কেৰিয়াৰঃ বিদেশৰ চাকৰিৰ মৰীচিকা:: ডাঃ ভূপেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

কেৰিয়াৰঃ বিদেশৰ চাকৰিৰ মৰীচিকা:: ডাঃ ভূপেন শইকীয়া

কেৰিয়াৰঃ বিদেশৰ চাকৰিৰ মৰীচিকা:: ডাঃ ভূপেন শইকীয়া

Share This
ডোহা নামৰ কাটাৰ দেশখন কৰ্মৰত অৱস্থাত এদিন মোৰ সহায়কাৰী ফিলিপিনো মেল নাৰ্চ দুজনৰ সামান্য বাধা নেওচি এজন ত্ৰিশ বছৰীয়া স্বাস্থ্যবান ডেকা ল'ৰা চুচুক-চামাককৈ মোৰ চেম্বাৰৰ কোঠালৈ সোমাই আহিল৷ ডেকাজনৰ মুখত অনেক চিন্তাৰ ৰেখা৷ চালাম জনাই বাংলা ভাষাতে যিখিনি কথা জনালে তাৰ সাৰাংশ হ'ল - কাটাৰৰ "ফ্ৰি ভিছা"লৈ চাকৰিৰ সন্ধানত এই দেশলৈ আহিবৰ প্ৰায় এবছৰেই হ'ল কিন্তু কোনো সংস্থাপন আজিলৈ লগা নাই৷ ("ফ্ৰি ভিছা" বুলি আইনত কোনো ভিছাৰ প্ৰবিধান নাই৷ যি কোনো এটা ট্ৰেড (যেনে ড্ৰাইভাৰ, কাৰপেন্টাৰ,পেইন্টাৰ আদি) লিখি ভিছা এখন উলিওৱা হয়৷ সেই ভিছাখন এজেন্টে মনে বিচৰা মূল্যত বিদেশলৈ চাকৰিৰ সন্ধানত আহিব বিছৰা অশিক্ষিত বা অৰ্ধশিক্ষিত লোকক বিক্ৰী কৰে৷ ভিছালৈ অহালোকজনে স্পঞ্চৰৰ ছাঁটোও দেখিবলৈ নাপায়৷ 

বিদেশত আহি অ'ত ত'ত চাকৰি বিচাৰি হাবাথুৰি খাই ঘূৰি ফুৰে৷কাচিৎ কোনোবা স্থানীয় দয়ালু লোকৰ সংস্পৰ্শলৈ আহিলে ৱৰ্ক ভিছা বা নিগাজি ৰেচিডেন্ট ভিছা পালে থানথিত লাগে৷ অন্যথাই আজি এঠাইত কাইলৈ এঠাইত মনে মনে হাজিৰা কাম যেনে হোটেলত বাচন ধুৱা, মলত গাড়ী চাফা কৰা, কাৰোবাৰ ঘৰুৱা কাম কৰা আদি কৰি যেনে তেনে পেট প্ৰৰ্বতায়৷ কাটাৰী পুলিচৰ হাতত ধৰা পৰিলে জেল-জৰিমনাও হয়। গতিকে ঘৰলৈ টকা পঠোৱাৰ প্ৰশ্নই নুঠে৷ বাংলাদেশ, নেপালৰ বাহিৰে কিছুমান দুখীয়া আফ্ৰিকান দেশৰ পৰাও এনেদৰে ভাগ্যৰ সন্ধানত অহা অহা লোক মই লগ পাইছোঁ৷ 

এনে অদৃষ্ট ভাগ্যান্বেষী লোকৰ তুলনাত তেনেই কম বেতনত কাম কৰিবলৈ অহা লোকসকলক ভাগ্যশালী বুলিয়েই কব লাগিব৷ কম দৰ্মহা পালেও বিনামূলীয়া থকা আৰু খোৱাৰ সুবিধা, লগতে আইনী নিৰাপত্তা পোৱাতো ডাঙৰ কথা৷ নিজ দেশত মিস্ত্ৰী, কাৰ্পেন্টাৰ, ড্ৰাইভাৰ, মেকানিক, ইলেক্ট্ৰিচিয়ান সকলোবোৰেই ইয়ালৈ আহি হৈ পৰে 'লেবাৰ'- কাৰণ অনুষ্ঠানিক প্ৰমাণ পত্ৰ তেওঁলোকৰ কাৰোৱেই হাতত নাথাকে৷ আৰু যি সকলৰ তেনে অনুষ্ঠানিক প্ৰমাণপত্ৰ থাকে তেওঁলোকৰ বেতনো ভাল আৰু অভিজ্ঞতাৰ ভিত্তিত চাকৰিত চুপাৰভা্ইজাৰ,ফ'ৰমেন আদি পদপিলৈ পদোন্নতিও হয়৷ এইখিনি লিখাৰ উদ্দেশ্য হ'ল - প্ৰত্যেক ট্ৰেডৰে পলিটেকনিক জাতীয় অনুষ্ঠানৰ শিক্ষাগত প্ৰমাণপত্ৰ নোহোৱাকৈ কোনেও যেন প্ৰবাসত চাকৰি বিচাৰি নাহে৷ 

চাকৰি বিচৰালোক সকলক এজেন্টে নানা প্ৰলোভনেৰে অৰ্ধ সত্যকৈ তেওঁলোকৰ পৰা কষ্টেৰে বা ধাৰ ঋৃণেৰে সংগ্ৰহ কৰা লাখ লাখ টকা আত্মসাত কৰে৷) পুনৰ বাংলাদেশী যুৱকজনৰ কথালৈ ঘূৰি আহিছোঁ৷ নিজৰ দেশত এজেন্টক ৫লাখ টকা দি কাটাৰ পালেহি৷ ঘৰত আছে মাক পৰিবাৰ আৰু তিনিটি সন্তানৰ সৈতে ঘৈণীয়েক৷ পৈত্ৰিক সম্পত্তি বেচি টকাখিনি এজেন্টক দিলে৷ এতিয়া ঘৰ কেনেকৈ চলিছে সোধাত জনালে মাটি-সম্পত্তি বেচাৰ কিছু টকা ঘৰত খোৱা খৰছ হিচাবে দি থৈ আহিছে৷ পঢ়াশুনা মেট্ৰিক ফেল, বাংলাদেশী ড্ৰাইভিং লাইচেঞ্চ আছে৷ সেইখন ইয়াত অচল ৷ প্ৰশিক্ষণলৈ কাটাৰী ড্ৰাইভিং লাইচেঞ্চ ওলিয়াবলৈ কমেও ৩হাজাৰ ৰিয়ালৰ আৱশ্যক৷ আন একো বিদ্যাত তেওঁৰ অৰ্হতা নাই৷ মোৰ ওচৰলৈ অহাৰ উদ্দেশ্য হ'ল ইয়াত ক'ত কিডনি ট্ৰান্সপ্লান্ট হয়; মানুহে এটা কিডনিৰে জীয়াই থাকিব পাৰেনে নোৱাৰে চিকিৎসকৰ পৰা ভালদৰে জনা; কিডনি বিক্ৰী কৰিলে কিমান ৰিয়াল পাব ইত্যাদি৷ মই জনালোঁ ইয়াৰ চৰকাৰী হামাড হস্পিতালতত মাহে মাহে দুটা এটা কিডনি ট্ৰান্সপ্লান্ট অপাৰেচন হয়৷ কিন্তু সেয়া সম্পূৰ্ণ বিনামূলীয়া৷ কিডনি দাতায়ো একো ধন-বিত নাপায়৷ ভাৰতত একোটা কিডনিৰ বৰ্তমান বিক্ৰী মূল্য ৫ৰ পৰা ১০লাখ টকা বা ততোধিক৷ বাংলাদেশী যুৱকজনে কিডনি বেচি নিজে একেকোবে ঋৃণমুক্ত হোৱাৰ বাসনা পুঁহিছে৷ ভিছা পালে সেই উদ্দেশ্যৰে ভাৰতলৈ যাব বুলি জনাই মোৰ ওচৰৰ পৰা বিদায় ললে৷ (মই যুৱকজনক নজনালোঁ যে অসমৰ উন্মুক্ত সীমান্তই দি ভিছা নোহোৱাকৈ অসম হৈ ভাৰতত অনায়াসে প্ৰবেশ কৰিব পাৰি আৰু যিমান দিনলৈ মন যায় সিমান দিনলৈ ভাৰতত থাকি যাব পাৰে !) 

জীৱন আৰু জীৱিকাৰ তাড়নাত মানুহৰ কিমান ধৰণৰ মতিভ্ৰম হয় আৰু তাৰ পৰিণাম কিমান ভয়ংকৰ হব পাৰে -এইটো এটা তাৰ সামান্য উদাহৰণ সহৃদয় পাঠকসকলৰ আগত দাঙি ধৰিলোঁ৷ প্ৰবাসত চাকৰিৰ মৰীচিকা খেদি বহুজন সুবিধাবাদী প্ৰবঞ্চকৰ চিকাৰ হয়৷ অলপতে তেনে এজন লোকক 'কাটাৰ অসম সমাজে' উদ্ধাৰ কৰি মাতৃভূমিলৈ ঘূৰাই পঠালে৷ কোনো কাৰিকৰী শিক্ষাৰ ডিপ্লমা বা ডিগ্ৰী নথকাসকলে কেবল বনুৱাৰ চাকৰিহে পাব৷ বিনিময়ত কৰিব লাগিব হাঁড়ভঙা পৰিশ্ৰম৷
কাটাৰ অসম সমাজৰ গুৰি ধৰোতা ডাঃ শইকীয়াৰ সৈতে www.drbhupensaikia.com যোগে যোগাযোগ কৰি দিহা লব পাৰি।

1 comment: