চিন্তনঃ ইণ্টাৰনেটত অসমীয়া লিপিৰে আমি কিয় লিখিব লাগে? :: শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ইণ্টাৰনেটত অসমীয়া লিপিৰে আমি কিয় লিখিব লাগে? :: শোণিত কুমাৰ গোস্বামী

চিন্তনঃ ইণ্টাৰনেটত অসমীয়া লিপিৰে আমি কিয় লিখিব লাগে? :: শোণিত কুমাৰ গোস্বামী

Share This
বিভিন্ন গণ-মাধ্যমত মাতৃভাষাৰ উপস্থিতিয়ে প্ৰতিগৰাকী ব্যক্তিক সন্তুষ্টি দিয়ে। নিজৰ মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত সুখী নোহোৱা লোক কিজানি খুব কমহে ওলাব। তথাপি ভাষাৰ প্ৰয়োগ বৃদ্ধিৰ কথাটো তেনেই সহজ নহ’য়। ভাষাৰ প্ৰয়োগ বৃদ্ধি দুটা কাৰণত হয়। এটা হ’ল সংখ্যাগত দিশত মানে ভাষাটো ব্যৱহাৰ কৰা লোকৰ জনস্যখ্য়া বৃদ্ধি আৰু আনটো হৈছে গুণগত মান বৃদ্ধিৰ জৰিয়তে। সংখ্যাগত দিশত অসমীয়া ভাষা ব্যৱহাৰ কৰা লোকৰ সংখ্যা বৰ্তমান বিশ্বৰ মুঠ জনসংখ্যাৰ দশমিক দুই-তিনি শতাংশহে। ইয়াৰ তুলনাত বাঙালীৰ তিনি দশমিক শূণ্য পাঁচ শতাংশ, ইংৰাজীৰ পাঁচ দশমিক পাঁচ-দুই শতাংশ আৰু মন্দাৰিন (মূলত চীনা) ভাষাৰ ব্যৱহাৰকাৰী চৈধ্য দশমিক এক শতাংশ। জনসংখ্যাৰ দিশৰ পৰা অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা বৃদ্ধি কৰা সম্ভৱ নহয়। 

গতিকে অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া দিশটো হৈছে ভাষাৰ গুণগত মান বৃদ্ধি। ইয়াৰ জৰিয়তে অসমীয়া ভাষা এদিন ভাষিক সংখ্যালঘু হ’লেও এই বিশ্বৰ পৰা অদৃশ্য হৈ নায়ায়। অন্য ভাষা কোৱা লোকক অসমীয়া ক’বলৈ বাধ্য নকৰি অনুপ্ৰাণিত কৰিবলৈ কেইবাটাও পন্থা ল’ব পৰা যায়। যিদৰে ইংৰাজী, ফৰাচী, হিন্দী বা বাঙালী ভাষাই নিজৰ গুণগত মান বৃদ্ধিৰ জৰিয়তে আজি বিশ্বত নিজৰ শক্তিশালী স্থিতি বজাই ৰাখিব পাৰিছে, তেনেদৰে অসমীয়া ভাষাটোৱেও পাৰিব। সাহিত্য আৰু সংস্কৃতিৰ (নৃত্য-বাদ্য-সংগীত) শুদ্ধ আৰু যুক্তিপূৰ্ণ বিকাশে ভাষাৰ গুণগত মান বৃদ্ধি কৰিব পাৰে এই কথাটো সকলোৰে বোধগম্য কিন্তু মই উল্লেখ কৰিব বিচৰা বিষয়টো হৈছে ডিজিটেল মাধ্য়মত অসমীয়া লিপিৰ প্ৰয়োগ।

সেয়ে ইণ্টাৰনেট আৰু ডিজিটেল মাধ্যমসমূহত অসমীয়া লিপিৰ প্ৰয়োগৰ কথাটো বুজিবলৈ সকলোৱে ইয়াক এটা মাৰ্কেটিং কৌশল হিচাপে চাব লাগিব। কিয়নো ডিজিটেল মাধ্য়মত এটা ভাষাৰ বহুল প্ৰয়োগৰ আঁৰত জৰিত হৈ থকা বিশেষ কথাটো হৈছে অৰ্থনৈতিক। অসম তথা উত্তৰ-পূবৰ সংযোগী ভাষা অসমীয়া হোৱাৰ ফলতেই এই সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে। কিয়নো বহুজাতিক কোম্পানীৰ বাবে উত্তৰ-পূব ভাৰতত ব্যৱসায়ৰ যথেষ্ঠ সম্ভাৱনা আছে। আৰু এই সম্ভাৱনাক সজীৱ কৰি ৰখাৰ স্বাৰ্থতেই ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ প্ৰয়োগ বৃদ্ধি কৰাৰ বাবে সকলো অসমীয়া একত্ৰিত হোৱাৰ সময় এয়াই। এটা জাতি বা ভাষা প্ৰতিযোগিতামূলক বিশ্বত তিষ্ঠি থকাৰ বাবে অৰ্থনৈতিক উপাদান নিতান্তই প্ৰয়োজনীয়। সবল অৰ্থনীতিয়েহে জাতি আৰু ভাষাক ক্ষমতা দিয়ে।

ডিজিটেল মাধ্যম যেনে ফেচবুক, টুইটাৰ, গুগুল আদিত অসমীয়া লিপিত লেখনিৰ সংখ্যা বৃদ্ধি আৰু চৰ্চাৰ লগে লগে ইয়াৰ এক উজ্বল সম্ভাৱনা প্ৰতিফলিত হৈ গৈ থাকে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া লোকে এই প্ৰক্ৰিয়াৰ দ্বাৰা অসমীয়া লিপিক বাংলা লিপিৰ পৰা পৃথক দেখুৱাই অত্যাধিক লেখা আপলোড কৰোৱাৰ প্ৰক্ৰিয়াৰ ফলত অসমীয়া ভাষাটোৰ ব্যৱসায়িক সম্ভাৱনা বাঢ়ি যায়। বাতৰি কাকতৰ ই-সংস্কৰণত ফটোৰ সলনি অসমীয়া লিপিত ই-মাধ্যমত উপলব্ধ কৰোৱা বিষয়টোও ইয়াৰ অন্তৰ্গত। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা বিভিন্ন ই-মাধ্যমসমূহত এটা ভাষাৰ বহুল প্ৰয়োগে বহুজাতিক কোম্পানীসমূহক বজাৰ দখলৰ বাবে সেই ভাষাটো আয়ত্ব কৰাৰ বাবে লব লগীয়া কৌশলৰ প্ৰয়োজনীয়তা আহি পৰে। যিকোনো এমএনচি মানে বহুজাতিক কোম্পানীয়ে নিজৰ প্ৰডাক্ত (সামগ্ৰী) বিক্ৰী কৰিবলৈ এটা অঞ্চলৰ লোক আৰু লগতে সেই অঞ্চলৰ ভাষাত বিজ্ঞাপন দিয়ালে বা সামগ্ৰীৰ বিৱৰণ স্থানীয় ভাষাত দিব পাৰিলে তেওঁলোকৰ গ্ৰাহক বৃদ্ধি পায়। এই কথাটো সকলো সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য।

খাদ্য বা পণ্য সামগ্ৰীৰ কথা বাদ দি সংবাদ আৰু ই-মাধ্যম এই ক্ষেত্ৰত উপযুক্ত উদাহৰণ হ’ব। গুগুলৰ সদৃশ UC Browser নামেৰে এটা চাৰ্চ ইঞ্জিনে ইতিমধ্যেই ভাৰতত নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। চীনৰ আলিবাবা গ্ৰুপ অৱ কোম্পানীৰ এই ইউচি ব্ৰাউজাৰে অসমীয়া ভাষাটোত নিজৰ সেৱা আগবঢ়াই। এই কথা কোম্পানীৰ দিল্লীস্থিত কাৰ্যালয়ৰ অসমীয়া বিভাগটোৰ কামৰ দায়িত্ব লোৱা মোৰ বন্ধু এজনে জনাইছে। বন্ধুজনে লগতে এই কথাও জনাইছে যে দেশৰ কেইবাটাও ভাষাত সেৱা আগবঢ়োৱা এই কোম্পানীৰ প্ৰতি মাহৰ বৈঠকত ভাষা প্ৰয়োগকাৰীৰ পৰিসংখ্যা সম্পৰ্কত এক সমীক্ষা হয়। যদিহে কোনো এটা ভাষাৰ ডিজিটেল মাধ্যমত ব্যৱহাৰ কৰা লোকৰ সংখ্যা কম দেখা পোৱা যায় (কোম্পানীৰ ব্যৱসায়িক স্বাৰ্থ বিঘ্নিত হ’লে) তেওঁলোকে সেই ভাষাৰ সেৱা বন্ধ কৰি পেলায়। ইতিমধ্যেই তেওঁলোকে প্ৰয়োগৰ অভাৱৰ বাবেই ভোজপুৰী আৰু উৰ্দু ভাষাৰ সেৱা বন্ধ কৰিছে। সেয়েহে ডিজিটেল মাধ্যমত এটা ভাষাৰ চৰ্চা এই মুহুৰ্তত গুৰুত্বপূৰ্ণ হৈ পৰিছে। তেনেদৰে গুগুলে পোনপটীয়াকৈ অসমীয়াত সেৱা আৰম্ভ কৰা নাই যদিও অসমীয়াৰ অনুবাদ সম্বন্ধীয় বহু কাম সৰু-বৰ এজেঞ্চীৰ পৰা গ্ৰহণ কৰিছে। ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ প্ৰয়োগ বৃদ্ধি পোৱাৰ বাবেই দিল্লী-মুম্বাই আদি চহৰত কাৰিকৰী ভাষাৰ অসমীয়া অনুবাদকৰ চাহিদা বাঢ়িছে। মুঠতে কথাটো হ’ল এয়ে যে অসমীয়া লিপিৰ প্ৰয়োগৰ জৰিয়তে ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ কাম আৰু পৰিসৰ বৃদ্ধি কৰক।

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমীয়াৰ উপস্থিতি তেনেই তাকৰ। বাঙালী ভাষাতোৰ লগতে অসমীয়াৰ তুলনা প্ৰায় নিস্প্ৰয়োজন। সংখ্যাত তাকৰ এই জাতিটোক নিজৰ জাতীয়তাবাদ বা নিজ জাতিক সক্ৰিয় কৰি ৰাখিবলৈ হ’লে অধিক সক্ৰিয় হোৱাৰ প্ৰয়োজন আছে। বাঙালীসকলৰ নিজক প্ৰতিষ্ঠা কৰাৰ যি এক মানসিকতা সেই মানসিকতাৰ সৈতে মোকাবিলা কৰিবলৈ হ’লে অসমীয়াই কাৰ্যপন্থা হাতত লোৱা সময় এয়াই। অসমীয়াই নিজৰ জাতীয়তাবাদ ৰক্ষাৰ স্বাৰ্থত শেহতীয়াকৈ যথেষ্ট সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। তথাপি অসমীয়াৰ কৰণীয় আৰু বহু আছে। আন্তঃৰাষ্ট্ৰীয় বাতৰি সেৱা প্ৰতিষ্ঠান বিবিচিয়ে কোনোবাদিনা অসমীয়াত বাতৰি সেৱা আৰম্ভ কৰিব এই কথা আমি অসমীয়াই ভাৱিব নোৱাৰে নে? কিছুমান কথা অলীক কল্পনা যেন লাগিলেও অসমীয়াই সেই সপোন দেখিব লাগে? কিয়নো সপোন দেখিলেহে বাস্তৱ হ’ব। শেহতীয়াকৈ ইউনিকোড, নাগৰিক সংশোধন বিধেয়ক, নাগৰিকপঞ্জী আদি বিষয়ক লৈ অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ সংকট সম্পৰ্কত সন্দেহ অধিক ঘণীভূত হোৱাৰ পৰিপ্ৰেক্ষিতত অসমীয়া জাতিয়ে আন্দোলনত গুৰুত্ব দিয়াতকৈ বৌদ্ধিক বিকাশৰ ওপৰত চিন্তা-চৰ্চা কৰাৰ সময় সমাগত।

No comments:

Post a Comment