মনৰ কথাঃ বৰপেটা সত্ৰ, খ্ৰীষ্ট ধৰ্মী, মাজুলীৰ অস্পৃশ্যতা ইত্যাদি:: বিনয় কৃষ্ণ তামুলী ফুকন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
মনৰ কথাঃ বৰপেটা সত্ৰ, খ্ৰীষ্ট ধৰ্মী, মাজুলীৰ অস্পৃশ্যতা ইত্যাদি::  বিনয় কৃষ্ণ তামুলী ফুকন

মনৰ কথাঃ বৰপেটা সত্ৰ, খ্ৰীষ্ট ধৰ্মী, মাজুলীৰ অস্পৃশ্যতা ইত্যাদি:: বিনয় কৃষ্ণ তামুলী ফুকন

Share This
শিৰোনামাটো দেখি নাভাবিৱ যে এই লেখাটো কোনোবা গৱেষক ছাত্ৰৰ গৱেষণা পত্ৰ। নিমাখিত, সাধাৰণ মানুহ এটাৰ বাস্তৱ অভিজ্ঞতাৰ পৰা আহৰণ কৰা কিছু অপ্ৰিয় সত্য। 'সঁচা ক'বা। কিন্তু অপ্ৰিয় সত্য নক'বা।' বোলা কথাষাৰৰ আমি পৰিপন্থী।

ক'ম এশবাৰ ক'ম। হাজাৰ বাৰ ক'ম। মহাত্মা গান্ধীয়ে কেৱল এইষাৰ কথা কোৱা নাছিল। ভাৰত-বৰিষৰ পৰা অস্পৃশ্যতা নিৰ্মূলৰ বাবে হৰিজন সকলক চুব পৰা কৰি থৈ যাব খুজিছিল। নোৱাৰিলে। হৰিজন শব্দটোৰ ঠাইত চাফাই কৰ্মী শব্দৰ প্ৰচলন হ'ল। অসমৰ ডিব্ৰুগড় চহৰত "পৌৰ সভাৰ চাফাই কৰ্মীৰ কলনি বুলি" যিটো আৱাসীক এলেকা আছে , তাক জন সমাজত আজিও "চুইপাৰ কলনি" বুলিয়েই জনা যায়। লখিমপুৰতো একেই কথা। "মেটৰ পট্টী"। 

তাতোতকৈয়ো ডাঙৰ কথা অসমত এই অস্পৃশ্যতা অক্ষুন্ন ৰাখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ জীয়াই ৰখা বুলি দাৱী কৰা সত্ৰ সমূহে। সত্ৰ নগৰী মাজুলীকে ধৰি বৰপেটা সত্ৰ, বা অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা সত্ৰ সমূহতে অস্পৃশ্যতাৰ প্ৰভাৱ আটাইতকৈ বেছি। আজিও সত্ৰৰ গোঁসায়ে কোনো শুদিৰক স্পৰ্শ কৰাৰ নিয়ম নাই। 

প্ৰত্যেক ধৰ্মৰে এজন গুৰু থাকে। বুদ্ধ ধৰ্মত বুদ্ধ দেৱ, ইছলামত হজৰত মহম্মদ, খ্ৰীষ্টত যিচু ইত্যাদি । কিন্তু শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰ সমূহত গোঁসায়েই গুৰু। হ'ব লাগিছিল শংকৰী ধৰ্মৰ প্ৰচাৰক। কিন্তু ৰাজ আতিথ্য, শিষ্যৰ আনুগত্য, দান, দক্ষিণাৰ মোহত নিজকে গুৰু বোলাই আজিও সত্ৰাধিকাৰ সকলে স্বয়ম্ভূ প্ৰভূৰ ৰূপত বিৰাজমান হৈ আছে। আমি মাজুলীৰ কেও খন সত্ৰ আঁতিগুৰি মাৰি চাই অহাৰ উপৰি বৰপেটা সত্ৰ, ঢকুৱাখনাৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ ইত্যাদিৰ নীতি নিয়ম স্ব-চক্ষে প্ৰত্যক্ষ কৰিছোঁ। অস্পৃশ্যতা আজিও সত্ৰ সমূহত বিৰাজমান। গোঁসায়ে আন কূলৰ লোকক স্পৰ্শ নকৰে। এহাত আঁতৰৰ পৰা নিৰ্মালী দিয়ে।

এতিয়া আহোঁ ধৰ্মান্তকৰণ প্ৰসংগলৈ। দিনচেৰেক পূৰ্বে শুনিলো বৰপেটা সত্ৰৰ ভকত খ্ৰীষ্ট ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে। সত্ৰ খনৰ বুঢ়া গোঁসায়ে কাবৌ কৰিছে পুনৰ ঘূৰি আহি শংকৰদেৱৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ। মাজুলীত কেইবাটাও গীৰ্জা স্থাপিত হ'ল। থলুৱা মিচিং ভাই সকলৰ বহু খ্ৰীষ্টধৰ্মী হ'ল। কাৰ দোষত। মিৰিটো, আহোমটো, ডোম টো, কৈৱৰ্ত টো বুলি কোনে ঘৃণাইছিল? সত্ৰৰ স্বয়ম্ভূ প্ৰভূ ঈশ্বৰ সকলে নহয় জানো? গীৰ্জা লৈ গ'লে কৰমৰ্দন কৰে, আলিংগন কৰে ফাদাৰে। সত্ৰত ঘৃণা কৰে। এহাত ওপৰৰ পৰা নিৰ্মালি দিয়ে। কোন যাব সত্ৰলৈ? বৰপেটা সত্ৰ তাতকৈ এখোপ চাৰ। আজিও মহিলাৰ প্ৰৱেশ নিষিদ্ধ। আৰ্জিলে ফল ভূঞ্জিবে। ভূঞ্জিছে। এতিয়া হামৰাও কাঢ়ি মৰিলে কি হ' ব!?

শংকৰ দেৱে "কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম। 
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।" 
বুলি গাড়ো গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চান্দসাই কে ধৰি সকলোকে এক কৰি আঁকোৱালি লৈছিল। পৰবৰ্তী সময়ত সত্ৰৰ সত্ৰাধিকাৰ সকলে কৰিলে কি!?

আহোম ৰজাৰ পৃষ্ঠপোষকতা পাই নিজকে ৰজাৰো ওপৰত বুলি ভাবিলে। মাজুলীৰ দক্ষিণপাট সত্ৰত আজিও যিবোৰ ৰজা দিনীয়া কৌটি কৌটি টকীয়া অমূল্য সম্পদ জৰাজীৰ্ণ অন্ধকূপত অৱহেলিত হৈ পৰি আছে দেখিলে বুকু কঁপি উঠে।

"ধিক অসমীয়া মানুহ নহয় অসম শ্মশান নোহে কোনে কয়। "বুলি চিঞৰি দিবৰ মন যায়। মই ধাৰ্মিক নহয়। কিন্তু ধৰ্মীয় গোৰামি ও মানি নলওঁ। সময় আছে। অসমক বচাওক।

No comments:

Post a Comment