প্ৰৱন্ধঃ গণতন্ত্ৰৰ প্ৰহৰীলৈ অশনি সংকেতঃ সংবাদ মাধ্যমৰ প্ৰতি অসহিষ্ণু চৰকাৰ:: মণিকংকনা দাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ গণতন্ত্ৰৰ প্ৰহৰীলৈ অশনি সংকেতঃ সংবাদ মাধ্যমৰ প্ৰতি অসহিষ্ণু চৰকাৰ::  মণিকংকনা দাস

প্ৰৱন্ধঃ গণতন্ত্ৰৰ প্ৰহৰীলৈ অশনি সংকেতঃ সংবাদ মাধ্যমৰ প্ৰতি অসহিষ্ণু চৰকাৰ:: মণিকংকনা দাস

Share This
ক'ৰবাত পাইছিলোঁ— 
'Journalists should be watchdogs, not lapdogs'. 

আগষ্ট মাহৰ আৰম্ভণিতে এবিপি নিউজ নামৰ সংবাদ প্রতিষ্ঠানটোৰ দুজনকৈ জ্যেষ্ঠ সাংবাদিকৰ পদত্যাগৰ ঘটনাই সৃষ্টি কৰিছিল ব্যাপক চর্চাৰ। সংবাদ প্রতিষ্ঠানটোৰ মুখ্য সম্পাদক মিলিন্দ খাণ্ডেকাৰে চাকৰিৰ পৰা ইস্তফা দিয়াৰ সমান্তৰালকৈ চাকৰি এৰিছিল আন এজন জ্যেষ্ঠ সাংবাদিক পুণ্য প্রসূন বাজপেয়ীয়ে। চৰকাৰক সমালোচনা কৰাৰ পৰিণাম আছিল এয়া। চৰকাৰৰ প্ৰবল হেঁচাত নতশিৰ হৈ সংবাদ প্রতিষ্ঠানটোৱে এই সাংবাদিকদ্বয়ক চাকৰি এৰিবলৈ বাধ্য কৰাইছিল বুলি বিভিন্ন মাধ্যমত প্ৰকাশ হৈছে। একেদৰে চৰকাৰখনৰ বিৰুদ্ধে সমালোচনাত্মক স্থিতি গ্রহণ কৰি অহা আন এজন জ্যেষ্ঠ সাংবাদিক অভিসাৰ শর্মাকো দিয়া হৈছিল দীঘলীয়া ছুটী। এবিপি নিউজৰ ‘মাষ্টাৰ ষ্ট্ৰোক’ নামৰ জনপ্রিয় অনুষ্ঠানটোৰ আঁত ধৰোঁতা পুণ্য প্রসূন বাজপেয়ীয়ে পৰৱৰ্তী সময়ত জনাইছিল যে অনুষ্ঠান পৰিৱেশনৰ ক্ষেত্ৰত উর্ধ্বতন কর্তৃপক্ষৰ পৰা তেওঁলৈ যথেষ্ট হেঁচা আহিবলৈ লৈছিল। বাৰম্বাৰ সকীয়াই দিয়া হৈছিল যাতে যিকোনো সমালোচনাত্মক অনুষ্ঠানতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নাম উচ্চাৰণ কৰা নহয়। 

এইখিনিতে সকলোৰে জ্ঞাতার্থে উল্লেখনীয় যে যোৱা জুলাই মাহত প্রধানমন্ত্রী মোদীৰ কৃষকৰ সৈতে বার্তালাপৰ ভিডিঅ’ কনফাৰেন্স অনুষ্ঠান এটাত ছত্তিশগড়ৰ মহিলা এগৰাকীক দেখুওৱা হৈছিল। কৃষি ক্ষেত্ৰত মহিলাগৰাকীয়ে সফলতা অর্জন কৰাৰ অনুভৱ ব্যক্ত কৰিছিল প্রধানমন্ত্রীৰ সন্মুখত। কিন্তু মহিলাগৰাকীয়ে ব্যক্ত কৰাৰ দৰেই প্ৰকৃততে তেওঁৰ আয় দুগুণ হৈছিলনে, এই সন্দৰ্ভত এবিপি নিউজে গ্রাউণ্ড ৰিপ’র্টিং কৰি ‘মাষ্টাৰ ষ্ট্ৰোক’ অনুষ্ঠানত প্রধানমন্ত্রী তথা চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈছিল। পুণ্য প্রসূন বাজপেয়ীয়ে ফঁহিয়াই দেখুৱাইছিল মোদী চৰকাৰৰ মিথ্যাচাৰ। তাৰ পিছতে তেওঁ সন্মুখীন হৈছিল মহাসংকটৰ। এবিপি নিউজলৈ আহিব ধৰিছিল স্পনছ’ৰশ্বিপ বাতিলৰ ভাবুকি, ইত্যাদি ইত্যাদি। এই ঘটনাৰাজিৰ পিছতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু চৰকাৰৰ হেঁচাক লৈ আৰম্ভ হৈছে যথেষ্ট সমালোচনা। সংসদৰ মজিয়াতো বিষয়টোৱে তীব্র বাক্‌-বিতণ্ডাৰ সৃষ্টি কৰে। ‘এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়া’ নামৰ সংস্থাটোৱে সংবাদ মাধ্যমলৈ অহা তীব্র প্রত্যাহ্বানমূলক পৰিস্থিতিক গৰিহণা দিয়াৰ লগতে পুণ্য প্রসূন বাজপেয়ীৰ অভিযোগ সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰিবলৈও দাবী জনাইছিল চৰকাৰক। ২০১৪ চনৰ পিছত দেশৰ সংবাদ মাধ্যমলৈ অহা বিশেষ হেঁচাৰ কথা বহু সময়ত বিভিন্নজন নির্ভীক সাংবাদিকে কৈ আহিছে। দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক বিনোদ ডুৱা, বর্তমান ‘দ্য ৱায়াৰ’ নামৰ ৱেব প'ৰ্টেলটোৰ জনপ্রিয় অনুষ্ঠান ‘জন গণ মন কী বাত’ৰ পৰিৱেশক। 

সংবাদ মাধ্যমলৈ অহা হেঁচা সন্দৰ্ভত তেওঁৰ এটা প্রতিক্রিয়া আছিল খুবেই চিন্তনীয়। অলপতে এক অনুষ্ঠানত তেওঁ কৈছিল যে চাৰি বছৰ পূর্বে সংবাদ মাধ্যম পৰিচালিত হৈছিল সম্পাদক গোষ্ঠীৰ জৰিয়তে। কিন্তু এতিয়া সংবাদ মাধ্যম চলে মালিক গোষ্ঠীৰ দ্বাৰা। সংবাদ মাধ্যমত বৃহৎসংখ্যক যুৱ চামে ইচ্ছাৰ বিৰুদ্ধে গৈ বর্তমান কাম কৰিবলগীয়া পৰিস্থিতি এটাৰ উদ্ভৱ হৈছে বুলি তেওঁ দৃঢ়তাৰে মত ব্যক্ত কৰিছে। কিয়নো লক্ষ্য প্রাপ্তিৰ ডাঙৰ ডাঙৰ সপোন ৰচি দিল্লী-মুম্বাই চহৰলৈ অহা সাংবাদিকসকলে চৰকাৰৰ পৰা মালিক গোষ্ঠীৰ ওপৰত আৰম্ভ হোৱা হেঁচাত কোনো কথা ক'ব নোৱাৰি নিশ্চুপে থাকি চাকৰি বৰ্তাই ৰাখিবলগীয়া হৈছে। কিন্তু এতিয়া আৰু চুপ হৈ থকাৰ দিন নাই, সকলোৱে নিজৰ অধিকাৰৰ সংগ্ৰামখনত নিজে আগুৱাই আহি যুঁজ দিয়াৰ সময় সমাগত বুলিও বিনোদ ডুৱাই আহ্বান জনাইছে। দেশৰ আন এজন আগশাৰীৰ সাংবাদিক ৰাজদ্বীপ সৰদেশায়ে সংবাদ মাধ্যমৰ ওপৰত চৰকাৰৰ হেঁচাক লৈ এক অনুষ্ঠানত প্রদান কৰা সুন্দৰ ভাষণ এটা ইউটিউবত উপভোগ কৰাৰ সুযোগ পাইছিলোঁ। তেওঁ কৈছিল— অলপতে তেওঁ বাংগালুৰুলৈ যাওঁতে ৰেষ্টুৰেণ্ট এখনৰ ভিতৰত কেইজনমান যুৱকে সোমাই আহি 'ইউ আৰ এন্টি হিন্দু, মোদী কী জয়’ এইধৰণৰ শ্লোগান দি তেওঁক ভাবুকিও দিছিল। সৰদেশায়ে ভাষণত কৈছিল যে চৰকাৰক সমালোচনা কৰাৰ বাবে তেওঁলোকক সজোৱা হৈছে হিন্দুবিৰোধী, ৰাষ্ট্রবিৰোধী। প্রধানমন্ত্রী মোদীক সমালোচনা কৰাৰ লগে লগে গোটেই বিষয়বোৰক এনেদৰে সাঙোৰা হয় যেন মোদীবিৰোধী মানে হিন্দুবিৰোধী আৰু হিন্দুবিৰোধী মানেই ৰাষ্ট্রবিৰোধী। তেওঁ ‘গোদী মিডিয়া' অর্থাৎ চৰকাৰৰ কোলাত উমলি থকা সংবাদ মাধ্যমবোৰৰ সংবাদ পৰিৱেশনৰ উদাহৰণ দাঙি ধৰি কৈছিল যে যিদিনা দেশত তেলৰ দাম ৮৪ টকা হয়গৈ, সিদিনা কিছুমান সংবাদ প্রতিষ্ঠানে দিনটোৰ গৰম খবৰ হিচাপে বাছি লয় কোনোবা আর্ক বিশ্বপৰ সাধাৰণ ঘটনা এটাক। তথাপি ৰাজদ্বীপ সৰদেশাই আশাবাদী যে যেতিয়ালৈ মানুহৰ কথা কোৱাৰ অধিকাৰ থাকিব, তেতিয়ালৈ গণতন্ত্র বৰ্তি থাকিব।

ব্যক্তিগতভাৱে আমি ৰৱীশ কুমাৰৰ অনুৰাগী। তেওঁৰ কথা কোৱাৰ সাহস, স্পষ্টবাদিতাই সদায়ে আমাক আকৃষ্ট কৰি আহিছে। চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি নিৰ্ভীকভাৱে সাংবাদিকতা কৰি থকা ৰৱীশ কুমাৰৰ এখন কিতাপৰ ইংৰাজী অনুবাদ ‘দ্য ফ্রী ভইচ’ শেহতীয়াকৈ পঢ়াৰ সুযোগ পালোঁ। জৰুৰীকালীন অৱস্থা ঘোষণা নোহোৱাৰ পিছতো দেশত যি পৰিস্থিতিৰ উদ্ভৱ হৈছে, য'ত সাধাৰণ মানুহ-সাংবাদিকে কথা ক'বলৈ ভয় কৰা হৈছে, সেই সকলোবোৰ কথা কিতাপখনৰ প্ৰতিটো পৃষ্ঠাত দাঙি ধৰা হৈছে। গো-ৰক্ষক, মৰেল পুলিচ, আই টি চেল আদিয়ে জীৱন দুর্বিসহ কৰি তুলিছে। চৰকাৰ তথা বিজেপিৰ ‘আই টি চেল’-এ পদে পদে কেনেদৰে জটিলতা নমাই আনিছে, চৰকাৰক সমালোচনা কৰা সাংবাদিকবোৰক দেশত সৃষ্টি হোৱা প্ৰতিটো অন্যায়ৰ বাবে কিদৰে জগৰীয়া কৰি হোৱাটছএপ গ্রুপবোৰৰ জৰিয়তে বিষবাষ্প বিয়পাই দিয়া হৈছে, সেই সকলো তিক্ত অভিজ্ঞতা তেওঁ ব্যক্ত কৰিছে। মৌন হৈ নাথাকি চৰকাৰক সমালোচনা কৰাৰ বাবে তেওঁৰ লগতে সতীর্থ একাংশ সাংবাদিকলৈ অহা ভাবুকিৰ কথাও প্ৰকাশ কৰিছে ৰৱীশ কুমাৰে। ভয় আৰু সংশয় চৌদিশে ইমানেই শিপাইছে যে সাংবাদিক গৌৰী লংকেশৰ হত্যাৰ পিছত পৰৱর্তী লক্ষ্য ৰৱীশ কুমাৰ হ’ব পাৰে বুলি তেওঁ সতর্কবাণীও দেখিবলৈ পাইছে সকলোৰে চাৱনিত। সংবাদ মাধ্যমবোৰেও সকলো নীতি-আদর্শ জলাঞ্জলি দি এতিয়া মোদী বন্দনাত মুখৰ হোৱা বুলি গুৰুতৰ অভিযোগ ৰৱীশ কুমাৰৰ। আনকি ২০১৪ বৰ্ষৰ পূর্বে যিবোৰ সংবাদ পত্ৰই তেওঁলোকৰ দৰে সাংবাদিকৰ লেখা আদি বিচাৰি বাৰে বাৰে ফোন কৰিছিল, তেনেবোৰ সংবাদ পত্ৰই পৰৱৰ্তী সময়ত বাদ দিছিল তেওঁলোকৰ লেখা প্রকাশ। সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুর্থ স্তম্ভ। কার্যপালিকা, ন্যায়পালিকা আৰু বিধান মণ্ডলে সাঙুৰিব নোৱাৰা বিষয়বোৰ চৰকাৰ তথা সাধাৰণ জনতাৰ দৃষ্টিগোচৰ কৰে সংবাদ মাধ্যমে। সংবাদ মাধ্যমৰ জৰিয়তেই গঠন হয় জনমত। কিন্তু যেতিয়া সংবাদ মাধ্যমেই ভয়-ভীতিত নতশিৰ হৈ পৰিচালিত হ'বলগীয়া হয়, তেতিয়া সুস্থ গণতান্ত্রিক পৰম্পৰা বৰ্তি থকাটো সম্ভৱ নহয়। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখন গঠন হোৱাৰে পৰা সংবাদ মাধ্যমলৈ অহা ভয় ভাবুকিৰ যি অভিযোগ উঠিছে, সেয়া সঁচাকৈয়ে চিন্তনীয় তথা পৰিতাপৰ বিষয়। চৰকাৰ এখনক সংবাদ মাধ্যমে সমালোচনা কৰাটো তেনেই স্বাভাৱিক। এই সমালোচনাক ইতিবাচক দৃষ্টিভংগীৰে লৈ চৰকাৰখন যদি আগুৱাব নোৱাৰে আৰু তাৰ বিপৰীতে সংবাদ মাধ্যমক হাতৰ মুঠিত ৰাখিব বিচাৰে তেন্তে গণতন্ত্রৰ পতন নিশ্চিত। 

লেখাটি নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে।  লেখিকাৰ ফোনঃ ৯৭০৭১-৬৭৪৫০

4 comments:

  1. কথা বিলাক অনুভৱ কৰো। সকলো আগবাঢ়ি আহিব লাগিব।

    ReplyDelete
  2. ৰাইজে দেখি আছে কোন সাংবাদিকে কি কৰি আছে।আজি চৰকাৰক সমালোচনা কৰা সাংবাদিক কেইজনে আগৰ চৰকাৰৰ দিনত শুই কিয় আছিল?তেতিয়া সকলো ঠিকেই চলি আছিল নেকি!

    ReplyDelete
  3. বৰ্তমান সাংবাদিকে সাংবাদিকতাৰ নামত যিবোৰ কাম কৰি আছে সৰ্বসাধাৰণ লোক অতিষ্ঠ হৈছে।অতিৰঞ্জিত বাতৰি, একপক্ষীয় বাতৰি প্ৰচাৰ কৰি সমাজ খন শেষ কৰিছে।

    ReplyDelete
  4. it cell eyatu aase jen pau.eikhan sakar bhal sarkar buli dhari lou jadi samalusans bur postive wayt he lobo lage jafi he congreesatkoi bhal

    ReplyDelete