পৰ্যবেক্ষণঃ জীৱন-জীৱিকাৰ পথ অৱলুপ্তি কিয় কৰিছে অৰ্থনীতিক নীতিয়ে? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

পৰ্যবেক্ষণঃ জীৱন-জীৱিকাৰ পথ অৱলুপ্তি কিয় কৰিছে অৰ্থনীতিক নীতিয়ে? :: অনন্ত কলিতা

Share This
আজি দেশৰ পৰিয়ালবােৰৰ মুখ্য সমস্যা হ’ল সন্তানসকলৰ কর্মসংস্থানহীনতা। অকল যুৱ প্ৰজন্মই নহয়, দেশৰ অধিকসংখ্যক শ্রমিক-কর্মচাৰীয়ে নিয়মীয়া কর্মী নহয় অর্থাৎ মাহৰ প্রত্যেক দিনতে তেওঁলােকৰ কর্মসংস্থানৰ নিশ্চয়তা নাই। ফলশ্রুতিত দেশৰ অধিকাংশ লােকেই নিয়মিত আয় কৰাৰ সুযােগ নাই। এইবাবেই দেশৰ অধিকাংশ লােকে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে। 

আমাৰ দেশে হেনাে উন্নতি কৰিছে। বিশেষকৈ ১৯৯১ চনত ভাৰতৰ অর্থনীতি সংশােধন কৰি নব্যউদাৰ অর্থনীতি প্রৱর্তন কৰা দিন ধৰি দেশৰ অর্থনৈতিক বিকাশৰ হাৰ অর্থাৎ মুঠ ঘৰুৱা উৎপাদন বিকাশৰ (জি ডি পি) শতাংশ বৃদ্ধিৰ হাৰ নেহৰুভিয়ান অর্থনীতিৰ সময়তকৈ বেছি হৈছে। কিন্তু দুর্ভাগ্যজনক যে আগৰ যুগতকৈ উন্নত অর্থনীতিয়ে দেশৰ শ্রমজীৱী জনসাধাৰণৰ নিয়মীয়া কর্মসংস্থাপনৰ শতাংশ হ্রাস কৰিছে। তথা শ্রমজীৱী জনসাধাৰণৰ কর্মসংস্থাপনৰ নিশ্চয়তা নােহােৱা হৈছে। দেশৰ অৰ্থনীতিৰ যিমানেই উন্নতি ঘটিছে সিমানেই দেশৰ মেহনতী বা শ্রমজীৱী জনসাধাৰণৰ জীৱনৰ নিৰাপত্তাৰ নিশ্চয়তা হ্রাস পাইছে। এয়ে হ’ল নব্যউদাৰ অৰ্থনীতিৰ উন্নয়নৰ ৰহস্য। 
অসমীয়াৰ সুখ-দুখ
চৰকাৰী তথ্য অনুযায়ীয়ে ২০০৪-০৫ বিত্তীয় বৰ্ষত ৫০ শতাংশ কর্মচাৰী নিয়মীয়া আছিল আৰু এওঁলােকৰ যি কোনােধৰণৰ সামাজিক নিৰাপত্তা আছিল (Some form of Social Security)। ২০১১-১২ বিত্তীয় বর্ষত যিকোনােধৰণৰ সামাজিক নিৰাপত্তা থকা কৰ্মৰ্চাৰী শতাংশ বৃদ্ধি হােৱাৰ বিপৰীতে হাসহে হৈছে ৪৫ শতাংশলৈ। ২০১৬ চনত উদ্বেগজনকভাৱে দেশত হ্রাস পাইছে যিকোনােধৰণৰ সামাজিক নিৰাপত্তা থকা শ্রমিক-কর্মচাৰীৰ শতাংশ ৩৮লৈ। অর্থাৎ দেশৰ অর্থনৈতিক উন্নয়নৰ গতি যিমানেই ঊর্ধ্বলৈ উঠিছে সিমানেই দেশৰ শ্রমজীৱী জনসাধাৰণৰ সামাজিক নিৰাপত্তাৰ দিশটো নিম্নগামী হৈছে। 

