প্ৰৱন্ধঃ ইজি মানি, চেলিব্রেটি লাইফ আৰু এক নতুন প্রজন্ম :: লীলাকান্ত পায়েং - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ ইজি মানি, চেলিব্রেটি লাইফ আৰু এক নতুন প্রজন্ম :: লীলাকান্ত পায়েং

প্ৰৱন্ধঃ ইজি মানি, চেলিব্রেটি লাইফ আৰু এক নতুন প্রজন্ম :: লীলাকান্ত পায়েং

Share This
সঁচাই বিজ্ঞান আৰু প্রযুক্তিবিদ্যাই এক অদ্ভুত পৰিৱর্তন আনিলে। অতি কম সময়ৰ ভিতৰত মানুহৰ হৃদয়ত ঠাই লোৱা আৰু জনপ্রিয়তা অর্জন লাভ কৰা ইন্টাৰনেট, ফেচবুক, ৱাটচ এপ, লেপটপ, টুইটাৰ, ই-মেল, এছ এম এছ, ম’বাইল ফোন আদিৰ অবিহনে এদিন যে আমাৰ জীৱন-যাপন প্রণালী আধৰুৱা যেন লাগিব কোনেনো কল্পনা কৰিছিল। আমি এতিয়া বাস্তৱ জীৱনতকৈ ছ’চিয়েল মিডিয়াৰ লাইক-কমেণ্টত সুখ-দুখ পাও। ৰীল লাইফৰ চেলিব্রেটি সকলক অনুকৰণ কৰি ভাল পায়। এইয়ে আজিৰ নৱ-প্রজন্মই সহজ-সৰল আদর্শ জীৱন আৰু উচ্চ চিন্তাৰ সলনি ইজি মানিৰ কথা চিন্তা কৰে। কিন্তু ইজি মানিৰ চিন্তা নৱ-প্রজন্মৰ মনৰ মাজত  কেনেকৈ আহি পৰে। ইজি মানিৰ চিন্তা দুটা কাৰণত আহে-আনৰ লাহ-বিলাসৰ জীৱন আৰু কেমেৰাৰ ৰীলৰ চেলিব্রেটিৰ জীৱন দেখি। 

বর্তমান নৱ-প্রজন্মক আকর্ষিত কৰা জীৱনটোৱে হ’ল চেলিব্রেটি সকল। ক্রিকেটাৰ, অভিনেতা-অভিনেত্রীৰ জীৱন-যাপন, ছিৰিয়েল তথা ৰিয়েল্টি শ্ব’ ইত্যাদিবোৰ দেখি নৱ-প্রজন্মই তেনে জীৱন এটা কটাব বিচাৰে। গতিকে তাৰ বাবে বাচি লয় ইজি মানি। অতি কম সময়ত বিনা পৰিশ্রমত কেনেকৈ অধিক ধন উপার্জন লাভ কৰি চেলিব্রেটি সকলৰ দৰে জীৱন ভোগ কৰিব পাৰি। এনে হোৱাৰ ফলত বর্তমান এখন সুস্থ-সৱল আদর্শবাদীৰ ঠাইত ভোগবাদী সমাজৰ সৃষ্টি হোৱা দেখা গৈছে। এইদৰে ভোগবাদী এখন সমাজৰ সৃষ্টি হোৱাৰ লগে লগে গোটেই পৰিৱেশই বিশৃংখলতা আহি পৰে। তাৰ ফলত নৱ-প্রজন্মৰ মনবোৰ সলনি হয়। বর্তমান মাক-দেউতাকেও ইজি মানি আৰু চেলিব্রেটি লাইফৰ প্রতি আকর্ষিত কৰাত এক গুৰুত্ব পূর্ণ অৰিহনা আছে বুলি কব পাৰি। 

আচলতে এখন ঘৰৰ পৰাই এটি শিশুৱে শিক্ষা আৰম্ভ কৰে। আজিকালি মাক- দেউতাক তথা শিক্ষক সকলেও ল’ৰা-ছোৱালীক পইচা অর্জন কৰাৰ শিক্ষা দিয়ে। লাগ বুলিলে নিজৰ ল’ৰা-ছোৱালীক অতি সহজে বস্তু এবিধ হাতত তুলি দিয়ে। গতিকে কষ্ট কি বা ইয়াৰ বিনিময়ত কি ত্যাগ কৰিব লাগে এই কথা বুজি নাপায়। গতিকে ভৱিষ্যতেও ইজি মানিৰ ফালে দৌৰ মাৰে। আজিকালি ভাল নম্বৰ বা ভাল চাকৰি আজিৰ সমাজৰ সফলতাৰ মাপ কাঠি। আজিকালি অভিভাৱক সকলৰ কোনেও আদর্শ আৰু নৈতিকতা শিক্ষাৰ ওপৰত গুৰুত্ব নিদিয়ে। আমাৰ প্রতিজন অভিভাৱক তথা শিক্ষা গুৰুৱে ভাল নম্বৰ পালেহে ভাল চৰিত্রৰ ল’ৰা-ছোৱালী বুলি দাগ দিয়ে। লাগিলেই তাৰ গাত তিলমানো সাধাৰণ শিষ্টাচাৰ খিনিও নাই। এইয়া আমাৰ শিক্ষা জীৱনৰ প্রথমটো ভুল। আচলতে ভাল ফলাফল দিলে শিষ্টাচাৰ আৰু শিক্ষাৰ প্রকৃত মুল্যবোধত আমি গুৰুত্ব দিবলৈ পাহৰি যাও। 

আচলতে মাক-দেউতাকে ইজি মানিৰ পাছে পাছে দৌৰ মাৰিবলৈ শিকায়। কাৰণ আজিও আমাৰ সমাজত ভাল পইচা থকা চাকৰি এটা কৰিলেহে আত্মসন্মানৰ চকুৰে চোৱা যায়। সকলোৰ চিন্তা এটাই যে অতি কম সময়ৰ ভিতৰত কেনেকৈ অধিক ধন উপার্জন কৰি লাহ-বিলাহৰ জীৱন কটাব পাৰি। আজিকালি মাক-দেউতাকেও চাকৰি এটা পালে  বাহিৰা পইচা আছে নে নাই বুলিহে প্রশ্ন কৰে। গতিকে ইজি মানি পাবৰ বাবে দুর্নীতিৰ নিচিনা কাণ্ডবোৰ সংঘটিত হয়। আজিৰ মাক-দেউতাকেও নৈতিক শিক্ষাৰ সলনি ইজি মানি ঘটাৰ শিক্ষাত মনোনিৱেশ কৰে। বর্তমান ইজি মানি আৰু চেলিব্রেটি লাইফৰ ফালে আমি এনেদৰে নিমজ্জিত হৈ পৰিছোঁ যে লাহ লাহে আমাৰ মাজৰ পৰা আত্মীয়তা, মৰম-চেনেহ আদি শেষ হৈ আহিছে। জীৱনৰ জটিল জখলাত উঠিবৰ বাবে আত্মকেন্দ্রিকতাৰ প্রয়োজনীয় হয়। কিন্তু আমি ঐশ্বর্য আৰু ভোগৰ তাড়নাত ইজি মানি আৰু চেলিব্রেটি লাইফৰ ফালে ইমানেই খেদি ফুৰিছো  যে আমি প্রয়োজনতকৈ অধিক পৰিমাণত আত্মকেন্দ্রিক হৈছো। 

আকৌ আন এচাম নৱ-প্রজন্মই ইজি মানি আৰু চেলিব্রেটি জীৱনৰ নিচিনা উপভোগৰ বাসনাই বা অনুকৰণ কৰিবলৈ যাওতে প্রত্যেক দিনাই হত্যা, লুণ্ঠন, চুৰি, ডকাইতি, অপহৰণ আদিৰ দৰে কু-অভিপ্রায়বোৰ সংঘটিত হৈ আছে। আমাৰ যুৱপ্রজন্মৰ মাজত আদর্শবাদৰ ঠাইত ভোগবাদে আৱৰি লোৱাৰ কাৰণ হৈছে টিভি চেনেলসমুহ আৰু চিনেমা। কিয়নো টিভি বা চিনেমাৰ পর্দাত  অনৱৰতে দেখুওৱা বিলাসী জীৱন-যাপন প্রণালী। আমাৰ সমাজৰ প্রত্যকজন যুৱক-যুৱতীয়ে এইবোৰ অনুকৰণ কৰি ভাল পায়। ফলত এইবোৰত দেখুওৱা লাহ-বিলাসৰ জীৱনৰ দৰে অনুকৰণ কৰিব গৈ বিভিন্ন ধৰণৰ ঘটনাবোৰ সংঘটিত হবলৈ ধৰিছে। সৰু সৰু কথাতে মাক-দেউতাকে অমুকৰ ল’ৰা-ছোৱালীয়ে ভাল নম্বৰ পাইছে, ভাল কলেজত পঢ়িছে, ডাক্তৰ, ইঞ্জিনীয়াৰ হ’ব ইত্যাদি কথাৰে গালি-গালাজ দিয়ে। আনৰ লাহ-বিলাসৰ জীৱন দেখি ঠিক তেনেকুৱা জীৱনৰ আশাত অপৰাধমূলক প্রৱণতাৰ চিন্তাধাৰাবোৰ যুৱক-যুৱতীৰ মাজত ঠাই পাইছে। কম সময়ত অধিক অর্থ উপার্জনৰ বাবে বেয়া পথ আৰু বুদ্ধিৰ কথাবোৰ ভাবিলৈ ধৰিছে। তথাপিও আন একাংশ নৱ-প্রজন্মই ইজি মানি আৰু চেলিব্রেটি লাইফ ত্যাগ কৰি এক সুন্দৰ আৰু আদর্শবান সমাজ গঢ়াত এক গুৰুত্ব পূর্ণ ভুমিকা পালন কৰি আছে। কিন্তু আজি সময় থাকোতেই আজিৰ নৱ-প্রজন্মক নম্বৰমুখী আৰু মুখস্থ বিদ্যাৰ সলনি নৈতিকতা, শিষ্টাচাৰ আৰু আদর্শবাদী শিক্ষাৰ প্রতি গুৰুত্ব নিদিও তেন্তে আন এক নতুন প্রজন্ম ধ্বংসৰ দিশত আগবাঢ়িব এইয়া খাটাং।      
ফোনঃ৮০১১৭৭৮০৩৮, চেতিয়া গাঁও, ৱার্ড নং-৫, উত্তৰ লখিমপুৰ-৭৮৭০০১, লখিমপুৰ,অসম    

No comments:

Post a Comment