মনৰ কথাঃ দুৰ্ঘটনাৰ বাতৰি পৰিবেশন কৰোঁতে সাংবাদিকসকল অলপ সচেতন হওক:: পংকজজ্যোতি মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ দুৰ্ঘটনাৰ বাতৰি পৰিবেশন কৰোঁতে সাংবাদিকসকল অলপ সচেতন হওক:: পংকজজ্যোতি মহন্ত

মনৰ কথাঃ দুৰ্ঘটনাৰ বাতৰি পৰিবেশন কৰোঁতে সাংবাদিকসকল অলপ সচেতন হওক:: পংকজজ্যোতি মহন্ত

Share This
ধাৰাবাহিক ভাৱে যেতিয়া একেধৰণৰ কেইটামান বেয়া ঘটনা কেইদিনমান বা সপ্তাহৰ ভিতৰতে ঘটে, সেই ঘটনাবোৰ সম্পৰ্কীয় কথা-বতৰা কিছুমানে সাধাৰণ মানুহৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলায়৷ জনাবুজা মানুহখিনি বা সাংবাদিককেইজনৰো একো অনিষ্ট নহয়৷ কিন্তু জনাবুজা মানুহ আছেনো কেইজন??


১) "অভিশপ্ত গাড়ীখন" বুলি কৈ থকাতকৈ "দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন" বুলি ক'লে সাংবাদিককেইজনৰতো একো হানি নহয়! ঠিক আছে বাৰু, অভিশপ্তই হয়৷ কিন্তু অভিশপ্ত বুলি তেওঁলোকে কেনেকৈ জানিলে? তেওঁলোক নিজে "দেৱদূত" নেকি? ঈশ্বৰে প্ৰেৰণ কৰিছে?

২) এজন সাংবাদিকে কৈ আছিল - "কেইবাদিনো ধৰি বহুতে পূজা-অৰ্চনা দি আছে৷ আজিয়েই যেন সেই শুভ দিনটো বুলি প্ৰতিপন্ন হৈছে৷ প্ৰাৰ্থনাৰ ফল ধৰিল৷ সেইমতে আজিয়েই গাড়ীখন পাবলৈ সক্ষম হ'ল৷" 

আৰে বাবা, গাড়ীখন পোৱাৰ লগে লগে তুমি পূজা-অৰ্চনাৰে শুভ দিনটো আজিয়েই আছিল বুলি যে ক'ব পাৰিলা; আগতেই নক'লা কিয়?? পোৱাৰ লগে লগে পূজা-অৰ্চনাই গাড়ীখন বিচাৰি দিলে বুলি কৈ দিলা!

৩) আকৌ "শনি বাৰে শনি লাগিল", "শনিৰ কোপ দৃষ্টি পৰিল"৷ কেনেকৈ গম পালে?? শনিটো কোন নো?

অলপদিনৰ আগতে আমাৰ অঞ্চলত পথ দুৰ্ঘটনা এটা হৈছিল৷ মৃত্যু হৈছিল কেইবাজনৰো৷ এখন কাকতত বাতৰিটো লিখিছিল এনেকৈ - "শনিবাৰে শনি লাগিল ______ত", "......গৃহ নির্মাণৰ বাবে ওলাই যােৱা শ্ৰমিকসকল পৰিল শনি দেৱতাৰ কোপদৃষ্টিত। ______ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰিল অভিশপ্ত বাহনখন।"

এতিয়া কথা হ'ল, শ্ৰমিকসকলৰ ওপৰত শনি দেৱতাৰ কোপদৃষ্টি পৰিল বুলি কোনে ক'লে? বাহনখন অভিশপ্ত বোলাৰ অধিকাৰ কোনে দিলে? বাতৰি-কাকতৰ সম্পাদকে এইবোৰ কথা চাই নে? নে শনিয়েও নিশা এইবোৰ সম্পাদনা কৰি থৈ যায়?

৪) আকৌ বৰষুণৰ বাতৰি লিখিব লগা হ'লে লিখে - বৰুণ দেৱতা৷ আজিকালি সাধাৰণ মানুহৰ মুখতো বৰুণ দেৱতাৰ কথা শুনাই নাযায়, তেওঁলোকেও বৰষুণৰ কাৰণবোৰ সামান্য হ'লেও জনা হৈছেগৈ৷ অথচ সেইসকল সাংবাদিকৰ সেই অৱস্থা৷ তেওঁলোকে নতুনকৈ মানুহক পিছুৱাই নিয়াৰ চেষ্টা কৰি আছে৷

উদাহৰণৰ তালিকা দীঘলীয়া নকৰোঁ৷

গাওঁ-চহৰৰ সাধাৰণ মানুহবোৰৰ মাজত কিবা দুৰ্ঘটনা ঘটিলে বহুতো অন্ধবিশ্বাস বিয়পে৷ লগতে এইবোৰক লৈ হোৱা পৰচৰ্চাবোৰ আছেই৷ এইবোৰে গোটেই পৰিৱেশটো দুষিত কৰি তোলে৷ যিবোৰ পৰিৱেশ হ'ল সভ্যতা বিকাশৰ বাধা৷ তাতে যদি বাতৰি-কাকত, নিউজ চেনেলত এইবোৰ ঘটনাৰ কথা ওলায়, তেন্তে সাধাৰণতে বাতৰি-কাকত চুই নোপোৱা বহুতো মানুহেও সেইদিনা বাতৰি-কাকতখন বিচাৰি বাতৰিটো পঢ়ি চায়, নিউজ চেনেলত কি দিছে খবৰ কৰে৷ বাতৰি-কাকততে যেতিয়া এই ভুৱা কথাবোৰ পঢ়িবলৈ পায়, নিউজ চেনেলৰ সাংবাদিকৰ মুখতে যদি এইবোৰ শুনিবলৈ পায়, তেতিয়া তেওঁলোকৰ অন্ধবিশ্বাসবোৰ গাঢ় হ'বলৈ ডাঙৰ যুক্তি এটা ওলায়; বোলে "চা চা, বাতৰিতে লিখিছে তেনেকৈ" বা "অমুক চেনেলৰ সাংবাদিকেই কৈছে"৷ এইবোৰৰ ফলত বেজ, কবিৰাজ, বাবা, মঙ্গলতীৰ দপদপনি বাঢ়ি যায়৷ ভূত লম্ভা, ডাইনী লগা, দেও উঠা আদি কাণ্ডবোৰ সংঘটিত হয়৷

বহুতো ভাল ভাল সাংবাদিক আছে৷ তেওঁলোকৰ কিবা সমিতি থকা কথাও শুনো৷ তেওঁলোকে যেন সেই সমিতিবোৰৰ দ্বাৰা এনে ধৰণৰ মতিগতিৰ সতীৰ্থ সাংবাদিকবোৰক কিছু শিক্ষা দিয়ে৷ এয়া তেওঁলোকৰ প্ৰতি বিনম্ৰ অনুৰোধ৷

No comments:

Post a Comment