চিন্তনঃ চিন্তাৰ স্বাধীনতাত হস্তক্ষেপ কৰাৰ অধিকাৰ ৰাষ্ট্ৰক কোনে দিলে ::পৰেশ মালাকৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ চিন্তাৰ স্বাধীনতাত হস্তক্ষেপ কৰাৰ অধিকাৰ ৰাষ্ট্ৰক কোনে দিলে ::পৰেশ মালাকৰ

চিন্তনঃ চিন্তাৰ স্বাধীনতাত হস্তক্ষেপ কৰাৰ অধিকাৰ ৰাষ্ট্ৰক কোনে দিলে ::পৰেশ মালাকৰ

Share This
এতিয়ালৈকে পৃথিৱীত কোনোবাই জোৰজবৰদস্তি কৰি, প্ৰজাৰ অশান্তি কৰি শাসন কায়েম কৰি থাকিব পাৰিছে নে? অতীজতে পৰা নাছিল, এতিয়া কেনেকৈ পাৰিব? আৰু এতিয়াতো গণতন্ত্ৰৰ যুগ৷ এতিয়া প্ৰজাৰ ধাৰণা নেচেল৷ এতিয়া আমি সকলো নাগৰিক৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পিছত আমি যিখন সংবিধান গ্ৰহণ কৰিলোঁ,সেই সংবিধানখনৰ সাৰবত্তাটো কি? যিবোৰ লক্ষ্য আৰু উদ্দেশ্যৰ কাৰণে আমি স্বাধীনতা আন্দোলন কৰিছিলোঁ, সেইবোৰ যাতে বাস্তৱত কাৰ্যকৰী কৰিব পাৰি সেই উদ্দেশে তাক আমি সংবিধানখনত সুমুৱাই লৈছিলোঁ আৰু সেইবাবেই সাংবিধানিক পণ্ডিতসকলে ভাৰতৰ সংবিধানখনক এখন নতুন ভাৰত নিৰ্মাণৰ খচৰা বুলি কৈছিল৷ তাত আৰু কি আছিল? আমাৰ দেশৰ গণতান্ত্ৰিক পৰম্পৰাটোৰ লগত পশ্চিমীয়া গণতন্ত্ৰৰ সাৰখিনি সাঙুৰি লোৱা হৈছিল৷ 


পশ্চিমীয়া গণতান্ত্ৰিক পৰম্পৰাটো অতি সমৃদ্ধ৷ তাৰ মূল কথাটো আছিল ব্যক্তি স্বাধীনতা৷ সমূহৰ হাতোৰাৰ পৰা ব্যক্তিক উলিয়াই আনি ব্যক্তিসত্তাৰ মুক্ত বিকাশৰ পৰিবেশ এটা সৃষ্টিকৰা৷ তাৰ মূল কাৰণ? সৃষ্টিশীলতা, ব্যক্তিৰ মাজত নিহিত প্ৰতিভাৰ বিকাশ, স্ফুৰণ৷ ব্যক্তিৰ সৰ্বোত্তম বিকাশৰ পৰিবেশ সৃষ্টিয়ে হ’ল স্বাধীনতাৰ মৌলিক আধাৰ৷ইয়াৰ প্ৰয়োজন সমাজৰ বাবেই৷ ইয়াক সেয়ে কেতিয়াও স্থূল ব্যক্তিবাদৰ( individualism) লগত সানমিহলি কৰি পেলাব নালাগে৷ ব্যক্তিবাদ হ’ল স্বাৰ্থান্বেষী, ব্যক্তি স্বাতন্ত্ৰ্যৰ লগত, সেয়ে ঢাঁহিমুহি সকলোনিজৰ কৰিব বিচৰা একাণপতীয়া ব্যক্তিবাদৰ কোনো সম্পৰ্ক নাই৷ এই ব্যক্তি স্বতন্ত্ৰ্যৰ কথা আমাৰ সংবিধানে কেনেকৈ উৰ্ধত তুলি ধৰিছে চাওকচোন: "জনসাধাৰণৰ সকলো অংশৰ মাজতে চিন্তা, মতামত প্ৰকাশ, উপাসনা আৰু বিশ্বাসৰ স্বাধীনতা সুনিশ্চিত কৰা হওকl সকলো ব্যক্তিৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি তেওঁলোকৰ মাজত ভাতৃত্ববোধ জগাই তোলাৰ সাংবিধানিক সুৰক্ষাও ৰাষ্ট্ৰই নিশ্চিত কৰক৷" সকলো অংশৰ মানে সকলোৰে, মানে প্ৰতিজন ব্যক্তিৰে, অৰ্থাৎ মুক্তমনে চিন্তাকৰা,সেই চিন্তা মুকলিভাবে প্ৰকাশ কৰাৰ অধিকাৰ ভাৰতৰ সংবিধানে আমাক দিছে৷
এই অধিকাৰ ভাৰতৰ সংবিধানে নিদিয়াহেঁতেনো ই আমাৰ অধিকাৰ,কিয়নো আমি এতিয়া মধ্য যুগত বাস কৰা নাই, আমি এতিয়াৰ সময়ত বাস কৰিছোঁ,আমি একবিংশ শতিকাৰ নাগৰিক৷ কিন্তু ভাৰতৰ সংবিধান প্ৰণেতাসকল ক্ষণাজন্ম লোক আছিল; তেওঁলোকে ভৱিষ্যতৰ আগলিবতৰা পাইছিল আৰু সেই কাৰণেই আমাৰ সংবিধানখনত বাক স্বাধীনতাৰ ওপৰত তেওঁলোকে ইমান গুৰুত্ব দিছিল৷ আৰু এইটো কেনে হাঁহি উঠা কথা এজন প্ৰাপ্ত বয়স্ক মানুহে বা কলেজ, বিশ্ববিদ্যালয়ৰ কোনো ছাত্ৰ-ছাত্ৰীয়ে কি কিতাপ পঢ়িব মানে তেওঁ G S Ghurye ৰ Cast and Race in India, পঢ়িব নে Herodotusৰ The Histories পঢ়িব বা Arobindaৰ Life Divine পঢ়িব নে Marx ৰ Capital, বা Selected Works of Mao Tsetung বা Darwinৰ Origin of Species পঢ়িব নাইবা Gandhiৰ Autobiography, পঢ়িব নে Stephen Hawkingৰ Theory of Everything বা Thomas Pikettyৰ Capital পঢ়িব বা Ambedkarৰ Annihilation Cast পঢ়িব নে Naomi Wolfৰ Vagina পঢ়িব বা Roots of Vedanta পঢ়িব ইত্যাদি ইত্যাদি- এইবোৰ কি দাৰোগা এজনে ঠিক কৰি দিব নে গৃহ সচিবে ঠিক কৰি দিব? মই কি কিতাপ পঢ়িম, কি চিনেমা চাম, কাৰ লগত কি কথা পাতিম কি এইবোৰ ৰাষ্ট্ৰৰ অনুমতি লৈ কৰিম? মোৰ চিন্তাৰ স্বাধীনতাত হস্তক্ষেপ কৰাৰ অধিকাৰ ৰাষ্ট্ৰক কোনে দিলে?

এই কথাবোৰ লিখাৰ কাৰণ হ’ল পি বাৰবাৰা ৰাও,সুধা ভৰদ্বাজ, অৰুণ ফেৰেৰিয়া,গৌতম নাভালখা আৰু বেৰ নন গনজালভেজ নামৰ পাঁচ গৰাকী মানৱ অধিকাৰ ব্যক্তিক কোনো বাচ বিচাৰ নকৰাকৈ গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগটো৷ এওঁলোকনো কোন? পি বাৰবাৰা ৰাও এগৰাকী বামপন্থী চিন্তাত বিশ্বাসী এজন প্ৰখ্যাত কবি, সাহিত্য সমালোচক আৰু বক্তা৷ তেলেগু প্ৰগতিশীল সাহিত্যৰ তেওঁ আটাইতকৈ সমাদৃত সমালোচক৷ এগৰাকী অসাধাৰণ বুদ্ধিমত্তাৰ অধিকাৰী সুধা ভৰদ্বাজ আজি কেইবাদশকো ধৰি ছত্তিশগড়ৰ অঞ্চলত আদিবাসী লোকসকলৰ অধিকাৰৰ হৈ কাম কৰি আছে, সম্প্ৰতি তেওঁ ছত্তিশগড় পি ইউ চি এলৰ সাধাৰণ সম্পাদক আৰু প্ৰয়াত শংকৰ গুহ নেওগীৰ ছত্তিশগড় মুক্তিমৰ্চাৰ লগতো তেওঁ জড়িত, অৰুণ ফেৰেৰিয়া এগৰাকী মানৱ অধিকাৰৰ বিষয়ে মাতমতা অধিবক্তা,গৌতম নাভালখা এগৰাকী সক্ৰিয় মানৱ অধিকাৰ কৰ্মী আৰু তেওঁ Economic and Political Weekly ৰ সম্পাদনা পৰামৰ্শদাতা, বেৰনন গনজেলভ হ’ল এগৰাকী লেখক আৰু সক্ৰিয় কৰ্মী৷ এই আটাইকেজন ব্যক্তি প্ৰসৰ বুদ্ধিমত্তাৰ অধিকাৰী, তেওঁলোক শিক্ষাদীক্ষাত অতি আগবঢ়া আৰু চমকপ্ৰদ সফলতা দেখুৱা ব্যক্তি৷ তেওঁলোকৰ মূল অপৰাধ কি? একেবাৰে দেখদেখ কথা তেওঁলোকৰ এজনেও ভাৰতবৰ্ষৰ বৰ্তমান অৱস্থাত সন্তুষ্ট নহয়৷ তেওঁলোক আগৰ চৰকাৰৰ বোৰৰ ওপৰতো অসন্তুষ্ট আছিল আৰু এতিয়াৰ চৰকাৰৰ ওপৰত আৰু বেছি নাৰাজ৷ তেওঁলোকে তেওঁলোকৰ বুদ্ধিবৃত্তি, মেধা আৰু সামৰ্থ্য ভাৰতৰ গৰিব, দুখীয়া, দলিত আৰু মূলসুঁতিয়ে একাষৰীয় কৰি থোৱা মানুহখিনিৰ কামত লগাব বিচাৰে৷ এতিয়া আপুনি কি কয় কওক৷

গৰীব,দুখীয়া মানুহৰ হকে মাত মতাৰ অধিকাৰ তেওঁলোকৰ আছে নে নাই? এই লেখক আৰু মানৱাধিকাৰ কৰ্মীসকলৰ বাবে ন্যায় বিচাৰি উচ্চতম ন্যায়লয়ত প্ৰখ্যাত ঐতিহাসিক ৰমীলা থাপাৰ, অৰ্থনীতিবিদ দেৱীকা জেইন, অৰ্থনীতিবিদ প্ৰভাত পাটনায়ক, সমাজ বিজ্ঞানী সতীশ দেশপাণ্ড আৰু মানৱ অধিকাৰ বিশেষজ্ঞ মাজা দাৰুৱালে আবেদন কৰিছিল আৰু তেওঁলোকৰ অধিবক্তা আছিল প্ৰশান্ত ভূষণ৷ এওঁলোকে উচ্চতম ন্যায়লয়ত কৰা আবেদনখন ভালদৰে পঢ়িলেহে গোটেই কথাটো আমি ভালদৰে বুজি পাম৷ আচলতে ঘটনাৰ সূত্ৰপাত হৈছিল এলগাৰ পৰিষদে ২০১৮ চনৰ জানুৱাৰী মাহৰ এক তাৰিখে মহাৰাষ্ট্ৰৰ ভীমা কাৰেগাওঁত আয়োজন কৰা দলিত সমাৱেশক লৈ৷ হিন্দুত্ববাদী সকলে এই সমাৱেশত আক্ৰমণ কৰাক কেন্দ্ৰ কৰি এই বছৰৰ আৰম্ভণিৰ ফালে মহাৰাষ্ট্ৰ উত্তপ্ত হৈ পৰিছিল৷ যি হিন্দুত্ববাদীসকলে সমাবেশটোত আক্ৰমণ কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে পুলিচে এতিয়ালৈ কোনো ব্যৱস্থা লোৱা নাই, অথচ এলগাৰ পৰিষদে আয়োজন কৰা সমাবেশৰ লগত জড়িত আছিল বুলি কৈ কোনোবাই দিয়া এফ আই আৰ এখনৰ অজুহাতত পুলিচে এই মানৱাধিকাৰ কৰ্মী সকলক গ্ৰেপ্তাৰ কৰিছে৷ এওঁলোকৰ কোনোজনো কিন্তু সেই দলিত সমাবেশটোত উপস্থিত নাছিল, এলগাৰ পৰিষদৰ লগতো এওঁলোক জড়িতই নহয়৷ এলগাৰ পৰিষদৰ মুখ্য আয়োজক আছিল উচ্চতম ন্যায়ালয়ৰ প্ৰক্তন ন্যায়ধীশ পি বি চাৱান্ট আৰু মোম্বাই উচ্চ ন্যায়লয়ৰ প্ৰাক্তন ন্যায়াধীশ বি জি কোলচে পাটিল৷ এওঁলোক দুয়োজনেই এই কথা অতি স্পষ্টভাবে কৈছে৷

তেনেহ’লে কথাটো কি হ’ল? কথাটো একেবাৰে স্পষ্ট৷ আমাৰ দেশত মূলত: তিনি ধৰণৰ বাগধাৰা আছে ইংৰাজীত যে কয় Narrative বুলি সেইটো ৷ ধৰি ললোঁ প্ৰথম বিধ হ’ল কংগ্ৰেছী বাগধাৰা৷ এই বাগধাৰাৰ ৰাজনৈতিক আদৰ্শ মোটামুটি উদাৰ গণতন্ত্ৰ, আৰম্ভণিতে আমাৰ দেশৰ প্ৰয়োজনীয়তালৈ চাই ই মিশ্ৰ অৰ্থনীতিৰ পোষকতা কৰিছিল যিটো পিছলৈ নেহৰুভিয়ান(Nehruvian) অৰ্থনীতি বুলি জনজাত হৈছিল, কিন্তু লাহে লাহে কংগ্ৰেছে বিশেষকৈ নৰসিংহ ৰাওৰ প্ৰধানমন্ত্ৰীত্বৰ দিনত, মনমোহন সিং অৰ্থ মন্ত্ৰী হৈ থকা সময়ত, দেশৰ অৰ্থনীতি মুকলি কৰি দিয়ে বিদেশী পুঁজি বিনিয়োগৰ বাবে আৰু তেতিয়াৰে পৰা আমাৰ দেশত নব্য উদাৰ অৰ্থনৈতিক নীতি( New Liberal Economic Policy) প্ৰচলিত হয়- অৰ্থাৎ তেতিয়াৰে পৰা আমাৰ দেশত ব্যক্তিগতকৰণৰ উজান উঠে৷ দ্বিতীয়টো হ’ল ভাৰতীয় জনতা পাৰ্টিৰ বাগধাৰা৷ এই বাগধাৰাটোৱে কি কয়? অৰ্থনৈতিক নীতিৰ ক্ষেত্ৰত কংগ্ৰেছৰ লগত এওঁলোকৰ কোনো পাৰ্থক্য নাই, বৰং এওঁলোকে উগ্ৰ ব্যক্তিগতকৰণবাদী৷ এওঁলোকে পাৰিলে গোটেই দেশখনকে বহুজাতিক নিগম আৰু ঘৰুৱা পুঁজিপতি সকলৰ হাতত বন্ধকত দিব বিচাৰে৷ এওঁলোকৰ ৰাজনীতি বৰ বিপজ্জনক৷এওঁলোকে ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিব বিচাৰে, মুছলমান, দলিত, আৰু সকলো পিছপৰা জাতি জনজাতিক তেওঁলোকে উচ্চবৰ্ণীয় হিন্দু আধিপত্যৰে বশ কৰিব বিচাৰে আৰু ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ কাঠামোটোকে সলাই পাৰিলে ভাৰতবৰ্ষক এক হিন্দু মৌলবাদী ৰাষ্ট্ৰলৈ, মানে পাকিস্তানৰ দৰে ধৰ্মীয় ৰাষ্ট্ৰ কৰিব বিচাৰে৷

এতিয়া আহিল তৃতীয় বাগধাৰাটোৰ কথা৷ তৃতীয় বাগধাৰাটোৱে জাতপাতৰ বিচাৰ নকৰি ভাৰতৰ গৰিব জনসাধাৰণৰ কথা কয়, এওঁলোকে দলিত আৰু পিছপৰা শ্ৰেণীৰ মানুহৰ অধিকাৰৰ হকে মাত মাতে, বহুজাতিক নিগমবোৰৰ শোষণৰ বিৰোধিতা কৰে, বিশেষকৈ এই পিছপৰা মানুহবোৰ থকা অঞ্চলবোৰত৷ এওঁলোক ব্যক্তিগত পুঁজিপতি সকলৰ হাতত আমাৰ দেশৰ সম্পদ বিক্ৰীকৰাৰ বিৰোধিতা কৰে, যধেমধে ৰাষ্ট্ৰীয় সম্পদৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰে, বৰ্তমান চৰকাৰৰ স্বৈৰচাৰী চৰিত্ৰৰ বিৰোধিতা কৰে আৰু মূলত: হিন্দুত্ববাদী বিভাজনবাদী ৰাজনীতিৰ বিৰোধিতা কৰাই নহয় তাৰ বিৰুদ্ধে জনসাধাৰণক সংগঠিত কৰাৰ কথা কয়৷ গতিকে স্বাভাবিকতে এই তৃতীয় বাগধাৰাৰ সমৰ্থক সকল ৰাষ্ট্ৰৰ বাবে চকুৰ কুটা,দাঁতৰ শূল৷ তেওঁলোক কংগ্ৰেছ চৰকাৰৰ দিনতো নিগৃহীত হয়, বি জে পি চৰকাৰৰ দিনততো কথাই নাই৷ জনসাধাৰণক কিছুমান অবাস্তৱ সপোন দেুখুৱা, বিভাজিত কৰা আৰু যি কোনো প্ৰকাৰে নিৰ্বাচনত জিকি তোমালোকৰ বন্ধু পুঁজিপতি সকলৰ লগলাগি দেশখন শাসন কৰা৷ গতিকে যিসকল বিবেকৱান ব্যক্তিয়ে দেশৰ জনসাধাৰণৰ আগত প্ৰকৃত সমস্যাবোৰ দাঙি ধৰি শাসক শ্ৰেণীৰ প্ৰকৃত স্বৰূপ উদঙাই দিব বিচাৰে সেইবোৰ মানুহেই এতিয়া বি জে পি চৰকাৰৰ বাবে আটাইতকৈ বিপজ্জনক লোক৷ হোৱাই নোহোৱাই তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আনি তেওঁলোকক জেলত বন্দী কৰি ৰাখিব পাৰিলে, আৰু এনেদৰে তেওঁলোকৰ মুখ বন্ধ কৰিব পাৰিলে তেওঁলোকে সুখে সন্তোষে শাসন কায়েম কৰিব পাৰিব৷

হিংসাত আমি বিশ্বাস নকৰোঁ, এই মানৱাধিকাৰ কৰ্মী সকলেও শান্তপূৰ্ণ প্ৰতিবাদতে বিশ্বাস কৰে৷ কিন্তু আমি সকলোৱে জানো এই তৃতীয় বাগধাৰাটোত বিশ্বাস নকৰোঁ? ৰাজনৈতিক দল সংগঠনৰ উপৰিও দেশৰ এক বুজন পৰিমানৰ স্বাধীনচেতীয়া শিক্ষাবিদ,বুদ্ধীজীৱী, লেখক, বিচাৰপতি, আমোলা বা অন্য ধৰণৰ পেছাদাৰী লোকে সেই কাৰণেই জানো এই গ্ৰপ্তাৰৰ প্ৰতিবাদ কৰা নাই৷ ৰমীলা থাপাৰ, ৰামচন্দ্ৰ গুহ, অৰুন্ধতি ৰয় আৰু অন্যসকল সকলে সেই বাবেই ইয়াৰ প্ৰতিবাদ কৰিছে৷ উচচতম ন্যায়লয়ৰ পূৰ্বৰ মুখ্য ন্যায়ধীশ লোধাই স্পষ্ট ভাষাত ইয়াক বাক স্বাধীনতা আৰু সাংবিধানিক গণতন্ত্ৰৰ মৌলিক কাঠামোতে কুঠাৰাঘাট বুলি অভিহিত কৰিছে৷উচ্চতম ন্যায়ালয়ৰ প্ৰক্তন ন্যায়ধীশ পি বি চাৱান্ট আৰু মোম্বাই উচ্চ ন্যায়লয়ৰ প্ৰাক্তন ন্যায়াধীশ বি জি কোলচে পাটিল ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে৷ আঠচল্লিচ জনতকৈ বেছি ভাৰত চৰকাৰৰ প্ৰক্তন আমোলা আই এ এচ অফিছাৰে চোকা ভাষাত চৰকাৰক সমালোচনা কৰি অতি শীঘ্ৰে এই লোক সকলক মুকলি কৰি দিবলৈ ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন মুকলি চিঠি লিখিছে৷ তেওঁলোকৰ চিঠিৰ ভাষা দেখিলে আপুনি অনুপ্ৰাণিত হ’ব৷ আৰু উচ্চতম ন্যায়লয়েতো কয়ে দিলে Dissent is the safety valve of democracy, অৰ্থাৎ গণতন্ত্ৰত যদি বিৰোধিতা কৰাৰ, প্ৰতিবাদ কৰাৰ অধিকাৰ দিয়া নহয় তেনেহ’লে গণতন্ত্ৰই বিস্ফোৰিত হ’ব৷ নাই তোমালোকে আমাৰ মুখৰ মাত কাঢ়ি নিব নোৱাৰা, আমি আমাৰ কথা ক’মেই!
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment