চিন্তনঃ দেশত কোনে চলাইছে হত্যাকাৰীৰ মাল্যাপৰ্ণৰ ৰাজনীতি:: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ দেশত কোনে চলাইছে হত্যাকাৰীৰ মাল্যাপৰ্ণৰ ৰাজনীতি:: অনন্ত কলিতা

চিন্তনঃ দেশত কোনে চলাইছে হত্যাকাৰীৰ মাল্যাপৰ্ণৰ ৰাজনীতি:: অনন্ত কলিতা

Share This

সম্প্রতি বিপৰীতধর্মী, দুটা আলােড়নকাৰী সংবাদে দেশৰ জনসাধাৰণৰ বিশেষ দৃষ্টি আকর্ষণ কৰিছে। প্ৰথমটো হ’ল, হার্ভার্ড বিশ্ববিদ্যালয়ত শিক্ষাগ্রহণ কৰা এন ডি এ চৰকাৰৰ মন্ত্রী জয়ন্ত সিনহাই বিজেপি আৰু বজৰং দলৰ সভ্যৰে গঠিত গাে-ৰক্ষক বাহিনীয়ে ঝাৰখণ্ডৰ ৰামগড়ত মাংস ব্যৱসায়ী আলিমুদ্দিন আনচাৰীক হত্যাৰ গােচৰত আজীৱন ফাটেকৰ শাস্তি পােৱা ৮জন অপৰাধীক মাল্যাৰ্পণ কৰিছে।

দ্বিতীয়টো হ’ল গণপ্রহাৰৰ দ্বাৰা হত্যাৰ ঘটনাবােৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰবােৰৰ আৰু কেন্দ্রীয় চৰকাৰৰ নিস্ক্রিয় ভূমিকাত দেশৰ উচ্চতম ন্যায়ালয়ে উদ্বেগ প্রকাশ কৰি ইয়াক প্ৰতিৰােধৰ বাবে কেন্দ্রীয় চৰকাৰক শীঘ্ৰে আইন প্রণয়নৰ কঠোৰ নির্দেশ দিছে। যোৱা ১৯ জুলাইত (২০১৮) উচ্চতম ন্যায়ালয়ৰ প্রধান বিচাৰপতি দীপক মিশ্রৰ নেতৃত্বৰ ডিভিজন বেঞ্চে উক্ত ৰায় প্রদান কৰে। দেশৰ বিভিন্ন ৰাজ্যত গণপ্ৰহাৰৰ দ্বাৰা এজনৰ পাছত এজন নির্দোষী আৰু নিৰীহ লােকক হত্যা কৰাৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰি বিচাৰপতিসকলে কৈছে যে এদল উন্মত্ত লােক মিলি দেশত মানুহক মৰিয়াই মৰিয়াই হত্যা কৰাৰ ৰাজত্ব চলিব, সেইটো কেতিয়াও হ'ব নােৱাৰে। এওঁলােকে দেশৰ আইন-কানুন নামানিব, সেইটোও কেতিয়াও হ'ব নােৱাৰে। এই অপৰাধৰ প্রৱণতাক প্ৰতিৰােধ কৰিবলৈ কেন্দ্রীয় চৰকাৰেশীঘ্ৰে এখন নতুন আইন প্রণয়ন কৰক।

নৰেন্দ্র মােদী চৰকাৰৰ আমােলত দেশত গাে-ৰক্ষাৰ নামত যিসমূহ নজৰদাৰী চলিছে, ইয়াক প্ৰতিৰােধ কৰিবলৈ অবিলম্বে কেন্দ্রীয় চৰকাৰক সক্রিয় হ’বলৈ নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে। ৰায়টোত কৈছে যে গােৰক্ষা বাহিনীৰ এইসমূহ নৃশংস নজৰদাৰী বন্ধ কৰক, নহ'লে দেশজুৰি দানৱীয় আকাৰ ল'ব। দেশত দুই ধৰণে গণপ্রহাৰ কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। প্ৰথমটো হ’ল, জাত-পাত-ধর্মীয় উগ্রতাৰ নামত অসহিষ্ণুতাৰ ৰাজনীতিৰ প্ৰভাৱত অহিন্দু আৰু নিম্নবর্গৰ লােকসকলৰ ওপৰত বিভিন্ন অজুহাতত সংগঠিত আক্রমণ-অত্যাচাৰ। যিটো অতি ভয়ানক হৈ পৰিছে ভাৰতীয় সমাজখনত। আনটো হ’ল, অন্ধবিশ্বাস- সােপাধৰা, ডাইনীৰ নামত গণপ্রহাৰ কৰি হত্যা। 

দেশত বিশেষকৈ যােৱা চাৰি বছৰে অর্থাৎ বিজেপি চৰকাৰ শাসনৰ গাদীলৈ অহাৰ দিন ধৰি সংগঠিতভাৱে হিন্দুত্ববাদীসকলে সমাজত ঘৃণা আৰু বিদ্বেষৰ মানসিকতাক উচটাই দিছে। অন্ধবিশ্বাসতকৈও দেশত হিন্দুত্ববাদীসকলৰ সংগঠিতভাৱে ঘৃণা আৰু বিদ্বেষৰ দ্বাৰা দলবদ্ধ আক্রমণ বা গণপ্রহাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ভাৰতীয় সমাজখনত, যিটো আগতে কেতিয়াও দেখা নগৈছিল। উচ্চতম ন্যায়ালয়ৰ পর্যবেক্ষণ আৰু অভিমত বাস্তৱ অৱস্থাৰ লগত সংগতিপূর্ণ। সংঘ পৰিয়ালৰ ছত্রছায়াত হিন্দুত্ববাদৰ যি ৰাজনীতি সমাজৰ সৰ্বস্তৰত বিয়পাই দিয়া হৈছে, তাৰেই পৰিণতিত সমাজত ঘৃণা আৰু বিদ্বেষ মানসিকতাৰ সৃষ্টি হৈছে। হিন্দুত্ববাদৰ মতান্ধতাই মানুহক প্ৰভাৱিত কৰিছে ভিন্নতাৰ প্রতি অসহিষ্ণু হ'বলৈ। সেয়ে হিন্দুত্ববাদী ৰাজনীতিয়ে সহ্য নকৰে ভিন্ন ৰাজনৈতিক আদর্শ, মতামত তথা মতবাদ, আন ধৰ্মৰ চিন্তাধাৰা, জীৱনশৈলী আৰু বিভিন্ন খাদ্যাভ্যাস, আনকি নিম্নবর্গৰ মানুহৰ জীৱন-জীৱিকাৰ বিভিন্নধৰণৰ পথৰ। হিন্দুত্ববাদী ৰাজনীতিৰ ভিত্তি যিহেতু ধৰ্ম আৰু সম্প্রদায়, সেয়ে এওঁলােকে হিন্দু ধর্মাৱলম্বী আৰু সম্প্রদায়ক মনুস্মৃতিৰ আধাৰত সংগঠিত কৰে আনৰ বিৰুদ্ধে। আনৰ বিৰুদ্ধে ঘৃণা আৰু বিদ্বেষ বিয়পাই দি হিন্দুধর্মী লােকসকলক ধৰ্মৰ নামত সংগঠিত কৰা সহজ হৈ পৰে। এই মানসিকতা সাধাৰণ হিন্দু মানুহৰ মাজত বিয়পাই দিবলৈ হিন্দুত্ববাদী ৰাজনীতিকসকলে আৰু সংঘ পৰিয়ালৰ শাখা-প্রশাখাসমূহে পৰিকল্পিতভাৱে মুছলমান, খ্রীষ্টান, আনকি হিন্দুধর্মী দলিতসকলৰ ওপৰত অত্যাচাৰ, আক্রমণ চলায়। 

গুজৱ, উৰাবাতৰি, মিছা অভিযােগ প্রচাৰ কৰি আক্ৰমণৰ অজুহাত তৈয়াৰ কৰে। গুজৱ, জনৰৱ প্ৰচাৰ কৰিয়েই দাদ্রিৰ পৰা ৰামগড়ত নিৰীহ, নিছলা মুছলমান লােকক দলবদ্ধভাৱে গণপ্রহাৰ বা আক্রমণ কৰি হত্যা কৰিছিল। গুজৱ ৰটনা কৰা হয় কোনাে লােকৰ ঘৰত গাে-মাংস আছে বা গৰু চুৰি কৰিছে, গৰু হত্যা কৰিছে ইত্যাদি। আজি দেশৰ বিভিন্ন ৰাজ্যত আৰ এছ এছ আৰু বিজেপিৰ হিন্দুত্ববাদী আদৰ্শৰ দ্বাৰা প্ৰভাৱিত কৰি অনেক লােকক সংঘবদ্ধ কৰি বিভিন্ন ঠাইত গাে-বক্ষক বাহিনীৰ সৃষ্টি কৰিছে। এই গাে ৰক্ষক বাহিনীয়ে গােহত্যা, গৰু চালান, গাে-মাংস ভক্ষণ, গাে-মাংস ঘৰত ৰখা, বিক্ৰী কৰা, গৰুৰ চামৰা এৰুওৱা আদি গুজৱ ৰটনা কৰি দেশৰ বিভিন্ন ৰাজ্যত নিৰীহ, নির্দোষী মুছলমান আৰু দলিত লােকক হত্যা কৰিছে, এওঁলােকক মাৰপিট কৰিছে, অত্যাচাৰ কৰিছে।

আশ্চর্যজনক যে বিজেপি শাসিত ৰাজ্যবােৰত প্রশাসন নীৰৱ তথা হত্যাকাৰী, অপৰাধীসকলৰ ওপৰত প্রশাসনে, পুলিচে কোনাে ব্যৱস্থাইনলয়। গাে ৰক্ষক বাহিনীয়ে মুক্তভাৱে তাণ্ডৱ চলাইছে দেশজুৰি। দলিতসকলৰ মৃত গৰুৰ চামৰা এৰুওৱা কাম জীৱিকাৰ পথৰ অন্যতম ভিত্তি। গাে-ৰক্ষক বাহিনীয়ে এই কাম কৰা দলিতসকলৰ ওপৰত আক্ৰমণ কৰিছে, হত্যা কৰিছে। সংঘ পৰিয়ালে তৈয়াৰ কৰা এই গাে-ৰক্ষক বাহিনী হ’ল এটা বেআইনী লাঠুৱা হত্যাকাৰী বাহিনী। এই লাঠুৱা হত্যাকাৰী বাহিনী দলিতসকলৰ প্রতি ইমানেই অসহিষ্ণু যে কোনােবা দলিতে গোঁফ ৰাখিছে, কোনােবাই ঘোঁৰাত উঠিছে, কোনােবাই ভৰিৰ ওপৰত ভৰি তুলি বহিছে এই সকলােবােৰেই অপৰাধ আৰু এইবােৰ অপৰাধৰ বাবে গণপ্রহাৰৰ সন্মুখীন হ'ব লগা হৈছে দলিতসকল। অনেকক গণপিটন দি হত্যা কৰিছে। সােপাধৰাৰ অন্ধবিশ্বাস আগতেও আছিল, কিন্তু সংঘ পৰিয়ালে সৃষ্টি কৰা উক্ত পৰিৱেশত সমাজত ইমান গভীৰভাৱে এই বৰ্বৰ মানসিক ৰােগটো প্ৰসাৰ হৈছে যে শিশু অপহৰণ, চোৰৰ বদনাম দি অহৰহ হত্যা কৰা হৈছে নির্দোষী, নিছলা মানুহক। আনকি ত্ৰিপুৰাত সােপাধৰা সমাজত ঘূৰি ফুৰাটো যে অপপ্ৰচাৰ, জনৰৱ তথা মানুহৰ অন্ধবিশ্বাস, সেই বিষয়ে সমাজখনক সজাগ কৰিব খােজা সচেতন যুৱক দুজনক সংঘ পৰিয়াল প্ৰভাৱিত লাঠুৱা বাহিনীয়ে গণপ্রহাৰৰ দ্বাৰা হত্যা কৰিছে।

আজি দেশত গণতান্ত্রিক তথা সচেতন লােকসকল উদ্বিগ্ন হৈ পৰিছে– কাৰণ চৰকাৰে এই নৃশংস, বৰ্বৰ, অমানৱীয় ঘটনাবােৰৰ বিৰুদ্ধে কোনাে ব্যৱস্থাই গ্রহণ নকৰে। চৰকাৰৰ ছত্রছায়াতে এই হত্যালীলা নিৰৱচ্ছিন্নভাৱে চলাই আছে এই হত্যাকাৰী লাঠুৱা বাহিনীয়ে। গুৰুতৰ কথা এই যে ঝাৰখণ্ডৰ ৰাজগড়ত গাে-মাংস বিক্ৰী কৰা বুলি মিছা অপবাদ দি আলিমুদ্দিন নামৰ এজন মুছলমান লােকক হত্যাৰ অপৰাধত আই পি চি ৩০২ ধাৰাত ন্যায়ালয়ে আজীৱন ফাটেক শাস্তি দিয়া আঠজন অপৰাধীক হার্ভার্ড বিশ্ববিদ্যালয়ত শিক্ষিত কেন্দ্রীয় মন্ত্রী জয়ন্ত সিনহাই মাল্যার্পণ কৰে। কাঠুৱা গণধর্ষণৰ অপৰাধীসকলৰ সমর্থনতাে বিজেপি আৰু আৰ এছ এছৰ লােকসকল আৰু বিধায়ক, মন্ত্রীসকলে সমদল কৰিছিল। বিশিষ্ট নিবন্ধকাৰ সাগৰিকা ঘােষে ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ত ১৮ জুলাইত (২০১৮) 'Harvard Vs Hazaribagh' শিৰােনামৰ সম্পাদকীয় পৃষ্ঠাৰ নিবন্ধটোত এইদৰে লিখিছে "When mob murders are rocking India to its democratic core, it's not the time to inspect various legal sections, but to stand firm in vociferous denunciation and moral revulsion. Those whom Sinha garlanded have been found guilty under IPC Section 302, or murder. That a Union Minister is forced to garland those associated with events that have fundamentally assaulted India's collective sense of morality and decency, is the tragedy of the lumpenised electoral politics today. It shows how the road to Lok Sabha often forces a compromise with crime and illegality.There are parallels between Ramgarh lynchings and Kathua gang rape and murder. In the Ramgarh case too local sections of the ruling BJP, Hindutva organisations and Sangh Parivar affiliates launched an aggressive campaign for the accused. In March, when afast-track court sentenced the 11"gal rakshaks" (convicted of lynching meat trader Alimuddin Ansari last year) to life imprisonment, slogans of "Jai Shri Ram" and "Bharat Mata Ki Jai" were raised."

ন্যায়ালয়ে হত্যাকাৰী বুলি দোষী সাব্যস্ত কৰা অপৰাধীক সম্বর্ধনা জনাবলৈ ‘জয় শ্ৰীৰাম’আৰু ভাৰত মাতা কী জয়’ শ্লোগান দিছে। এই হিন্দুত্ববাদীসকলে ৰামক আৰু ভাৰতবর্ষকে কলংকিত কৰিছে। জয় শ্ৰীৰাম আৰু ভাৰত মাতা শ্লোগান আওৰাই অহিন্দুক বা হিন্দুধর্মী দলিত লােকক হত্যা কৰাৰ মাজেৰে হিন্দুত্ববাদীসকলক আইনী হত্যাকাৰী দলত পৰিণত কৰাৰ তথা উগ্র হিন্দুত্ববাদৰ নামত হিন্দু ধর্মকে কলংকিত কৰি ধ্বংস কৰিব বিচাৰিছে। কিয় বৃহত্তম গণতান্ত্রিক দেশ বুলি খ্যাত ভাৰতবৰ্ষত যােৱা চাৰি বছৰে আইনৰ শাসন ক্রমে ক্রমে দুর্বল হৈ পৰিছে ? শাসকীয় বিজেপিৰ উগ্র হিন্দুত্ববাদী গ্রুপটোৱে নিজকে আইনৰ ঊর্ধ্বত বুলি ভাবিবলৈ আৰম্ভ কৰিছে। কোন অপৰাধী বা কোনটো কাম বেআইনী, সেইটো বিচাৰ কৰাৰ ক্ষমতা এই হিন্দুত্ববাদী গ্রুপটোৱে লৈ লৈছে। অপৰাধৰ বিচাৰ তথা শাস্তিদানৰ ক্ষমতা এওঁলােকৰে হাতত। এই স্ব-ঘােষিত শাসকসকলে আশ্চর্যজনকভাৱে চৰকাৰ, অসামৰিক প্রশাসন, পুলিচ প্রশাসন আৰু শাসকসকলৰ দৃঢ় মদত’ পাই আছে। আজি ভাৰতীয় সমাজখনৰ নতুন বাস্তৱতা হ'ল আইনৰ শাসনক অংগুষ্ঠ দেখুৱাই আইন নিজৰ হাতত তুলি লােৱাৰ অদ্ভুত সংস্কৃতিৰ সৃষ্টি হৈছে। এই নতুন বেআইনী তথা কুৎসিত সংস্কৃতি সৃষ্টিত উদগনি দিছে হিন্দুত্ববাদীসকলৰ ধর্মীয় বিভাজন তথা মেৰুকৰণৰ কুটিল ৰাজনীতিয়ে। বিভিন্ন ঠাইত গৰু চুৰি বা গাে-মাংস ৰখা গুজৱ বিয়পাই দি নিৰীহ, নিছলা মানুহক গণপ্রহাৰ কৰি হত্যা কৰা হৈছে। আৰু অনেক ঠাইত সােপাধৰা বা শিশু অপহৰণকাৰীৰ ছাপ মাৰি নির্দোষ-নিৰীহ লােকক হত্যা কৰিবলৈ মানুহৰ জুমক উত্তেজিত কৰি মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে। পুলিচ প্রশাসন তথা অসামৰিক প্ৰশাসনৰ অস্তিত্বই নােহােৱা কৰিছে বিজেপি চৰকাৰবােৰে। 

দেশত আইনৰ শাসনৰ বিলুপ্তি ঘটাইছে। ঝাৰখণ্ড, অসম, উত্তৰ প্রদেশ, ৰাজস্থান, মধ্যপ্রদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰত প্রধানতঃ বিজেপিশাসিত ৰাজ্যবােৰত উক্ত ধৰণৰ বৰ্বৰ, নৃশংস, অমানৱীয়, সংস্কৃতিৰ সৃষ্টি হৈছে। লক্ষ্যণীয় যে সকলাে ক্ষেত্ৰতেই মুখ্যতঃ টার্গেট হৈছে মুছলমান আৰু দলিত লােকসকল। হিন্দুত্ববাদীৰ বিদ্বেষ, ঘৃণা, অসহিষ্ণু হিংসাৰ ৰাজনীতিত মুছলমান আৰু দলিতসকলক শত্রু হিচাপে চিহ্নিত কৰিছে। সেয়ে আক্ৰমণকাৰীসকল সংঘ পৰিয়াল আৰু বিজেপিৰ ঘৃণাৰ ৰাজনীতিৰ স্বাভাৱিকভাৱেই দৃঢ় সমর্থক। সংঘ পৰিয়ালৰ মুছলমান বিদ্বেষ আৰু দলিতবিৰােধী প্রচাৰে সমাজত এনেকুৱা এক বিষাক্ত পৰিৱেশৰ সৃষ্টি কৰিছে। যে হিন্দুত্ববাদৰ সমর্থকসকলে নিজকে সমাজৰ শাসক হিচাপে গণ্য কৰে। এওঁলােক অন্ধভাৱে ইমানেইউগ্ৰ হৈ পৰিছে যে যুক্তিৰ কোনাে স্থান নাই, তেওঁলােকৰ মতামতেই শেষ আৰু চূড়ান্ত কথা আৰু কোনে কি অপৰাধ কৰিছে তাৰ বিচাৰ কৰাৰ বাবে সুযােগ দিয়াৰ পক্ষপাতী নহয় এই হিন্দুত্ববাদী দলবােৰ। ঘৃণা, বিদ্বেষমূলক শ্লোগানেৰে জনতাক উত্তেজিত কৰি দলবদ্ধভাৱে মৰিয়াই, পিটন দি হত্যা কৰি শাস্তি দিয়ে তথাকথিত অভিযুক্তসকলক, যিটো অতি বৰ্বৰ আৰু অমানুষিক তথা নৃশংস। এইধৰণৰ অমানৱীয়, অমানুষিক, বৰ্বৰ ঘটনা কোনাে সমাজতে কল্পনাই কৰা নাযায়। 

ভাৰতত বিজেপি চৰকাৰৰ মদতপুষ্ট তথাকথিত হিন্দু সংস্কৃতি ৰক্ষাকাৰীসকলৰ ক্ষেত্ৰত সেইটোৱে বাস্তৱ। অবিশ্বাস্য যেন লাগিলেও যােৱা চাৰি বছৰে| দেশৰ বিভিন্ন কেন্দ্রত প্রতিনিয়ত উক্তভাৱে অমানুষিক হত্যাৰ ঘটনা ঘটি থকা সত্ত্বেও শাসক দলৰ পক্ষৰ পৰা কোনাে প্রতিবাদ, বিৰােধিতা দূৰৰ কথা সাধাৰণ উদ্বেগে প্রকাশ নকৰে; বিপৰীতে জয় শ্ৰীৰাম, ভাৰত মাতা কী জয় শ্লোগানেৰে হত্যাকাৰীসকলক সম্বর্ধনাহে জনাই আনন্দ উৎসৱ কৰে। তথা অভিযুক্তসকলক শাস্তিৰ পৰা ৰেহাই দিবলৈ আন্দোলনহে কৰে।

ভাৰতৰ নিচিনা গণতান্ত্রিক দেশ এখনত নির্বাচিত চৰকাৰ এখন শাসনৰ গাদীত থকাৰ সময়ত কি ধৰণে প্রকাশ্যে পথত কোনাে এটা মিছা অভিযােগ আনি গণপ্রহাৰৰ দ্বাৰা নিৰীহ তথা নির্দোষী লােকসকলক হত্যা কৰি আছে, এইটো কোনােপধ্যে গ্রহণযােগ্য হ'ব নােৱাৰে। এইধৰণৰ নৃশংস আৰু বৰ্বৰ ঘটনাবােৰ প্রতিৰােধ কৰিবলৈ দেশৰ উচ্চতম ন্যায়ালয়ত আবেদন জনাই এটা মামলা কৰিছিল তুষাৰ গান্ধী আৰু তেহছিন পুনৱালা নামৰ দুজন সমাজকর্মীয়ে। 

উচ্চতম ন্যায়ালয়ে গণপ্ৰহাৰৰ দ্বাৰা হত্যাকাণ্ড আৰু অত্যাচাৰৰ ঘটনাবােৰৰ ক্ষেত্ৰত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰবােৰৰ ভূমিকাক অত্যন্ত কঠোৰ মনােভাৱ প্রকাশ কৰিছে। মােদীচৰকাৰক অতি কঠোৰ ভাষাত ভৎর্সনা কৰি স্পষ্টভাৱে ঘােষণা কৰিছে যে এই অৰাজকতা কোনাে অৱস্থাতেই চলিবলৈ দিব নােৱাৰি। শীঘ্ৰে সংসদত এখন বিধেয়ক দাখিল কৰি উপযুক্ত আইন প্রণয়ন কৰাটো জৰুৰী বুলি নির্দেশ দিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ দৃঢ় অৱস্থানে পৰােক্ষভাৱে প্রতিফলিত কৰিছে যে মােদী চৰকাৰে দেশত আইনৰ শাসন প্রতিষ্ঠা কৰাৰ দায়িত্ব পালন কৰা নাই। চৰকাৰে ইচ্ছা কৰিলে কঠোৰ হাতেৰে এই অৰাজকতা বন্ধ কৰিব পাৰিলেহেঁতেন। 

উল্লেখযোগ্য যে, বিজেপি শাসনত নথকা ৰাজ্য চৰকাৰবােৰৰ ৰাজ্যত এনেধৰণৰ ঘটনা সংঘটিত হােৱা নাই। শেষ পর্যন্ত শীর্ষ ন্যায়ালয়ে নীৰৱ হৈ থাকিব পৰা নাই। দুর্ভাগ্যজনক যে দেশৰ উচ্চতম ন্যায়ালয়ে উক্ত কঠোৰ নির্দেশ দিয়াৰ পাছতাে ২১ জুলাইৰ দিনা বিজেপি শাসিত ৰাজস্থানৰ আলােৱাৰ জিলাৰ ৰামগড়ত আকবৰ খান নামৰ এজন লােকে এজন সহযােগীৰ সৈতে দুটা গৰু লৈ গৈ থাকোতে গােৰক্ষক বাহিনীয়ে আকৰক গণপ্ৰহাৰ কৰি হত্যা কৰে। সহযােগীজনৰাে অৱস্থা সংকটজনক। দেশৰ উপগৃহমন্ত্রী অর্জুন ৰাম মেঘৱালে কৈছে যে প্রধান মন্ত্রী মােদী যিমানেই দেশত অধিক হাৰত জনপ্রিয় হৈ থাকিব সিমানেই গণপ্রহাৰৰ নিচিনা ঘটনা দেশত অধিক ঘটি থাকিব। বিজেপি চৰকাৰৰ গণপ্রহাৰৰ ঘটনাবােৰ কঠোৰ হাতেৰে প্ৰতিৰােধ কৰাৰ সদিচ্ছা নথকাটোৱে প্রতিফলিত হৈছে ঘটনাবােৰৰ কার্যক্রমণিকাৰ পৰা ‘জয় শ্ৰীৰাম আৰু ভাৰত মাতা কী জয়’ আওৰাই গণপ্রহাৰেৰে নিৰীহ, নিছলা, নির্দোষী লােকক হত্যা কার্য চলাই থকাটোৱে আইনী কার্য হৈ পৰিছে বিজেপি চৰকাৰৰ শাসন কালত। যেনিবা ৰাম আৰু ভাৰত মাতাৰ নির্দেশত মুছলমান আৰু দলিতক হত্যা কৰিছে।

বিশিষ্ট চিন্তাবিদ কলিতাদেৱৰ লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে আৰু ইউনিকোড সংস্কৰণ সংৰক্ষণৰ বাবে সুখ-দুখতো প্ৰকাশ কৰা হৈছে। লেখকৰ ফোনঃ ৯৪৩৫০-৪১২০৩

No comments:

Post a Comment