বিশ্লেষণঃ নগৰীয় চিন্তাৰ উত্থান বনাম প্ৰাকৃতিক বহনক্ষম চিন্তা: নগৰীয় বানৰ কাৰক বনাম সমাধানৰ চিন্তা :: ড° বিজয় কৃষ্ণ চেতিয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ নগৰীয় চিন্তাৰ উত্থান বনাম প্ৰাকৃতিক বহনক্ষম চিন্তা: নগৰীয় বানৰ কাৰক বনাম সমাধানৰ চিন্তা :: ড° বিজয় কৃষ্ণ চেতিয়া

বিশ্লেষণঃ নগৰীয় চিন্তাৰ উত্থান বনাম প্ৰাকৃতিক বহনক্ষম চিন্তা: নগৰীয় বানৰ কাৰক বনাম সমাধানৰ চিন্তা :: ড° বিজয় কৃষ্ণ চেতিয়া

Share This
সাম্প্ৰতিক সময়ত দ্ৰুত বিশ্বজনীন অৰ্থনৈতিক বিকাশে সমগ্ৰ বিশ্বত নিতৌ নতুন নগৰীয়া (urban) অঞ্চলৰ সৃষ্টি কৰিছে।শেহতীয়া এক তথ্য মতে উন্নয়ণশীল দেশসমূহত ১৯৭০ চনৰ পৰা ২০০৬ চনৰ ভিতৰত নগৰৰ বৃদ্ধি হাৰ ২৫ শতাংশ  পৰা ৫০ শতাংশলৈ বৃদ্ধি পাইছে অৰ্থাৎ নগৰ অঞ্চলৰ বৃদ্ধি সংখ্যা দুগুন হৈছে। এইখিনিতে উল্লেখ কৰা ভাল হব যে  বিশ্বৰ ভিতৰতে এছিয়া মহাদেশত অতি দ্ৰুত গতিত নগৰ সংখ্যা বৃদ্ধি পাইছে।২০০০ চনত এছিয়াৰ মুঠ জনসংখ্যাৰ ৩৭ শতাংশই নগৰত বাস কৰিছিল আৰু এই সংখ্যা ২০২৫ চনৰ ভিতৰত ৫০ শতাংশলৈ বৃদ্ধি পাব বুলি ভৱা হৈছে। এই পৰিসংখ্যা পৰা সাম্প্ৰতিক সময়ত কেনেদৰে বিশ্ববাসী নগৰীয়া জীৱনৰ প্ৰতি আকৃষ্ট হৈছে তাক নিশ্চয়কৈ অনুমান কৰিব পাৰি। এনে নগৰীয় চিন্তাৰ প্ৰভাৱ  আমাৰ দেশ ভাৰতো নপৰাকৈ থকা নাই বৰঞ্চ ভাৰতত এই প্ৰভাৱৰ মাত্ৰা ব্যাপক বুলিহে গণ্য কৰিব পাৰি। ২০০৭ চনত ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা বিশ্ব জনসংখ্যা তথ্য (World population Report) মতে ২০৩০ চনত ভাৰতৰ মুঠ জনসংখ্যাৰ ৪০.৭৬ শতাংশ নগৰত বাস কৰিব। এই পৰিসংখ্যা পৰা এটা কথা স্পষ্ট যে আগন্তুক দিনত ভাৰতত নগৰৰ সংখ্যা বৃদ্ধি পাব বা প্ৰায়বোৰ অঞ্চল নগৰলৈ ৰূপান্তৰিত হব কিয়নো বৰ্তমানৰ প্ৰায়বোৰ নগৰে জনসংখ্যা গ্ৰহনৰ সৰ্বোচ্চ মাত্ৰা অতিক্ৰম কৰিছে। আৰু ইয়াৰ স্পষ্ট প্ৰভাৱ বতৰ্মান সময়ত আমি স্থানীয় ভাৱে অসমতেই দেখা পাইছোঁ।


বিশ্বজনীন মুক্ত আৰু দ্ৰুত অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰভাৱত বিশ্বজুৰি বৃদ্ধি পোৱা নগৰৰ সংখ্যাই আমাৰ মনলৈ সততে দুটা প্ৰশ্ন অৱতাৰণা কৰে,
১। নগৰীয় চিন্তাক কেৱল মাত্ৰ পুঁজিকেন্দ্ৰীক ব্যৱসায়িক চিন্তাৰে আবৃত কৰিব বিচৰা হৈছে নেকি ?
২।নগৰীয় চিন্তাক প্ৰাকৃতিক বহনক্ষম চিন্তাৰ পৰা নিলগই ৰাখিব যত্ন কৰা  হৈছে নেকি ?

আজি আমি আমাৰ এই আলোচনাত উপৰোক্ত দ্বিতীয়টো সংশয়কহে কিছু বিশেষ দিশকহে তথ্যসহ বিশ্লেষণ কৰা প্ৰয়াস কৰিছোঁ। 

প্ৰাকৃতিক বহনক্ষমৰ চিন্তাৰে সাম্প্ৰতিক নগৰীয়া জীৱনত আমি সততে মুখামুখী হোৱা তিনিটা প্ৰধান সমস্যা হ’ল,
ক। অতিমাত্ৰা প্ৰদূষণ।
খ। দৈনন্দিন স্বাভাৱিক জীৱন যাত্ৰাৰ বাবে প্ৰয়োজনীয় জলৰ নাটনি।
গ। নগৰীয় আভিজাত্যক ব্যাহত কৰা কৃটিম নগৰীয় বান সমস্যা।

 এতিয়া আমি প্ৰাকৃতিক বহনক্ষম চিন্তা আধাৰত উপৰোক্ত দ্বিতীয় আৰু তৃতীয় সমস্যা দুটাক তলত আলোচনা কৰা প্ৰয়াস কৰিম।

আমি বানৰ বিষয়ে আলোচনা আগবঢ়োৱা আগতে বানৰ ইংৰাজী প্ৰতিশব্দ “ FLOOD” ৰ এক সংক্ষিপ্ত সংজ্ঞাক এইখিনিতে প্ৰাসংগিক কৰিব  বিচাৰিছোঁ,

“FLOOD: Finally Loss Occurred after Opportunities Denied”

উপৰোক্ত সংজ্ঞাৰ পৰা এটা কথা স্পষ্ট হয় যে প্ৰতিটো বানেই প্ৰকৃত অৰ্থত প্ৰকৃতিয়ে দিয়া সুবিধাক মানৱে গ্ৰহন কৰিব নোৱাৰা এক জল অপব্যয়। অৰ্থাৎ বানৰ সুপৰিকল্পিত বৈজ্ঞানিক চিন্তাই জল অপব্যয় ৰোধ কৰাত সহায় কৰিব আৰু সেয়েহে সাম্প্ৰতিক সময়ত নগৰীয় কৃটিম বানৰ বৈজ্ঞানিক অধ্যয়ন অতিকৈ জৰুৰী হৈ পৰিছে। গতিকে আমি নগৰীয় বান সমস্যাৰ কাৰক সমূহ আৰু ইয়াৰ সমাধান কেনেকৈ সম্ভৱ তাৰ ওপৰতহে এই আলোচনাত বিশেষ গুৰুত্ব দিবলৈ চেষ্টা কৰিম।

বৰ্তমান সময়ত গোলকীয় জলবায়ু পৰিৱৰ্তনৰ আৰু সাগৰীয় পৃষ্ঠৰ  উঠনৰ প্ৰভাৱত নগৰীয় বান এক বিশ্বজনীন সমস্যা হৈ পৰিছে। শেহতীয়াকৈ ভাৰতৰ প্ৰায় আটাই কেইখন মুখ্য চহৰতেই নগৰীয় বান এক প্ৰাকৃতিক দুৰ্যোগ ৰূপে চিহ্নিত হৈছে। উদাহৰণস্বৰূপে ২০০৫ চনৰ ২৬ জুলাইত মুম্বাইত , ২০০০ চনত হায়দৰাবাদত, ২০০২ আৰু ২০০৩ চনত দিল্লীত, ২০০৪ চনত চেন্নাইত  আৰু ২০০৭ চনত কলকতাত হোৱা নগৰীয় বানক মুখ্যত উপস্থাপন কৰিব পাৰি। এই উদাহৰণৰ ওপৰি উত্তৰ-পূৰ্বৰ দুৱাৰ মুখ গুৱাহাটী মহানগৰীত প্ৰতি বছৰৰ বাৰিষাত হোৱা নগৰীয় বানকো উদাহৰণৰূপে উপস্থাপন কৰিব পাৰি। 

ওপৰৰ প্ৰতিটো নগৰীয় বানৰ কাৰক সমূহ বৈজ্ঞানিক বিশ্লেষণ কৰিলে আমি কাৰক সমূহক দুটা ভাগত বিভক্ত কৰিব পাৰোঁ,

১। প্ৰত্যক্ষ কাৰক:  ক। গোলকীয় জলবায়ু পৰিৱৰ্তন
বতৰৰ অস্বাভাৱিক আচৰণ
প্ৰৱল বৰষুণ
খ। নগৰীকৰণ
     কংক্ৰিটৰ উন্নয়ণ
      পাহাৰৰ বেদখল
      নদীৰ/নলা/জুৰিৰ অৱবাহিকাৰ বেদখল
       জলাশয়ৰ বেদখল
        অবৈজ্ঞানিকভাৱে ভূমি অধিগ্ৰহন

২। পৰোক্ষ কাৰক: অবৈজ্ঞানিক আৰু অপৰিকল্পিত আঁচনিৰে নলা ব্যৱস্থা     ৰূপায়ন , নগৰীয় নাগৰিকৰ জল ব্যৱহাৰৰ বৈজ্ঞানিক চিন্তাৰ অভাৱ আৰু পেলনীয়া ও অতিৰিক্ত পানী সদব্যৱহাৰৰ বৈজ্ঞানিক চিন্তাৰ অভাৱ।

গুৱাহাটী মহানগৰীৰ নগৰীয় বানৰ কাৰক

এতিয়া আমি যদি ওপৰোক্ত কাৰক সমূহক গুৱাহাটী নগৰীয় বান সমস্যা লগত তুলনা কৰি চাওঁ তেন্তে আমি দেখিম যে এই প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰতিটো কাৰকে গুৱাহাটী নগৰীয় বানক প্ৰভাম্বিত কৰিছে। এই বিষয়ে আৰু কিছু সংক্ষেপে আমি তলত আলোচনা কৰা প্ৰয়াস কৰিছোঁ।
গুৱাহাটী মহানগৰীৰ নগৰীয় বানৰ এক মুখ্য কাৰণ হ’ল বাৰিষা সময়ত গুৱাহাটীত বৰষুণ পানীত দাঁতি কাষৰীয়া পাহাৰ অঞ্চলৰ পৰা উটি অহা পলস বা বোকা মাটি। এই পলস বা বোকা মাটিয়ে এজাক বৰষুণতেই নগৰৰ নলা সমূহ বাম কৰি পেলাই যাৰ ফলত নলা সমূহৰ জল ধাৰণৰ ক্ষমতা হ্ৰাস পায় আৰু ই পিছৰ বৰষুণত নগৰীয় বানক পোনপটীয়াকৈ সহায় কৰে।

আমি সকলোৱে জানো যে দ্ৰুত নগৰীকৰণ প্ৰক্ৰিয়াত এখন নগৰ খুব কম সময়ৰ ভিতৰতেই কংক্ৰিটৰ নগৰীলৈ সলনি হয়। এই কংক্ৰিটৰ আৱৰণে নগৰৰ প্ৰাকৃতিক জল প্ৰৱেশৰ ব্যৱস্থাক ব্যাহত বা হ্ৰাস কৰে, ইয়াৰ ফলত বৰষুণৰ সময়ত নগৰত পৃষ্ঠীয় জল পৰিমাণ বৃদ্ধি পায় আৰু ই পোনপটীয়াকৈ নগৰীয় বানক উৎসাহিত কৰে। এইখিনিতে উল্লেখ কৰা ভাল হব যে এই প্ৰাকৃতিক জল প্ৰৱেশৰ প্ৰতিৰোধ ব্যৱস্থাই ভূগৰ্ভস্থ জল ভাণ্ডাৰতো বিৰূপ প্ৰভাৱ পেলাই।

