মনৰ কথাঃ উত্তৰ-পূৱ গ্ৰন্থমেলাক লৈ বিতৰ্ক আৰু অসমীয়া প্ৰকাশকৰ সমস্যা:: সৌমিত্ৰ যোগী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ উত্তৰ-পূৱ গ্ৰন্থমেলাক লৈ বিতৰ্ক আৰু অসমীয়া প্ৰকাশকৰ সমস্যা:: সৌমিত্ৰ যোগী

মনৰ কথাঃ উত্তৰ-পূৱ গ্ৰন্থমেলাক লৈ বিতৰ্ক আৰু অসমীয়া প্ৰকাশকৰ সমস্যা:: সৌমিত্ৰ যোগী

Share This
(১)
সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দশক পূৰ্বৰে পৰা সফলতাৰে গুৱাহাটীৰ চানমাৰি খেলাত অনুষ্ঠিত কৰি অহা উত্তৰ-পূব গ্ৰন্থমেলাখন এইবৰ্ষত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এইপৰ্যন্ত অসম চৰকাৰ তথা অসম প্ৰকাশন পৰিষদে অতি চক্ৰান্তমূলকভাৱে বিধি-পথালি দি আছে। তেওঁলোকৰ এই গ্ৰন্থমেলাখন বন্ধ কৰাৰ মন। নহ’লে পূৰ্বতে আয়োজন নকৰা শিশু গ্ৰন্থমেলা তথা শিশু দিৱস অনুষ্ঠিত কৰিবলৈ এইবাৰ তেওঁলোকৰ কিয় মন গ’ল? তাকো সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা উত্তৰ-পূব গ্ৰন্থমেলাৰ সময় আৰু স্থানত। সংস্থাই অগ্ৰিম ধন দি বুকিং কৰাৰ পাছতো ক্ষমতাৰ বলেৰে চানমাৰি অভিযান্ত্ৰিক খেলপথাৰখন বুকিং কৰিছে। তাকো নৱেম্বৰ'১৮ৰ পৰা ২০১৯ৰ মাৰ্চ মাহলৈকে। ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হৈ পৰে যে  উত্তৰ-পূব গ্ৰন্থমেলাখন চৰকাৰ আৰু প্ৰকাশন পৰিষদে বন্ধ কৰিব খুজিছে।

যোৱা এমাহ ধৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি তথা লেখক-বুদ্ধিজীৱীৰ দ্বাৰা গঠিত ৰাজহুৱা সমিতিখনে সংবাদমেল আৰু অন্যান্য প্ৰতিবাদী কাৰ্যসূচীৰে চৰকাৰক অনুৰোধ আৰু দাবী জনাইছে যদিও এইপৰ্যন্ত চৰকাৰে সিদ্ধান্ত সলনি কৰা নাই। ৰাজহুৱা সমিতিখনে বিজেপিৰ ৰাজ্যিক সভাপতি, প্ৰকাশন পৰিষদৰ সচিব, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীক লগ ধৰিও অনুৰোধ জনাইছে। এইক্ষেত্ৰত “ৰাইজৰ ক্ষতি হোৱা একো কাম নকৰা” মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংস্থা তথা ৰাজহুৱা সমিতিখনক এইপৰ্যন্ত সাক্ষাতৰ অনুমতিকে নিদিলে। এই কথাবিলাকে চৰকাৰখনৰ চৰিত্ৰ আৰু স্থিতি প্ৰায় স্পষ্ট কৰিছে।

এই ঘটনাবিলাকে সকলো লেখক-বুদ্ধিজীৱী-পঢ়ুৱৈ আৰু নিজৰ জাতিটোক ভাল পোৱা মানুহবোৰক যিধৰণে উদ্বিগ্ন কৰিব লাগিছিল তাৰ একো আভাস পৰিলক্ষিত হোৱা নাই। বহুতে বিষয়বোৰ জানিও বঁটা-বাহন আৰু চৰকাৰী সুবিধাৰ লালসাত নীৰৱ ভূমিকা পালন কৰিছে। ইয়াৰ ফল কিমান ভয়াৱহ সেয়া গভীৰভাৱে চিন্তা নকৰিলে বা বিষয়টোৰ সৈতে জড়িত হৈ নাথাকিলে বুজিব নোৱাৰি।

(২)
কেইটামান ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰিবলৈ মন গৈছে, যিবোৰে অসমীয়া কিতাপ প্ৰকাশনৰ লগত জড়িত সকলৰ তথা গ্ৰন্থ-প্ৰকাশন ব্যৱসায়ৰ ভিতৰুৱা ছবিখন ৰাইজৰ সমুখত তুলি ধৰিব পাৰিব।

যোৱা বছৰ পূৰ্বৰ তুলনাত প্ৰকাশিত কিতাপৰ সংখ্যা কম। তাৰ মাজত ভাল কিতাপ তথা পঢ়ুৱৈক আকৰ্ষিত কৰিব পৰা, মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা বা প্ৰয়োজনীয় কিতাপ কিমান প্ৰকাশ পাইছে সেয়া মই কোৱাৰ প্ৰয়োজন নাই, পঢ়ুৱৈয়ে নিজে গম পায় বা জানে। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা যোৱা বছৰৰ উত্তৰ-পূব গ্ৰন্থমেলাত মই যিমানখিনি প্ৰকাশকৰ সৈতে কথা পাতিছোঁ তেওঁলোকৰ কাৰোৰে প্ৰকাশনৰ পৰা বেছি কিতাপ ওলোৱা নাই। আনৰ কথানো কি ক’ম, মই নিজে পৰিচালনা কৰা “আঁক-বাক”ৰ পৰাও যোৱা বছৰ নতুন কিতাপ মাত্ৰ ৮খন প্ৰকাশ পাইছে আৰু কেইখনমান কিতাপহে পুনৰ মুদ্ৰণ হৈ ওলাইছে। অথচ প্ৰকাশ তথা পুনৰমুদ্ৰণ কৰিবলগীয়া কিতাপ বহুকেইখন আছিল। নোৱাৰিলোঁ, সাহস নহ’ল। কেৱল মই বুলিয়ে নহয়, বহু পুৰণি আৰু প্ৰতিষ্ঠিত প্ৰকাশনেই বিনিয়োগ কৰিবলৈ ভয় খালে। কাৰণ তাৰ আগৰ বছৰ বিমুদ্ৰাকৰণে অসমীয়া প্ৰকাশকসকলক বাৰুকৈয়ে কঁকাল ভাগি থৈছে।

২০১৬ চনৰ আঠ নৱেম্বৰত বিমুদ্ৰাকৰণৰ ঘোষণা হল, উত্তৰ-পূব গ্ৰন্থমেলা আৰম্ভ হৈছিল ৩ নৱেম্বৰত। গ্ৰন্থমেলাখনে গতি লৈছিলহে, তেনেতে হোৱা এই টোগলকী কাণ্ডত সকলোৱে মূৰে-কপালে হাত দিব লগীয়া অৱস্থা। জানুৱাৰী মাহৰ শেষৰ ফাললৈহে পৰিস্থিতি অকণমান স্বাভাৱিক হৈছিল। মানুহে এটিএমৰ পৰা দুই-এপইচা খৰচ কৰিব পৰাকৈ উলিয়াব পৰা হৈছিল। নহ’লে হাতত পোৱা পইচাকেইটাৰে মানুহে খোৱা-বোৱাৰ দিহা কৰিব নে কিতাপ কিনিব? 

গ্ৰন্থমেলা আৰু পাঠ্যক্ৰমবহিৰ্ভুত গ্ৰন্থ বিক্ৰীৰ কাৰণে সুচল সময় হৈছে নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহ। এইখিনি সময়তে যেতিয়া মানুহৰ অৰ্থনৈতিক স্থিতি এই পৰ্যায়লৈ নামি গ’ল প্ৰকাশকসকলে বিনিয়োগ কৰা লাখ লাখ টকাৰ সামান্য অংশ এটাও ৰিটাৰ্ণ নহ’ল। ফলত ২০১৭ বৰ্ষত বেছিভাগ প্ৰকাশকেই বিনিয়োগ কৰিব নোৱাৰিলে, অথবা সাহসেই কৰিব নোৱাৰিলে। কেৱল প্ৰকাশকেই নহয়, পঢ়ুৱৈসকলেও হাতত থকা ধন খৰচ কৰিবলৈ ভয় কৰা হ’ল। কাৰণ ধনৰ জোৰত সংবাদ মাধ্যমত বহুত কথা কৈ থাকিলেও আচলতে মানুহৰ অৰ্থনৈতিক অৱস্থা কি হৈছে সেয়া সকলোৱে অনুভৱ কৰিছে। ভাৰতৰ কেইজনমান ব্যৱসায়ীৰ বাদে কোটি কোটি ব্যৱসায়ীৰ কাৰোৰে ব্যৱসায় ভাল নহয়। মানুহৰ হাতত পইচা নাই। মানুহৰ হাতলৈ পইচা অহা নাই। সংখ্যাগৰিষ্ঠ মানুহৰে ক্ৰয় ক্ষমতা হ্ৰাস পাইছে। যিসকলৰ হাতত দুইচা আছে তেওঁলোকেও খৰচ কৰিবলৈ ভয় খাইছে।

একেই চিত্ৰ প্ৰকাশন উদ্যোগ তথা গ্ৰন্থমেলাবোৰত। কিতাপ প্ৰকাশ কৰিবলৈ, ভাল কিবা কিতাপৰ প্ৰকল্প গ্ৰহণ কৰিবলৈ প্ৰকাশকসকলৰ পইচা নাই, কিতাপ কিনিবলৈ পঢ়ুৱৈৰ হাতত ধন নাই। (থাকিও নিকিনাসকলৰ কথা বেলেগ বাৰু।) ফলত যোৱা বছৰ গ্ৰন্থমেলাত অংশ লোৱা প্ৰতিটো বিপণীয়েই চহৰ-নগৰ বুলি কথা নাই ক’তোৱেই লোকচান নভৰাকৈ অহা নাই। সমান্তৰালভাৱে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ ফলত কিতাপৰ দোকানলৈ মানুহ অহা কমি গ’ল আৰু স্বাভাৱিকভাৱেই ইয়াৰ ফলত বাহিৰা কিতাপৰ বিক্ৰী উদ্বেগজনকভাৱে কমি গ’ল। এই পৰিঘটনাবোৰে প্ৰকাশন উদ্যোগটোলৈ এক হতাশাৰ পৰিৱেশ কঢ়িয়াই আনিছে।

অতি কৰুণ সত্য এয়ে যে এই বছৰো বহু প্ৰকাশকেই কিতাপ প্ৰকাশৰ সাহস কৰা নাই। তাৰ মাজতে কেইজনমানে মৰসাহ কৰি কিতাপৰ কাম কৰি আছিল, কিন্তু উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত হোৱা-নোহোৱাক লৈ উদ্ভৱ হোৱা পৰিস্থিতিয়ে এই কথাৰ ইংগিত দিছে যে বহু কিতাপে হয়তো এইবাৰো প্ৰকাশৰ মুখ দেখা নাপাব। উল্লেখ প্ৰয়োজন যে বিক্ৰী আৰু প্ৰচাৰৰ দিশৰ পৰা উত্তৰ-পূব গ্ৰন্থমেলাখন প্ৰকাশকসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। সেই হেন এখন গ্ৰন্থমেলা চৰকাৰে বন্ধ কৰিবলৈ লোৱাটো অসমীয়া ভাষা-সাহিত্যৰ কাৰণে অত্যন্ত ক্ষতিকাৰক। কিতাপ প্ৰকাশ আৰু বিক্ৰীৰ এটা সুস্থ পৰিৱেশ নাথাকিলে লিখাৰ পৰিৱেশো বৰ্তি নাথাকে।

এতেকে যিসকলে অসমীয়া সাহিত্যৰ মংগল কামনা কৰে তেওঁলোকে বিষয়টো বুজিবলৈ চেষ্টা কৰা উচিত। বিশেষকৈ লেখকসকলে বুজি পোৱা উচিত যে প্ৰকাশকসকল নাথাকিলে এটা পৰ্যায়ত তেওঁলোকৰো অস্তিত্ব নাই। আৰু এটা কথা বুজি পাব লাগিব যে কিতাপ-পত্ৰ প্ৰকাশ পাই থাকিলেহে তেওঁলোকৰ চৰকাৰৰ ওচৰত গুৰুত্ব থাকিব বা বঁটা-বাহন সম্ভৱ হ’ব। কিতাপ নাই মানে সাহিত্যৰ বঁটা-বাহনো নাই, সাহিত্যিক বা বুদ্ধিজীৱী বুলি গুৰুত্বও নাই।

যদি আপুনি মূল কথাখিনিত একমত, নিজৰ আইৰ মুখৰ ভাষাটো আৰু নিজৰ পৰিচয়ৰ স্বাৰ্থত চৰকাৰৰ অন্যায় নীতিৰ বিৰোধিতা কৰক, প্ৰতিবাদ সাব্যস্ত কৰক। তেওঁলোকৰ কৰ্ণগোচৰ হোৱাকৈ আপুনিও উদাত্ত কণ্ঠে দাবী জনাওক –
“উত্তৰ-পূব গ্ৰন্থমেলাখন পূৰ্বৰ স্থান আৰু সময়তে অনুষ্ঠিত কৰিবলৈ দিয়া হওক।”
“উত্তৰ-পূব গ্ৰন্থমেলা বন্ধ কৰাৰ ষড়যন্ত্ৰ নচলিব।”
জয় আই অসম।
---------------------------------------------
লেখক আঁক-বাক প্ৰকাশন গোষ্ঠীৰ প্ৰকাশক।

সম্পাদনা কক্ষৰ সংযোজনঃ অসম প্ৰকাশন পৰিষদৰ সচিবে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিখনো হাতত পৰিছে আৰু তেখেতে 'সমিলমিলেৰে গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ আহ্বান' জনাইছে। সচিব প্ৰমোদ কলিতাৰ মতে পুথি প্ৰকাশক সংস্থাইহে অপপ্ৰচাৰ চলাইছে।  সেয়ে বিষয়টোত বিচাৰৰ ভাৰ ৰাইজকে প্ৰদান কৰা হ'ল।
 

1 comment:

  1. ভাল লাগিল লেখাটো৷ লেখক, বুদ্ধিজীৱীসকলে আগুৱাই আহিব লাগিছিল৷

    ReplyDelete