ভাল খবৰঃ বিশ্বশ্ৰেষ্ঠ চাহৰ খিতাপ আৰ্জিলে অসমৰ থলুৱা আত্ম-সহায়ক চাহ উৎপাদক গোটৰ 'অৰ্চনা ব্লেক টী'য়ে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ  বিশ্বশ্ৰেষ্ঠ চাহৰ খিতাপ আৰ্জিলে অসমৰ থলুৱা আত্ম-সহায়ক চাহ উৎপাদক গোটৰ 'অৰ্চনা ব্লেক টী'য়ে

ভাল খবৰঃ বিশ্বশ্ৰেষ্ঠ চাহৰ খিতাপ আৰ্জিলে অসমৰ থলুৱা আত্ম-সহায়ক চাহ উৎপাদক গোটৰ 'অৰ্চনা ব্লেক টী'য়ে

Share This
হংকংত অনুষ্ঠিত হোৱা চিটিচিৰ আন্তৰ্জাতিক চাহ প্ৰতিযোগিতাত শ্ৰেষ্ঠতাৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ল অসমৰ শোণিতপুৰৰ নাহৰবাৰী চাহ কাৰখানাত উৎপাদিত 'অৰ্চনা ব্লেক টী'য়ে। গুণগত দিশত ফেৰ মাৰি এই সন্মান লাভ কৰিবলৈ চাহ বিধে চীন, জাপান, কোৰিয়া, শ্ৰীলংকা, কেনিয়া, দক্ষিণ আফ্ৰিকা, হংকংৰ চাহৰ সৈতে ফেৰ মাৰিব লগীয়া হৈছিল। উল্লেখযোগ্য কথা এয়াও যে, শোণিতপুৰ জিলাৰ ৪২টা আত্মসহায়ক ক্ষুদ্ৰ চাহ খেতিয়াক গোটৰ সহায়ত সমবায়ভিত্তিত পৰিচালিত হোৱা টুপিয়াস্থিত নাহৰবাৰী চাহ কাৰখানাতে এই উন্নতমানৰ চাহ উৎপাদিত হৈছে।

একেই কাৰখানাৰ আন দুটা ব্ৰেণ্ড অৰ্চনা পি এফ আৰু অৰ্চনা বিপিয়েও গুণগত দিশত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে বুলি কাৰখানাৰ পৰিচালক প্ৰশান্ত কুমাৰ নাথ আৰু পৰিচালন সঞ্চালক চেবাষ্টিয়ান কে ভিয়ে সংবাদমেলত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে দুহেজাৰ দুশ থলুৱা পৰিয়ালৰ কষ্ট জড়িত হৈ থকা নাহৰবাৰী চাহ কাৰখানাৰ চাহ প্ৰথমবাৰৰ বাবে এনে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ প্ৰেৰণ কৰা হৈছিল। চাহৰ নিভাজ প্ৰাকৃতিক গুণসম্পন্ন আৰু শক্তিশালী সোৱাদৰ বাবেই উৎপাদিত চাহ কেইবিধে এনে স্বীকৃতি পাবলৈ সক্ষম হৈছে।

বৰ্তমানে কেইবাটাও প্ৰকাৰৰ চাহ কাৰখানাটোৰ পৰা উৎপাদিত হৈ থলুৱা বজাৰ দখল কৰি আছে। এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এনে গুণগত প্ৰতিযোগিতাত সফলতাই থলুৱা লোক সকলৰ সমবায় ভিত্তি উদ্যোগটোৰ প্ৰডাক্ট ব্ৰেণ্ড সমূহৰ বাবেে আন্তৰ্জাতিক বজাৰৰ দুৱাৰো মুকলি কৰি দিবলৈ সক্ষম হব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। হংকংত এই প্ৰতিযোগিতা যোৱা ১৫-১৬ আগষ্ট ২০১৮ত অনুষ্ঠিত হৈছিল। 

No comments:

Post a Comment