ভাল খবৰঃ বিশ্ব চেম্পিয়ন হৈ জিলিকিছে অসমীয়া কিশোৰ হৃদয় হাজৰিকা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ বিশ্ব চেম্পিয়ন হৈ জিলিকিছে অসমীয়া কিশোৰ হৃদয় হাজৰিকা

ভাল খবৰঃ বিশ্ব চেম্পিয়ন হৈ জিলিকিছে অসমীয়া কিশোৰ হৃদয় হাজৰিকা

Share This
দক্ষিণ কোৰিয়াৰ ছাংৱনত চলি থকা আই.এছ.এছ.এফ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি জুনিয়ৰ ১০ মিটাৰ এয়াৰ ৰাইফলত স্বৰ্ণপদক জয় কৰিলে অসমৰ ১৭ বৰ্ষীয়া কিশোৰ হৃদয় হাজৰিকাই। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি বিশ্বৰ চেম্পিয়ন হবলৈ সক্ষম হোৱা হৃদয় হাজৰিকালৈ অসমীয়াৰ সুখ-দুখৰ পৰিয়াল আৰু পাঠক সমাজৰ পৰাও জ্ঞাপন কৰিছো আন্তৰিক অভিনন্দন। 
জানিব পৰা মতে, ইৰাণৰ আমিৰ নিকুনাম আৰু হৃদয়ে অৰ্জন কৰা পইণ্ট এটা সময়ত ২৫০.১ হোৱাত টাই হোৱাৰ উপক্ৰম হৈছিল। ফলত শ্বট-অফ যোগে বিজয়ীজনক চিনাক্ত কৰে বিচাৰক সকলে। কেৱল মাত্ৰ ০.১ পইণ্টৰ বাবে বিশ্ব অভিলেখ গঢ়াৰ পৰা বঞ্চিত হয় দুয়ো গৰাকী খেলুৱৈয়ে। উল্লেখযোগ্য যে ৬২৯.৩ পইণ্ট স্কৰ কৰি ১০ মিটাৰ এয়াৰ ৰাইফলছত একমাত্ৰ ভাৰতীয় হিচাবে ফাইনেললৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে হৃদয়ে। হৃদয়ৰ এই সফলতাত টুইটাৰ যোগে দেৰ খেলমন্ত্ৰী ৰাজ্য বৰ্ধন ৰাথোড়েও অভিনন্দন জ্ঞাপন কৰি উজ্জবল ভৱিষ্যত কামনা কৰে। 

হৃদয় হাজৰিকা হৈছে নাৰায়ণপুৰৰ মাধৱদেৱ কলেজৰ অধ্যক্ষ ডঃ শৰত হাজৰিকা আৰু শিক্ষয়িত্ৰী ইভা হাজৰিকাৰ একমাত্ৰ পুত্ৰ। ২০০১ চনৰ ১২ অক্টোবৰত জন্মগ্ৰহণ কৰা হৃদয়ে নাৰায়ণপুৰ শিশু নিকেনত শিক্ষা জীৱন আৰম্ভ কৰাৰ পাছত ষষ্ঠ-প্তম শ্ৰেণী হাৰমতীৰ ছেণ্ট জেভিয়াৰ্চ স্কুলত অধ্যয়ন কৰিবলৈ যায় আৰু সেই সময়চোৱাতে শ্বুটিংৰ প্ৰতি আকৰ্ষিত হয়। তাৰ পাছতে লখিমপুৰ জিলাৰ পথালিপাহাৰত থকা শংকৰদেৱ মহাবিদ্যালয়ৰ শ্বুটিং ৰেঞ্জত প্ৰাৰম্ভিক অৱস্থাত দিব্য বৰুৱাৰ অধীনত প্ৰাথমিক প্ৰশিক্ষণ লয়। খেল আগুৱাই নিবৰ বাবেই গুৱাহাটীলৈ গৈ চাউথ পইণ্ট স্কুলত নাম ভৰ্তি কৰি তেওঁ চতুৰ্থ অম আৰক্ষী বেটেলিয়নৰ শ্বুটিং ৰেঞ্জত অভ্যাস অব্যাহত ৰাখিছিল। শেহতীয়াকৈ তেওঁ মাতৃৰ সৈতে দিল্লীত থাকি লৈ দিল্লীৰ কাৰ্নি শ্বুটিং ৰেঞ্জত ব্যক্তিগত প্ৰশিক্ষক দীপক কুমাৰ ডুবেৰ অধীনত প্ৰশিক্ষণ লৈ আছে। 

মুম্বাইৰ অলিম্পিক গোল্ড কোষ্ট নামৰ সংস্থাটোৱে হৃদয়ৰ এই বিশ্বজয়ী যাত্ৰাত উন্নত মানৰ আহিলাপাতি, প্ৰশিক্ষণ আদিৰ খৰছ সমস্ত বহন কৰি আহিছে। যোৱা জুন মাহত জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপতো দুটাকৈ সোণৰ পদক আৰু জুলাইত চেক গণৰাজ্যত এটা ৰূপৰ লগতে দুটাকৈ ব্ৰঞ্জৰ পদকো এই প্ৰতিভাবান কিশোৰগৰাকীয়ে অৰ্জন কৰিবলৈ সক্ষম হৈছিল। হৃদয়ৰ পিতৃয়ে অলিম্পিক গোল্ড কোষ্ট স্বেচ্ছাসেৱী সংস্থাৰ সকলো ধৰণৰ সহযোগিতাৰ বাবেহে এই বিশ্বজয়ী যাত্ৰা ফল হোৱা বুলি কৃতজ্ঞতাও প্ৰকাশ কৰিছে। 

বিশ্ব চেম্পিয়ন হৈ উজলি উঠা হৃদয় হৈ পৰক অসমীয়া শিশু-কিশোৰৰ মাজত এজন নতুন প্ৰেৰণা যোগোৱা খেল-তাৰকা। অসম চৰকাৰেও অসমৰ এই প্ৰতিভাবানজনলৈ উন্নত সা-সুবিধাৰ প্ৰশিক্ষণৰ দায়িত্ব গ্ৰহণ কৰি অনাগত অলিম্পিকৰ বাবে তৈয়াৰ কৰাত সহায় কৰিবলৈ শুভাকাংখী সমাজে আহ্বান জনাইছে।

No comments:

Post a Comment