গুৱাহাটীৰ আন এক প্ৰধান কাৰণ হ’ল জলাশয়ৰ ধ্বংস। জলাশয় সমূহ হ’ল প্ৰাকৃতিক জল সংগ্ৰালয়, গতিকে এই জল  সংগ্ৰালয় সমূহ উন্নয়ন ৰ অজুহাতত ধ্বংস কৰিলে ইয়াৰ ঋণাত্মক প্ৰভাৱ প্ৰাকৃতিক জল ব্যৱস্থাত পৰাটো স্বাভাৱিক। এইখিনিতে উনুকিয়াই থোৱা ভাল হব যে জলাশয়ে জল সংগ্ৰহ কৰি ভূগৰ্ভস্থ জলভাণ্ডাৰক সজীৱ কৰাৰো দায়িত্ব পালন কৰে। গতিকে জলাশয় ধ্বংসই নগৰীয় বানৰ লগতে নগৰীয় জলনাটনিকো উৎসাহিত কৰে।

গুৱাহাটীৰ নগৰীয় বানৰ আন এক কাৰণ হ’ল জল ব্যৱহাৰৰ বৈজ্ঞানিক চিন্তাৰ অভাৱ। নগৰীয় জল ব্যৱস্থাপনা বতৰ্মান সময়ত প্ৰতিখন নগৰৰ বাবেই অতিকৈ জৰুৰী। এই ব্যৱস্থপনাত সাধাৰণতেই দুই জল ব্যৱস্থাক অতি গুৰুত্ব দিয়া হয় সেইয়া হ’ল ক। বৰষুণৰ পানী সদব্যৱহাৰ ( rain water harvesting) খ। পেলনীয়া পানীৰ সদব্যৱহাৰ ( sewage /waste water management)। কিন্তু অতি পৰিতাপৰ কথা বতৰ্মান সময়ত এই দুই চিন্তাৰ সাংঘাটিক অভাৱ গুৱাহাটী মহানগৰীত দেখা যায় অথচ উত্তৰ-পূৰ্ব আন এখন ৰাজ্য মিজোৰামে বৰষুণৰ পানী সদব্যৱহাৰ কৰি দেশৰ ভিতৰতেই জল ব্যৱস্থাপনাৰ সদব্যৱহাৰৰ এক অন্যতম উদাহৰণৰূপে চিহ্নিত হৈছে। 

গুৱাহাটী মহানগৰীৰ নগৰীয় বানৰ সমাধানৰ উপায়

ইতিমধ্যেই আমি ওপৰৰ আলোচনাত গুৱাহাটী মহানগৰীৰ বান সমস্যাৰ বিভিন্ন কাৰক বিষয়ে আলোচনা কৰিছোঁ। প্ৰকৃততে কাৰক সমূহৰ আলোচনাতেই সমাধানৰ উপায় সমূহও স্পষ্ট হৈছেই তথাপিও  আমি আমাৰ নিজস্ব জ্ঞানেৰে কিছু সমাধানৰ উপায় তলত একাদিক্ৰমে উল্লেখ কৰিলোঁ,

১। গুৱাহাটী মহানগৰীৰ কাষৰীয়া অঞ্চলৰ পাহাৰ ধ্বংস বন্ধ হব লাগে।পাহাৰত অবৈধ বন ধ্বংস লগতে অবৈধ খনন বন্ধ হব লাগে প্ৰয়োজনত কঠোৰ আইন প্ৰণয়ন কৰিব লাগে।

২। গুৱাহাটী মহানগৰীৰ কাষৰীয়া অঞ্চলৰ পাহাৰত বোকা বা পলস প্ৰতিৰোধী দেৱাল (retaining wall) দিয়াৰ ব্যৱস্থা কৰিব লাগে।

৩। জলাশয় সংৰক্ষণৰ ৰাজ্যিক নীতি প্ৰস্তুত কৰি শীঘ্ৰে ৰূপায়ন কৰিব লাগে। 

৪। গুৱাহাটী মহানগৰীত বৈজ্ঞানিক চিন্তাৰে ভূগৰ্ভস্থ জলভাণ্ডাৰৰ কৃটিম সজীৱকৰণৰ (artificial ground water recharge) চিন্তা কৰিব লাগে।

৫। গুৱাহাটী মহানগৰীত বৰষুণৰ পানী সদব্যৱহাৰৰ বাবে পৰিকল্পিত আঁচনি গ্ৰহন কৰিব লাগে বিশেষকৈ বৃহৎ ফ্লেট সমূহে এই ব্যৱস্থা ৰূপায়ণ কৰাটো বাধ্যতামূলক হব লাগে। এই ব্যৱস্থাই পানী সদব্যৱহাৰৰ লগতে অতিৰিক্ত পৃষ্ঠীয় পানী পৰিমাণ হ্ৰাস কৰাত সহায় কৰিব।

৬। গুৱাহাটী মহানগৰীত পেলনীয়া পানী সদব্যৱহাৰৰ এক কেন্দ্ৰীয় আঁচনি বৈজ্ঞানিক চিন্তাৰে ৰূপায়ন হব লাগে। আমি জনাত এক মোটা অংকৰ বিদেশী পুঁজি এনে এক আঁচনিৰ বাবে আবণ্টিত কৰা হৈছে। কিন্তু আজিও এই আঁচনি কাম কিয় আগবঢ়া নাই সিহে গভীৰ চিন্তাৰ বিষয়।

৭। গুৱাহাটী মহানগৰীৰ নগৰীয় বান সমস্যা সমাধানৰ বাবে এক বিতং মাষ্টাৰ প্লেন তৈয়াৰ কৰিব লাগে। এই মাষ্টাৰ প্লেনত গুৱাহাটীৰ ভূ-তত্ত্ব (geology) জলবিজ্ঞান (hydrology) আদিৰ সূক্ষ্ম বৈজ্ঞানিক অধ্যয়নৰ ব্যৱস্থা কৰিব লাগে।

৮। আমি সকলোৱে জানো যে নগৰীয় বানৰ মূল উৎস বৰষুণ, গতিকে নগৰীয় বানৰ পৰা সকাহ পাবলৈ বতৰৰ সঠিক আগতীয়া খবৰ দিব পৰা এক আধুনিক ( ব্যৱস্থাসমৃদ্ধ কেন্দ্ৰ স্থাপিত কৰিব লাগে। 

৯। আটাইতকৈ নগৰৰ নলা পৰিস্কাৰ কৰি ৰাখিবলৈ নগৰীয় নাগৰিকৰ বৈজ্ঞানিক মানসিকতা গঢ় দিয়াত গুৰুত্ব দিব লাগে আৰু এইক্ষেত্ৰত নগৰত প্লাষ্টিকৰ ব্যৱহাৰ একেবাৰেই বন্ধ কৰিব লাগে।

আমি বিশ্বাস কৰোঁ উপৰোক্ত চিন্তা সমূহক গুৰুত্ব দিলে নগৰীয় বান সমস্যা ১০০ শতাংশই হ্ৰাস নাপালেও ৫০ শতাংশ হ্ৰাস পাব।

সদৌ শেষত আমি এটা কথা কৈ আজিৰ এই আলোচনা সামৰিব বিচাৰোঁ যে আমাৰ উপৰোক্ত প্ৰতিটো আলোচনা কেৱল গুৱাহাটী কেন্দ্ৰীক নহয়, আমি বিশ্বাস কৰোঁ আমাৰ এই আলোচনাই অসমৰ নতুন নগৰমুখী চিন্তা কৰা প্ৰতিটো অঞ্চলকে বৈজ্ঞানিক পৰিকল্পনাৰে আগন্তুক আঁচনি গ্ৰহন কৰাত সহায় কৰিব।  
********************************************

No comments:

Post a Comment