সাম্প্ৰতিক প্ৰসংগঃ পৰিবৰ্তনৰ ৰিভাৰ্চ গিয়েৰ আৰু মিত্ৰ পুঁজিপতিৰ ঘৰত লক্ষ্মীবৰ্ষণ:: সঞ্জীত কুমাৰ বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগঃ পৰিবৰ্তনৰ ৰিভাৰ্চ গিয়েৰ আৰু মিত্ৰ পুঁজিপতিৰ ঘৰত লক্ষ্মীবৰ্ষণ:: সঞ্জীত কুমাৰ বৰদলৈ

সাম্প্ৰতিক প্ৰসংগঃ পৰিবৰ্তনৰ ৰিভাৰ্চ গিয়েৰ আৰু মিত্ৰ পুঁজিপতিৰ ঘৰত লক্ষ্মীবৰ্ষণ:: সঞ্জীত কুমাৰ বৰদলৈ

Share This
পৰিৱর্তনৰ শ্ল’গান দি দিল্লী দখল কৰা নৰেন্দ্র মােদী নেতৃত্বাধীন বিজেপি-মিত্রদলৰ চৰকাৰখনৰ প্রতি ৰাইজৰ আস্থা ক্ৰমাৎ কমিব ধৰিছে। মােদীজীয়ে ভাষণৰ ফু লজাৰিৰে ক্ষন্তেকীয়া পােহৰৰ সৃষ্টি কৰিছিল হয় কিন্তু সেই পােহৰ এতিয়া ধিমিক-ধামাক হােৱাৰ উপক্ৰম হৈছে। এতিয়া প্রধানমন্ত্রী মােদীয়ে আগৰ দৰে ভাষণ দিয়া কমাই দিছে। তেওঁ হয়তাে বুজি উঠিছে যে তেওঁৰ ভাষণৰ প্রতি সর্বসাধাৰণৰ সেই আগৰ আগ্রহ আৰু নাই। 

ভাৰতৰ মেপখনলৈ চালে এতিয়া কেৱল গেৰুৱা ৰংটোৱে জিলিকি উঠে। ২৯খন ৰাজ্যৰ ভিতৰত ২১খন ৰাজ্যই গেৰুৱা বাহিনীৰ দখলত। তথাপি গেৰুৱা বাহিনী যেন আশ্বস্ত হ’ব পৰা নাই। ভােটৰ পৰিসংখ্যালৈ চালে দেখা যায় যে দেশৰ ৩৫ শতাংশতকৈও কম সংখ্যক জনসাধাৰণেহে বিজেপি-মিত্রদলক ভােট দিছিল। অর্থাৎ, ওলোটাকৈ বিচাৰ কৰিলে দেখা যায় যে, ২০১৪ লােক সভা নির্বাচনত ৬০ শতাংশতকৈও অধিক ভাৰতীয়ই বিজেপি-মিত্র দলক নাকচ কৰি থৈছে।


মােদী চৰকাৰে বিগত চাৰিটা বৰ্ষত চাৰি হাজাৰ তিনিশ কোটি টকা কেৱল বিজ্ঞাপনৰ নামত খৰচ কৰিছে। ৪৮খন দেশ ভ্রমণ কৰিনৰেন্দ্ৰ মােদীয়ে ১৪৮৪ কোটি টকা খৰচ কৰিছে। বহু ৰাজনৈতিক বিশ্লেষকৰ মতে, মােদী চৰকাৰে দেশখনৰ গাঁথনিগত সংস্কাৰত অধিক গুৰুত্ব প্রদান কৰিছে। এনে সংস্কাৰৰ ফলসমূহ কম সময়ত সর্বসাধাৰণৰ চকুত নপৰে। গাঁথনিগত সংস্কাৰৰ সুফল যথা সময়ত স্পষ্ট হ’ব বুলি বহুতে আশা ৰাখিছে। এইকথা একেবাৰেইনুইকৰিব নিশ্চয় নােৱাৰি যে সমান্তৰালকৈ অতিকেন্দ্রিক, পুঁজিপতিৰ দ্বাৰা নিয়ন্ত্রিত ব্যৱস্থা এটা সন্তর্পণে গঢ় লৈ উঠা পৰিলক্ষিত হৈছে। ৰাজ্যসমূহৰ অধিকাৰক খর্ব কৰা হৈছে, মাত্রাধিক কেন্দ্রনির্ভৰ কৰি তােলা হৈছে। গাঁথনিগত সংস্কাৰৰ অন্যতম পদক্ষেপ হিচাপে জি এছটি বলৱত কৰা হৈছিল। এই জি এছ টি ব্যৱস্থাই ৰাজ্যসমূহক পূর্বৰ তুলনাত অধিক কেন্দ্রনির্ভৰ কৰি তুলিছে। পূৰ্বৰে পৰা ভাৰতৰ বেংক খণ্ডটো ভিতৰি ভিতৰি গেলিবলৈ আৰম্ভ কৰিছিল যদিও নৰেন্দ্ৰ মােদী প্রধানমন্ত্রী হােৱাৰ পাছৰে পৰা বেংক খণ্ডৰ দুর্বলতা-সীমাবদ্ধতাবােৰ স্পষ্টকৈ প্রকট হৈ পৰিল।

বিজয় মালিয়া, ললিত মােদী, নীৰৱ মােদী আদিকে ধৰি বহুজনে বৃহৎ অংকৰ ধনৰাশি লৈ পলায়ন কৰা ঘটনাইনৰেন্দ্ৰ মােদীক বেচ অস্বস্তিত পেলালে। অতি দুর্ভাগ্যজনকভাৱে ৰাজহুৱা খণ্ডৰ বেংকসমূহত ৯২,৩৭৬ কোটি পৰিমাণৰ ধন ‘বেড লােন’ তথা | ডিফল্ডাৰ হিচাপে প্রকাশ পাইছে। ৩১ মার্চ, ২০১৮ পর্যন্ত কেৱল SBI-তে মুঠ ২৫.১০৪ কোটি টকা ডিফল্টাৰ হিচাপে প্ৰকাশ কৰা হৈছে। অর্থাৎ, আপােনাৰ মােৰ কষ্টোপার্জিত বৃহৎ অংকৰ ধন হৰলুকী কৰি থকা হৈছে। অত্যাৱশ্যকীয় সামগ্রীৰ আকাশচুম্বী মূল্যবৃদ্ধি এতিয়া সহজ কথা হৈ পৰিছে। পেট্ৰলৰ মূল্য লিটাৰত ১০০ টকা হওঁ হওঁ,ৰন্ধন গেছৰমূল্যও হাজাৰৰ দিশে আগবাঢ়িছে। মুদ্রাস্ফীতিৰ পৰিমাণ ৪.৯৬ হৈছেগৈ। দৰিদ্র, মধ্যবিত্তৰ উপাৰ্জনৰ উৎস সমূহ সংকুচিত হ'বলৈ ধৰিছে। চৰকাৰী ৰাজহুৱা খণ্ডত নিয়ােগ কমি আহিবলৈ ধৰিছে। সর্বসাধাৰণে দুবেলা দুমুঠিৰ বাবে হাঁহাকাৰ কৰি থকাৰ সময়ত মুষ্টিমেয় পুঁজিপতিসকলৰ আয় কিন্তু এশৰ অধিক গুণ বৃদ্ধি পাবলৈ ধৰিছে। এয়া হৈছে মোদী চৰকাৰৰ শাসনত উজ্বলি উঠা অৰ্থনৈতিক ফলাফল।

বিভিন্ন গণ-মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি, ২০১৬ চনত গৌতম আদানি ৪.৬০ বিলিয়ন সম্পত্তিৰ গৰাকী আছিল, মাত্ৰ এবছৰতে সেই সম্পত্তিৰ পৰিমাণ বাঢ়ি ১০.৪ বিলিয়ন হ’ল। চলিত বৰ্ষত এই পৰিমাণ আৰু বৃদ্ধি পাইছে। একেদৰে মুকেশ আম্বানি ২০১৬ চনত ২২.৭০ বিলিয়নৰ গৰাকী আছিল, ২০১৭ চনত হয়গৈ ৪০.৩৬ বিলিয়নৰ গৰাকী। এনে বিৰাট বৈষম্য তথা ভাৰসাম্যহীনতাই দেশৰ এশ কোটি অধিক জনসাধাৰণৰ জীৱনত কেনে প্রভাৱ পেলাব পাৰে এই কথা সহজেই অনুমেয়। দেশৰ মাত্র ১ শতাংশ ধনী মানুহৰ হাতত দেশৰ ৫৮ শতাংশ সম্পদ আছে। 

বিজেপি-মিত্র দলৰ সকলাে লােক উগ্র হিন্দু বা সাম্প্রদায়িক নিশ্চয় নহয়, কিন্তু বেছিভাগেই যে আৰ এছ এছ তথা নাগপুৰৰ নিৰ্দেশত চলে বা চলিব লগা হয় তাত কোনাে সন্দেহ নাই। দেশৰ বিভিন্ন প্রান্তত গৰু, গাে-মাংসক কেন্দ্ৰ কৰি বহুজনক হত্যা-অত্যাচাৰ কৰা হৈছে, দলিত নির্যাতন বহুত হ’ল। এতিয়াও হৈ আছে। একাংশ অতি উগ্র সাম্প্রদায়িক নেতাই কথাকামেৰে সাম্প্রদায়িক বিষবাষ্প বিয়পাই আছে। অসহিষ্ণু বাতাৱৰণ এটা গঢ়ি উঠিছে। কেৰালাৰ এছ হৰিশ নামৰ লেখকক ভাবুকি দিয়া হ'ল। তাৰ আগতে গৌৰী লংকেশক হত্যা কৰা হৈছিল। এতিয়া এনে হৈছে। যে নৰেন্দ্র মােদী তথা গেৰুৱা দলৰ বিৰুদ্ধাচৰণ কৰিলেই যেন বিপদ অনিবার্য!

অলপতে অতি দুর্ভাগ্যজনক ভাৱে ABP নিউজ চেনেলৰ তিনিগৰাকীকৈ সাংবাদিকক চেনেলৰ পৰা অব্যাহতি ল’বলৈ বাধ্য কৰা হ'ল। তেওঁলােকৰ দোষ হৈছে যে নৰেন্দ্ৰ মােদীৰ ‘মন কী বাত’ৰ মিথ্যাচাৰক উদঙাই দিয়া। যােৱা জুন মাহত EPWৰ সম্পাদক পুৰঞ্জয় গুহ ঠাকুৰটাক অব্যাহতি দিয়া হৈছিল কাৰণ তেওঁ উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে Modi Government's Rs. 500 Crore bonanza to Adani Group শীর্ষক এটি নিবন্ধ লিখিছিল। 

গৌতম আদানিয়ে সাংবাদিকগৰাকীৰ বিৰুদ্ধে মানহানি গােচৰ তৰিছিল কিন্তু উক্ত গােচৰত আদানি গ্রুপে মুখথেকেচা খাব লগা হ’ল। আদালতে মাত্র এটা শব্দ আৰু এটা অব্যয় উঠাই ল’বলৈ নির্দেশ দিছিল। গণতন্ত্রৰ চতুর্থ স্তম্ভৰ প্রতি চৰকাৰ-পুঁজিপতিৰ এনে দমন তথা নিকৃষ্ট মানসিকতাৰ বিৰুদ্ধে অলপতে ‘The Editors Guild of India'-এ এক প্রতিবাদসূচক বিজ্ঞপ্তি প্রকাশ কৰে যত স্পষ্টকৈ কোৱা হৈছে— The Editors Guild of India condemns the manner in which the right to practice free and independent journalism is seen to be undermined by combination of forces, some media owners inability to withstand covert or overt pressures from the political establishment and frequent assistance's of blocking or interference in the transmission of Television content that is seem to be critical of government'

এইদৰে দেখা যায় এক উগ্র, আগ্রাসী আৰু অগণতান্ত্রিক পৰিমণ্ডল যেন ধীৰে ধীৰে গঢ় লৈ উঠিব ধৰিছে। এইবােৰ গৰ্হিত আৰু নিন্দনীয় কাম। যাক কোনাে শুভবুদ্ধিসম্পন্ন ব্যক্তিয়ে মানি ল'ব নােৱাৰে। যিটো সময়ত সর্বসাধাৰণ ৰাইজে পেটৰ ভাতমুঠিৰ বাবে হাঁহাকাৰ কৰিব লগা হৈছে, সেইসময়ত ভূতৰ ওপৰত দানহ পৰাদি ধর্ম, জাত-পাত আদিৰ নামত অবাঞ্ছিত, অপ্রয়ােজনীয় কিছুমান প্ৰসংগৰ অৱতাৰণা কৰা হৈছে। 

অসমৰ প্ৰেক্ষাপটত দেখা গৈছে প্রধানমন্ত্রী মােদীয়ে অনবৰতে অসমীয়া গামােচাখন ডিঙিত আঁৰি থাকে হয়, কিন্তু অসম তথা উত্তৰ-পূবৰ প্রতি প্রকৃততে তেওঁ দৰদ কিমান তাত সন্দেহ আছে। বানপানীক ৰাষ্ট্রীয় সমস্যা হিচাপে আজিলৈকে গণ্য কৰা নহ’ল, বান সাহায্যৰ কথাও যিমান কোৱা হয় বাস্তৱত সিমান ধন আবণ্টন নহয়। খাৰুৱা তেলৰ প্রাপ্য ৰয়েলিটি ধনাে সম্পূর্ণকৈ দিয়া নাই। পথ-যােগাযােগ তথা আন্তঃগাঁথনিৰ নামত কেন্দ্রীয় চৰকাৰৰ বেছিভাগ প্রকল্পই প্রায় গেঁথেলা মাৰিছে তথা অতি লেহেমীয়া গতিত আগবাঢ়িছে। 

শেহতীয়াভাৱে এন আৰ চি প্ৰসংগতাে গেৰুৱা বাহিনীৰ স্থিতি সন্দেহজনক। অসমৰ খিলঞ্জীয়া মানুহখিনিৰ আৱেগ-অনুভূতিক দিল্লীয়ে আগৰ পৰাই গুৰুত্ব প্রদান কৰা নাই, এতিয়া মােদী। চৰকাৰেও প্রায় একে কথাকে অনুকৰণ কৰিছে। সমাগত লােকসভা নির্বাচনত বিজেপি-মিত্র দলে কেনে ৰণনীতি লয় সেই কথা অৱশ্যে লক্ষণীয়। হ’ব। বিগত ২০১৪ চনৰ দৰে ২০১৯ চনৰ নির্বাচন মােদী-শ্বাহবাহিনীৰ বাবে হয়তাে বৰ বেছি মসৃণ নহ'ব। শক্তিশালী বিৰােধী নেতাৰ অভাৱ তথা বিৰােধীৰ দুর্বলতাৰ সুযােগ গেৰুৱা বাহিনীয়ে নিশ্চয় ল’ব। কিন্তু সর্বসাধাৰণ ৰাইজৰ ক্রমবর্ধমান ক্ষোভক প্রশমিত কৰিব নােৱাৰিলে গেৰুৱা বাহিনীৰ বিপদ অনিবার্য।


লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে। লেখকৰ ফোনঃ ৯৮৫৪৬০৪৩৬৬

No comments:

Post a Comment