চিন্তনঃ দুৰ্নীতিঃএক মাৰাত্মক সামাজিক ব্যাধি:: গীতালি দাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ দুৰ্নীতিঃএক মাৰাত্মক সামাজিক ব্যাধি:: গীতালি দাস

চিন্তনঃ দুৰ্নীতিঃএক মাৰাত্মক সামাজিক ব্যাধি:: গীতালি দাস

Share This
ৰাকেশ পালৰ আশীৰ্বাদপুষ্ট হৈ যিসকলে প্ৰশাসনিক বিষয়াৰ চাকৰি লাভ কৰি নিজকে চাৰি পুৰুষলৈ গজগজীয়া কৰি লৈছিল আজি সেইসকলৰ দুৰ্দশাত আমি সকলোৱে হাঁহিছো ঠাট্টা মস্কৰা কৰিছো গৰিহণা দিছো আৰু বহুতে হয়তো অভিশাপো দিছোঁ ৷ হয়েই এইসকল ৰাইজৰ গৰিহণা ককৰ্থনা খোৱাৰ যোগ্য ৷ কিন্তু মই এইসকলক লৈ ইমান হৈ চৈ কৰাৰ কিবা কাৰণ আছে বুলি নাভাবো ৷ কিয়নো এইসকল হ’ল সেইসকলৰ উত্তৰসুৰী যিসকলে এইসকলক লাখ টকাৰ বিনিময়ত চাকৰি কিনিবলৈ সহায় কৰিছে ৷ অকল সহায় কৰাতে ক্ষান্ত থকা নাই সেইসকল, সৰুৰে পৰাই ঘৰখনত এনেকুৱা এক পৰিবেশেৰে ল’ৰা ছোৱালীক ডাঙৰ কৰিছে যাতে ল’ৰা ছোৱালীয়ে কেৱল নিজৰ লাভৰ অংক কৰিবলৈ শিকে ৷ হয়, মই কবলৈ লৈছো চাকৰি কিনি আজি ৰাইজৰ ঘৃণাৰ পাত্ৰ হোৱা, জেলৰ আলহী হোৱা সকলৰ অভিভাৱক সকলৰ কথা ৷ 

আমি সৰুৰে পৰা শুনি আহিছো ঘৰখনেই হেনো শিক্ষাৰ প্ৰকৃত কঠিয়াতলি ৷ সন্তান এটা জন্মৰ পৰা মাক দেউতাকৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হোৱাৰ পিছত এখন সমাজৰ অংশীদাৰ হয় ৷ সমাজে তেওঁলোকক গ্ৰহণ কৰাৰ পিছত প্ৰত্যেকৰে দায়িত্ব হৈ পৰে সমাজৰ উত্তৰণত হাত আগবঢ়োৱা ৷ এয়াই এখন সমাজ এটা জাতি আৰু এখন দেশৰ অঘোষিত নিয়ম ৷ কাৰোবাৰ অৰিহনা যদি দহটকা কাৰোবাৰ হয়তো এশটকা ৷ অৰ্থাৎ সকলোৱে সমভাবে সমাজৰ কাৰণে কিবা কৰিব লাগিব বুলি ধৰাবন্ধা নীতি নাই যদিও প্ৰতিজন ব্যক্তি সমাজখনৰ ভাল বেয়া প্ৰতিটো কথাৰ লগত এক অদৃশ্য সূতাৰে বান্ধ খাই থাকে ৷ তেনেস্থলত যদি কিছুমানে নিজৰ ধনবল অথবা জনবলৰ জৰিয়তে অন্যায় অনীতিৰে যোগ্যতাবিহীন ভাবে সুবিধা গ্ৰহণ কৰে আৰু সেই সুবিধাই যদি দেশ আৰু দহৰ উপকাৰতকৈ অপকাৰ বেছি কৰে, তেতিয়া নিশ্চয় সেইসকল দুৰ্নীতিকাৰীৰ লগতে তেওঁলোকক পদে পদে অসৎ উপায় অৱলম্বন কৰিবলৈ উদগনি যোগোৱা তথা চলে বলে কৌশলে সমাজৰ উচ্চ আসন দখল কৰাৰ কিটিপ শিকাই দিয়া আত্মীয় আৰু অভিভাৱক সকলকো বিচাৰৰ আওতালৈ অনাটো আজিৰ তাৰিখত এটা অতি জৰুৰী সিদ্ধান্ত হব বুলি মনেপ্ৰাণে বিশ্বাস কৰোঁ ৷

দুৰ্নীতি কেনেকৈ শিপাই মানুহৰ মনত ? একেদিনাই বা হঠাতে এজন মানুহে দুৰ্নীতি কৰিবলৈ সাহস অথবা সুবিধা গ্ৰহণ কৰিব নোৱাৰে ৷ দুৰ্নীতিপৰায়ণ লোকসকলৰ লাজ আৰু ভয় নামৰ অনুভূতি দুটা কম ৷ অপবাদ সেইসকলৰ যেন হাতৰ মলি ৷ পানীৰে ধুই লেতেৰা হাত চাফা কৰাৰ দৰে এওঁলোকেও ভাবে টকাৰে ধুই দিব পাৰি সকলো অপবাদ অথবা কালিমা ৷ প্ৰথম দৃষ্টিত হয়তো পাৰি ৷ ভাৰতবৰ্ষৰ এশকোটিতকৈ অধিক জনসংখ্যাৰ দেশখনত কেতিয়াবা ন্যায়ব্যৱস্থাৰ ওপৰতো মানুহৰ বিশ্বাস হেৰাই যায় ৷ কেৱল ধনবল নোহোৱাৰ কাৰণেই বহুত মানুহ এতিয়াও ন্যায়ৰ আশাত মূৰে কপালে হাত দি জীয়াই আছে ৷ দেশৰ পুলিচ প্ৰশাসন আৰু ন্যায়পালিকাক আজিও মানুহে চকুমুদি বিশ্বাস কৰিবলৈ টান পায় ৷ কিন্তু তাৰমাজতে কেতিয়াবা সময়ে সময়ে কিছুমান নভবা নিচিন্তা অঘটন ঘটি যায় সেইসকলৰ জীৱনত যিসকলে টকাৰে এখন টকা ঘটিব পৰা আসন ক্ৰয় কৰি গজগজীয়া হৈ বহি গৈছিল ৷ হয়তো কেতিয়াও সপোনতো ইমান বেয়াদিনৰ কথা ভবা নাছিল যে যিখন চকীত বহি আনক শাসন কৰিবলৈ যোজা চলাইছিল, যিটো পদবীৰ সুবাদত দোষীক বিচাৰ নকৰাকৈ শাস্তি দিয়াৰ সুবিধা লৈছিল, আজি সেইসকলেই জেলৰ অন্ধকাৰ কুঠৰিত হা-হুমুনিয়াহ কাঢ়ি নিজৰ ভাগ্যক ধিয়াই দিন কটাবলৈ বাধ্য হৈ পৰিছে ৷ পিছে অকল এইসকল ৰাকেশ পাল আশীসধন্য প্ৰশাসনিক বিষয়াকে কিয়, অসমৰ প্ৰায় প্ৰতিটো চৰকাৰী বিভাগত আজিৰ তাৰিখতো চাকৰি কিনাবেচাৰ এক ৰমৰমীয়া ব্যৱসায় পূৰ্ণদ্যমে চলি আছে ৷ অকল চাকৰি কিনা বেচাই নহয় কিছুমান বিভাগত এখন টেবুলৰ পৰা আনখন টেবুললৈ একোটা ফাইল অনা নিয়াৰ নামত চলে এশটকীয়াৰ পৰা হাজাৰ টকীয়া দুৰ্নীতি ৷ জনাই জানি আছে, দেখাই দেখি আছে, ভোগাই ভুগি আছে, খোৱাই খাই আছে, দিয়াই দি আছে আৰু আমিবোৰে চকুমুদা কুলি হৈ নিজৰ নিজৰ জীৱন নাটৰ আখৰাত ব্যস্ত হৈ আছোঁ ৷

ঘোচ খোৱা আৰু দিয়া যে দুয়োটা সমপৰ্যায়ৰ অপৰাধ সেইকথা মানুহে পাহৰি যায় ৷ এইখিনিতে আৰু একশ্ৰেণী মানুহ আছে যিসকলে ভাবে অলপ চলপ ঘোচ খোৱাতো অপৰাধ নহয়, তেওঁলোকৰ মতে কোনোবাই জোৰ কৰি মৰমতে চাহ তামোল খাবলৈ কিবা এটা দিয়াতো ঘোচ নহয় ৷ সৌ সিদিনা তেজপুৰৰ শিক্ষা বিভাগৰ দুজন কৰ্মচাৰীক হাতে লোটে ঘোচ লৈ থাকোতে ধৰা পেলাইছে ৷ কোনোবা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ পেঞ্চনৰ কাম কৰি দিয়াৰ অজুহাতত তাৰে এজনে হেনো "মাত্ৰ" দুহেজাৰ টকাহে বিচাৰিছিল ৷ এইযে "মাত্ৰ" বুলি শব্দটো এইটোৱেই হ’ল আচল চিনাকি মানুহৰ ৷ মই নিজ কাণেৰে কিছুমানক কোৱা শুনিছো যে "মাত্ৰ দুহেজাৰ টকা খাই কিয়নো ধৰা পৰিব লাগে, অলপ বেছিকে খাব পাৰিলেহয়" ৷ যিসকলে এইধৰণৰ আলাপ আলোচনাৰে মেহফিল গৰম কৰি ৰাখিছে সেইসকলৰ মানসিকতাক পুতৌ কৰাৰ বাহিৰে আৰু কি কৰিব পাৰি ? প্ৰকৃত কাৰণটো হ’ল মূল্যবোধ ৷ আমি শিক্ষক মানুহ ৷ ছাত্ৰছাত্ৰীক শ্ৰেণী কোঠাত মূল্যবোধৰ শিক্ষা দি আহি যদি নিজৰ ল’ৰা ছোৱালীক চাকৰিৰ সাচতীয়া ধনেৰে চাকৰি কিনিবলৈ অনুপ্ৰাণিত কৰো তেনে জহন্নামে যাওক তেনে শিক্ষকতা, নিপাত যাওক মূল্যবোধৰ সেই পাঠ ৷কোনো মানুহেই জন্মতে ভাল বেয়াৰ পাঠ শিকি নাহে ৷ সেই পাঠ আৰম্ভ হয় জন্মৰ মুহূৰ্তৰ পৰা ৷ 

মানুহৰ মানসিকতা গঢ় লয় পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰা ৷ কিন্তু বৰ্তমান পৰিস্থিতিত যেন সেয়াও এক সাধুকথাত পৰিণত হৈছে ৷ মাক দেউতাকে ৰ’দ বৰষুণক আওকাণ কৰি ডাঙৰ কৰা সন্তানো বৰ্তমান সমাজৰ একো একোজন ঘোচখোৰ বিষয়ালৈ ৰূপান্তৰিত হৈছে ৷ তেওঁলোকৰ ভাষ্য হ’ল, তেওঁলোকে নিজৰ সন্তানক তেনেকুৱো এটা জীৱন দিব নিবিচাৰে যি জীৱনে তেওঁলোকক এসাজ খাই আনসাজলৈ চিন্তা কৰিবলৈ বাধ্য কৰে ৷ হয়, সেয়া কোনো পিতৃ মাতৃৰে কাম্য নহয় ৷ কিন্তু তাৰ অৰ্থ এইটোও নহয় যে কেৱল এটা বিলাসী জীৱন কটোৱাৰ অজুহাতত সন্তানক বক্ৰ পথৰ সন্ধান দিব ৷ বহুত পিতৃ মাতৃক গৰ্ব কৰি কোৱা শুনিছো "আমাৰ ল’ৰা -ছোৱালী নাতি -পুতিৰ কাৰণেও চিন্তা কৰিব নলগাকে কৰি থৈছো"৷ এইবোৰে কিহৰ ইংগিত দিয়ে ? কেৱল এটা চাকৰি কৰি নাতি পুতিৰ দিনলৈ টকা ঘটাৰ বাটটো কিমান সৰল ? এইবোৰ প্ৰশ্ন মনলে আহিলে আৰু বহুত কথা কবলে মন যায় ৷ বহু পত্নীক সগৌৰৱে আলোচনা কৰা শুনিছো যিসকলে নিজৰ নিজৰ পতিদেৱতাই কোনটো বিভাগত থাকোতে কিমান মাটি কিনিলে, শেহতীয়া মডেলৰ গাড়ীখন কিনিম কিনিম বুলি ভাবি থাকোতে পতিদেৱে জন্মদিনৰ চাৰপ্ৰাইজ দি দিলে, বিবাহ বাৰ্ষিকীৰ ৰাতি বাৰবজাত মনে মনে পিছপিনৰ পৰা আহি পেটলৈ বৈ পৰা হীৰা খটোৱা হাৰ উপহাৰ দিলে ৷ মন বেয়া লাগিলেই ছপিংমলত বজাৰ কৰিবলৈ যোৱা, সময় সুবিধা পালেই দেশ বিদেশ ভ্ৰমণ কৰিবলৈ যোৱা ইত্যাদি বিভিন্ন অজুহাতত খৰছ কৰা টকাবোৰ কষ্টপাৰ্জিত বুলি মনে মানি লবই নোখোজে দেখোন ৷

ইয়াৰ মাজতো সৎ উপায়েৰে অৰ্জা ধনেৰে বহুতে নিজৰ নিজৰ চখ হয়তো পূৰণ কৰিছে কিন্তু সেয়া দেখিলেই গম পোৱা যায় যে তেনেবোৰ মানুহে অন্ততঃ ওফাইদাং মাৰি কথা নকয় ৷ এদিন কোনোবাই কৈছিল "মানুহক হেনো ডাঙৰ কথাৰে নহয় সৰু সৰু কথাৰেহে চিনি পাব পাৰি" ৷ কথাটো হাড়েহিমজুৱে উপলব্ধি কৰো আজিকালি ৷ মন্দিৰ মছজিদত নিজৰ মঙ্গলৰ কাৰণে লাখ টকা খৰছ কৰা জনে মন্দিৰৰ বাহিৰত হাত পাতি বহি ৰোৱা জনক দহটকা দলিয়াই দিবলৈ টান পায় ৷ তেনেকুৱা বহুত মানুহ সোঁশৰীৰে লগ পাইছো যিয়ে মন্দিৰৰ বাহিৰত বহি থকা ভিক্ষাৰীক দিবলৈ খুচুৰা পইচা যোগাৰ কৰি লৈ যায় ৷ ল’ৰা ছোৱালীৰ বেমাৰ আজাৰত বা জন্মদিনত অনাথ আশ্ৰমৰ ল’ৰা ছোৱালীক মাছে মঙহে এসাজ খুউওৱা মানুহে নিজৰ ঘৰুৱা কামত সহায় কৰা মানুহজনীক কিন্তু নিজৰ লগতে এসাজ মাছে মঙহে খুৱাবলৈ টান পায় ৷


আজিৰ ভোগবাদী সমাজ খনত বহু যোগ্যজনে ঘোচ দিব নোৱাৰাৰ অপৰাধত যোগাৰ কৰি লব পৰা নাই এটা সাধাৰণ কেৰাণীৰ চাকৰি ৷ অথচ তেওঁতকৈ কম যোগ্য জনে টকাৰ জোৰত কিনি লৈছে এটা লোভনীয় চাকৰি ৷ ল’ৰাই পঢ়িশুনি উপাৰ্জন কৰি ঘৰখন চাব পৰাৰ আশাত আকৌ বহু পিতৃ মাতৃয়ে ভেটি মাটি বন্ধকত থৈ বা বিক্ৰী কৰি এক অনিশ্চিত ভবিষ্যতক ধিয়াই বহি আছে ৷ বহুতে সেইকাৰণেই আকৌ নিজৰ অনিচ্ছা স্বত্বেও পৰিস্থিতিৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হৈছে ৷  মুঠতে চাৰিওপিনে এক অঘোষিত প্ৰতিযোগিতা কোনে কিমান ঘটিব পাৰে ৷ আমাৰ মনবিলাকত অনবৰত কিলবিলাই থাকে কেনেকৈ এটকাটো এশটকা কৰিব পৰা যায় ৷ এটকাক এশটকা কৰিবলৈ হয়তো দহদিন ৰোৱাৰ ধৈৰ্য্যকণ আমাৰ নোহোৱা হৈ গৈছে ৷ আমি একেদিনাই সাত বনিজৰ মানিক গোটাবলৈ মন কৰোঁ ৷ সেইটো কৰিৱলৈ গৈয়েই এতিয়া সকলোৱে এখন অদৃশ্য জালত ভৰি দিছে ৷ সেই জাল এতিয়া সমাজৰ যত্ৰ তত্ৰ ৷ তাত ভৰি নিদিয়াকৈ জীয়াই থাকিব পৰাটোৱেই এতিয়া মানুহৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে ৷ এই প্ৰত্যাহ্বানক নেওচি আগুৱাব নোৱাৰিলে আমি আমাৰ সন্তানক অন্ধকাৰ জগতৰ বাসিন্দা হবলৈ থেলি দিব লাগিব ৷ সেয়েহে আজি এই লেখাৰ জৰিয়তে সমাজৰ সৰ্বস্তৰৰ অভিভাৱক সকলক অনুৰোধ কৰিছো, সজাগ হওক আপোনালোক ৷ আপোনালোকৰ পাপাগ্নিত সন্তানক জাহ যাবলৈ নিদিব ৷ মাটি ভেটি বিক্ৰী কৰিয়েই হওক বা বক্ৰ পথেৰে উপাৰ্জন কৰা ধনেৰে সন্তানক টকা ঘটা যন্ত্ৰ নসজাব ৷ 

মাছ মূৰৰ পৰা গেলে ৷ আমাৰ সমাজো ওপৰৰ পৰাই গেলিছে ৷ তাক ৰোধ নকৰিলে কিন্তু আমাৰ প্ৰজন্মই আমাকে এদিন ধিক্কাৰ দিব ৷ সৎ দক্ষ আৰু কাৰ্যক্ষম বিষয়াক কাম কৰাৰ পৰিবেশ দিয়ক ৷ অন্যায় অনীতি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁলোকক সাহস দিয়ক ৷ এজন ৰাকেশ পালে আমাৰ সমাজৰ কিমানখন ঘৰ আজি অন্ধকাৰ কৰি পেলালে সকলোৱে দেখিছে ৷ তাৰবাবে ৰাকেশ পাল যিমান অপৰাধী তাতকৈ বেছি অপৰাধী কিন্তু আপোনালোক অভিভাৱক সকল ৷ আপোনাৰ সন্তানে আপোনাৰ জৰিয়তে লাখ লাখ টকাৰে চাকৰি কিনি আজি জেলৰ ভিতৰত চকুপানী টুকিছে ৷ আপুনিয়ে বা কি সুখত ঘৰত বহি ভাত খাইছে ? চৰকাৰকো অনুৰোধ কৰিছো সৎ দক্ষ বিষয়াক কাম কৰাৰ সুচল পৰিবেশ দিয়ক, যোগ্যজনক যোগ্যতাৰ ভিত্তিত এটকাও ঘোচ নিদিয়াকৈ চাকৰি পোৱাৰ সুবিধা কৰি দিয়ক আৰু সদৌ শেষত সমগ্ৰ মাতৃ জাতিক কৰযোৰে মিনতি কৰিছো আপোনাৰ সন্তানক ধনবলক নহয় জনগণক ভালপোৱাৰ শিক্ষা দিয়ক ৷

লেখিকাৰ পৰিচয়: সহযোগী অধ্যাপিকা, অসমীয়া বিভাগ, এছ বি দেওৰা মহাবিদ্যালয়, গুৱাহাটী

No comments:

Post a Comment