মনৰ কথাঃ অসমীয়া অসমতে নিৰ্ঘাত ভাৱে সংখ্যালঘু হবই:: দহোটা কাৰণ :: দীপাংকৰ মল্ল বৰুৱা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মনৰ কথাঃ অসমীয়া অসমতে নিৰ্ঘাত ভাৱে সংখ্যালঘু হবই:: দহোটা কাৰণ :: দীপাংকৰ মল্ল বৰুৱা

Share This
আমি অসমীয়াই অসমতে এদিন সংখ্যালঘু হব, দুৰ্দিন এনে আহিব যে অসমতে অসমীয়া ভগনীয়া হব। এনেবোৰ আশংকাই অসমৰ আকাশ-বতাহ কঁপাই থকাটো নতুন কথা নহয়। কেইবা দশক জুৰি এই বিষয়ে চিন্তা ভাৱনা হৈছে, ৰাজনীতি হৈছে, চুক্তি হৈছে আৰু এতিয়া আহিছে  আকৌ বাংলাদেশৰ পৰা হিন্দু বাংলাদেশীৰ আগমনৰ শংকা, নাগৰিকত্বৰে বাংলাদেশী মানুহ ইয়াত নিগাজি হোৱাৰ শংকা।

উচ্চতম ন্যায়ালয়ত খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা বিষয়ত গোচৰ চলোৱা অধিবক্তা উপমন্যু হাজৰিকাৰ মতে ২০৪০ চন মানত অসমত থলগিৰী অসমীয়া মানুহ সংখ্যালঘু হৈ পৰিব। নিজৰ মাটিতে অসমীয়া সংখ্যালঘু হ'লে ই অসমীয়াৰ অস্তিত্বকে বিপন্ন কৰিব নেকি, এই প্ৰশ্নটোৱে নিশ্চয়কৈ বহুতো সচেতন অসমীয়াক জোকাৰি গৈছে।
অলপ চিন্তা কৰিলেই অসমীয়া মানুহ যে অসমত সংখ্যালঘু হ'বলৈ গৈ আছে সেই কথা বুজিবলৈ বেছি কঠিন নহয় । সেয়ে আমাৰ মনলৈ অহা অসমীয়া মানুহ অদূৰ ভৱিষ্যতত সংখ্যালঘু হোৱাৰ সম্ভাৱনীয়তা প্ৰকট কৰি তোলা কেইটামান কাৰণ হ'ল -

১) অসমীয়া মূলৰ মানুহৰ সন্তান জন্মৰ হাৰ চিন্তনীয় ভাৱে হ্ৰাস হৈছে। অসমীয়া মানুহৰ বহুতেই এতিয়া সন্তান এটাতে সীমিত কৰিবলৈ লৈছে। ইয়াৰ পৰিৱৰ্তে অনা অসমীয়া মূলৰ কিছুমান সম্প্ৰদায়ৰ সন্তান জন্ম দিয়াৰ হাৰ অসমীয়া মানুহতকৈ অভাৱনীয় ভাৱে বেছি।

২) অসমীয়া মূলৰ মানুহে বিয়া পলমকৈ পাতিবলৈ লৈছে। দেৰীকৈ বিয়া পতাৰ বাবে অসমীয়া মানুহৰ সংসাৰ চক্ৰ আনতকৈ যথেষ্ট মন্থৰ হৈ পৰিছে। অসমীয়া মানুহৰ মাত্ৰ দুটা প্ৰজন্মৰ সময়ত পূৰ্ব বংগীয় মূলৰ মুছলমানৰ পাঁচটাকৈ প্ৰজন্ম পাৰ হৈ যায়। অৰ্থাত্‍ অসমীয়া মূলৰ ছোৱালী এজনীৰ বিয়া হোৱাৰ সময়ত কিছুমান সম্প্ৰদায়ৰ ছোৱালী আইতাক হয়গৈ।

৩) আৰ্থিক ভাৱে সচ্ছল আৰু পঢ়া শুনাত ভাল অসমীয়া মূলৰ মানুহৰ ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষাৰ বাবে আৰু উন্নত কৰ্ম সংস্থাপন বিচাৰি অসমৰ বাহিৰলৈ গমন কৰিবলৈ লৈছে। ভৱিষ্যতেও তেওঁলোক ঘূৰি অহাৰ আশা নাই ৷ ফলত অসমৰ এক বুজন সংখ্যক থলুৱা মানুহৰ সতি সন্ততি অন্য ৰাজ্য বা অন্য দেশত বাস কৰিবলৈ লৈছে।

৪) অসমীয়া মূলৰ বহুতো ডেকা গাভৰু মাদক দ্ৰব্যত আসক্ত হৈ অকালতে ধ্বংসৰ গৰাহত পৰিছে। বহুতো আওমৰণে মৰিছে। অন্য সম্প্ৰদায়ৰ তুলনাত নিচাসক্তিয়ে অসমীয়া যুৱকক অধিক ক্ষতিগ্ৰস্থ কৰিছে।

৫) কৰ্ম সংস্থাপনৰ অভাৱত বহুতো অসমীয়া ডেকা গাভৰুৱে সৰু সৰু চাকৰি বিচাৰি দেশৰ দিহিঙে দিপাঙে ঢাপলি মেলিছে। প্ৰতি বছৰে এক বুজন সংখ্যক অসমীয়া যুৱশক্তি অসমে হেৰুৱাই আছে। যিসময়ত অনা অসমীয়া মূলৰ যুৱকে কপালৰ ঘাম মাটিত পেলাই অসমতে কাম বিচাৰি লৈছে, সেই সময়ত চকিদাৰ বা ছিকিউৰিটি গাৰ্ডৰ চাকৰি বিচাৰি অসমীয়া ডেকা বৰ্হিৰাজ্যমুখী হৈছে।

৬) অসমীয়া মূলৰ বহুতো যুৱকে ছাত্ৰ সংগঠন চলাই, চান্দা বৰঙনি তুলি জীৱিকা নিৰ্বাহ কৰিছে। ছাত্ৰ সংগঠন কৰি থকালৈকে বিয়া পাতিব নোৱৰাৰ নিয়ম থকাৰ বাবে বহুতে বিয়া বাৰু নকৰোৱাকৈ থাকি গৈছে বা বৈবাহিক জীৱন আৰম্ভ কৰাত বিলম্ব হৈছে৷

৭) অসমীয়া মূলৰ মানুহৰ বহুতো উঠি অহা ল'ৰা ছোৱালীয়ে অসমীয়া লিখিব নাজানে, অসমীয়া শুদ্ধকৈ ক'ব নাজানে। অসমীয়া সাহিত্য সংস্কৃতিৰ লগত তেওঁলোকৰ পৰিচয় নাই। অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধা নাই। কিছুমানে অসমীয়া বুলি পৰিচয় দিবলৈকো লাজ পায়।

৮) অসমীয়া মূলৰ মানুহে অনা অসমীয়াৰ হাতত বিনা দ্বিধাই নিজৰ মাটি বাৰি বেছিবলৈ লৈছে। নামনি অসমৰ হেজাৰ হেজাৰ বিঘা মাটি এতিয়া বংগমূলীয় কৃষকৰ হাতত৷ আনহাতে দখল কৰি খেতি কৰি থকা মাটিৰে ম্যাদীকৰণ কৰাই ল'বলৈ অসমীয়া কৃষকৰ কাণষাৰ নাই৷ এইদৰে থলগিৰী অসমীয়া মানুহে লাহে লাহে অসমৰ মাটিৰ ওপৰত নিজৰ অধিকাৰো হেৰুৱাই পেলাইছে।

৯) অকৰ্মণ্যতা আৰু আলস্যৰ বাবে অসমীয়া মূলৰ ডেকা গাভৰুৱে শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হোৱা কোনো কাম কৰিব নিবিচাৰে। খেতি বাতিও এতিয়া হাজিৰা কৰা অনা অসমীয়া বনুৱাৰ দ্বাৰাহে কৰোৱাবলৈ লৈছে৷ শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হোৱা সকলো কাম অসমীয়া সকল অনা অসমীয়াৰ হাতত এৰি দিছে আৰু নিজে হাত সাৱটি বহি আছে ৷

১০) ৰাজনৈতিক দূৰদৰ্শিতাৰ অভাৱ আৰু অত্যাধিক আবেগপ্ৰৱণ হোৱাৰ বাবে অসমীয়া মানুহে কাম বন পেলাই আন্দোলন, ধৰ্ণা আদিত লাগি সময় অপব্যয় কৰিছে। অসমীয়া মানুহৰ আবেগপ্ৰৱণতাৰ সুযোগ আনে ৰাজনৈতিক আৰু ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰিছে৷ অসমীয়া মানুহে আন্দোলন কৰি থাকোঁতে আনে দুই হাতে শ্ৰম কৰি নিজকে অসমত সুৰক্ষিত কৰিছে।

অসমীয়া জাতিক অসমীয়া মানুহে যদি নিজে ৰক্ষা নকৰে, আন কোনেও কৰিব নোৱাৰে। হকে বিহকে কেৱল বাংলাদেশী বাংলাদেশী বুলি চিঞৰি থাকিলে অসমীয়া ৰক্ষা নপৰে। অসম চুক্তিৰ দোহাই দি বিদেশীক খেদিব নোৱাৰি বুলিও ইতিমধ্যে গম পোৱা গৈছে৷

হিন্দু বা মুছলমান কোনো বাংলাদেশী অসমত থাকিব নোৱৰাকৈ হাতে কামে লাগি সচেতন হ'লেহে হয়তো অসমত অসমীয়া সকল সংখ্যালঘু হোৱাৰ পৰা পৰিত্ৰাণ পাব। এই কথা সস্তীয়া ৰাজনীতিৰ উৰ্ধতো অসমীয়া জনগণে বুজি পাব লাগিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages