মনৰ কথাঃ আমি অসমীয়া নহওঁ দুখীয়া আৰু বিজতৰীয়া সংস্কৃতি:: দীপাংকৰ মল্ল বৰুৱা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মনৰ কথাঃ আমি অসমীয়া নহওঁ দুখীয়া আৰু বিজতৰীয়া সংস্কৃতি:: দীপাংকৰ মল্ল বৰুৱা

Share This
২০০৩ চনত এটা বিভাগীয় প্ৰশিক্ষণৰ বাবে তিনিজন সহকৰ্মীৰ সৈতে আমেৰিকালৈ গৈছিলোঁ। প্ৰশিক্ষণ আয়োজন কৰা কোম্পানীটোৰ এজন বিষয়া কেনি জৰ্ডানৰ লগত দুই এদিনতে ঘনিস্থ হৈ পৰিছিলোঁ। কেনিয়ে আমাক ডিনাৰৰ বাবে তেওঁৰ বাসগৃহলৈকো নিমন্ত্ৰণ কৰিছিল। আমেৰিকান সকলে আলহীক ডিনাৰৰ বাবে বাসগৃহলৈ নিমন্ত্ৰণ কৰাটো হেনো সচৰাচৰ দেখিবলৈ পোৱা নাযায়।

কেনিয়ে তেওঁৰ চালে চকুৰোৱা ঘৰটো আমাক দেখুৱাইছিল। আধুনিক প্ৰযুক্তিয়ে দিব পৰা সকলো উপাদান সমৃদ্ধ আটকধুনীয়া ঘৰটো দেখি নিজকে ধন্য মানিছিলোঁ। ঘৰৰ পিচপিনে আছিল এটা সুদৃশ্য চুইমিং পুল। কেনিক কথা প্ৰসঙ্গত কৈছিলোঁ, ভাৰতীয় সকলৰ তুলনাত তেওঁলোকৰ জীৱন যাপনৰ মানদণ্ড বহুত উন্নত। কেনিক কৈছিলোঁ, “তোমালোক আমাতকৈ বহুত বেছি ধনী, সেয়েহে তোমালোকে ইমান ধুনীয়া প্ৰাসাদোপম ঘৰত বাস কৰিব পাৰিছা”।

আমাক কেনিয়ে কৈছিল, “আমি আমেৰিকানসকল ধনেৰে ধনী, কিন্তু তোমালোক ভাৰতীয় সকল আচলতে আমাতকৈ বহুত বেছি চহকী। তোমালোকৰ হাজাৰ হজাৰ বছৰ পুৰণি সংস্কৃতি আছে, বিশ্বৰ প্ৰাচীনতম সভ্যতাৰ তোমালোক ধ্বজাবাহক, তোমালোকৰ স্বকীয় বৈচিত্ৰময় গীত, নৃত্য, পোচাক, খাদ্যাভ্যাস আছে। কিন্তু আমি আমেৰিকান সকল এই দিশত খুব দুখীয়া। আমাৰ সভ্যতা কেৱল দুশ বছৰ পুৰণি। আমাৰ নিজস্ব বুলিবলৈ কোনো সংস্কৃতি নাই”।

কেনি জৰ্ডানৰ এই কথাখিনিয়ে অন্তৰ চুই গৈছিল। আমি ভাৰতীয় সকলে নিজেই নাজানোঁ আমাৰ প্ৰকৃত সম্পদ কি? সংস্কৃতি আৰু সভ্যতাত আমি যে বিশ্বৰ সকলো জাতিতকৈ আগবঢ়া এই কথা আমি সাধাৰণতে উপলব্ধি নকৰোঁ। কিন্তু অন্য জাতিৰ পাৰ্থিৱ সম্পদ দেখিলে আমাৰ চকু জলক তবক লাগে। পাৰ্থিৱ সম্পদৰ চহকী দেশৰ মানুহৰ ওচৰত আমাৰ নীচাত্মিকা ভাব আহে। কিন্তু আমি অনুভৱ নকৰোঁ যে আমাৰ যি সম্পদ অছে সেই সম্পদ আনে ইচ্ছা কৰিলেও, মোনে মোনে ধন খৰচ কৰিলেও কেতিয়াও আহৰণ কৰিব নোৱাৰে।

এটা জাতিৰ পৰিচয়েই হ’ল জাতিটোৰ সংস্কৃতি। এই সংস্কৃতি গঢ়ি উঠে কেইবা শ বছৰ জোৰা পৰিৱৰ্তন আৰু সংস্কাৰৰ মাজেৰে। সেয়েহে এটা জাতিৰ সংস্কৃতি সেই জাতিটোৰ বৈশিষ্ট। এই বৈশিষ্ট কোনেও নকল কৰিব নোৱাৰে। এটা দীঘলীয়া আৰু ধীৰ প্ৰক্ৰিয়াৰ মাজেৰে আন সংস্কৃতিৰ মানুহ এটা সংস্কৃতিত বিলীন হ’ব পাৰে, কিন্তু এটা সংস্কৃতিৰ উপাদান আন এটা সংস্কৃতিলৈ কাঢ়ি লৈ যাব নোৱাৰে। তেনেকৈ লৈ গ’লেই অপসংস্কৃতিৰ সৃষ্টি হয়।

ভাৰতৰ আন আন বহুতো জাতিৰ দৰে অসমীয়া সংস্কৃতিৰো এক বিশেষ বৈশিষ্ট আছে। সংস্কৃতিয়ে মানুহৰ জীৱন যাপনৰ পথ নিৰূপন কৰে। অসমীয়া মানুহৰ আচাৰ ব্যৱহাৰ, চিন্তা চৰ্চা, লোকাচাৰ, উত্সৱ পাৰ্বন আদি সকলোতে স্বকীয়তা আছে। এই স্বকীয় বৈশিষ্টই হ’ল অসমীয়া সংস্কৃতি। অসমীয়া মানুহে বছৰত তিনিটাকৈ বিহু পালন কৰাটো, মাঘৰ বিহুত ভোজভাত খাই মেজি জ্বলোৱাটো, ব’হাগ বিহুত নৃত্য কৰাটো, অসমীয়া মহিলাই চাদৰ মেখেলা পৰিধান কৰাটো অসমীয়া সংস্কৃতিৰ অংগ। সংস্কৃতিৰ প্ৰভাৱতে ঢোলৰ মাত শুনিলে বিহুৱা অসমীয়া ডেকাৰ নাচিবলৈ মন যায়, পেঁপাৰ পাত শুনিলে নাচনীৰ কলাফুল লৰে।

কোনো এটা জাতিৰ সংস্কৃতি জীয়াই থাকে সেই জাতিৰ মানুহৰ সংস্কৃতিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু আস্থাৰ ওপৰত। এনে শ্ৰদ্ধা আৰু আস্থাই একোটা সংস্কৃতিক বহু ওপৰলৈ লৈ যায়। আনহাতে মানুহৰ শ্ৰদ্ধা আৰু আস্থাৰ অভাৱত সংস্কৃতিত গৰাখহনীয়া আৰম্ভ হয়। অন্য সংস্কৃতিৰ পাবত গজা উপাদান সমূহৰ আগমন হয়। তেতিয়াই সংস্কৃতিৰ অপসংস্কৃতিলৈ পৰিবৰ্তন হয়।

আজিৰ সময়ত অসমীয়া সংস্কৃতিলৈ বহুতো পাবত গজা বিজতৰীয়া সংস্কৃতিৰ আগমন ঘটিছে। এনে বিজতৰীয়া সংস্কৃতিয়ে সাতাম পুৰুষীয়া অসমীয়া সংস্কৃতিক কলুষিত কৰিছে বুলিও চিন্তা চৰ্চা হৈছে। অসমীয়া সংস্কৃতিৰ বৈশিষ্ট হিচাপে থকা লোকাচাৰ সমূহে পালন নকৰে অথচ উত্তৰ ভাৰতৰ হিন্দী বলয়ৰ সংস্কৃতিৰ কিছুমান লোকাচাৰ পালন কৰিবলৈ লৈছে। ৰক্ষা বন্ধন, কৰৱা চৌথ, ধন তেৰচ, গৌদ ভৰাই আদি লোকাচাৰ সমূহ কাহানিও অসমীয়া সংস্কৃতিৰ অংশ নাছিল। বল বৌমৰ দৰে জোৱাৰো পূৰ্বতে দেখা নগৈছিল। কিন্তু এতিয়া বহুতো অসমীয়া মানুহে এই লোকাচাৰ সমূহ উলহ মালহেৰে পালন কৰিবলৈ লৈছে। অকল ভাৰতৰ অন্য প্ৰান্তৰে নহয়, ‘ৰেইন ডেন্স’, ‘লা টমাটিনি’ আদিৰ ৰূপত বিদেশৰ কিছুমান লোকাচাৰৰো আগমন ঘটিছে।

বৰ্তমান বিশ্বায়নৰ যুগ। বজাৰ কেন্দ্ৰিক অৰ্থনীতিয়ে প্ৰতিটো উত্সৱ, প্ৰতিটো লোকাচাৰক পন্য সামগ্ৰীত পৰিনত কৰি পেলাইছে। সৰ্বভাৰতীয় টেলিভিছন চেনেলত প্ৰদৰ্শিত হিন্দী ধাৰাবাহিক সমূহে হিন্দী বলয়ৰ মানুহে পালন কৰা প্ৰায় সকলো লোকাচাৰকে নানা বৰণৰ প্ৰলেপ সানি আকৰ্ষণীয় ৰূপত উপস্থাপন কৰি আহিছে। সেইদৰে টেলিভিছনে বিদেশৰ লোকাচাৰৰ লগতো মানুহৰ পৰিচয় কৰি দিছে। মানুহে সদায় নিজৰটোতকৈ লোকৰটোহে ভাল দেখে, এয়া হয়তো মানুহৰ এক চিৰাচৰিত অভ্যাস। সেয়েহে মানুহে লোকৰ সংস্কৃতিৰ উপাদান সমূহ অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে। এনে প্ৰভাৱ অকল অসমতে নহয়, ভাৰতৰ প্ৰায়বোৰ প্ৰদেশতে হৈছে।

কিন্তু যিবোৰ সংস্কৃতিৰ ঘাইশিপা মজবুত, যিবোৰ সংস্কৃতিৰ মানুহ সাধাৰণতে নিজৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল, সেইবোৰ সংস্কৃতিত এই বিজতৰীয়া সাংস্কৃতিক আগ্ৰাসনে বৰ বেছি ক্ষতি কৰিব পৰা নাই। কিন্তু অতি পৰিতাপৰ কথা যে আজিৰ সময়ত অসমীয়া মানুহৰ সংস্কৃতিক খোপনি থৰক বৰক হৈ পৰিছে। সহজেই ভোল যোৱা অসমীয়া মানুহে নিজৰ সংস্কৃতিৰ কথা পাহৰি আনৰ সংস্কৃতিৰ উপাদান সমূহ গোগ্ৰাসে আঁকোৱালি ল’বলৈ আৰম্ভ কৰিছে। অসমত আজি বাংলা ভাষী এজনতকৈ অসমীয়া ভাষী এজন এই সাংস্কৃতিক আগ্ৰাসনত বেছিকৈ উঠি ভাঁহি গৈছে।


অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি অসমীয়া মানুহেই যদি শ্ৰদ্ধাশীল নহয়, তেনেহ’লে অসমীয়া সংস্কৃতিৰ এই গৰাখহনীয়া ৰোধ কৰাটো কেতিয়াও সম্ভৱ নহয়। অতি পৰিতাপৰ কথা এয়ে যে নগৰ চহৰৰ নতুনকৈ ধনী হোৱা বহুতো অসমীয়া মানুহে অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষণ অনুভৱ নকৰা হৈছে। পশ্চিমৰ পৰা অহা বিজতৰীয়া সংস্কৃতিৰ পচোৱাত গা এৰা দি তেনে লোকাচাৰ গ্ৰহণ কৰি বহুতে নিজকে ধন্য মানিবলৈ লৈছে। এটা শ্ৰেণীৰ লোকে আনকি সন্তানে অসমীয়া ভাষা বা অসমীয়া সংস্কৃতিৰ বিষয়ে একো নজনাটো বৰ গৌৰৱেৰে ঘোষণা কৰিবলৈ লৈছে। যি জাতিৰ লোকে নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি অজ্ঞতাত গৌৰৱবোধ কৰে সেই জাতিয়ে কেতিয়াও অপসংস্কৃতিৰ আগ্ৰাসনক বাধা দিব নোৱাৰে।






আমেৰিকান কেনি জৰ্ডানে ভাৰতীয় মানুহক চহকী মানুহ বুলি এইকাৰণেই কৈছিল যে আমেৰিকান সংস্কৃতিয়ে ভাৰতীয় সংস্কৃতিৰ লগত কেতিয়াও ফেৰ মাৰিব নোৱাৰে। আমি ভাৰতীয় হিচাপে এক সৰ্বভাৰতীয় সংস্কৃতিৰ আমি অংগ। কিন্তু অসমীয়া হিচাপে আমাৰ সংস্কৃতিৰ এক সুকীয়া পৰিচয় আছে। অসমীয়া সংস্কৃতিৰ এনে কিছুমান বৈশিষ্ট আছে, যিবোৰ ভাৰতৰ কোনো সংস্কৃতিতে বিচাৰি পোৱা নাযায়। বিহুৰ দৰে এটা ধৰ্ম নিৰপেক্ষ উত্সৱ ভাৰতত বিৰল। কিন্তু আজি অসমীয়া মানুহে নিজকে চিনিবলৈ এৰি দিছে। নিজৰ সংস্কৃতিৰ বাবে গৌৰৱ অনুভৱ কৰাৰ সলনি আনৰ সংস্কৃতিৰ উপাদান সমূহৰ প্ৰতি আকৰ্ষিত হৈছে। সুধাকণ্ঠ ভূপেন হাজৰিকাই তাহানিতে সঁকীয়াই থৈ গৈছে “আজিৰ অসমীয়াই নিজক নিচিনিলে, অসম ৰসাতলে যাব”।

এই বিশ্বত অসমীয়া জাতি আৰু অসমীয়া সংস্কৃতি বাচি থাকিবলৈ হ’লে প্ৰতিজন মানুহে নিজৰ ভাষা সংস্কৃতিক ভাল পাব লাগিব। উঠি অহা প্ৰজন্মৰ মনত এই বিশ্বাস জন্মাব লাগিব যে অসমীয়া সংস্কৃতি আন কোনো সংস্কৃতিতকৈ কোনো গুণে কম নহয়। বিশ্বায়নৰ প্ৰভাৱত বজাৰ কেন্দ্ৰিক ব্যৱস্থাই বিভিন্ন বিজতৰীয়া সংস্কৃতিৰ প্ৰতি সদায় প্ৰলোভিত কৰিব। কিন্তু এই প্ৰলোভন প্ৰতিহত কৰিবলৈ নিজৰ সংস্কৃতিৰ খোপনি মজবুত কৰিব লাগিব। এই কথা প্ৰতিজন অসমীয়াই অনুভৱ কৰা উচিত যে বিজতৰীয়া সংস্কৃতিয়ে কপৌফুলৰ দৰে ক্ষন্তেকীয়া শোভা বঢ়াব পাৰে কিন্তু নিজৰ সাংস্কৃতিক শিপাৰ জোৰত ঠিয় হৈ থকা গছ এজোপাৰ দৰে কেতিয়াও ফলে ফুলে জাতিষ্কাৰ হ’ব নোৱাৰে।

কেনি জৰ্ডানে আমাক চহকী বুলি সন্মান কৰিছিল কেৱল আমাৰ সংস্কৃতিৰ বাবে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱায়ো কৈছিল, “আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ’ম”?

আজি আমি অসমীয়া সকলে এই কথা গভীৰ ভাবে অনুভৱ কৰিব লাগিব যে অসমীয়া সংস্কৃতিয়েই আমাৰ প্ৰকৃত সম্পদ। সংস্কৃতিয়েই যদি আমি ৰাখিব নোৱাৰোঁ, আমাৰ ৰাজহাড় নাই বুলি বিশ্বই এদিন আমাক বৰকৈ হাঁহিব।
লেখকৰ নিজা ব্লগৰ ঠিকনাঃ http://likhoni.blogspot.com/

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages