চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
সংশয়ৰ আৰ্ৱতত জাতীয় স্বাভিমান
ড০ বিজয় কৃষ্ণ চেতিয়া
১৯৮২ চন, জন্ম হৈয়ে অসম আন্দোলন দেখিলোঁ, শদিয়াত । সকলো কথা মনত নাইএতিয়া, কিন্তু আইয়ে কোৱা এষাৰ কথা মনত থাকি গ'ল “তোৰ দেউতাৰকো এই ঠাই এৰি যাবলৈ ভাবুকি দিছিল” আৰু সেইদিনা পৰাই উগ্ৰ জাতীয়তাবাদৰ প্ৰতি ঘৃণা উপজিল। 
ক্ৰমান্বয়ে ডাঙৰ হ'লো, অসম আন্দোলনৰ বহু কথাই শুনিব পালোঁ। নেলী ঘটনাও পিতাই মুখত শুনিলোঁ। সৰু বাবে তেতিয়াৰ বেছিভাগ বিষয়ে আমাৰ বাবে বিবেক জড়িততকৈ ৰোমাঞ্চকৰ আছিল।
সময়ত আৰু বয়স বাঢ়িল, কিছু কথা মনত ৰাখিব পৰাকৈ স্মৃতিশক্তিও বাঢ়িল। আৰু তেনে সময়তেই আই মুখত শুনিব পালোঁ অসমত অসমীয়াৰ নিজৰ চৰকাৰ হ'ল। বুজি নাপাওঁ কিনো চৰকাৰ,আই-পিতাইক সুধো, বুজাই যদিও বুজি নাপাওঁ । কিছুদিনৰ পিছত এখন ৰঙা লাইটৰ এম্বেছাদৰ আৰু আগে পিছে পুলিছৰ গাড়ী সৈতে সমৰ্থক মানেই যেন এখন চৰকাৰ তেনে ভাৱ আহিল। এক আৰামপ্ৰিয় নিজক সুৰক্ষিত কৰা ব্যৱস্থা এটাই যেন চৰকাৰ।

প্ৰথমবাৰ মনলৈ প্ৰশ্ন আহিল চৰকাৰ কিয় লাগে?

সময়ত আইয়ে তামোল-পান দি স্কুলত নাম লগাই দিলে। তেতিয়ালৈকে আমাৰ আমি সংশয় কি বুজি পোৱা হোৱা নাই। হঠাৎব এদিনস্কুলতহেডছাৰে ক'লে “লৰাহত স্কুল বন্ধ অসমত ৰাষ্ট্ৰপতি শাসন দিছে”।

স্কুল বন্ধ মানেই স্ফূৰ্তি, কাৰণটো ভাৱিব পৰাকৈ মগজু বিকাশ হোৱা নাছিল। ঘৰত আহি আইক ক'লো , আইয়ে গালি দিলে "মনে মনে থাক এইবোৰ স্ফূৰ্তি কৰা কথা নহয়"। চক খায় গ'লো আইৰ শংকিত মুখখন দেখি, প্ৰথম বাবে সংশয় কি বুজা যেন অনুভৱ হ’ল।

ইয়াৰ পিছতেই ৰাইনো আৰু বজৰংৰ নাম শুনিব পালোঁ। লগৰবোৰৰ লগত ভাৰতীয় সৈনিকক হাত জোকাৰি বাই-বাই দিছিলোঁ। কিন্তু এতিয়া শুনা “ধৰ্ষন” শব্দটোও আই-পিতাইৰ মুখত আছুতীয়াকৈ শুনা মনত পৰে।

এনেকৈয়ে সংশয় আৰু ভয়ত কৈশোৰ পাৰ হ'ল। মাজতে শুনিলোঁ সৌৰভ দাক (সৌৰভ বৰা) হত্যা কৰা হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদত, ভাৱি আচৰিত হ'লো শিক্ষানুষ্ঠানতো হত্যাকাণ্ড, ই আকৌ কেনে কাণ্ড। তাৰ পিছত ককাইদেউ ডিম্বেশ্বৰ গগৈক হত্যা কৰা হ'ল । ঘৰলৈ আহি ‘বাবা’ বুলি মতা ককাইদেউক হত্যা কৰা হ'ল , কিন্তু কিয়? উত্তৰ নাই আজিও ইয়াৰ সুউত্তৰ কাৰো কাষত নাই। আকৌ শুনিলো দেৱব্ৰত দাক (দেৱব্ৰত শৰ্মা) ঘৰতে গুলিয়াই থৈ গ'ল। ঘৰত দৌৰা দৌৰি ।বুজি নাপাওঁ কিয় গুলিয়াব লগা হ'ল। মনতে ভাবো মন নিমিলে কথাবোৰ মুখামুখীকৈ পাতি ল’লেই হয় চোন। সৰু ল'ৰা বেছি চিন্তা কৰিব নোৱাৰোঁ। কিন্তু সৰু পৰা আজিলৈকে ডিম্বেশ্বৰ ককাইদেউৰ হত্যাক মানি লব পৰা নাইমনটোৱে ?

কৈশোৰ পৰা অলপ ডেকা হ'লো। বিচাৰি বিচাৰি অসম আন্দোলনৰ কথাবোৰ পঢ়িব ল'লো। ভৰালৰ গাধৈত থকা পিতাইৰ আৰু ককাইদেউৰ ট্ৰাংক খুচৰিব ল'লো। অসম চুক্তি কি পঢ়িব ললো, “নাগৰিক”ৰ পাতত বহু কথা নতুনকৈ পঢ়িব পালো। মনত জাতীয় স্বাভিমানৰ এটা বৈজ্ঞানিক চিন্তা গঢ় দিবলৈ যত্ন কৰিলোঁ।

মেট্ৰিকৰ সময় আহিল, ঘৰত পাঠ্যপুথিৰ বাহিৰে অন্য কিতাপ পঢ়া বন্ধ। সময়ো নাই। ৪ কিলোমিটাৰ পুৱা, ৪ কিলোমিটাৰ আবেলি পুখৰি সদৃশ এটা পথেৰে (১৯৯৭ চনৰ ডিমৌ-দিৰৈ সংযোগী পথ) চাইকেল চলাই মেট্ৰিকলৈ সাজু হ'লো। কি কষ্ট!

দ্বিতীয়বাৰ মনলৈ প্ৰশ্ন আহে চৰকাৰ কিয় লাগে?

হায়াৰ ছেকেণ্ডাৰী পঢ়িবলৈ শিৱসাগৰ টাউনলৈ আহিলোঁ।মনত স্ফূৰ্তি ডেকা হ'লো, ঘৰৰ পৰা আতঁৰত থাকিব পৰা হ'লো। কিন্তু এইয়া কি? চাৰিওপিনে হত্যাৰ খবৰ ।গুপ্তহত্যা হেনো সেইবোৰ? ওলাবলৈ ভয় লগা সময়। নিতৌ বাতৰিত হত্যা খবৰ।

তৃতীয়বাৰ মনলৈ প্ৰশ্ন আহিল চৰকাৰ কিয়লাগে ?

কলেজত পঢ়ি থাকোতেই বিদেশী অনুপ্ৰৱেশৰ ভয়াবহতাকলৈ বহু আলোচনা শুনিব পালোঁ। কোনেও কয় IMDT আতৰিব লাগিব তেতিয়াহে বিদেশী সমস্যা সমাধান হব। এদিন শুনিলোঁ IMDT আঁতৰিল। কিন্তু ক'তা বিদেশী খেদোৱাৰ কোনো আভাসেই নাপালোঁ। সকলো পিনে চোন বিদেশীক আদৰাৰহে আয়োজন।

চতুৰ্থবাৰ মনলৈ প্ৰশ্ন আহিল চৰকাৰ কিয় লাগে?

সময়ত গুপ্তহত্যাৰ তদন্ত চৰ্চালৈ আহিল, নিৰ্বাচনো পুনৰ আহিল। চৰকাৰ সলনি হ'ল। প্ৰথম বাৰৰ বাবে পোন্ধৰতা বছৰ এখন চৰকাৰকে দেখা পালোঁ, কিন্তু ক'তা গুপ্তহত্যাৰ তদন্তৰ একোৱেই নহ'ল,না সঁচা অৰ্থত বিদেশী খেদিবলৈ যো জা চলিল। দলীয় বিসম্বাদ ও দূৰ্নীতিৰ সমাহাৰে এখন দীঘলীয়া চৰকাৰৰ পতন হ’ল।

পঞ্চমবাৰ মনলৈ প্ৰশ্ন আহিল চৰকাৰ কিয় লাগে?

মাজে মাজে খবৰ আহিল, বালাংদেশে অনুপ্ৰৱেশ মানি নলয়, কাৰণ আন্ত:ৰাষ্ট্ৰীয় বৈদেশিক পৰ্যায়ত বালাংদেশক আজিলৈকে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে জনোৱাই নাই। কথাবোৰ কি? আকৌ শুনো খনে খনে দিল্লীত আছু, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ত্ৰিপাক্ষিক আলোচনা হয়, তেন্তে তাতনো কি আলোচনা হয়?

আকৌ এদিন নিৰ্বাচন আহিল, চৰকাৰ সলনি হ'ল ।মনলৈ ভাৱ আহিল এইবাৰ কিবা এটা হব, কাৰণ চৰকাৰ গঠন হৈছে জাটি-মাটি-ভেটিৰ শপতলৈ। কিন্তু কি এইয়া?

কিয় এই নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬?কাৰ স্বাৰ্থত এই জাতিধ্বংসী বিধেয়ক?বিদেশী চিনাক্ত প্ৰক্ৰিয়াৰ মাজতেই কিয় এই বিদেশী সংস্থাপনৰ সাংবিধানিক ব্যৱস্থা ? স্বাধীনতাৰ ৭০ বছৰ পিছটো কিয় এখন ধৰ্ম নিৰৰ্পেক্ষ দেশত ধৰ্মভিত্তিত নাগৰিকত্ব দিবলৈ নিৰ্বাচিত চৰকাৰৰ হাবিয়াস। এখন স্বাধীন গণতান্ত্ৰিক দেশত কিয় কেৱল এখন ৰাজ্যৰ বাবে নাগৰিকত্বকলৈ চুক্তি? সমগ্ৰ দেশত নাগৰিকত্বলৈ এটা তাৰিখ, ১৯ জুলাই ১৯৪৮, তেন্তে চুক্তিত কিয়অসমৰ বাবে ২৪ মাৰ্চ, ১৯৭১ নিৰ্ধাৰিত কৰা হ’ল। কিয় অসম চুক্তি আগে আগে IMDT দৰে এখন ভয়ানক বিদেশীৰ স্বাৰ্থক সুৰক্ষিত কৰিব পৰা এখন আইন কেৱল মাত্ৰ অসমত প্ৰৱৰ্তন কৰা হ’ল? বিদেশী আগ্ৰাসন কেৱল মাত্ৰ অসমৰ জাতীয় সমস্যা নে ভাৰতৰো দেশীয় অখণ্ডতাৰ প্ৰতিও চৰম ভাবুকি? যদিহে বিদেশী আগ্ৰাসন দেশীয় ভাবুকি তেন্তে সংবিধানৰ ৩৫৫ নং অনুচ্ছেদৰ আধাৰত কেন্দ্ৰই নিজৰ দেশীয় দায়িত্ব পালনেৰে খৰতকীয়াকৈ সীমা ছিল নকৰে কিয়? এই প্ৰশ্নবোৰৰ উত্তৰ দিল্লীয়ে দিব নে? নে আমাৰ সংশয়ক ৰাজনৈতিক আবেগলৈ সলনি অসমৰ বিদেশী সমস্যাৰ সমাধান কেৱল এক পুঁজিসবস্ব ৰাজনৈতিক দল সমূহৰ বাবে এল ৰাজনৈতিক শ্লোগান হৈয়ে ৰব।

আজিৰ অসমৰ অস্থিৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত আমাৰ মনলৈ প্ৰশ্ন আহে যদিহে আজিৰ অসমৰ শাসকীয় বহু নেতাই কৈ থকা দৰে অসমৰ বিদেশী সমস্যাৰ ৰাজনৈতিক সমাধান বিদেশী সংস্থাপন নীতিৰ দ্বাৰাই সম্ভৱ তেন্তে ২০১৬ চনত অসমৰ জনগণে কিহৰ পৰিৱৰ্তন বিচাৰিছিল, শৰাইঘাটৰ শেষ ৰণ কেনে পৰিৱেশত প্ৰাসংগিক আছিল? কথাবোৰ ঐতিহাসিক ৰাজনৈতিক পৰিৱেশতো বিশ্লেষণ হব লাগে। আমি বিশ্বাস কৰিছিলোঁ এইখন পৰিৱৰ্তনকামী চৰকাৰে অসমৰ বিদেশী বিতাড়নৰ বাবে ভাৰত-বালাংদেশৰ কূটনৈতিক দ্বিপাক্ষিক আলোচনাৰ প্ৰস্তুতি বাবে কেন্দ্ৰক হেঁচা দিব, কিন্তু বিশ্বাসবোৰ বতাহত উৰুৱাই শাসকীয় দলৰ বহুজনে ধৰ্ম ভিত্তিত বিদেশী সংস্থাপনৰ অদ্ভূত যুক্তি দৰ্শাইছে।

বৰ্তমান সময়ত অসমৰ ৰাইজ কেৱল নাগৰিকত্ব আইন লৈয়ে শংকিত নহয়, বৰ্তমান সময়ত অসমৰ ৰাইজ নিজৰ মাটিকলৈও শংকিত। অসমে ৰাইজে আশা কৰিছিল সোনোৱাল চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি বিদেশীৰ আগ্ৰাসনৰ পৰা সুৰক্ষিত কৰা বৈজ্ঞানিক ব্যৱস্থা গ্ৰহন কৰিব। অসমীয়া ৰাইজৰ এই আশাক সোনোৱাল চৰকাৰে পূৰ কৰাৰ চেষ্টা নকৰা নহয় , কাৰণ ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত হৰি শংকৰ বৰ্ম নেতৃত্বত এখন শক্তিশালী কমিটি গঠন কৰি দিছিল, কিন্তু শেহতীয়াকৈ হৰি শংকৰ বৰ্ম নেতৃত্বত গঠিত শক্তিশালী কমিটিখন বিভিন্ন বিৰ্তকত সোমাই পৰিছে আৰু পৰিস্থিতি এনে পাইছে গৈ কমিটিৰ সদস্য টেলিভিছনৰ আগত মুকলিকৈয়ে নিজৰ ক্ষোভ আৰু অভিযোগ প্ৰকাশ কৰিছে। এনে পৰিৱেশত অসমীয়া ৰাইজ নিজৰ মাটি আৰু ভেটিকলৈ শংকিত হোৱাটো স্বাভাৱিক।

মুঠতে সাম্প্ৰতিক সময়ত অসমীয়াৰ টোপনি কাঢ়িছে জাতি, মাটি আৰু ভেটি হেৰুৱা সংশয়ে। বতৰ্মানৰ পৰিস্থিতি দেখি বহুতৰ মনলৈ প্ৰশ্ন আহিছে আকৌ আন্দোলন হব নেকি? ৰয় যাম নেকি আকৌ পিছ পৰি? উন্নয়ণ আকৌ স্থবিৰ হব নেকি? আৰু বহুত নিবনুৱা ভাৰ ৰাজ্যই লব নেকি?

কিয় নাজানো তথাপিও আশাবাদী,কিবা এটা ভাল হব,ৰাইজ মানেই চৰকাৰ হবচৰকাৰ মানেই ৰাইজ হব। কিন্তু এই আশাক জীয়াই ৰখাৰ দায়িত্ব এতিয়া সন্মানীয় মুখ্যমন্ত্ৰী তথা জাতীয় নায়ক সৰ্বানন্দ সোনোৱালৰ। সেয়েহে সদৌ শেষত মহোদয়ক অনুৰোধ জনাওঁ, তেওঁ যেন ৰাজনীতিৰ উৰ্ধত জাতীয় স্বাভিমানক গুৰুত্ব দি বতৰ্মানৰ গণ সংগ্ৰামক সন্মান কৰি এক বলিষ্ট সিদ্ধান্ত গ্ৰহন কৰে যাৰ সাহসত অসমৰ জাতীয় চেতনা সৰ্বকালৰ বাবে সুৰক্ষিত হব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages