বাতৰিঃ জেএনইউত ‘ইশান উদয়’:: এবিভিপিয়ে উগ্ৰপন্থী সজালে উত্তৰ-পূৱৰ শিক্ষাৰ্থী সমাজক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বাতৰিঃ জেএনইউত ‘ইশান উদয়’:: এবিভিপিয়ে উগ্ৰপন্থী সজালে উত্তৰ-পূৱৰ শিক্ষাৰ্থী সমাজক

বাতৰিঃ জেএনইউত ‘ইশান উদয়’:: এবিভিপিয়ে উগ্ৰপন্থী সজালে উত্তৰ-পূৱৰ শিক্ষাৰ্থী সমাজক

Share This
দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত কালি সংঘটিত হোৱা ঘটনাৰ বিৱৰণ ৰাজহুৱা হোৱা লগে লগেই বহু কেউটা প্ৰশ্নৰ উদ্ৰেক ঘটিছে। জেএনইউৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বিশ্ববিদ্যালয় কেম্পাচলৈ ‘Ishan Uday: Bridgng the Heart’ নামৰ এক অনুষ্ঠানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী এন. বিৰেন সিঙক নিমন্ত্ৰণ কৰি আনিছিল। 

একেদৰেই যোৱা মংগলবাৰে কেম্পাচত পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে ‘Myth of Development under Modi Regime’ শীৰ্ষক এটি বক্তৃতা প্ৰদান কৰে। ষ্টুডেনচ ফেডাৰেচন অৱ ইণ্ডিয়া (SFI)য়ে বাওঁপন্থী নেতা সীতাৰাম য়েছুৰীক যোৱা সপ্তাহত এক বক্তৃতাৰ বাবে মাতি আনিছিল। কিন্তু এইবাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শাসকীয় দলৰ ক্ষমতাৰ প্ৰদৰ্শন কৰি বিশ্ববিদ্যালয়ৰ নিৰ্বাচনক লোকসভা/বিধানসভাৰ নিৰ্বাচনৰ দৰে কৰি পেলাবৰ বাবেই নিৰ্বাচিত তথা শাসনাধিষ্ঠিত নেতাক বিশ্ববিদ্যালয়লৈ মাতি অনাৰ অভিযোগ তুলিছে বাওঁ শিবিৰৰ সংগঠন সমূহে।অবিভিপি জেএনইউৰ সভাপতি বিজয়কুমাৰে বাওঁ সংগঠনে যদি তেওঁলোকৰ নেতাক মাতিব পাৰে, তেন্তে তেওঁলোকে তিনিজন কিয় পঞ্চাশজন মুখ্যমন্ত্ৰীকো আনিব পাৰে বুলি ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ সাংবাদিকক মত প্ৰকাশ কৰে। ইয়েই এইবাৰৰ নিৰ্বাচন যে ছাত্ৰৰ মাজতে নহৈ ধনবল, দলবলৰ বেনাৰত খেলা হব তাৰেই ইংগিত প্ৰকাশ কৰিছে।



জেএনইউৰ কয়না হোষ্টেলত ২৮ আগষ্টত আয়োজিত হোৱা এই ৰাজহুৱা সভালৈ উত্তৰ-পূৱৰ তিনি গৰাকীকৈ মুখ্যমন্ত্ৰীক মাতি অনাৰ ক্ষণত উত্তৰ-পূৱৰ এশতকৈ অধিক শিক্ষাৰ্থীয়ে বহু কেইটা বিষয়ত শান্তিপূৰ্ণ প্ৰতিবাদৰ জৰিয়তে মুখ্যমন্ত্ৰী সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলায়। সেই অনুসৰি ক্ষুদ্ৰ প্ৰচাৰ পত্ৰিকা ‘What Sarbanada Sonowal really needs to address’ বুলি ছপা কৰি আনে। নিজৰ মত প্ৰকাশ আৰু প্ৰচাৰৰ বাবে সহজ লিফলেট বিলোৱাটো জেএনইউ পৰিসৰ বাবে এটা পুৰণি আৰু জনপ্ৰিয় পদ্ধতি বুলি গণ্য কৰা হয়। কিন্তু উত্তৰ-পূৱৰ কোনো দল-সংগঠনৰ সদস্য নোহোৱা শিক্ষাৰ্থী সকলৰ গণতান্ত্ৰিক প্ৰতিবাদো সহ্য নকৰিলে এবিভিপিয়ে। 

প্ৰচাৰ পত্ৰত চহী কৰিছিল ‘Concerned Students of JNU from Assam’ বুলি ছাত্ৰ-ছাত্ৰী সকলে। এই প্ৰতিবাদী প্ৰচাৰ পত্ৰ আৰু প্লে-কাৰ্ড প্ৰদৰ্শনৰ জৰিয়তে এই ছাত্ৰ সকলে সাম্প্ৰদায়িক উদেশ্য-প্ৰণোদিত নাগৰিকত্ব সংশোধনী বিধেয়ক বিল, শিক্ষাৰ গেৰুৱাকৰণ বন্ধ কৰা আৰু অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবী তথা অসমৰ মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰী সকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি নিনিবলৈ আহ্বান জনাইছিল।

শেহতীয়াকৈ, জেএনইউৰ অসম অধ্যয়ন চক্ৰই প্ৰচাৰ কৰা এটা ফেচবুক পোষ্টে এই কথা পোহৰলৈ আনিছে যে এই শান্তিপূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে নিজৰ মত উপস্থাপন কৰিবলৈ চেষ্টা কৰাক গুণ্ডামি আৰু অপপ্ৰচাৰেৰে অনৈতিকভাৱেহে বাধা দিলে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। প্ৰচাৰ পত্ৰ বিলাই থকা ছাত্ৰী সকলক উত্তেজনামূলক চিঞৰ বাখৰ কৰি সভাস্থলী ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হয়। উত্তৰ-পূৱৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে শান্তিপূৰ্ণ ভাৱে মুখ্যমন্ত্ৰী তিনিজনৰ ভাষণ শুনিবলৈ উপস্থিত থাকিব বিচাৰে, তেওঁলোককো উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰী মানেই সুৰক্ষাৰ প্ৰতি ভাবুকি আখ্যাৰে সভাস্থলীত প্ৰৱেশত বাধা প্ৰদান কৰা হয় বা সভাস্থলী ত্যাগ কৰিবলৈ বাধ্য কৰে। 

উত্তৰ পূৱৰ ছাত্ৰ-ছাত্ৰী সকলক উত্তেজিত কৰিবলৈ তেওঁলোকক নক্সালী, তালিবান, উত্তৰ-পূৱৰ সব উগ্ৰপন্থী আদি আখ্যা দিবলৈকো পিছ নোহোঁহকে অবিভিপিৰ ছাত্ৰ সকলে। নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানতে বলপূৰ্বক ভাৱে উপস্থিত থকাত বাধা দি এটা সময়ত অবিভিপিৰ কেডাৰ সকলে সভাস্থলীৰ প্ৰৱেশ পথেই বন্ধ কৰি দিয়ে, যাতে উত্তৰ-পূৱৰ কোনো তালৈ সোমাব নোৱাৰে! Bridgng the Heart কৰিবলৈ কৰা আয়োজনত উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীৰ সৈতেই মুখামুখি হবলৈ নিদি উত্তৰ-পূৱৰ শিক্ষাৰ্থীক কি সাঁকো গঢ়িলে সেয়া অবিভিপিয়ে জানে বুলি এতিয়া প্ৰশ্ন উঠিছে। সেই দুৱাৰ বন্ধ স্থানত কৰা 'মুকলি' সভাক এতিয়া ৰাজহুৱা সভা বুলি আখ্যা দিব পাৰিনে বুলিও এতিয়া উত্তৰ-পূৱৰ শিক্ষাৰ্থী সমাজে প্ৰশ্ন উত্থাপন কৰিছে!

ইফালে, তাৰ পাছতে টুইটাৰ যোগে বিজেপিৰ ট্ৰল সেনাই উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰী সকলক আক্ৰমণৰ পাতনি মেলে আৰু লিবাৰেল, তালিবানী, নক্সালী আদি বিভূষণ প্ৰচাৰ কৰে। এবিভিপিৰ গুণ্ডামিক সুৰক্ষা দি এতিয়া শান্তিপূৰ্ণ প্ৰতিবাদী স্থিতি লোৱা উত্তৰ-পূৱৰ শিক্ষাৰ্থী সকলকহে ওলোটাই গ্ৰেপ্তাৰ কৰিবলৈহে প্ৰচাৰ চলাই আছে এই ট্ৰল সেনাই। সেই পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া জেএনইউৰ উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰী সকলে এই ঘটনাৰ আলমত উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীক সৰলীকৃত ভাৱে উগ্ৰপন্থী ধৰণৰ বদনাম কৰাৰ অপচেষ্টা কৰাৰ প্ৰতিবাদত পুনৰ এক প্ৰতিবাদী সভাৰ আয়োজন কৰা বুলিও জানিব পৰা গৈছে আৰু এবিভিপিৰ পৰা ক্ষমা প্ৰাৰ্থনী দাবী কৰিছে। দুশতকৈ অধিক অসম আৰু উত্তৰ-পূৱৰ শিক্ষাৰ্থীক Security Threat বুলি মিটিঙলৈ যাবলৈ নিদিয়াটো কিমান শুদ্ধ কথা হৈছে সুধী সমাজেই বিচাৰ কৰক।

এইবাৰৰ জেএনইউৰ নিৰ্বাচন বতৰ যে এনে প্ৰচাৰ-অপ্ৰচাৰৰ অলেখ জোৱাৰ আকৰ্ষণীয় কৰি তুলিব, সেই কথাহে কিন্তু নিশ্চিত হৈ পৰিছে।

No comments:

Post a Comment