আমাৰ সামগ্রিক ধাৰণা যে অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হলে কর্মসংস্থাপন সৃষ্টিৰ পৰিমাণ বৃদ্ধি হয়। মূলসুঁতিৰ অর্থনীতিবিদসকলে তথা গণতান্ত্রিক দেশবােৰৰ শাসনকর্তাসকলে ঘােষণা কৰে অর্থনীতিৰ বিকাশ হলে দেশৰ জনসাধাৰণৰ কর্মসংস্থাপনৰ ব্যৱস্থা-জীৱন-জীৱিকাৰ পথ সৃষ্টি হ’ব। কিন্তু পুঁজিবাদৰ নব্যউদাৰ অৰ্থনীতিৰ মেজিক যে অর্থনৈতিক উন্নয়ন হলেও শ্রমজীৱী জনসাধাৰণৰ কর্মসংস্থান সেই হাৰত বৃদ্ধি নহয়। অর্থনৈতিক উন্নয়ন হাৰৰ বিপৰীতে কর্মসংস্থাপন সৃষ্টিৰ হাৰৰ তথ্য তলত উল্লেখ কৰিলাে। তথ্যখিনি প্রস্তুত কৰিছে State of Working India নামৰ এটা সংগঠনে।

ষ্টেট অৱ ৱৰ্কিং ইণ্ডিয়াৰ তথ্য
দেশৰ বছৰে বছৰে যিদৰে অর্থনৈতিক উন্নয়ন অগ্রগতি হৈছে বিপৰীতে সেই হাৰত শ্রমজীৱী জনসাধাৰণৰ জীৱন-জীৱিকাৰ পথ সৃষ্টি হােৱাৰ পৰিৱর্তে নিম্নগামী হৈছে। নেচনেল ছেম্পল ছাৰ্ভেৰ পাঁচ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হােৱা শেহতীয়া দুটা পিয়লৰ তথ্য অনুযায়ী ২০০৪-০৫ বিত্তীয় বৰ্ষৰ পৰা ২০১১-১২ বিত্তীয় বর্ষলৈ নিয়মীয়া কর্মসংস্থান সৃষ্টি হৈছিল ২৫ লাখ। কিন্তু ২০১১-১২ বিত্তীয় বর্ষ আৰু ২০১৬ মাজত নিয়মীয়া কর্মসংস্থান সৃষ্টি হৈছে মাত্র ১৫ লাখ। চেণ্টাৰ ফ’ৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী (Centre for Monitoring Indian Economy- CMIE) কৰ্প'ৰেটৰ ৰিটাৰ্ণৰ ওপৰত প্ৰস্তুত কৰা বছৰেকীয়া পিয়লত ২০১১ চনৰ পৰা ২০১৫ চনলৈ কর্মসংস্থাপন সৃষ্টিৰ পৰিমাণ যে তীব্র হাৰত হ্রাস পাইছে সেইটো প্রতিফলিত কৰিছে। লিখিত চুক্তিৰ দ্বাৰা নিয়ােগ হােৱা কৰ্মচাৰীৰ সংখ্যাও দিনে দিনে হ্রাস পাইছে। এন এছ। এছৰ তথ্য মতেই ২০০৪-০৫ বৰ্ষত লিখিত চুক্তিত নিয়ােগ কৰা (Written contracts) শ্রমিক-কর্মচাৰীৰ শতাংশ ৪৫ৰ পৰা ২০১১১২ত ৩৮ শতাংশলৈ আৰু ২০১৬ত ৩০ শতাংশলৈ হ্ৰাস হৈছে। এই সময়ছােৱাত অর্থাৎ মােডী চৰকাৰ প্রতিষ্ঠিত হােৱা দিন ধৰি কর্মসংস্থাপন সৃষ্টিৰ তথ্য প্রকাশ কৰিছে। ভৱিষ্যনিধি পঞ্জীয়নৰ সংখ্যা বৃদ্ধি তথ্যৰ ভিত্তিত।এম সুৰেশ বাবু আৰু চন্দন কটু নামৰ দুজন অর্থনীতিবিদৰ নেতৃত্বত অর্থনীতিৰ এটা অধ্যয়ন গ্রুপে পর্যালােচনা কৰি কৈছে যে ভৱিষ্যনিধিত পঞ্জীয়নৰ সংখ্যা বৃদ্ধিয়ে কর্মসংস্থাপন বৃদ্ধি প্রতিফলিত নকৰে। এওঁলােকে এইদৰে কৈছে— This points to the poor quality of the employment generated as lack of contracts increases the vulnerability of the workers. Thus the increase in the subscriber base of EPFO from 2017 to 2018 can be seen as a penetration of social security among the regular workers, but not new job being creted. ৰিজাৰ্ভ বেংকৰ প্রতিবেদনত কৈছে মােডী চৰকাৰৰ প্রথম দুই বছৰত অর্থনীতিৰ ২৭টা ক্ষেত্ৰত কর্মসংস্থান হ্রাস হৈছে ক্রমে ০.২ আৰু ০.১ শতাংশ।

প্রধানমন্ত্রী অর্থনৈতিক উপদেষ্টা পৰিষদৰ সভ্য সুৰজিৎ ভাল্লায়ে কৈছে যে দেশৰ পথ নির্মাণত ১৭ লাখৰ পৰা ৩০ লাখলৈ কর্মসংস্থান সৃষ্টি হৈছে। কিন্তু বর্তমান সময়ত পথ নির্মাণৰ কাৰিকৰী ব্যৱস্থা ইমান উন্নত হৈছে যে অতি কম শ্রমিক-কর্মচাৰীৰহে প্রয়ােজন। আনকি নলা খন্দা, মাটি খন্দাৰ বাবেও শ্ৰমিকৰ প্ৰয়ােজন নাই। তদুপৰি পথ নির্মাণত যিখিনি শ্রমিক-কর্মচাৰী নিয়ােগ হৈছে মূলতঃ কৃষিখণ্ডৰ সংকটৰ ফলত উদ্বাস্ত শ্ৰমিকসকলেহে কাম বিচাৰি ওলাই আহি পথ নির্মাণৰ কামত যােগ দিছে। ইয়াৰ দ্বাৰা কোনাে নতুন কর্মসংস্থাপন সৃষ্টি হােৱা নাই। কৃষিখণ্ডৰ কাম হেৰুৱাই পথ নির্মাণত কাম লৈছে। ২০১৫ চনত মুদ্রা আঁচনি প্ৰৱর্তন কৰিছে। এই ঋণৰ গড় পৰিমাণ হ’ল ৪৫০০০ টকা। যি পুজিয়ে কোনােধৰণৰ উৎপাদনত অর্থাৎ ক্ষুদ্র আৰু মজলীয়া খণ্ডৰ উদ্যোগত সহায়ক নহয়। তদুপৰি বিমুদ্ৰাকৰণ আৰু জি এছ টি কৰ ব্যৱস্থাই দেশৰ ক্ষুদ্র আৰু মজলীয়া উদ্যোগবােৰৰ ৰাজহাড় ভাঙি থৈছে। মুদ্রা ঋণ আঁচনি প্রৱর্তনৰ পাছতাে কোনােধৰণৰ কর্মসংস্থাপন যে সৃষ্টি হােৱা নাই বিভিন্ন অর্থনৈতিক তথ্যই প্রতিফলিত কৰিছে। উল্লিখিত অর্থনীতিবিদসকলৰ প্রতিবেদনে এইদৰে কৈছে- However, the average loan size is about Rs. 45,000, which limits the possibility of investment in production ventures, which are employment creating. When we consider the organised manufacturing section for 2015-16 (the first year of the scheme), we find that the number of workers and total persons engaged slightly fell from 2014-15 for the small enterprises. The performance of the firms in the subsequent two years cannot be any better due to the dual disturbances of demonetization and GST which are said to have greater impact on small and micro enterprises. The other factor cited is the growth in private investments due to the buses friendly initiatives by the government. But private investments have seen a steady decline and cannot be seen as a contributor to jobs growth. The slowdown in investments has structural roots. The banking crisis in the country has made bankers wary of lending and companies tend to be cautions about fresh investments.'
অসমীয়াৰ সুখ-দুখ

চৰকাৰী বা বক্তিগত বিনিয়ােগে কর্মসংস্থাপন সৃষ্টি কৰে। যােৱা চাৰি বছৰে দেশত মুঠ বিনিয়ােগ জি ডি পিৰ ৩৫ শতাংশৰ পৰা ২৭ শতাংশলৈ নামি আহিছে। বেংকবােৰৰ আদায়ৰ সম্ভাৱনা নথকা ঋণৰ পৰিমাণ ১২ লাখ কোটি টকালৈ বৃদ্ধি হােৱাত বেংকৰবাৰেও ঋণ দিয়াৰ ক্ষেত্ৰত অতি সাৱধানতা অৱলম্বন কৰে। যােৱা সপ্তাহত (০৩/১০/১৮) আজিম প্রেমজী বিশ্ববিদ্যালয়ৰ (APU) Centre for Sustainable Employment The StudyState of working India-2018 নামৰ প্রতিবেদনখনত প্ৰকাশ কৰিছে যে ভাৰতত বর্তমান কর্মসংস্থাপন সৃষ্টিৰ পৰিমাণ এক শতাংশ মাত্র যদিও মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ ৮ শতাংশ হৈছে। প্রতিবেদনখনত কৈছে যে দেশৰ যিসকলে কর্মসংস্থাপন পাইছে সেইসকলৰ অধিক শতাংশই সপ্তম দৰমহা আয়ােগৰ ন্যূনতম মজুৰিৰ নিৰিখ ১৮০০০ টকা নাপায়। প্রতিবেদনখনত কৈছে যে কর্মত থকা ৯২ শতাংশ মহিলা কর্মীয়ে আৰু ৮২ শতাংশ পুরুষ কর্মীয়ে দহ হেজাৰ টকাতকৈও কম দৰমহা পায়। তদুপৰি বিজ্ঞান-প্রযুক্তিৰ উন্নয়নৰ ফলত উৎপাদন বৃদ্ধি হলেও কর্মসংস্থাপন বৃদ্ধি নহয়। যােৱা সময়ছােৱাত প্রযুক্তিৰ উন্নয়নৰ বাবে অর্থনীতিৰ বিভিন্ন খণ্ডত কর্মসংস্থাপন বৃদ্ধিৰ পৰিৱর্তে হ্রাসহে হৈছে। 

এক অধ্যয়নত দেখা গৈছে যে ২০০৯-১০ বিত্তীয় বৰ্ষৰ পৰা ২০১১-১২ বিত্তীয় বর্ষলৈ পথ নির্মাণ ৮.৩ শতাংশ বৃদ্ধি পােৱাৰ ফলত পথ নির্মাণ খণ্ডত ১২ লাখ নতুন কর্মসংস্থাপন সৃষ্টি হৈছিল। কিন্তু ২০১৭-১৮ বৰ্ষত সিমান পৰিমাণৰ পথ নির্মাণৰ কামত অতি বেছি ৫ লাখ কর্মসংস্থাপনহে সৃষ্টি হৈছে। কাৰণ এতিয়া পথ নির্মাণ বহুলভাৱে প্ৰযুক্তিৰ ব্যৱহাৰে কায়িক শ্রমক স্থানান্তৰিত কৰিছে। | এই পটভূমিতে অভিযন্তাকে ধৰি এম বি এ তথা সকলাে উচ্চ শিক্ষিত প্রার্থীসকলৰ বাবে যথেষ্ট কর্মসংস্থান সৃষ্টি নহয়। বাতৰিত প্রকাশ পাইছে যে বিভিন্ন ৰাজ্যত পুলিচ, কনিষ্টবল বা পিয়নৰ চাকৰিৰ বাবে অভিযন্তা, এম বি.এ, ডক্টৰেট ডিগ্রীধাৰীয়েও আবেদন কৰিছে। এহেজাৰৰাে অধিক ইঞ্জিনীয়াৰিং কলেজ বন্ধ হৈ গৈছে। ইঞ্জিনীয়াৰিং ডিগ্রী লৈ চাকৰি নাপায় বাবে ইঞ্জিনীয়াৰিং পঢ়া ছাত্র হ্রাস পাইছে। তদুপৰি বর্তমান প্রযুক্তি পৰিচালনা কৰিবলৈ বিশেষ দক্ষতাৰ প্রয়ােজন। ৬০ শতাংশ অভিযন্তাই হেনাে কর্মসংস্থাপন উপযােগী নহয়। ভাৰতত বর্তমান ৩০০ নিযুত নিবনুৱা লােক আছে। ২০২২ চনৰ ভিতৰত আৰু ১০০ নিযুত যােগ হ’ব। ভাৰত এতিয়া বিশ্বৰ ভিতৰতে অন্যতম ডেকাশক্তিৰ দেশ। এই পৰিস্থিতিত বিজেপি বা কংগ্ৰেছ দলৰ অর্থনীতিয়ে দেশৰ নিবনুৱাৰ বাবে কর্মসংস্থাপন সৃষ্টি কৰিব নােৱাৰে। বিজেপি, কংগ্ৰেছ আদি সোঁপন্থী দলবােৰৰ অর্থনৈতিক নীতি একেটাই। 

এই অর্থনীতিয়ে ভাৰতৰ নিচিনা জনসংখ্যাৰ দেশ এখনৰ যুৱশক্তিৰ বাবে কর্মসংস্থাপন সৃষ্টি কৰিব পৰা শক্তি নাই। দেশত আজি চৌদিশে নিবনুৱা। স্নাতক যুৱক এজনে কায়িক শ্ৰম কৰাৰাে সুযােগ নাই। এই পৰিস্থিতিত দেশৰ জনসাধাৰণৰ জীৱন। ধাৰণৰ বৃহৎ সমস্যাৰ উপস্থিত হৈছে। দেশত এক শ্ৰেণীৰ ধনী লােক আৰু উচ্চ মধ্যবিত্তৰ সৃষ্টি হৈছে। বিপৰীতে ৭০ শতাংশকৈও অধিক লােকে মাৰাত্মক অর্থনৈতিক সংকটৰ সন্মুখীন হৈছে। দেশখন বর্তমান ভয়াৱহ পৰিস্থিতিৰ দিশে অগ্রগতি কৰিছে। যুৱ প্ৰজন্মৰ ক্রমাগতভাৱে বর্তমান সমাজ ব্যৱস্থাৰ প্ৰতি মােহভংগ হ'ব ধৰিছে। এই পটভূমিতে বিজেপিকে ধৰি বিভিন্ন সোঁপন্থী দলবােৰে জনসাধাৰণক জীৱন-জীৱিকাৰ সমস্যাৰ পৰা মনােযােগ আঁতৰাই নি ধর্মজাত, দেশদ্রোহ, ভাষা আদি বিভিন্ন বিভেদকামী উত্তেজনামূলক বিষয়ত ব্যস্ত ৰাখিব বিচাৰিছে। এতিয়া ডাঙৰ প্রশ্ন হল এই বৃহৎ পুঁজিপতি গােষ্ঠীয়ে প্রতিনিধিত্ব কৰা ৰাজনৈতিক দলবােৰে জনসাধাৰণক পেটৰ ভাতৰ সমস্যাৰ পৰা মনােযােগ আঁতৰাই ৰাখিব পাৰিবনে? নিজৰ জীৱনৰ সমস্যাই জনসাধাৰণৰ চেতনা ঘূৰাই আনিব নিশ্চয় আৰু বাধ্য হ’ব বিদ্রোহ কৰিবলৈ। ইতিমধ্যে দেশৰ কৃষক সমাজৰ মাজত এই বিদ্ৰোহৰ অগনি উমি উমি জ্বলিব ধৰিছে। জনসাধাৰণৰ সন্মুখত বর্তমান পৰিস্থিতিৰ এটাই বিকল্প এই ব্যৱস্থাৰ বিৰুদ্ধে বিদ্রোহ কৰা, যিয়ে তেওঁলােকৰ দুখ-যন্ত্রণাৰ সমাপ্তি ঘটাব পাৰে, অন্যথা দুখ-যন্ত্রণাৰ গহ্বৰত ককবকাই থকা।
লেখকৰ ফোনঃ ৯৪৩৫০-৪১২০৩, লেখাটি অসমীয়া খবৰ কাকততো সম্পাদকীয় পৃষ্ঠাতো প্ৰকাশ পাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages