চিন্তনঃ জলবিদ্যুৎ প্ৰকল্পৰ নদী-বান্ধ: কোম্পানীৰ সম্পদ, ৰাইজৰ বিপদ:: ইন্দ্ৰজিত বৰা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

চিন্তনঃ জলবিদ্যুৎ প্ৰকল্পৰ নদী-বান্ধ: কোম্পানীৰ সম্পদ, ৰাইজৰ বিপদ:: ইন্দ্ৰজিত বৰা

Share This
নদী বান্ধৰ সৰু-বৰ নাই। সৰু বান্ধৰো ক্ৰমবৰ্ধমান প্ৰভাৱ আছে। আচলতে উপত্যকাত প্ৰতি বছৰে হৈ থকা ভৈয়ামৰ প্ৰলয়ৰূপী বানপানী আৰু জলবিদ্যুৎ বান্ধ-প্ৰকল্পৰ আবণ্টনৰ মাজত এডাল সংযোগ ৰেখা থাকিব লাগিব । এই সংযোগ ৰেখাডাল জলসম্পদৰ সামগ্ৰিক ব্যৱহাৰৰ বাবে পৰিবেশ আৰু জলবায়ুৰ পৰিৱৰ্তনক সাঙুৰি লৈ এক ব্যাপক উপত্যকা/নদী প্ৰণালী ভিত্তিক প্ৰকল্পৰ (এতিয়াও সপোন হৈ থকা ব্ৰহ্মপুত্ৰ প্ৰকল্প) অবিহনে অসম্ভৱ। 

পৰিবেশৰ প্ৰভাৱবোৰক আভ্যন্তৰীণ (Internalization) কৰি প্ৰযুক্তি-আৰ্থিকভাৱে সম্ভৱ (techno-economically feasible) প্ৰকল্প ব্যাপক হবই লাগিব । এই প্ৰভাৱবোৰক বহিৰাগত কৰি ইচ্ছাকৃতভাৱে প্ৰকল্প এটা প্ৰযুক্তি-আৰ্থিকভাৱে সম্ভৱ কৰি তোলাটো নিশ্চয় এক অত্যন্ত অসুৰক্ষিত প্ৰস্তাৱ । জলবিদ্যুৎ উৎপাদন সাময়িকভাৱে অক্ষয়ৰূপী যেন লাগিলেও ই জলবায়ুৰ পৰিৱৰ্তনেৰে প্ৰভাৱগ্ৰস্ত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ । এই ব্যৱহাৰক বহনক্ষম কৰিবলৈ হলে বিজ্ঞান আৰু প্ৰযুক্তিগত সক্ষমতাৰ সম্প্ৰসাৰণ আৰু লগে লগে পৰিৱেশ সঞ্চলনৰ মাপকাঠি উন্নীতকৰণৰ কোনো গত্যন্তৰ নাই । পৰিবেশ বিশেষজ্ঞ ড° দুলাল গোস্বামীদেৱে এই গুৰুত্বপূৰ্ণ দিশটো আঙুলিয়াই দিছে, “The geophysical nature of the Brahmaputra river basin is fragile and dynamic. The scientific knowledge base on the river system for example on aspects such as sedimentation and hydrology is linked to the economic life of the project. This needs to be strengthened urgently, more so in light of emerging threats from climate change. Without the availability of comprehensive information, how can we determine the long-term viability of projects in this region?”
প্ৰসঙ্গক্ৰমে, ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ বৈদ্যুতিক গ্ৰিডত ৬৬ শতাংশ বিদ্যুৎ তাপবিদ্যুৎ প্ৰকল্পৰ পৰা আহে আৰু তাৰ ভিতৰত ৫৮ শতাংশ কয়লা, ৮ শতাংশ গেছ আৰু মাত্ৰ ০.৩ শতাংশ তেল । বাকী উৎসবোৰ হ’ল ১৪ শতাংশ জলবিদ্যুৎ, ২ শতাংশ নিউক্লিয়েৰ আৰু ১৮ শতাংশ অক্ষয়ৰূপী উৎসসমূহ (Renewable Sources) । দেশৰ মুঠ ৩১১ গিগাৱট বিদ্যুৎ উৎপাদন ক্ষমতাৰ বিপৰীতে সৰ্বাধিক বিদ্যুৎ চাহিদা হ’ল মাত্ৰ ১৫৩ গিগাৱাট (গ্ৰিড সংযোগী) । আনকি দেশৰ কয়লা চালিত তাপবিদ্যুৎ প্ৰকল্পবিলাকৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতা সৰ্বাধিক বিদ্যুৎ চাহিদাতকৈ বেছি । তৎসত্বেও বিদ্যুৎৰ নাটনি কিয় ? মন্ত্ৰালয়ৰ প্ৰতিবেদনত তাৰ কাৰণ কয়লাৰ যোগানত বিঘিনি, হস্তান্তৰণ আৰু বিতৰণৰ লোকচান (Transmission & distribution Loss) আৰু শোচনীয় প্ৰতিষ্ঠানিক বিত্তীয় অৱস্থা বুলি চিনাক্ত কৰিছে।

তাপবিদ্যুৎ শক্তিৰ পৰম্পৰাগত উৎসৰ ভিতৰত কয়লা এতিয়া পৰিৱেশজনিত কাৰণতেই নিষেধাত্মক । অন্যহাতেদি প্ৰাকৃতিক গেছৰ যোগান এতিয়ালৈকে বিকশিত প্ৰকল্পবিলাকৰ ক্ষমতালৈকে সীমিত (বৰ্তমান দেশৰ গেছ উৎপাদন বছৰি ৩২ বিলিয়ন ঘন মিটাৰ) আৰু গেছৰ আমদানি ভূ-ৰাজনৈতিকভাৱে সংকটাপন্ন । আকৌ, অক্ষয়ৰূপী শক্তিৰ ক্ষেত্ৰত প্ৰযুক্তিগত বিকাশ আৰু বিভিন্ন দেশত বিত্তীয় সাহাৰ্যৰ বাবে বিনিয়োগৰ ক্ষেত্ৰত কিছু সক্ষমতা আহিছে যদিও সমান্তৰালভাৱে জীৱাশ্ম ইন্ধনৰ ক্ষেত্ৰত হোৱা প্ৰযুক্তিৰ বিকাশে অক্ষয়ৰূপী শক্তিৰ অৰ্থনৈতিক সম্প্ৰসাৰণ কঠিন হৈ পৰিছে । এইখিনিতে উল্লেখযোগ্য যে সৌৰ, বতাহ আদিৰ দৰে অক্ষয়ৰূপী শক্তিৰ উৎসবিলাকৰ পৰা শক্তি আহৰণৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱেই প্ৰযুক্তিগত সীমাবদ্ধতা আছে ।

শক্তিৰ উৎসবিলাকক শক্তিৰ উৎপাদন আৰু বিনিয়োগৰ অনুপাতৰ এক সূচকেৰে (Energy Return On Energy Invested) জোখা হয় । এই সুচকে প্ৰতি একক শক্তি বিনিয়োগৰ বিপৰীতে কিমান একক শক্তি উৎপাদন হয় তাৰেই ইংগিত দিয়ে । অক্ষয়ৰূপী শক্তিৰ (Renewable Energy) উৎসৰ ক্ষেত্ৰত এই সুচকৰ মান একেবাৰে নিম্ন আৰু ই হ’ল প্ৰকৃতিৰ সীমাবদ্ধতা । প্ৰযুক্তিয়েও প্ৰকৃতিৰ সীমাবদ্ধতাৰ ভিতৰতহে দক্ষতা বৃদ্ধি কৰিব পাৰিব । গতিকে, প্ৰশ্ন হয় সমষ্টিগত অৰ্থনীতিৰ ফালৰ পৰা এনে বিত্তীয় সাহায্য লৈ কৰা শক্তি উৎসৰ ব্যৱহাৰে ক্ষয়িষ্ণু জীবাশ্মৰ ইন্ধনবোৰ (Non-renewable Fossil Fuels) সংৰক্ষণ কৰিবনে ? গতিকে চৰকাৰৰ বিত্তীয় পুঁজিৰ সহায়ত শক্তিৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে নিম্ন সুচকযুক্ত শক্তি সম্পদৰ ক্রমবর্ধমান ব্যবহাৰ মানে হ’ল ক্ষয়িষ্ণু সম্পদসমূহৰো দ্রুত ব্যৱহাৰ । কাৰণ পুঁজিৰ বিনিয়োগত শক্তি প্ৰাবল্যতা বেছি আৰু এই পুঁজিৰ বিনিয়োগৰ ক্ষেত্ৰত লগা শক্তিৰ উৎস নিশ্চয় ক্ষয়িষ্ণু জীবাশ্মৰ ইন্ধনবোৰ ।তেনেহ’লে আমি যি উদ্দেশ্যৰে অক্ষয়ৰূপী শক্তিৰ (Renewable Energy) ব্যৱহাৰত অগ্ৰাধিকাৰ দিছোঁ সেই উদ্দেশ্য পূৰণ হ’বনে ? সম্প্ৰতি বিকল্প শক্তি সম্পদ আৰু শক্তি দক্ষতা দুটি সুস্পষ্ট পদক্ষেপ যদিও দুয়োটাৰে সুস্পষ্ট সীমাবদ্ধতাও আছে ।

এতিয়া এই সন্ধিক্ষণত, কেৰেলাৰ দৰে মানৱসৃষ্ট বান্ধৰ পানীৰ বানলীলা, গোলাঘাটত মুধচৰ ওপৰেৰে নীপকোৰ পানী বাগৰাৰ ঘটনাত কেৱল বিজ্ঞাপনত দুখ প্ৰকাশ, ৰঙানদীৰ বান্ধৰ পানীয়ে লখিমপুৰ বাসীক জলাকলা খুওৱাৰ বিষয়বোৰে উজলি উঠিছে। এফালে আধুনিক যুগ সভ্যতাৰ বাবে ইন্ধন বা বিজুলীৰ প্ৰয়োজনীয়তা আৰু তাৰ বিপৰীতে জলবিদ্যুত প্ৰকল্পৰ দ্বাৰা জলবোমা সদৃশ সৰ্বসাধাৰণ চেপা দিয়া বানৰ পৰিবেশৰ উদাহৰণ। গতিকে এই কথা নিশ্চয়কৈ কব পাৰি যে, দেশৰ সামগ্ৰিক স্বাৰ্থত জলসম্পদৰ ব্যৱহাৰ কৰিবলৈ এটা মানৱীয় প্ৰমূল্যৰ দৰকাৰ হ’ব। কেৱল টাৰ্বাইন ঘূৰাই থাকি বিদ্যুত সৃষ্টি কৰাৰ ক্ষণলৈকে পানী কোম্পানীৰ বাবে সম্পদ হব, আৰু বেছি বৰষুণ দি এই পৰিমান অতিৰিক্ত হোৱাৰ লগে লগেই ই সাধাৰণ দুখীয়া মানুহক বানত উটাই নিয়াৰ বাবে ৰাজহুৱা আপদ হব, সেই কথা নিশ্চয়কৈ হব নোৱাৰে। এই পৰিপ্ৰেক্ষিতত নদী সমূহৰ সুসংসহত নিয়ন্ত্ৰণৰ বিষয়টো নদী-বান্ধ প্ৰকল্পৰ সৈতে যুক্ত কৰিহে একোটা মানৱীয় প্ৰকল্প গঢ়াৰ প্ৰয়োজনীয়তা আজি দেখা দিছে। চৰকাৰৰ সমুখত গণ সংগঠন সমূহে উপযুক্ত যুক্তি উদাহৰণেৰে আৰু প্ৰয়োজন হলে সেউজ ন্যায়াধীকৰণ, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপেৰে ৰাষ্ট্ৰীয় জলবিদ্যুত নীতিৰো সংশোধনীৰ বাবে কাম কৰিব লাগিব। আৰু এই বিষয়ত প্ৰৱল তাত্বিক, কাৰিকৰীগত বিশ্লেষণৰ প্ৰয়োজন আছে, জনমতৰ প্ৰয়োজন আছে। তেহে মানৱীয় প্ৰমূল্যৰ দৃষ্টিৰে, কেৱল বাণিজ্যিকতাই শেষ কথা ধৰণৰ নহয় ধৰণৰ এক বেলেঞ্চ পলিচি আৰু তাৰ ভিত্তিত নদী-বান্ধৰ কথাবোৰক বাস্তৱিক ৰূপদান কৰিব পৰা যাব।
লেখকৰ লেখাৰ নিজা ব্লগঃ https://indrajitborah.blog/

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages