ইতিবাচক-চিন্তাঃ অপৰাজেয়... ছাঁ- পোহৰৰ জীৱন :: কাবেৰী গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক-চিন্তাঃ অপৰাজেয়...   ছাঁ- পোহৰৰ জীৱন :: কাবেৰী গোস্বামী

ইতিবাচক-চিন্তাঃ অপৰাজেয়... ছাঁ- পোহৰৰ জীৱন :: কাবেৰী গোস্বামী

Share This
আমাৰ কাষৰীয়া গাওঁখনত দীন নামৰ আদিবাসী সম্প্ৰদায়ৰ এজন লোক আছিল৷ দিন হাজিৰাৰে পেট প্ৰৱৰ্তন কৰা লোকজনে মানুহৰ ঘৰত খেতি কৰা, খৰি কটা, জেওৰা-জপনা দিয়াৰ পৰা সকলো ধৰণৰ ঘৰুৱা কাম কৰিছিল৷ হঠাৎ তেওঁৰ হাতখন ট্ৰেইনৰ পৰা পৰি কটা গ’ল৷
কিছুদিন পাছত দীনক এদিন লাহে লাহে এহাতৰে চাইকেল চলাই যোৱা দেখিলো৷ কটা যোৱা হাতৰ বাহুটোতে গামোছা এখনৰে ঢাকি দীন আকৌ গাঁৱৰ মাজৰে অহা- যোৱা কৰিবলৈ ল’লে৷ আগতে কৰা কামবোৰ কৰিব নোৱাৰিলেও এইবাৰ তেওঁ হেৰোৱা হাতখনৰ ঠাইত ভৰিৰ ব্যৱহাৰৰে নিজস্ব ধৰণৰে কিছুমান কাম কৰা হ’ল৷  জন্মৰ পৰা এখন হাতৰে চলা লোক এজনৰ বাবে পৰিস্থিতিৰ লগত মোকাবিলা কৰাটো সম্ভৱ হৈ পৰে যদিও এনে আকস্মিক দুৰ্ঘটনাই পৰিস্থিতি জটিল তথা অসহনীয় কৰি তোলে৷ তথাপিও মানুহ জীয়াই থাকিবই লাগিব, যি কোনো প্ৰতিকুলতাৰে যুঁজি,  কাৰণ "চলটি কা নাম গাড়ী"… ৷

অস্কাৰজয়ী ছবি "127 Hours" খন চালেই মোৰ দীন নামৰ সেই লোকজনলৈ মনত পৰে৷ য’ত নায়ক এৰন ৰালষ্টন নামৰ দুঃসাহসিক অভিযাত্ৰীজনৰ প্ৰৱল মানসিক শক্তি আৰু জীৱনময়তাৰ কাহিনীয়ে প্ৰতিজন দৰ্শককে জীৱনক জয় কৰাৰ সাহস যোগাব৷ আমেৰিকাৰ কোনো শিলাময় গিৰিপথত কোনো এক অকলশৰীয়া অভিযানকালত নায়ক এৰণ হঠাৎ পিছলি বহু তলিৰ এক ঠেক স্থানত সোমায়গৈ আৰু এক গধুৰ শিলৰ মাজত তেওঁৰ সোঁহাতখন চেপা খাই ৰয়৷ পোনতে নিজক সুস্থিৰ কৰি তেওঁ পৰিস্থিতি বুজি লয়, তাৰ পাছত অনেক চেষ্টাৰেও শিলটো আঁতৰাব নোৱাৰি সুদীৰ্ঘ এশ সাতাইছ ঘণ্টা তীব্ৰ শাৰিৰীক যন্ত্ৰণা, মানসিক চাপ, ভোক আৰু পিয়াহৰ মাজতো প্ৰৱল মানসিক শক্তি, ধৈৰ্য আৰু মগজুৰ কছৰতৰে অৱশেষত এখন সৰু ধাৰহীন চুৰীৰে সোঁ হাতখন কাটি প্ৰায় নিশ্চিত মৃত্যুৰ পৰা নিজকে বচাই আনিবলৈ সক্ষম হয়৷ ছবিখনত পৰবৰ্তী জীৱনতো নায়ক এৰণে হাতখন হেৰুৱাই হতাশ নহৈ  দুঃসাহসিক অভিযাত্ৰীৰ জীৱন স্তব্ধ নকৰি নতুন নতুন অভিযান অব্যাহত ৰাখে৷

জীৱনত নথকা বা হেৰোৱাটোকলৈ আক্ষেপ কৰাতকৈ থকাখিনিৰে জীৱনক উদযাপন কৰাটোৱে কিজানি একধৰণৰ আৰ্ট অৱ লিভিং! 
শাৰিৰীক প্ৰতিবন্ধকতাক নেওচি আশ্চৰ্যজনক মানসিক শক্তিৰ অধিকাৰী নিক বুজাচিক (Nicholas James Vujicic) ৰ কথা নুশুনা বোধহয় কমেই আছে৷ Tetra-amelia syndrome নামৰ  এবিধ বিৰল ৰোগত হাত ভৰিবিহীন ভাৱে জন্ম হোৱা নিকে আজি বিশ্বৰ অগনণ হতাশ লোকক তেওঁৰ উৎসাহপূৰ্ণ বক্তৃতাৰে মানসিক উদ্যম জগাই তুলিবলৈ সক্ষম হৈছে৷ জীৱনৰ হাজাৰ প্ৰতিকূলতাক প্ৰত্যাহ্বান হিছাপে নলৈ  পুৰস্কাৰ হিচাপে গ্ৰহণ কৰা নিক জীৱনময়তাৰ অপূৰ্ব নিদৰ্শন৷ নিকৰ মতে, "the saddest moments of my life are seeing people who don't see their value, who don't see their potential, who believe the lies that they are ugly, or that they are a failure, or that they'll never become someone that they are happy with."
জীৱনত ঘটা কিছুমান অনাকাংখিত আকস্মিক ঘটনা/ দূৰ্ঘটনাই হতাশা, অসন্তুষ্টি আদি নেতিবাচক চিন্তাৰে ভাৰাক্ৰান্ত কৰিলেও আমি জানো ভাঙি পৰাটো উচিত? কেতিয়াও নহয়৷ সময়ৰ লগে লগে সকলো কথাই সহজ/ সহনীয় হৈ পৰে, মাটিৰ গাঁত এটা সময়ত নিজে নিজে পূৰ হোৱাৰ দৰে, ঘাঁ এটুকুৰা শুকাই যোৱাৰ দৰেই আপোনজনে দিয়া  আঘাতো সময়ত সহনীয় হৈ পৰে, মৃত্যুৱে কাঢ়ি নিয়া আত্মীয়জনক হেৰুৱাইওতো আমি জীয়াই আছো৷ প্ৰকৃততেই সময়ে দিয়া অনেক আঘাতেই মানুহক জুয়ে পোৰা সোণৰ দৰে উজ্বলাই তোলে, প্ৰতিটো প্ৰতিকূলতা/ প্ৰত্যাহ্বানে সাহসী কৰে৷ প্ৰয়োজন মাথোঁ নিজৰ অন্তৰ্নিহিত মানসিক শক্তিক জগাই নিজক চিনাৰ৷ প্ৰকৃততেই সৃষ্টিৰ ৰহস্য আৰু প্ৰকৃতিৰ অনন্য সৌন্দৰ্যক চাবলৈ শিকা, অনুভৱ কৰা জনেই জীৱনক ভাল পাব পাৰিব আৰু তেনেজনেই সকলো ক্ষুদ্ৰস্বাৰ্থ আৰু ঠেক চিন্তাৰ পৰা ওলাই জীৱনক যাপন নকৰি উদযাপন কৰিব৷

বৰণীয়া জীৱনৰ  Miracle বোৰেই জীৱনক ভাল পাবলৈ শিকায়, লাগিলে সেয়া ইতিহাসৰ কালিদাস, বোপদেৱ, বাল্মীকীয়েই হওঁক অথবা আজিৰ নিক, ষ্টিফেন হকিং অথবা দীনই হওঁক৷ ইশ্বৰৰ/ মহাশক্তিৰ অস্তিত্ব অনুভৱৰ মুহুৰ্তটোৱেই কিজানি শ্ৰেষ্ঠ মুহূৰ্ত… জীৱনৰ কিছুমান Miracle য়ে বাৰে বাৰে সেই শক্তিৰ ওচৰত নত কৰে৷ যদিও "সংগ্ৰাম আন এটি নাম জীৱনৰে…" অথবা বহুতে কোৱাৰ দৰে Life is a  journey of struggle… এই struggle বা সংগ্ৰামো যে কিমান অনুপম হ’ব পাৰে সেয়া যাত্ৰা কৰা জনেহে অনুভৱ কৰিব পাৰে..! 
Yes life is more beautiful then we imagine… Thank you God and Love you life…

লেখিকাৰ ফোনঃ ৯১০১০১৩২০২

No comments:

Post a Comment