অসমীয়া চিনেমালৈ নতুন জোৱাৰ আনিব মুভীটোন.কমে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমীয়া চিনেমালৈ নতুন জোৱাৰ আনিব মুভীটোন.কমে

অসমীয়া চিনেমালৈ নতুন জোৱাৰ আনিব মুভীটোন.কমে

Share This
মুভীটোন ( http://www.movietonne.com) : অনলাইন ষ্ট্ৰীমিং

অতি সম্প্ৰতি অসমীয়া চিনেমা নিৰ্মাণৰ সংখ্যা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত কেতবোৰ ন ন সমস্যা আমাৰ আগত আহি পৰিছে। যোৱা বহুবছৰ ধৰি বিভিন্ন দিগগজ, কলা কুশলীয়ে অসমীয়া চিনেমাৰ সৈতে জড়িত কেতবোৰ সমস্যাৰ সমাধানসূত্ৰৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে য'ত "তাকৰীয়া সংখ্যাৰ ছবিগৃহ" এটি অন্যতম সমস্যা হিচাপে আমাৰ চেতনাত ধৰা দিছে। 

ছবিগৃহত অসমীয়া চিনেমা প্ৰদৰ্শনৰ সময়ৰ ক্ষেত্ৰত কৰা পক্ষপাতিত্ব বা অন্য বিগ বাজেটৰ প্ৰতিশ্ৰুতিসম্পন্ন চিনেমাৰ বাবে চলি থকা চিনেমা এখন উঠাই দিয়াৰ অভিযোগ সমূহৰ সত্যতা অস্বীকাৰ কৰিব নোৱাৰি। যত প্ৰত্যেকদিনাই নতুন নতুন প্ৰতিভাৰে অসমীয়া চিনেমাজগত ন ন ৰূপত উদ্ভাসিত হব লাগিছে , তাত এনেধৰণৰ সমস্যাই তেওঁলোকক নিৰুৎসাহ কৰাৰ উপৰিও অসমীয়া চিনেমাৰ উদ্যোগিকৰণৰ প্ৰক্ৰিয়াক বাধা দিব। ন পুৰণি প্ৰযোজক, নিৰ্দেশকে যৎকিঞ্চিত মাননীও চিনেমাৰ পৰা পাবলৈ সক্ষম নহয় কাৰণ ছবিগৃহ অসমত মাত্ৰ ৬৭ টা যিয়ে জনগণৰ চাহিদা পূৰণ কৰিব নোৱাৰে। তথাকথিত বিগ কৰ্পোৰেটৰ দ্বাৰা প্ৰযোজিত বলিউদ হলিউদৰ ছবিয়ে দৰ্শকক যি ভাবে আকৰ্ষণ কৰি থাকে, তেনেস্থলত অসমীয়া চিনেমাৰ নিচিনা আঞ্চলিক ভাষাৰ চিনেমা সেইসমূহ চিনেমাৰ আগত নিজৰ স্থিতি জাহিৰ কৰিবলৈ কিছুদূৰ অপাৰগ হয়, হোৱাতো স্বাভাৱিক। গতিকে উপায় কি? আমাৰ কৰণীয় কি?

মুভীটোন এনে এটা অনলাইন মুভি ষ্ট্ৰীমিং প্লেটফৰ্ম যত ঘাইকৈ অসমীয়া চিনেমাসমূহ অত্যন্ত কম মূল্যত উপলব্ধ হব। মোবাইল এপ বা কম্পিউটাৰ বা স্মাৰ্ট টিভিৰ জৰিয়তে যিকোনো ঠাইত, তেহেলৈ যিমানেই ভিতৰুৱা অঞ্চল নহওক কিয় ,অসমীয়া চিনেমাৰ প্ৰদৰ্শনৰ সুবিধা কৰিব পৰা যাব । গাঁও অঞ্চল বা বহু ভিতৰৰ অঞ্চলৰ মানুহে দুৰ্বাৰ হেঁপাহ থকা সত্বেও ছবিগৃহলৈ যাবৰ সুবিধা কৰিব নোৱাৰে (বা গলেও বহুদূৰ যাবলগীয়া হয়) আৰু তেওঁলোকে দিব খোজা বা দিব পৰা অৰিহণাখিনি প্ৰযোজক বা পৰিচালকে কোনোদিনেই পাবলৈ সক্ষম নহয়। অনলাইন মুভি ষ্ট্ৰীমিং এপ সমূহৰ বৰ্ধিত জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি ইয়াৰ বহুমুখী সদব্যৱহাৰিতাক চিনেমা প্ৰদৰ্শনৰ সহায়ক হোৱাকৈ প্ৰয়োগ কৰাটো বৰ্তমান সময়ত আটাইতকৈ ফলপ্ৰসূ উপায় বুলি বিবেচনা কৰা হৈছে।

কেৱল প্ৰদৰ্শনেই এই বেৱচাইটৰ একমাত্ৰ লক্ষ্য নহয়। ১৯৩৫ চনৰ পৰা যিবোৰ অসমীয়া চিনেমাই বিভিন্ন সময়ত অসম আৰু অসমীয়াক বিশ্ববাসীৰ আগত পৰিচয় কৰাই দিছে, যিবোৰ চিনেমা অসমীয়াৰ বৌদ্ধিক কছৰৎৰ অন্যতম চানেকি বুলি ধৰা হয় বা যিবোৰ চিনেমা ভৱিষ্যত প্ৰজন্মই চোৱাটো নিতান্তই দৰকাৰ বুলি সততে বিবেচনা কৰা হয়, সেই আটাইবোৰ চিনেমাৰ সংৰক্ষণ কৰাৰো ব্যৱস্থা কৰিবলৈ আগবাঢ়িছোঁ। মুভীটোনে অসমীয়া চিনেমাক মানুহৰ মাজলৈ নিয়াৰ উপৰিও চিনেমাৰ লগত জড়িত সমূহ শিল্পীক অৰ্থনৈতিক সকাহ দিব বুলি স্থিৰ কৰা লক্ষ্যত উপনীত হবলৈ আপোনালোক আটাইৰে পৰা আশীৰ্বাদ আৰু সহায় সহযোগিতা কামনা কৰিছে এই নতুন উদ্যমে।

উল্লেখযোগ্য যে ৰীমা বৰাৰ অতি প্ৰশংসিত চিনেমা 'বকুল' আৰু কেনী বসুমতাৰীৰ 'লোকেল কুংফু-২' মুভীটোনত ইতিমধ্যেই উপলদ্ধ হৈছে। সবিশেষ জানিবলৈ ফেচবুক পেজঃ https://www.facebook.com/movietonne/ টো ক্লিক কৰিব পাৰিব।

সংস্থাটোৰ ঠিকনাঃ
Movietonne, H No-14, Krishnasura Path, Lokhra Betkuchi, Assam, India – 781034 , E-mail : movietonneofficial@gmail.com info@movietonne.com, Phone : +91-83990-56995 +91-84862-01473

No comments:

Post a Comment