ভাল খবৰঃ সুখী হোৱাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিলে কেজৰীৱাল চৰকাৰে:: সন্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ সুখী হোৱাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিলে কেজৰীৱাল চৰকাৰে:: সন্জীত কুমাৰ বৰদলৈ

ভাল খবৰঃ সুখী হোৱাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিলে কেজৰীৱাল চৰকাৰে:: সন্জীত কুমাৰ বৰদলৈ

Share This
চৰকাৰী স্কুলৰ আন্তঃগাঁথনিমূলক উন্নয়ন কৰা, চৰকাৰী স্কুলৰ শিক্ষকক বিদেশত প্ৰশিক্ষণ দিওৱাতেই ক্ষান্ত থকা নাই দিল্লীৰ কেজৰীৱাল চৰকাৰে। এইবাৰ দিল্লীৰ আপ (AAP) চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্ব পুৰ্ণ আঁচনি গ্ৰহণ কৰিছে৷
এই অনুসৰি প্ৰাথমিক পৰ্যায়ৰ চৰকাৰী বিদ্যালয় সমূহত সুখী হোৱাৰ পাঠ দিয়া হ’ব৷ বিদ্যালয় সমুহৰ পাঠ্যক্ৰমত থাকিব সুখী হোৱাৰ পাঠ৷ ৪০গৰাকী শিক্ষাবিদে ছমাহ ধৰি প্ৰস্তুত কৰিছে এই বিশেষ পাঠ্যক্ৰম৷ প্ৰথম পৰ্যায়ত এহেজাৰ চৰকাৰী বিদ্যালয়ত এই বিশেষ পাঠ্যক্ৰম আৰাম্ভ হ’ব৷ তাৰ বাৱে পাচহাজাৰ গৰাকী শিক্ষকক প্ৰশিক্ষণ দিয়া হৈছে৷ দিল্লীত দালাই লামাই এই “Happiness Curriculum” মুকলি কৰি কয়-“Indian Education was only inculcating materialistic values which was not sufficient”.
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আমাৰ দেশৰ শিক্ষা ব্যৱস্থা ১৫০বছৰৰ আগতে বৃটিছে দিযোৱা ধৰণেৰে চলি আছে বুলি কয় আৰু সেই শিক্ষা ব্যৱস্থাই “clerical job”ৰ বাবেহে শিক্ষাৰ্থী সকলক যোগ্য কৰি তোলে বুলি মতপোষণ কৰে৷ আগতে আমাৰ বিদ্যালয় সমুহৰ পাঠ্যক্ৰমত নীতিশিক্ষা অন্তৰ্ভুক্ত হৈ আছিল৷কিন্ত পৰবৰ্তী সময়ত সেই পাঠ্যক্ৰম উঠাই দিয়া হৈছিল৷ এতিয়াও কৰবাত নীতিশিক্ষাৰ পাঠ চলি আছে যদিও সি হয়তো পৰ্যাপ্ত নহয়৷বিদ্যালয়ত নীতিশিক্ষা বা সুখী হোৱাৰ পাঠ্যক্ৰম অতিকে জৰুৰী৷ আমি জীৱনত যিয়েই নকৰো মূলতঃ সুখী হ’বৰ বাবে কৰোঁ৷ কিন্ত প্ৰচলিত ব্যৱস্থাটোৰ মাজেৰে আমি জানো প্ৰকৃত অৰ্থত সুখী হ’ব পাৰিছোঁনে? এই প্ৰশ্নটো নিজক শুধিলেই আমি সুখী হোৱা শিক্ষা বা পাঠ দানৰ গুৰুত্ব উপলব্ধি কৰিব পাৰোঁ৷ এই কথা আমি সকলোৱে বুজি উঠিছোঁ যে পুজিবাদী অৰ্থব্যৱস্থা তথা বজাৰ কেন্দ্ৰিক সমাজত সুখী হোৱাটো বৰ সহজ কথা নহয়৷বহু যুগৰ আগতে ৰাছেলে তেওঁৰ বহুসমাদৃত গ্ৰন্থত উল্লেখ কৰিছিল যে আধুনিক মানুহ সুখী হোৱাটো সহজ নহয়৷ 

মহানগৰ সংস্কৃতিয়ে আমাক সুখী কৰিব পৰা নাই৷ য়ুভাল নোৱা হাৰাৰিয়ে তেওঁৰ গ্ৰন্থত প্ৰশ্ন কৰিছে-"If economic growth and self-reliance do not make people happier,whats the benefit of capitalism? দিল্লীৰ শিক্ষা মন্ত্ৰী মনিশ চিছোদিয়া বহুক্ষেত্ৰত ব্যতিক্ৰম৷ আজি কেইমাহমান আগতে শিক্ষা সম্পৰ্কে তেওঁ প্ৰদান কৰা এক বক্তৃতাই ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷সকলোকে চুই গৈছিল৷ গতিকে স্বাভাবিকতে দিল্লীৰ চৰকাৰৰ এই নতুন পদক্ষেপে শিক্ষা জগতক তথা ছাত্ৰছাত্ৰী সকলৰ মানসিকতাত “Happiness curriculum”এ নিঃসন্দেহে ইতিবাচক প্ৰভাৱ পেলাব৷ আমি সেইবোৰ কাম কৰা উচিত বা কৰিবলৈ চেষ্টা কৰিব লাগে যিবোৰ কামে আমাক সুখী কৰে,আনন্দ প্ৰদান কৰে৷ এই শিক্ষা বা উপলব্ধি হলে সকলোৰে উপকৃত হ’ব৷

মই ভাবো দিল্লী চৰকাৰৰ ই এক আদৰণীয় প্ৰচেষ্টা৷ এনে সৎ প্ৰচেষ্টা আমাৰ শিক্ষামন্ত্ৰীয়েও বিৱেচনা কৰা উচিত৷

No comments:

Post a Comment