বিশ্লেষণঃ নাগৰিকপঞ্জী উন্নীতকৰণ: এই সন্দেহৰ অন্ত আছেনে? :: পাৰভিন চুলতানা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ নাগৰিকপঞ্জী উন্নীতকৰণ: এই সন্দেহৰ অন্ত আছেনে? :: পাৰভিন চুলতানা

বিশ্লেষণঃ নাগৰিকপঞ্জী উন্নীতকৰণ: এই সন্দেহৰ অন্ত আছেনে? :: পাৰভিন চুলতানা

Share This
এন আৰ চিৰ দ্বিতীয় খচৰা প্রকাশ পোৱাৰ পিছত যিসকলৰ নাম বাদ পৰিছিল, তেওঁলোকে ধৈর্য্য সহকাৰে প্রক্রিয়াটো সময় মতে সম্পূর্ণ হোৱালৈ বাট চাই আছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে সৰু-সুৰা ভুল ত্রুটিৰ বাবে এন আৰ চিৰ পূর্ণ তালিকাৰ পৰা কেতিয়াও তেওঁলোকৰ নাম বাদ নপৰে। তেওঁলোকে আশাৰে বাট চাই আছিল চৰকাৰৰ নতুন আদেশলৈ যি আদেশৰ জৰিয়তে তেওঁলোকৰ সমস্যাৰ কিছু সমাধান হব আৰু তেওঁলোকে নিজৰ মূৰৰ পৰা অবৈধ বাংলাদেশী হোৱাৰ কালিমা একেবাৰে মচি পেলাব পাৰিব। 
কিন্তু দিন যোৱাৰ লগে লগে এন আৰ চি উন্নীতকৰণৰ প্রক্রিয়াটো পিছুৱাই হে গৈ আছে। Claims আৰু Objectionৰ প্রক্রিয়া এতিয়াও আৰম্ভ হোৱা নাই। মাননীয় উচ্চতম ন্যায়ালয় নতুনকৈ আৰম্ভ হোৱা প্রক্রিয়াৰ নিয়মাৱলীখিনি চুড়ান্ত কৰা নাই। উচ্চতম ন্যায়ালয়ে বিভিন্ন গোটক এই বিষয়ে নিজৰ মতামত জনাবলৈ নির্দেশ দিছে। আৰু সেই মর্মে বিভিন্ন সংগঠনে নিজৰ মতামত লিখিত ৰূপত দাখিল কৰিছে। 
কিন্তু ইয়াৰ মাজতে অসম পাব্লিক ৱার্কছ নামৰ স্বেচ্ছাসেৱী সংগঠনে উচ্চতম ন্যায়ালয়ত এটি হলফনামা দখিল কৰিছে। তেওঁলোকে ২২খন জিলাৰ এন আৰ চিৰ পুনঃ নিৰীক্ষণ বিচাৰিছে। টেলিগ্রাফ কাকতৰ এটি বাতৰি মতে APWৰ সভাপতি অভিজিৎ শর্মাৰ বক্তব্য মর্মে এন আৰ চি উন্নীতকৰণ প্রক্রিয়াত বহু খেলিমেলি পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ সন্দেহ যে কিছুমান জিলাত এন আৰ চিত ভুৱা কাগজ পাতিৰ সহায়ত বহু অবৈধ বিদেশীৰ নামো অন্তর্ভূক্ত কৰা হৈছে। তেওঁলোকে উল্লেখ কৰা জিলাসমূহ হল ধুবুৰী, কোকৰাঝাৰ, চিৰাং, দক্ষিণ শালমাৰা, গোৱালপাৰা, বঙ্গাইগাওঁ, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ(মেট্রো), দৰং, উদালগুৰি, শোণিতপুৰ, লক্ষীমপুৰ, ধেমাজী, মৰিগাওঁ, নগাওঁ, হোজাই, গোলাঘাট, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। 

শর্মাৰ মতে বহু নাগৰিকে অভিযোগ উত্থাপন কৰিছে যে যিবোৰ এলেকাত বঙ্গীয় মূলৰ মুছলমান বা মিঞা মুছলমানৰ সংখ্যা অধিক তাতে এন আৰ চি সেৱা কেন্দ্রবোৰত কর্মৰত থকা সকলো সেই একে সম্প্রদায়ৰ পৰা আছিল আৰু তেওঁলোকে নিজৰ সম্প্রদায়ৰ প্রতি থকা আনুগত্যৰ বাবেই এনে বহু মানুহৰ নাম অন্তর্ভূক্ত কৰিছে যিসকল আচলতে সন্দেহযুক্ত নাগৰিক বা বিদেশী। তেওঁলোকৰ মতে এই এলেকাবোৰত সংখ্যালঘু সম্প্রদায়ৰ মানুহৰ খুব কম সংখ্যক নাম বাদ পৰিছে। শর্মাই সন্দেহ কৰে যে বংশবৃক্ষত খেলিমেলি কৰি হয়তো এনে বিদেশীৰ নাম অন্তর্ভূক্ত কৰা হৈছে আৰু সেইবাবে তেওঁলোকৰ মতে বংশবৃক্ষ আৰু বিভিন্ন নথি পত্রৰ পুনঃ নিৰীক্ষণ হোৱা উচিত। 

এন আৰ চিৰ দ্বীতিয় খচৰাত যে ভালে সংখ্যক প্রকৃত নাগৰিকৰ নাম বাদ পৰিছে সেই কথা নুই কৰিব নোৱাৰি। পৰিয়ালৰ সকলো সদস্যৰ নাম আহিছে পিছে দুই-এজনৰ অহা নাই, পঞ্চায়তৰ প্রমাণ পত্র দাখিল কৰা বহু মহিলাৰ নাম অহা নাই, কণ কণ লৰা ছোৱালীৰ নাম বাদ পৰিছে, আনকি জনজাতীয় মূলৰ বহু মানুহৰ নাম বাদ পৰিছে। পিছে দ্বীতিয় খচৰাখন ওলোৱাৰ পিছত চৰকাৰে আশ্বস্ত কৰিছিল যে কোনো মানুহক হাৰাশাস্তি কৰা নহব খচৰাত নাম নহাৰ বাবে। 

কিন্তু এন আৰ চিৰ খচৰা প্রকাশ হোৱাৰ পিছৰে পৰা বিভিন্ন মহলৰ পৰা নানা ধৰণৰ সন্দেহ প্রকাশ কৰা দেখা যায়। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলা প্রক্রিয়াটোলৈ বহু ধৰণৰ প্রশ্ন উত্থাপিত কৰা হয়। এন আৰ চি উন্নীতকৰণৰ বাবে বহু মানুহক প্রশিক্ষণ দি গোটেই প্রক্রিয়াটোক সুচাৰুৰূপে চলাই লোৱা হৈছিল। কিন্তু এতিয়া সংখ্যালঘু অধ্যুষিত এলেকাত সৰহ সংখ্যক মানুহৰ নাম বাদ নপৰাৰ বাবে এইসকল কর্মচাৰীৰ কামৰ ওপৰত প্রশ্ন উত্থাপন কৰা হৈছে। ইয়াৰ অর্থ এইটো নহয় যে কোনো কর্মচাৰীয়ে দুর্ণীতি কৰিব নোৱাৰে, কিন্তু ব্যাপক হাৰত এনে হোৱা বুলি দাবী কৰিলে এই গোটেই প্রক্রিয়াৰ কোনো বৈধতা থাকিব নে? ইয়াতে এটা কথা আমাৰ মনত ৰখা উচিত যে APWৰ দৰে সংগঠনৰ মতে অবৈধ বাংলাদেশীৰ অর্থ হল অবৈধ মুছলমান বাংলাদেশী। বাংলাদেশৰ পৰা যে অনা-মুছলমানো ভাৰতলৈ আহিব পাৰে সেইটো বিশ্বাস কৰা তেওঁলোকৰ বাবে চাগে টান। তেনে ক্ষেত্রত এইসকলৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ওপৰত স্থিতিলৈও প্রশ্ন উত্থাপন হোৱা উচিত। 

উচ্চতম ন্যায়ালয়ে যোৱা মাহৰ এটি আদেশত নির্দেশ দিয়ে যে প্রত্যেক কেন্দ্রৰ পৰা ১০% নাম পুনঃ নিৰীক্ষণ কৰা হব। এটি শুদ্ধ এন আৰ চি বিচৰাসকলে পুনঃ নিৰীক্ষণৰ বিৰোধিতা নকৰিব। কিন্তু যেতিয়া বিভিন্ন সংগঠন উঠি পৰি লাগিছে প্রমাণ কৰিবলৈ যে সংখ্যালঘু অধ্যুষিত এলেকাত আৰু মানুহ বাদ পৰিব লাগে আৰু তেতিয়াহে তেওঁলোকে এন আৰ চিক শুদ্ধ বুলি মানিব, তেতিয়া আমিও কিছু কথা পুনঃ চিন্তা কৰা উচিত। এন আৰ চিৰ সমর্থন অসমৰ প্রত্যেক কোণৰ পৰা আহিছিল। বিশেষকৈ নিজৰ ধর্মীয় আৰু ভাষিক পৰিচয়ৰ বাবে খুব সহজেই বাংলাদেশীৰ অপবাদ পোৱা মিঞা মুছলমান সকলে এন আৰ চিৰ সম্পুর্ণৰূপে সমর্থন কৰিছিল। কিন্তু আজি আকৌ এন আৰ চিকলৈ উদ্ভৱ হোৱা সন্দেহ বহুতকে চিন্তিত কৰি পেলাইছে। কেতিয়া এই মানুহবোৰৰ জীৱনবোৰ সন্দেহৰ কলা ছাঁৰ পৰা মুক্তি পাব? 

সন্দেহযুক্ত নাগৰিক বা ভোটাৰ ওলোৱাৰ পদ্ধতিত হোৱা খেলিমেলি আমি আকৌ দোহৰাই দিয়াৰ দৰকাৰ নাই। আনকি বিদেশী ন্যায়াধিকৰণে ভাৰতীয় বুলি ঘোষণা কৰাৰ পিছতো এনে বহু মানুহৰ নাম এন আৰ চিত বাদ পৰিছে। পিছত কাৰণ সোধাত কোৱা হল যে তেওঁলোক হেনো ডি ভোটাৰ! এজন মানুহে তিনিবাৰ এফ টি কোর্টৰ পৰা ভাৰতীয় বুলি ৰায় পোৱাৰ পিছতো চতুর্থ বাৰৰ বাবে তেওঁক নোটিচ দিয়া হয়। এয়া যদি আনুষ্ঠানিক হাৰাশাস্তি নহয় তেনেহলে কি? 

এন আৰ চি উন্নীতকৰণৰ প্রক্রিয়াত খুব সুক্ষ্মভাৱে বিভিন্ন নথি পত্র নিৰীক্ষণ কৰি, বংশ বৃক্ষ আদি মিলাই হে মানুহৰ নাম অন্তর্ভূক্ত কৰা হৈছে। তেনে ক্ষেত্রত যদি ঘোষিত বিদেশীৰ নাম এই খচৰাত অন্তর্ভূক্ত হৈছে তাৰ অর্থ তেওঁলোকৰ যথোচিত নথি পত্র আছে। ইয়াতে এন আৰ চি নহয়, প্রশ্ন উত্থাপিত হোৱা উচিত এফ টি কোর্টৰ কাম কাজলৈ। মৈনাল মোল্লাৰ বিচাৰ প্রক্রিয়া যিসকলে বিশ্লেষণ কৰিছে তেওঁলোকে গম চাইছে কেনেকৈ যথোচিত নথি পত্র থকা সত্ত্বেও এজন ভাৰতীয়ক বিদেশী বুলি ঘোষিত কৰা হল। আজিৰ সময়ত আশাৰ ৰেঙণি কঢ়িয়াই অনা এক বাতৰি হল যে উচ্চতম ন্যায়ালয়ে চৰকাৰক জবাবদিহী কৰিছে যে এজনী মহিলা যাৰ পিতৃ-মাতৃ, ভাই-ককায়েক, স্বামী ভাৰতীয়, তেওঁ কেনেকৈ বিদেশী হব পাৰে। আনকি এনে ঘটনাও পৰিলক্ষিত হৈছে যত দুই জমজ ভাইৰ এজন ডিটেন্শন চেন্টাৰত আৰু আনজনৰ নাম এন আৰ চিত। 

এন আৰ চিয়ে এক সোণালী সুযোগ আগবঢ়াইছিল এই সকলো হাৰাশাস্তিৰ অন্ত পেলোৱাৰ। এন আৰ চিৰ পূর্ণ খচৰা এটা কথা প্রমাণ কৰিছে যে বহু ভাৰতীয়ৰ শিক্ষাৰ অভাৱ আৰু দৰিদ্রতা, সজাগতাৰ অভাৱৰ বাবে লাগতীয়াল নথি পত্র নাথাকিব পাৰে। তেনে ক্ষেত্রত কেৱল নথি পত্র একমাত্র নাগৰিকত্বৰ প্রমাণ বুলি ধৰি ললে বহু প্রকৃত ভাৰতীয় বাদ পাৰি যাব। আকৌ সীমান্তবর্ত্তী এলেকাৰ মানুহবোৰে এনে দৈনন্দিন হাৰাশাস্তিৰ কৱলৰ পৰা বাচিবলৈ নিজৰ কাগজ পাতি সদায় ঠিক ঠাক কৰি ৰাখে। তেনে ক্ষেত্রত ধুবুৰীৰ দৰে অঞ্চলত যদি উচিত নথি পত্র দি মানুহৰ নাম অন্তর্ভূক্ত কৰিছে, তেতিয়া হলে কেৱল সন্দেহৰ বশৱর্ত্তী হৈ তেওঁলোকক বিদেশী বুলি ধৰি লোৱাটো অনুচিত। 

কিছু দল সংগঠনে এনে এক পৰিবেশ তৈয়াৰ কৰাৰ চেষ্টা কৰি আছে যত নিৰপেক্ষ ভাৱে কাম কৰা কঠিন হৈ পৰে বিষয়ববীয়াৰ বাবে। এন আৰ চিৰ মূল লক্ষ্য যদিও নাগৰিক বাচি উলিওৱা, এন আৰ চিৰ উন্নীতকৰণ হৈ পৰে বিদেশী খুজি ওলোৱা প্রক্রিয়া। একমাত্র সন্দেহৰ বশৱর্ত্তী হৈ অসমৰ ওচৰ চুবুৰীয়া ৰাজ্যবোৰত অসমৰ পৰা যোৱা মানুহক নথি পত্রৰ কথা কৈ হাৰাশাস্তি কৰা হৈছে। ঠিক সেই সময়ত এন আৰ চিৰ কাম যিমান বেছি পিছুৱাই যাব, যিসকলৰ নাম এতিয়ালৈকে অহা নাই তেওঁলোকৰ সমস্যা বাঢ়ি হে যাব। 

এই সময়তো যিসকলৰ নাম বাদ পৰিছে তেওঁলোকে নতুনকৈ লিগেচী ডাটা বা নতুন প্রমাণ পত্র দিব পাৰিব নে নাই সেইটো স্পষ্ট নহয়। ইয়াতে এটা কথা মন কৰা উচিত যে এন আৰ চিৰ কাম বহু অশিক্ষিত মানুহে টকা দি আনক দি কৰাইছে। তেনে ক্ষেত্রত বহুতে অজান্তে একে নাম হোৱাৰ বাবে আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰিছে। বহু মানুহে বিবাহ আদিৰ বাবে ধর্মান্তৰিত কৰিছে পিছে লিগেচী তেওঁলোকে নিজৰ পিতৃৰে ব্যৱহাৰ কৰিছে। কিন্তু ঘটনাবোৰ বিষদভাৱে বিশ্লেষণ নকৰি কেৱল চাঞ্চল্যকৰ সংবাদ শিৰোনামা দি সাধাৰণ ৰাইজক বিভ্রান্ত কৰি আছে অসমৰ কিছু সংবাদ মাধ্যমে। 

অসমৰ বাহিৰত আন ৰাজ্যৰ মানুহক এনে নথি পত্র দি নিজৰ নাগৰিকত্ব প্রমাণ কৰিবলৈ কলে হয়তো তেওঁলোকেও শলঠেকত পৰিব। কাৰণ স্বাধীনতাৰ সাতটা দশকৰ পিছতো আমাৰ মানুহ জীৱনৰ ন্যুনতম দৰকাৰখিনি পুৰাব পৰা নাই। তেনে ক্ষেত্রত নথি পত্রৰ জৰিয়তে নিজৰ অস্তিত্বৰ প্রমাণ দিবলৈ কোৱাটো বাস্তৱধর্মী ধাৰণা নহয়। তাৰ ওপৰিও যেতিয়া সেই নথি পত্রৰ বৈধতাকলৈ বাৰে বাৰে প্রশ্ন কৰা হয়, এই মানুহবোৰ উপায়বিহীন হৈ পৰে। 

উচ্চতম ন্যায়ালয়ে দিয়া আদেশ মর্মে প্রত্যেক জিলাৰে অন্তর্ভূক্ত হোৱা নামৰ ১০% নাম আকৌ নিৰীক্ষণ কৰা হব। এই পদক্ষেপে আশা কৰোঁ এন আৰ চিৰ খচৰাত হোৱা খেলি মেলি খিনি উদঙাই দিব। কিন্তু কিছু সাম্প্রদায়িক সংগঠনে বিচৰাৰ দৰে এই প্রক্রিয়াৰ জৰিয়তে যেন কাকো হাৰাশাস্তি কৰা নহয়। অসমৰ ৰাজনীতিক সুদীর্ঘ সময়লৈ অধ্যয়ণ কৰা বুদ্ধিজীৱী হীৰেণ গোহাঁই ছাৰ বিশ্বাস কৰে যে বিদেশীৰ সমস্যা সমাধান কৰিহে ৰাজ্যখন আগুৱাই যাব পাৰিব। কিন্তু সাম্প্রতিক সময়ত যেনে পৰিস্থিতি দেখা গৈছে, বিদেশী কোন এই প্রশ্নটোৱে যেন আন এক দীঘলীয়া ৰাজনৈতিক দ্বন্দৰ সুত্রপাতহে ঘটালে। 
লেখাটি গণ-অধিকাৰ কাকততো সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পাইছে। লেখিকাৰ ফোন-৮০১১৯০৩৬২৩

No comments:

Post a Comment