্রধান মন্ত্রীয়ে বিদেশত নতুন চুক্তি ঘােষণা কৰাৰ দুদিন আগতে ভাৰতৰ বৈদেশিক সচিবেও সাংবাদিকক কৈছিল যে ৰাফাল চুক্তি অনুযায়ী ১২৬খন যুঁজাৰু-বিমান ক্রয় কৰাৰ যাে-জা কৰা হৈছে। কিন্তু দুদিন পিছত সকলােকে স্তম্ভিত কৰি, পেপুৱা লগাই প্রধান মন্ত্রীয়ে পেৰিছত ফ্ৰান্সৰ তৎকালীন ৰাষ্ট্রপতি চোৱা য়লাঁডক (Francois Yollande) অকলে সাক্ষাৎ কৰি উঠি ঘােষণা কৰিলে যে পুৰণা চুক্তি বাতিল কৰি এক নতুন চুক্তি কৰা হৈছে। মন্ত্রীসভাৰ হতভম্ব সদস্যবিলাকে যথাৰীতি ওলােটা খৰ মাৰি নতুন চুক্তিৰ জয়গান গােৱাত লাগিল!!

ৰাফাল-চুক্তিৰ চৰ্ত্ত 
ৰাফাল-নির্মাণকাৰী ফ্ৰান্সৰ ডাছাউ (Dassault) কোম্পানি লগত ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সুদীর্ঘ আৰু স্বাভাৱিকতে জটিল আলাপ-আলােচনা (negotiation) চলিছিল কেবা বছৰাে ধৰি। ভাৰতৰ বাবে লাভজনক হ’বলৈ ১২৬খন বিমানৰ ১৮খন সম্পূর্ণ সজ্জিত আৰু কর্মক্ষম ৰূপত ফ্রান্সতে কিনি বাকী ১০৮খন ভাৰতৰ HAL (Hindusthan Aeronautics Ltd.) নামৰ ৰাজহুৱা খণ্ডৰ নিগমৰ দ্বাৰা ভাৰতত নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হয়। সেই নির্মাণে এনেধৰণে কৰাৰ ব্যৱস্থা কৰা হ’ল যাতে তাৰ গােপনীয় অংশকে ধৰি সমস্ত অংশ ভাৰতে তৈয়াৰ কৰি তাৰ প্ৰযুক্তিও (Technology) আয়ত্ত কৰিব পাৰিব। এই সকলাে নির্ধাৰিত দামৰ ভিতৰতে কৰিব লাগিব। মন কৰিবলগীয়া কথা এয়ে যে HALএ ইতিমধ্যে জাগুৱাৰ, মিৰাজ ২০০০, চুখই-৩০ আদি উন্নত যুঁজাৰু-বিমান সম্পূর্ণকৈ নির্মাণ কৰিছে।

অনুমান কৰা হয় যে এনেকৈ প্ৰতিখন ৰাফাল বিমানৰ বাবে ভাৰতে ৬৭০ কোটি টকা ভৰিব লাগিব। এতিয়া তাৰ ঠাইত হঠাতে এক নতুন চুক্তি কৰা হ’ল। সংশ্লিষ্ট আন কাৰাে অপৰিহাৰ্য্য মতামত নােলােৱাকৈয়ে। আৰু সেই মর্মে ১২৬খনৰ ঠাইত ৩৬খনহে ভাৰতে সম্পূর্ণ সুসজ্জিত তৎক্ষণাৎ কাৰ্য্যক্ষম ৰূপত ক্ৰয় কৰিব। HALৰ লগত প্রযুক্তি হস্তান্তৰ কৰি ভাৰতত ১১৮খন নির্মাণ কৰাৰ কথা উৰি গ'ল। এই কথাও প্রকাশ পালে যে ভাৰতত ডাছাউৰ লগত সহযােগিতা কৰিব HALৰ ঠাইত অনিল আম্বানিৰ RelianceDefence Ltd. নামৰ এনে এক কোম্পানিয়ে, যাক নতুন চুক্তিৰ মাত্র পােন্ধৰ দিন পূর্বে গঠন কৰা হৈছিল !! এই কথাও সদৰি হয় যে এই যাত্ৰাত প্রধান মন্ত্রীৰ সহযাত্রী আছিল অনিল আম্বানি। বিমানৰ প্ৰতিখনৰে দামাে নির্ধাৰিত হ'ল ১৬০০ কোটি টকা।

নতুন চুক্তিৰ নিহিত তাৎপৰ্য্য প্রধান মন্ত্রীয়ে যে একক সিদ্ধান্তৰে সংশ্লিষ্ট আৰু দায়িত্বত থকা আনসকলােৰে অগােচৰে পুৰণা চুক্তি বাতিল কৰি ততা-ভুকুতাকৈ এই নতুন চুক্তি কৰিলে, সেই বিষয়ে আৰু সন্দেহৰ থল নাই। তেওঁ এনেদৰে এই বিষয়ে সিদ্ধান্ত ল'ব পাৰে নে নােৱাৰে সেই বিষয়ে স্বাভাৱিকতে সন্দেহৰ থল ওলায়। দেশত এক Defence Procurement Policy বা প্রতিক্ষা বিষয়ক সামগ্রী ক্রয়ৰ বাবে এক | নির্ধাৰিত নীতি আছে, যাক বিস্তৰ আলাপ-আলােচনাৰ জৰিয়তে সংসদৰ দুয়াে সদনে গ্ৰহণ কৰিছিল। সেই মতে এনে এক সিদ্ধান্ত প্রধান মন্ত্ৰীয়ে অকলে ল’বই নােৱাৰে। বিভিন্ন বিশেষজ্ঞ সমিতিৰ ডেওনা পাৰ হৈ অহাৰ পিছতহে Defence Acquisition Council বা প্রতিৰক্ষা ক্রয় পৰিষদত এনে সিদ্ধান্ত ল'ব পাৰি। তাৰ অবিহনে চূড়ান্ত দুর্নীতি আৰু দেশৰ নিৰাপত্তাৰ প্রতি গুৰুতৰ ভাবুকি আহিব পাৰে। কিন্তু কোনাে প্রমাণ এতিয়ালৈকে ওলােৱা নাই যে প্রধান মন্ত্রীয়ে। প্ৰতিৰক্ষাৰ দায়িত্বত থকা শীর্ষ মহলৰ কাৰাে লগত কিবা পৰামর্শ কৰিছিল। বিত্তমন্ত্রী অৰুণ জেইলিয়ে লৰালৰিকৈ উদ্যোগ লৈ এমাহ পিছতহে Defence Acquisition Council বা প্রতিক্ষা ক্রয় পৰিষদৰ সন্মতি আদায় কৰিছিল, যিটো নির্ধাৰিত নীতি অনুযায়ী বিধি-সন্মত নহয়। এইটোও স্পষ্ট যে বায়ুসেনা প্রধান বিষয়াৰ পৰা পূর্ব চুক্তি সম্পর্কে কোনাে আপত্তি বা সংশয় উত্থাপন কৰা হােৱা নাছিল। এইটোৱে প্রধান মন্ত্ৰীৰ নিতান্ত ব্যক্তিগত অভিপ্রায় থকাৰ সন্দেহ ঘনীভূত কৰিছে। 

দ্বিতীয় গুৰুতৰ অভিযােগ এয়ে যে চুক্তিৰ চৰ্ত্ত মতে যুঁজাৰু বিমানখনৰ যিবােৰ কাম ভাৰতত হােৱাৰ কথা (যেনে দুই-এপদ অংশ ভাৰতত নির্মাণ) সেইবােৰ অতি অযুক্তিকৰভাৱে অনিল আম্বানিৰ কোম্পানিক গতাই দিয়া হ'ল। ২১,০০০ কোটি টকাৰ কথা। অথচ আম্বানিয়ে ভাৰতৰ নৌ-বাহিনীৰ পৰাহে ভাৰতৰ উপকূলত পহৰা দিয়া কেইখনমান পহৰাদাৰী তৰণীৰ (Patrolboat) ফর্মাইচ পাইছিল। সেইকেইখনাে সময় মতে নির্মাণ কৰিব নােৱৰা বাবে এতিয়া সমালােচনাৰ পাত্ৰ হৈছে। অভিজ্ঞতা এইখিনিয়েই। এনেস্থলত উন্নত যুঁজাৰু-বিমান? সেয়ে প্রধান মন্ত্রীয়ে সহযাত্রী অনিল আম্বানিৰ প্রতি অন্যায় পক্ষপাতিত্ব আৰু স্বজন-তােষণ কৰাৰ তুমুল অভিযােগ উঠিছে। HALৰ দৰে অভিজ্ঞতাৰে সমৃদ্ধ নিৰ্ভৰযােগ্য প্রতিস্থানক কি যুক্তিত এলাগী কৰা হ'ল?

পূর্বৰ চুক্তি অনুযায়ী প্রতিখন বিমানৰ দাম ৬৭০ কোটি টকা আছিল। নতুন চুক্তি অনুযায়ী প্রতিখনৰ দাম ১৬০০ কোটি টকা, অর্থাৎ প্রায় আঢ়ৈগুণ বেছি হব বুলি সমালােচক মহলে অভিযােগ কৰিছে। এই হিচাব চৰকাৰপক্ষই অস্বীকাৰ কৰা নাই। বৰং কৈছে যে ভাৰতত ব্যৱহাৰ কৰিবলৈ আৰু বিমানখনৰ সামর্থ্য বৃদ্ধি কৰিবলৈ বহু নতুন যান্ত্রিক সমল সংযােজন কৰা বাবে দাম বাঢ়িছে। অথচ নতুন চুক্তি প্রকাশিত ৰূপত স্পষ্টকৈ কোৱা হৈছে যে আগৰ চুক্তিত থকা বিমানৰ যান্ত্রিক বৈশিষ্ট্য, কাৰিকৰী দিশ, অস্ত্র-শস্ত্ৰৰ কোনাে হেৰফেৰ নহব!

এইদৰে অসত্যৰ আশ্রয় লােৱাৰ উপৰি চৰকাৰ পক্ষই ৩৬খন বিমানৰ মুঠ ক্রয়মূল্য প্রকাশ কৰিব খােজা নাই। চাফাই গাইছে যে  চুক্তিৰ গােপনীয়তা চৰ্ত্ত (Confidentiality clause) অনুসৰি সেইটো গােপনীয়। কিন্তু বিশেষজ্ঞ সকলৰ মতে বিমানখনৰ কাৰিকৰী খুটিনাটি আৰু অস্ত্রসজ্জাহে গােপনীয়, ক্রয়মূল্যকে ধৰি ব্যৱসায়িক দিশত কোনাে গােপনীয়তা নাথাকে। এইদৰে চৰকাৰে দিয়া এটাৰ পিছত এটা যুক্তি বালিৰ বান্ধৰ দৰে খহি আছে।

অনিল আম্বানি কেনেকৈ সােমাল ? 
আগতেই কোৱা হৈছে যে অনিল আম্বানিৰ মালিকানাধীন কোনাে কোম্পানিৰে আধুনিক যুঁজাৰু-বিমান নির্মাণ কৰাৰ কাৰিকৰী অভিজ্ঞতাৰ নামমাত্রও নাই। বিশেষকৈ যুঁজাৰু বিমান, যাৰ প্ৰতি অংশত নিহিত থাকে উচ্চস্তৰীয় বৈজ্ঞানিক গৱেষণাৰ ফল। যিকোনাে বিশেষজ্ঞ সমিতিয়ে পােনচাতেই অনিল আম্বানিৰ নাম নাকচ কৰিলেহেঁতেন। তেন্তে ? চৰকাৰ পক্ষই ক’বলৈ লৈছে যে অনিল আম্বানিক চুক্তিৰ Offset চৰ্ত্ত সাপেক্ষে দায়িত্ব দিয়া সিদ্ধান্ত চৰকাৰৰ নহয়। ই ডাছাউ কোম্পানিৰ নিজা ব্যৱসায়িক সিদ্ধান্ত। কিন্তু HALএ ডাছাউ কোম্পানিৰ পৰা ১০ এপ্রিলৰ পূর্বে এনে আনুষ্ঠানিক পত্র পােৱা নাছিল যে ৯৫ শতাংশ খাটাং হােৱা পুৰণা চুক্তিখন বাতিল কৰি HALৰ লগত ডাছাউ কোম্পানিয়ে সম্পর্ক ছেদ কৰিছে। অৱশ্যে ব্যৱসায়িক স্বার্থত এতিয়া ডাছাউ কোম্পানিয়েও চাফাই গাইছে যে তেওঁলােকেই অনিল আম্বানিৰ Reliance Defence Ltdক নির্বাচন কৰিছে। ফাকতে ২১,০০০ কোটি টকা অনিল আম্বানিয়ে লাভ কৰাৰ চৰ্ত্ত হেনাে তেওঁলােকৰ সিদ্ধান্ত।

কিন্তু এই কথা এইবাবেই বিশ্বাস কৰা নাযায় যে ফ্ৰান্সৰ তৎকালীন ৰাষ্ট্রপতি য়লাডে Mediapat নামৰ সংবাদ-পত্ৰক সম্প্রতি দিয়া সাক্ষাৎকাৰত কৈছে যে ভাৰত চৰকাৰে এনেদৰে (আম্বানিৰ) নাম প্রস্তাৱ কৰিছিল যে ফ্রান্সে তাক প্রত্যাখ্যান কাৰ উপায় নাছিল!! ফ্রান্স সাম্প্রতিক ৰাষ্ট্ৰপতি মাত্রই (Macron) কৈছে যে এই নাম নির্বাচনত ফৰাচী চৰকাৰৰ কোনাে ভূমিকা নাই। অর্থাৎ এই কথাও কোৱা নাই যে আম্বানিক ডাছাউৱে নির্বাচন কৰাটো সঁচা!! পৰিস্থিতি ইমান পাক লগা হৈছে যিবােৰ পাক সাম্প্রতিক ভাৰত চৰকাৰ তথা শাসক দলেই লগাইছে যে জঁট ভাঙিবলৈ গৈ চৰকাৰে নতুন নতুন কি দিয়া বুলি ধাৰণা জন্মে। স্বাধীন ভাৰতত ইমান বিপুল অংকৰ ধনৰ চৰকাৰী কেলেংকাৰী হােৱা নাই। তাত প্রধান মন্ত্ৰীৰ ভূমিকাও ঘােৰ সন্দেহৰ আবৰ্ত্তত। ই বিজেপি চৰকাৰক মহা-সংকটৰ সন্মুখীন কৰিছে।
(লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।  ইউনিকোড সংস্কৰণ লেখকৰ মৌখিক সন্মতিক্ৰমে সুখ-দুখৰ পাততো প্ৰকাশ কৰা হৈছে।)

1 comment: