প্ৰৱন্ধঃ সংৰচনাত্মক চিন্তাৰ অনুশীলন আৰু সমাজ উত্তৰণ :: ড° বিজয় কৃষ্ণ চেতিয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ সংৰচনাত্মক চিন্তাৰ অনুশীলন আৰু সমাজ উত্তৰণ :: ড° বিজয় কৃষ্ণ চেতিয়া

প্ৰৱন্ধঃ সংৰচনাত্মক চিন্তাৰ অনুশীলন আৰু সমাজ উত্তৰণ :: ড° বিজয় কৃষ্ণ চেতিয়া

Share This
সাম্প্ৰতিক সময়ত সংৰ্কীণ ধৰ্মীয় মৌলবাদৰ বহুল প্ৰচাৰ আৰু চৰ্চাৰ আৰু ইয়াৰ সমান্তৰালভাৱে উগ্ৰ জাতীয়তাবাদৰ উত্থানে বিশ্বজনীন সমাজ ব্যৱস্থাকে অস্থিৰ কৰি তুলিছে। এনে অস্থিৰ পৰিৱেশত সমাজ উত্তৰণৰ বাবে প্ৰয়োজনীয় সংৰচনাত্মক (creative) চিন্তাৰ বিলুপ্তিৰ এক জটিল প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। আৰু এনে প্ৰক্ৰিয়াৰ উদাহৰণ বৰ্তমান সময়ত সহজলভ্য হৈ পৰিছে, অসহনশীল মানসিক স্থিতিৰে দলবদ্ধ আক্ৰমণ, তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশৰ দ্বাৰা সমাজক অস্থিৰ কৰা চেষ্টা, বৈজ্ঞানিক চিন্তাক একাষৰীয়া কৰি ধৰ্মীয় চিন্তাক আগস্থান দি সমস্যাক ৰাজনৈতিক মেৰুকৰণ কৰা চেষ্টা আদিবোৰ নিশ্চয়কৈয়ে এনে জটিল প্ৰক্ৰিয়াৰে অংশ। গতিকে এনে জটিল সময়ত সমাজ ব্যৱস্থাক অস্থিৰ কৰা কাৰক সমূহক প্ৰতিৰোধ কৰি সমাজ উত্তৰণ প্ৰক্ৰিয়াক গতিশীল কৰা এক সংৰচনাত্মক (গঠনাত্মক+যোগাত্মক) পৰিৱেশ গঢ় দিয়াটো নিতান্তই জৰুৰী হৈ পৰিছে। তেনে উদ্দেশ্যই আমি আজি সংৰচনাত্মক চিন্তাৰ বিষয়ে তলত কিছু আলোচনা আগবঢ়াব প্ৰয়াস কৰিছোঁ। 


আলোচনাৰ আৰম্ভণিতেই সংৰচনাত্মক চিন্তাৰ বিষয়ে আলোচনা কৰা আগতে চিন্তাৰ ধৰণ আৰু প্ৰকাৰৰ বিষয়ে সংক্ষেপে কিছু আলোচনা আগবঢ়াই লোৱাটো সমুচিত হব বুলি জ্ঞান কৰিলোঁ। 

সাধাৰণতে আমি চিন্তাৰ ধৰণ বুলি কওঁতে দুই ধৰণৰ চিন্তাক বুজোঁ,
ক। প্ৰচলিত চিন্তা (vertical thinking)
খ। ব্যতিক্ৰম চিন্তা (lateral thinking)

ক। প্ৰচলিত চিন্তা: এই চিন্তাত সাধাৰণতে বহু বছৰ ধৰি চলা অহা সমাজৰ প্ৰচলিত চিন্তা সমূহকেই অত্যাধিক গুৰুত্ব দিয়া হয় বা প্ৰচলিত চিন্তা সমূহত বৈজ্ঞানিক গৱেষণাৰে নতুনত্ব সংযোগ নকৰি, প্ৰচলিত চিন্তাকেই একক চিন্তা বুলি প্ৰতিষ্ঠা কৰা প্ৰয়াস কৰা হয়। এনে চিন্তা ব্যৱস্থাই সমাজত বহু সময়ত প্ৰগতিশীল চিন্তাক সীমাবদ্ধ কৰি এক চিন্তাৰ জড়তা (rigid) সৃষ্টি কৰাত মূল ভূমিকা গ্ৰহন কৰে।এনে চিন্তা ব্যৱস্থাক বতৰ্মান সময়ত উলম্ব চিন্তা অথাৎ Vertical Thinking নামেৰেও চৰ্চা কৰা হয়।  
খ। ব্যতিক্ৰম চিন্তা: এই চিন্তা ব্যৱস্থাত প্ৰচলিত চিন্তাৰ আধাৰক অবৈজ্ঞানিক চিন্তাৰে মানি বা গ্ৰহন নকৰি বৈজ্ঞানিক তথ্য আৰু বিশ্লেষণৰ সহায়ত গ্ৰহন কৰা প্ৰয়াস কৰা হয়। এই চিন্তা ব্যৱস্থাই প্ৰগতিশীল আৰু সৃষ্টিশীল নতুন নতুন চিন্তাৰ বাবে প্ৰয়োজনীয় মানসিক পৰিৱেশ গঢ় দিয়াত গুৰুত্ব দিয়ে।
আজি আমাৰ এই আলোচনাত উপৰোক্ত দ্বিতীয়টো চিন্তা অথাৎ ব্যতিক্ৰম চিন্তাৰ সাম্প্ৰতিক সময়ত গুৰুত্ব আৰু এনে চিন্তাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ ৰচনা বিষয়ে কিছু আলোচনা তলত আগবঢ়াব বিচাৰিছোঁ।

লেখাটো আৰম্ভণিতে উল্লেখ কৰা সামাজিক অস্থিৰতাৰ পৰা সমগ্ৰ বিশ্বক উদ্ধাৰ কৰা লগতে যুৱ প্ৰজন্মক সংৰচনাত্মক চিন্তা প্ৰতি আগ্ৰহশীল কৰি সমাজক এক সুস্থিৰ উত্তৰণৰ গতি প্ৰদান কৰিবলৈ সমাজ গৱেষক তথা মনস্তত্ত্ববিদ সকলে বিশ্বজনীন চিন্তা-চৰ্চা অব্যাহত ৰাখিছে। এই উদ্ভাৱনী চিন্তাৰ পৰিৱেশত সাম্প্ৰতিক সময়ত “পাশ্বীয় চিন্তা বা Lateral Thinking” এ বিশ্বজুৰি বিশেষ চৰ্চা লাভ কৰিছে।

    
পাৰ্শ্বীয় চিন্তা (lateral thinking) ক বিশ্বজনীন পৰিচয় দিয়া মানুহ জন হ’ল ইংলেণ্ডৰ চিকিৎসক তথা মনস্তত্ত্ববিদ ডা: এডৱাৰ্ড দ্যা ব্ৰনো।ডা: ব্ৰনোৱে সমাজৰ বৌদ্ধিক স্তৰৰ সূক্ষ্ম পৰ্যৱেক্ষণ কৰি এটা কথা ভালদৰে উপলব্ধি কৰিছিল যে দুজন সম-মেধা সম্পন্ন ব্যক্তিৰ এজনে যেনেদৰে সহজে সংৰচনাত্মক (creative) চিন্তা কৰিব পাৰে আনজনে কিন্তু নোৱাৰে আৰু সমাজ উত্তৰণৰ দিশৰ নিশ্চয়কৈ ই এক গভীৰ চিন্তাৰ বিষয় । আৰু এনে চিন্তাই ডা: ব্ৰনোৰ মনলৈ এক নতুন চিন্তা ব্যৱস্থাৰ ধাৰণা কঢ়িয়াই আনিছিল। ব্ৰনোৱে নিজস্ব গৱেষণাৰ অন্তত এটা কথাত উপনীত হৈছিল যে সংৰচনাত্মক চিন্তাৰ বাবে বিশেষ মানসিক প্ৰস্তুতিৰ প্ৰয়োজন আৰু এই প্ৰস্তুতিৰ বাবে এক পৰিকল্পিত মানসিক অনুশীলনৰ প্ৰয়োজন। আৰু সংৰচনাত্মক চিন্তাক গতিশীল কৰা এই চিন্তা ব্যৱস্থাকে ব্ৰনোৱে “পাৰ্শ্বীয় চিন্তা (lateral thinking)” নামেৰে অভিহিত কৰিছিল। 

পাৰ্শ্বীয় চিন্তাৰ উদ্ভাৱণকাৰী ডা: ব্ৰনো মতে আমাৰ মগজুটো এটা স্ব-সংগঠিত ব্যৱস্থা (self organising system) আৰু এই সংগঠিত ব্যৱস্থাক সতেজ ও সক্ষম কৰি ৰাখিবলৈ কিছু প্ৰণালীবদ্ধ অনুশীলনৰ প্ৰয়োজন আৰু এই অনুশীলন সমূহকেই পাশ্বীয় চিন্তা ব্যৱস্থাত প্ৰয়োগ কৰা হয়। এইখিনিতে ব্ৰনোৱে পাশ্বীয় চিন্তাকলৈ কৰা এটা বিশেষ গুৰুত্বপূৰ্ণ উক্তিক সংযোগ কৰিলোঁ, lateral thinking is a habit of mind and an attitude of mind অৰ্থাৎ পাশ্বীয় চিন্তা মগজুৰ এক অভ্যাস আৰু লগতে ই মগজুৰ স্ব-অভিব্যক্তি। 

পাশ্বীয় চিন্তাত যদিও ব্যক্তিৰ বুদ্ধিশীলতাৰ অনুশীলন প্ৰচলিত বা উলম্ব চিন্তাতকৈ পৃথক হয় তথাপিও কিন্তু এই চিন্তাৰ কৌশল সদায় মানবীয় প্ৰমূল্যবোধ, সামাজিক সচেতনতা আৰু উত্তৰণমুখী সংৰচনাত্মক চিন্তাৰ প্ৰতি দায়িত্বশীল হয়। ইয়াৰ উপৰিও পাশ্বীয় চিন্তাই সংস্কৃতি আৰু শিক্ষা মাজত এক অতি সুৰক্ষিত সমান্তৰাল সমন্ধ গঢ়ি তোলে; সাধাৰণতে সংস্কৃতি সহজে প্ৰতিষ্ঠিত ধাৰণা প্ৰতি দায়িত্বশীল হয় আৰু শিক্ষাই এই প্ৰতিষ্ঠিত ধাৰণা সমূহৰ মাজত এক বৈজ্ঞানিক যোগসূত্ৰ প্ৰতিষ্ঠা কৰিবলৈ অহৰহ প্ৰয়াস কৰে।সংস্কৃতি আৰু শিক্ষাৰ যৌথ প্ৰয়াসত সামাজিক চিন্তা আৰু ধাৰণা সমূহৰ উত্তৰণ ঘটাই সময়োপযোগী কৰি তোলা হয়। কিন্তু বহু সময়ত এই যৌথ প্ৰয়াসত এক বৌদ্ধিক দ্বন্দ্ব দেখা দিয়ে, সংস্কৃতিয়ে প্ৰতিষ্ঠিত ধাৰণাসমূহকে একক ধাৰণাৰূপে গণ্য কৰি ধাৰণাৰ উত্তৰণৰ বাবে জৰুৰী গৱেষণালব্ধ চিন্তাক গুৰুত্বহীন কৰিব বিচাৰে আৰু আনহাতেদি শিক্ষাই সমাজ-ধাৰণা সমূহক গৱেষণালব্ধ চিন্তাৰে সমাজৰ সামূহিক উন্নয়ণৰ বাবে সময়োপযোগী কৰি তুলিব প্ৰয়াস কৰে। কিন্তু এই বৌদ্ধিক দ্বন্দ্বক পাশ্বীয় চিন্তাই আওকান কৰি শিক্ষা আৰু সংস্কৃতিৰ মাজত এক সুৰক্ষিত সমান্তৰাল গতি সৃষ্টি কৰে, কাৰণ পাশ্বীয় চিন্তাই, চিন্তাৰ মৌলিকতা আৰু মূল্যবোধক যথোচিত সন্মান কৰি সমাজ উত্তৰণৰ বাবে জৰুৰী সংৰচনাত্মক চিন্তাৰ বাবে বৈজ্ঞানিক বুদ্ধিশীলতাৰ সুস্থিৰ অনুশীলনৰ পৰিৱেশ সৃষ্টিৰ বাবে অহৰহ প্ৰয়াস কৰে। 

এইখিনিতে উল্লেখ কৰা ভাল হব যে শিক্ষাই পাশ্বীয় চিন্তাক গতিশীল কৰাত মুখ্য ভূমিকা গ্ৰহন কৰে। শিক্ষা নিৰ্ভৰশীল হয় সুৰক্ষিত ধাৰণা ওপৰত আৰু ধাৰণাক সুৰক্ষিত কৰে বৈজ্ঞানিক তথ্য আৰু তত্ত্বই, অধিক তথ্য সংগ্ৰহ আৰু বিশ্লেষণে শিক্ষাক অধিক সুৰক্ষিত কৰি পাশ্বীয় চিন্তাক তৰাম্বিত কৰাত সহায় কৰে। এইখিনিতে এটা কথা গুৰুত্বপূৰ্ণ বুলি জ্ঞান কৰি উল্লেখ কৰি থলো, তথ্যক সঠিকৰূপত পৰিচালিত কৰাটো সহজ বিষয় নহয় কিয়নো তথ্যৰ বিস্তৃতি আৰু তথ্যৰ পৰিশোধন এই দুটা অতি সংবেদনশীল বিষয়, কিন্তু শেহতীয়াকৈ গণিত বিদ্যা আৰু যুক্তিবিদ্যাৰ সহায়ত তথ্য বিস্তৃতি আৰু পৰিশোধনক সঠিক পথ আৰু গতিৰে পৰিচালিত কৰিবলৈ সমাজ বিজ্ঞানসকল সফল হৈছে বুলি অনুভৱ কৰিব পাৰি। আৰু সেয়েহে বতৰ্মান সময়ত পাশ্বীয় চিন্তাৰে সংৰচনাত্মক পৰিৱেশ গঢ় দিয়াত গণিত বিদ্যা আৰু যুক্তিবিদ্যাৰ গুৰুত্ব অপৰিসীম বুলি গণ্য কৰা হৈছে। 

আমি বিশ্বাস কৰোঁ ওপৰোক্ত আলোচনাত সাম্প্ৰতিক সময়ত পাশ্বীয় চিন্তাৰ গুৰুত্ব বিষয়ে এক সম্যক জ্ঞান দিয়াত আমি কিঞ্চিত হলেও সফল হৈছোঁ আৰু তেনেধাৰণাৰে আজিৰ আলোচনা শেষস্তৰত আমি পাশ্বীয় চিন্তা অৰ্থাৎ Lateral Thinking ৰ বাবে কেনেধৰণৰ মানসিক অনুশীলনৰ প্ৰয়োজন সেই বিষয়ে তলত একাদিক্ৰমে আলোচনা কৰা প্ৰয়াস কৰিছোঁ, 

ক। প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান: চিন্তাৰ মূল্যবোধক যথোচিত সন্মান কৰি তথ্য আৰু যুক্তিৰে প্ৰচলিত ধাৰণাক প্ৰত্যাহ্বান জনোৱা অনুশীলন। এই অনুশীলনত ব্যক্তিৰ বিষয়ভিত্তিক অভিনিৱেশৰ খুবেই প্ৰয়োজন।

খ। বিকল্প চিন্তাৰ সন্ধান: প্ৰচলিত চিন্তাকেই সমস্যা সমাধানৰ একমাত্ৰ উপায় বুলি গ্ৰহন নকৰি সদায় বিকল্প চিন্তাৰ সন্ধান কৰা মানসিক অনুশীলন।এই অনুশীলনত বৰণ্য ব্যক্তি আৰু বৈজ্ঞানিক সকলৰ চিন্তাধৰণক গভীৰ অধ্যয়নৰ সহায়ত বিশ্লেষণ কৰা অভ্যাস কৰিব লাগে। ইয়াৰ ওপৰিও দবা খেলৰ অভ্যাস, ছুডুকু, শব্দ শৃংখল আদি মানসিক কচৰৎতে এই অনুশীলনক বিশেষভাৱে অনুপ্ৰাণিত কৰে। 

গ। বুদ্ধিশীলতাৰ (brainstorming) অনুশীলন: প্ৰতিজন ব্যক্তিয়ে নিজৰ বুদ্ধিশীলতাৰ বিকাশৰ বাবে নিতৌ মানসিক কচৰৎ কৰাটো জৰুৰী আৰু ইয়াৰ বাবে ৰুচীশীল অধ্যয়ন অতিকৈ প্ৰয়োজন। ইয়াৰ ওপৰিও সমস্যাৰ দলগত অধ্যয়নৰ অভ্যাস কৰিলে, সমস্যা সমাধানৰ বিকল্প চিন্তাৰসন্ধানত ই সহায়ক হয়। এনে অভ্যাসে ব্যক্তিৰ বুদ্ধিশীলতাক সতেজ কৰি সংৰচনাত্মক চিন্তা কৰাত সহায় কৰে। 

ঘ। ৰায় (judgement) দিয়া মনোবৃত্তি পৰিত্যাগৰ অনুশীলন: বতৰ্মান সময়ৰ আমাৰ সমাজৰ প্ৰায় সকলোৰে বিশেষকৈ যুৱচামৰ মাজত যিকোনো বিষয়ত তাৎক্ষণিক ৰায় দিয়া এক মনোবৃত্তি গঢ়ি উঠা দেখা যায় , যিটো সমাজৰ সুস্থিৰতাৰ পৰিপন্থী আৰু আমি আলোচনা কৰি থকা পাশ্বীয় গঠনাত্মক চিন্তাৰ বাবেও এই মনোবৃত্তি গ্ৰহনযোগ্য নহয়। এনে মনোবৃত্তিৰ পৰিৰ্ৱতে বিষয় একোটা সম্পূৰ্ণ তথ্যৰে বিশ্লেষণ কৰি সহনশীল মন্তব্য প্ৰদান কৰাটোহে সামাজিক সুস্থিৰতা বাবে অতিকৈ জৰুৰী। কোনো এটা বিষয় সম্পূৰ্ণ যুক্তিৰ আধাৰত গ্ৰহন কৰিবলৈ আমি অতি সহজে “5W & H” চিন্তা-সূত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ, এই চিন্তা-সূত্ৰটো তলত দাঙি ধৰিলো,

‘5W’ হ’ল, 

১। WHO অথাৎ কোন
২। WHAT অথাৎ কি
৩। WHERE অথাৎ ক'ত
৪। WHEN অথাৎ কেতিয়া
৫। WHY অথাৎ কিয়
আৰু ‘H’ হ’ল, 
৬। HOW অথাৎ কেনেকৈ

এতিয়া আমি যদি দৈনন্দিন জীৱনত মুখামূখী হোৱা যিকোনো এটা সমস্যাকও উপৰোক্ত ব্যৱস্থাৰে বিশ্লেষণ কৰাৰ প্ৰয়াস কৰোঁ, তেন্তে এই ব্যৱস্থাই আমাৰ মনত এক যুক্তিবাদী মনোবৃত্তি তৈয়াৰ কৰাত সহায় কৰিব আৰু এই যুক্তিবাদী মনোবৃত্তিয়ে আমাৰ মনৰ অসহনশীল চেতনাক নাশ কৰি সংৰচনাত্মক চিন্তা কৰিবলৈ উৎসাহিত কৰিব। 

সদৌ শেষত আমি আশা কৰিম, আমাৰ আজিৰ এই আলোচনাই লেখাৰ আৰম্ভণিতেই উল্লেখ কৰা সংকীৰ্ণ ধৰ্মীয় মৌলবাদ আৰু উগ্ৰ জাতীয়তাবাদৰ বিপৰীতে এক সুস্থিৰ সংৰচনাত্মক সমাজ উত্তৰণ পৰিৱেশ গঢ় দিয়াত কিছু পৰিমাণে হ’লেও যুৱপ্ৰজন্মক উৎসাহিত কৰিব। 
লেখক এগৰাকী ভূ-তত্ত্ববিদ, শিৱসাগৰ,অসম। যোগাযোগ নম্বৰ ৭০০২৪১১৪৫২

No comments:

Post a Comment